Sunday, 4 April 2021

The “Satra” Institution of Guru Harideva-79(হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠান-৭৯)

 

It is already told that the things created by God are not the causes of our happiness and sorrow. The  desire that  arises in our mind to possess the things created by God  is the cause of  our happiness and sorrow  . Desires vary from man to man . A king desires to acquire land under occupation of other neighboring countries.He becomes happy if he can do so and becomes unhappy if he fails to do that. A small landholder desires to acquire another small plot of land under occupation of other people. He becomes happy if he can fulfill his desire and becomes unhappy if he can not do so. Land is created by God and human being becomes happy or unhappy due to his desire to possess it.Now, scriptures tell that the idea of possession of anything of this world itself is wrong. People may feel that something desired by him is under his own possession and may become happy with that due to fulfillment of desire. But nothing of this world becomes an integrated part of him by such feelings of possession. To understand this point we can take example of the procedure of sale and purchase of a plot of land.  Four parties become involved in this process. The first party wants to sale the plot of land and the second party wants to purchase the same. Now, both the parties have to approach a third party. This party is the authority for dealing with sale and purchase of land. This third party prepares some papers according to legal rules of the country. Then, the seller and purchaser of the land and a fourth party called witness put signature on those papers in front of the third party. After completion of all these processes the ownership and possession of the plot of land is supposed to be transferred from the first party or seller to the second party or the purchaser. But after this also the plot of land remains as it is in its own position. The changes that occur after the sale are that the purchaser now can feel that he is the owner and possessor of the plot of land. Also, the happiness and sorrow generated in connection with the plot of land enjoyed  by the seller  prior to the sale are to be  enjoyed by the purchaser after completion of the deal.  The same thing happens in case of all types of possession of things created by God. Scriptures tell that this type of analysis of the activities of our mental world is helpful for bringing the mind under control. Bhagavata explains these things with the help of different stories and Guru Harideva intended  to bring these teachings from Bhagavata to the common people through his Satra Institutions . (to be continued )

আগতে কোৱা হৈছে যে ঈশ্বৰে সৃষ্টি কৰা একো বস্তু আমাৰ সুখ বা দুখৰ কাৰণ নহয়।ঈশ্বৰে সৃষ্টি কৰা বস্তু নিজৰ কৰি লোৱাৰ বাবে মনত যি আশা-আকাঙ্ক্ষা  জাগ্ৰত হয় সিহে আমাৰ সুখ দুখৰ কাৰণ।প্ৰত্যেক মানুহৰ আশা-আকাংক্ষা একে নহয় ৰজাই ওচৰ চুবুৰীয়া অন্য দেশৰ মাটি নিজৰ দেশৰ ভিতৰুৱা কৰি দেশৰ সীমা বঢ়োৱাৰ ইচ্ছা কৰে সেই আশা পূৰণ লে সুখী হয় আৰু পূৰণ কৰিব নোৱাৰিলে দুখী হয় সাধাৰণ প্ৰজাই অন্য লোকৰ অধিকাৰত থকা সামান্য পৰিমাণৰ মাটি আহৰণ কৰি নিজৰ ক্ষুদ্ৰ ভূমিখণ্ডৰ সীমা বৃদ্ধি কৰাৰ ইচ্ছা কৰে তাকে কৰিব পাৰিলে সুখী আৰু নোৱাৰিলে দুখী হয় মাটি ঈশ্বৰৰ সৃষ্টি আৰু মানুহে ইয়াক নিজৰ অধিকাৰলৈ অনাৰ ইচ্ছা কৰি সুখ বা দুখ ভোগ কৰে মাত্ৰ শাস্ত্ৰই কৈছে যে ঈশ্বৰৰ সৃষ্টিৰ অন্তৰ্গত কিবা বস্তুক নিজৰ কৰি পাৰি বুলি ভৱাটোৱে ভুল ধাৰণা কিবা বস্তুক নিজৰ কৰি লোৱা বুলি ভাৱি আমি সুখ অনুভৱ কৰিব পাৰো কিন্তু এই আনন্দ মনৰ আশা পূৰণ হোৱাৰ বাবে লাভ কৰা সাময়িক আনন্দহেঈশ্বৰে সৃষ্টি কৰা জগতৰ কিবা বস্তুক আমাৰ নিজৰ ব্যক্তিগত সম্পত্তি বুলি অনুভৱ কৰা যায় | কিন্তু তাৰ দ্বাৰা সেই  বস্তু আমাৰ অবিচ্ছেদ্য অঙ্গত পৰিণত নহয় কথাখিনি বুজাৰ বাবে আমি মাটি এটুকুৰা কিনা বেচাৰ নিয়ম-প্ৰণালীৰ কথা ভাবি চাব পাৰো এই কাৰ্যত চাৰিটা পক্ষই সন্মিলিতভাৱে কাম কৰে প্ৰথম পক্ষই মাটি বেচিব খোজে আৰু দ্বিতীয় পক্ষই ইয়াক কিনিব খোজে ইয়াৰ পিছত এই দুয়োটা পক্ষ অন্য এক তৃতীয়  পক্ষৰ ওচৰলৈ যাব লাগে। তৃতীয় পক্ষই দেশৰ আইন অনুসৰি কিছুমান কাগজত মাটিৰ বিৱৰণ সহ কিছু কথা লিখে। তৃতীয় পক্ষৰ সন্মুখত এই কাগজত ক্ৰেতা, বিক্ৰেতা আৰু সাক্ষী নামধাৰী এক চতুৰ্থ পক্ষই চহী কৰে ইয়াৰ পিছতে মাটি টুকুৰাৰ সমস্ত অধিকাৰ প্ৰথম পক্ষ বা বিক্ৰেতাৰ পৰা দ্বিতীয় পক্ষ বা ক্ৰেতাৰ হৈ যোৱা বুলি ধৰা হয় কিন্তু ইয়াৰ পিছতো মাটি টুকুৰা আগতে এনেকৈ আছিল ঠিক তেনেকৈয়ে থাকে পাৰ্থক্য কেৱল ইমানে হয় যে বেচা কিনা সম্পন্ন হোৱাৰ পিছত  ক্ৰেতাই নিজকে মাটিখিনিৰ মালিক বুলি ভৱা আৰম্ভ কৰে বিক্ৰীৰ আগতে মাটি টুকুৰাক কেন্দ্ৰ কৰি যি সুখ দুখ উৎপন্ন হয় তাক বিক্ৰেতাই ভোগ কৰে আৰু বিক্ৰীৰ পিছত সেই একে সুখ দুখ ক্ৰেতাই ভোগ কৰে ঈশ্বৰে সৃষ্টি কৰা যিকোনো বস্তুক নিজৰ কৰি লোৱাৰ ক্ষেত্ৰতে কথাবিলাক এনে ধৰণৰ হৈ উঠে শাস্ত্ৰত কোৱা হৈছে যে মনৰ কাৰ্যকলাপ বিলাকৰ এনে প্ৰকাৰৰ বিশ্লেষণ মনক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায়ক হয় ভাগৱতত বিভিন্ন কাহিনীৰ মাধ্যমেৰে এই কথাবিলাক সহজভাৱে বুজোৱাৰ চেষ্টা কৰা হৈছে আৰু হৰিদেৱ গুৰুজনাই সত্ৰৰ মাধ্যমত ভাগৱতৰ এনে শিক্ষা  জনসাধাৰণৰ মাজলৈ অনাৰ ব্যৱস্থা কৰিছে (আগলৈ)


No comments:

Post a Comment