In the Vedic
scriptures it is told that control of mind is the most essential part of
spiritual practice. We have five senses of knowledge and five senses of action.
If mind is not connected with senses then the senses can not function. For
instance things may be present before our eyes but if mind is not connected
with our sense of vision then our eyes can not see anything. All of us have practical experience of these things in
our day to day life . If somebody comes nearer to us or says something to us
when we are absent-minded then we do not see or hear him. Similar is the case
with other senses also. Bhagavata tells
that if mind is absent then the whole world is absent. In other words we can
say that if mind is somehow kept unconnected with the senses then we can not see
anything, feel anything,desire anything or enjoy anything of this world. This
is one kind of control of mind. But this type of forceful control of mind is
not encouraged in Bhagavata. Guru Harideva also discarded such idea of control
of mind and these things we discussed in the preceding post. Bhagavata tells
that our body has hands, feet, eyes nose and so many other organs. But not a
single organ remains outside our body. In a similar way nothing of this world
remains outside God. Cloth is made from thread and it is noting but thread. But
we identify cloth and thread as separate items. If we remove thread from cloth
then the cloth can not exist. In a similar way everything of the creation comes
from God, nothing is separate from God and nothing can exist without God. We
make ornaments of various size and shape from Gold. Same gold is available in
all varieties of ornaments. Similarly one and same God is available in each and
every item available in the creation. Again, Because of the availability of
gold in all ornaments we like golden ornaments of all types irrespective of
their size, shape , appearance etc.In a similar way because of the presence of
God in
everything, we should have due respect for each and
every item available in the creation. These are some of the teachings from
Bhagavata to train us to see the things of the world from the angle of creation
of God. This type of analysis is also essential to control our mind in a natural way. These are the teachings of Guru Harideva also. He made practical application of the teachings of Bhghavata
in his Satra Institution for the benefit of common people. (to be continued)
বৈদিক শাস্ত্ৰ সমুহত কোৱা হৈছে যে মনক নিয়ন্ত্ৰণ কৰা পাৰমাৰ্থিক সাধনাৰ অতি গুৰুত্বপূৰ্ণ অংঙ্গ ।আমাৰ শৰীৰত পাঁচ প্ৰকাৰৰ জ্ঞানেন্দ্ৰিয় আৰু পাঁচ প্ৰকাৰৰ কৰ্মেন্দ্ৰিয় আছে ।
মন ইন্দ্ৰিয়ৰ সৈতে সংযুক্ত ন’হলে কোনো ইন্দ্ৰিয়ই নিজৰ কাম কৰিব নোৱাৰে ।
উদাহৰণ স্বৰূপে কোনো বস্তু আমাৰ চকুৰ সন্মুখত থাকিব পাৰে কিন্তু দৰ্শন ইন্দ্ৰিয়ৰ সৈতে মন সংযুক্ত নহলে আমাৰ চকুৱে সেই বস্তু দেখা নাপায়্।দৈনন্দিন জীৱনৰ ঘটনাৰ পৰাই এইবিলাক কথাৰ সত্যতা আমি বুজিব পাৰো। অন্যমনস্ক হৈ থকা অৱস্থাত কোনো মানুহ আমাৰ চকুৰ আগেৰে পাৰ হৈ গলেও আমি দেখা নাপাওঁ বা ওচৰতে কোনোবাই কিবা ক’লেও আমি নুশুনো ।
অন্যান্য ইন্দ্ৰিয়ৰ ক্ষেত্ৰতো কথাবিলাক একে ।
ভাগৱতত কোৱা হৈছে যে মনৰ উপস্থিতি নাথাকিলে জগতৰ উপস্থিতিও নাথাকে ।
অন্য কথাত আমি ক’ব পাৰো যে যদি কিবা প্ৰকাৰে মনক ইন্দ্ৰিয়ৰ সৈতে সংযুক্ত নোহোৱাকৈ ৰাখিব পৰা যায় তেন্তে জগতৰ একো বস্তুকে দেখা নাযায় , একো অনুভৱ কৰা নাযায়, একো বস্তুকে কামনা কৰা নাযায় বা একো বস্তুকে ভোগ কৰাও নাযায় ।
ইও মনৰ এক প্ৰকাৰৰ নিয়ন্ত্ৰণ ।
কিন্তু ভাগৱতে মনক এনে প্ৰকাৰে জোৰ কৰি নিয়ন্ত্ৰণ কৰাৰ উপদেশ
দিয়া নাই ।হৰিদেৱ গুৰুজনাইও মনক এনে ধৰণে নিয়ন্ত্ৰণ কৰাৰ ধাৰণা সম্পূৰ্ণ ৰূপে বৰ্জন কৰাৰ উপদেশ দিছে। এইবিলাক কথা ইয়াৰ আগৰ লিখনিত বহলভাৱে কোৱা হৈছে ।কথাবিলাক সৰলভাৱে বুজাই দি ভাগৱতে এনেদৰে কৈছে ।
আমাৰ শৰীৰত হাত ,ভৰি ,চকু,কাণ ইত্যাদি অনেক অঙ্গ-প্ৰত্যঙ্গ আছে ।
ইয়াৰে এটা অঙ্গ-প্ৰত্যঙ্গও শৰীৰৰ বাহিৰত নাই ।একেদৰে জগতৰ একো বস্তু ঈশ্বৰৰ বাহিৰত নাই ।কাপোৰ সূঁতাৰে তৈয়াৰ কৰা হয় আৰু ই সূঁতাত বাদে আন একো নহয় ।
কিন্তু আমি কাপোৰ আৰু সূঁতা বেলেগ বেলেগ বস্তুৰ ৰূপত দেখা পাওঁ। কাপোৰৰ পৰা সূঁতা বাহিৰ কৰি দিলে কাপোৰখনেই নাথাকে। একেদৰে জগতৰ সকলোখিনি ঈশ্বৰৰ পৰা আহিছে আৰু জগতৰ সমস্তই ঈশ্বৰ ।
ঈশ্বৰ জগতৰ পৰা পৃথক নহয় আৰু জগতৰ পৰা ঈশ্বৰক বাদ দিলে জগতৰ কোনো অস্তিত্ব নাথাকে ।সোণৰ পৰা আমি বিভিন্ন আকাৰ আৰু আকৃতিৰ অলংকাৰ প্ৰস্তুত কৰো ।
একে সোণ বিভিন্ন আকাৰ আকৃতিৰ গহণাত থাকে ।
একেদৰে এক ঈশ্বৰ সৃষ্টিৰ প্ৰত্যেক বস্তুতে থাকে ।
আনহাতে সোণ সকলো গহণাতে থকাৰ বাবে আমি আকাৰ ,আকৃতি , ৰূপ আদিৰ পাৰ্থক্য বিচাৰ নকৰাকৈ সকলো গহণাকে আমি ভাল পাওঁ ।
একেদৰে সকলোতে ঈশ্বৰৰ উপস্থিতি থকা বাবে সৃষ্টিৰ প্ৰত্যেক বস্তুৰ প্ৰতি অমি যথোচিত আদৰ্-সন্মান প্ৰদৰ্শন কৰা উচিত। ঈশ্বৰৰ সৃষ্টিৰ দৃষ্টিকোণৰ পৰা জগতৰ প্ৰত্যেক বস্তুকে বিচাৰ কৰাৰ বাবে ভাগৱতে দিয়া শিক্ষাৰ এয়া কিছু উদাহৰণ ।
স্বাভাৱিক উপায়েৰে মনক নিয়ন্ত্ৰণ কৰাৰ বাবে এনে বিচাৰৰ
অতি প্ৰয়োজন
। এই একে শিক্ষাকে হৰিদেৱ গুৰুজনাইও দিছে ।
জনসাধাৰণৰ
উপকাৰৰ অৰ্থে ভাগৱতৰ এনে শিক্ষা ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰাৰ সুবিধা হোৱাকৈ হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment