We already
mentioned that the education imparted by Guru Harideva through his Satra
Institution is based on the knowledge and teachings contained in
Bhagavata. Bhagavata tells that God and
the knowledge pertaining to God is one. But this knowledge is not like
knowledge of various subjects and things of the world which we attain by
application of our mind, intelligence and senses of knowledge. With the help of
our mind, intelligence and sense we can gain knowledge of those things only
where the knowledge of things is separate from
things to be known . For example, we can gain knowledge of a tree. This is
because the tree and the knowledge pertaining to the tree are separate from each other. In other words we
can know or gain knowledge of the things of the world as because the knowledge
and things or subjects of knowledge are separate from each other. Again ,We
know that fire can burn fuel but it can not burn fire.Water can make other
things wet but it can not wet itself. If we add sugar to a cup of milk then the
milk becomes sweet. That is, the sugar added from outside can make other things
sweet but nothing added from outside can sweeten the sugar. In a similar way,
we can not know knowledge by gaining knowledge of it.We also can not make any
change in knowledge by application of knowledge . Thus, God and knowledge
pertaining to God is one means God is nondual knowledge free from any involvement
with anything. So, with the instruments available with us for gaining knowledge
, that is, with our mind , intelligence
and senses we can not know God . Again, according to Bhagavata and other Vedic
scriptures, self realization or God realization or knowing God is the prime aim
of human life and so we must try to know God
. Giving solution of this problem the Vedic scriptures tell that if one’s
mind , intelligence, and senses are made purified or refined then God reveals himself to such person. That
is , he can know God or attain self realization without any further effort of
his own and that is said
to be the only way to know God . So, various ways of spiritual practices
are suggested in the Scriptures for purification of our body mind complex. But
most of those advises are suitable for knowledgable people with higher capacity
of understanding. It is not possible for common ignorant people like us to understand
and practically follow those scriptural advices. Keepings this in mind Bhagavata
suggests simple ways of spiritual practices for purification and refinement of
our body , mind , intelligence and senses and Guru Harideva made arrangements
for practical application of those teachings of Bhagavata through his Satra
Institution . (to be continued)
আগতে কৈ অহা হৈছে যে সত্ৰৰ মাধ্যমত হৰিদেৱ গুৰুজনাই জনসাধাৰণক দিয়া শিক্ষা প্ৰধানতঃ ভাগৱতৰ জ্ঞান আৰু উপদেশৰ ওপৰত আধাৰিত । ভাগৱতত কোৱা হৈছে ঈশ্বৰ আৰু ঈশ্বৰ বিষয়ক জ্ঞান এক ।কিন্তু এই জ্ঞান জগতৰ অন্যান্য বিষয়-বস্তু সম্পৰ্কে যি জ্ঞান আহৰণ কৰা হয় তাৰ সৈতে একে নহয় ।জগতৰ বিষয়-বস্তুৰ জ্ঞান মন ,বুদ্ধি আৰু জ্ঞানেন্দ্ৰিয় সমুহ ব্যৱহাৰ কৰি আহৰণ কৰা হয় । আমাৰ জ্ঞান আহৰণৰ যন্ত্ৰ হৈছে মন ,বুদ্ধি আৰু ইন্দ্ৰিয়। কিন্তু ইয়াৰ সহায়ত আমি সেইবিলাক বস্তুৰ বিষয়েহে জানিব পাৰো যাৰ জ্ঞান জানিব খোজা বিষয়-বস্তুৰ পৰা পৃথক ।উদাহৰণ স্বৰূপে আমি এডাল গছৰ বিষয়ে জানিব পাৰো ।ইয়াৰ কাৰণ হৈছে গছ আৰু গছ সম্পৰ্কীয় জ্ঞান উভয়ে পৃথক পৃথক বিষয় বস্তু ।অন্যভাৱে ক’বলৈ গ’লে বস্তু বিষয়ক জ্ঞান আৰু বস্তু পৃথক পৃথক হোৱা কাৰণেহে আমি জগতৰ বস্তুক জানিব পাৰো বা জগতৰ বিষয়-বস্তুৰ জ্ঞান আহৰণ কৰিব পাৰো ।আনহাতে আমি জানো যে জুইয়ে অন্য বস্তুক পুৰিব পাৰে কিন্তু ই জুইক পুৰিব নোৱাৰে ।পানীয়ে অন্য বস্তুক তিয়াব পাৰে কিন্তু ই নিজক তিয়াব নোৱাৰে । এগিলাচ গাখীৰত চিনি মিহলাই দিলে গাখীৰ মিঠা হয় । অৰ্থাৎ বাহিৰৰ পৰা আনি মিহলাই দিয়া চিনিয়ে অন্য বস্তুক মিঠা কৰিব পাৰে, কিন্তু বাহিৰৰ পৰা অন্য বস্তু যোগ কৰি চিনিক মিঠা কৰিব নোৱাৰি ।একেদৰে জ্ঞানৰ জ্ঞান আহৰণ কৰিব নোৱাৰি বা জ্ঞানক জানিব নোৱাৰি আৰু জ্ঞানৰ দ্বাৰা জ্ঞানৰ কোনো পৰিবৰ্ত্তনো সাধন কৰিব নোৱাৰি।সেয়েহে ঈশ্বৰ আৰু ঈশ্বৰ বিষয়ক জ্ঞান এক বুলি কওঁতে বিষয়-বস্তুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা শুদ্ধ জ্ঞান বা শাস্ত্ৰীয় ভাষামতে শুদ্ধ অদ্বৈত জ্ঞানকে ঈশ্বৰ বুলি কোৱা হৈছে ।গতিকে জ্ঞান অৰ্জন কৰাৰ বাবে আমাৰ যি যন্ত্ৰ আছে তাক ব্যৱহাৰ কৰি অৰ্থাৎ মন ,বুদ্ধি আৰু আৰু ইন্দ্ৰিয় ব্যৱহাৰ কৰি জগতৰ বিষয়-বস্তুৰ লগত সম্পৰ্কহীন শুদ্ধ জ্ঞানৰ জ্ঞান লাভ কৰা বা ঈশ্বৰক জনা সম্ভৱ নহয় । কিন্তু ভাগৱত আৰু অন্যান্য বৈদিক শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰক জনা বা আত্মজ্ঞান লাভ কৰা বা ঈশ্বৰ অনুভূতি লাভ কৰাই মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য আৰু সেয়েহে মানুহে ঈশ্বৰক জনাটো অতি প্ৰয়োজনীয় কথা।এই সমস্যাৰ সমাধান দি ভাগৱতত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে মন ,বুদ্ধি আৰু ইন্দ্ৰিয় বা অন্তঃকৰণ সম্পূৰ্ণভাৱে শুদ্ধ কৰিব পাৰে তেন্তে তেওঁৰ অন্তৰত ঈশ্বৰৰ আত্মপ্ৰকাশ ঘটে। অৰ্থাৎ তেনে ব্যক্তিয়ে অন্য একো প্ৰচেষ্টা নকৰাকৈয়ে শুদ্ধ অদ্বৈত জ্ঞান বা ঈশ্বৰ অনুভূতি বা আত্মজ্ঞান লাভ কৰে আৰু ঈশ্বৰক জনাৰ এয়ে একমাত্ৰ পথ। সেয়েহে বিভিন্ন বৈদিক শাস্ত্ৰত অন্তঃকৰণ বিশুদ্ধিকৰণৰ বাবে বিভিন্ন প্ৰকাৰৰ পাৰমাৰ্থিক জ্ঞান আৰু সাধনাৰ উপায় দিয়া হৈছে ।এইবিলাকৰ সৰহ ভাগেই অতি জটিল কাৰণে উচ্চতৰ জ্ঞানবুদ্ধি সম্পন্ন লোকৰ বাবেহে উপযোগী । আমাৰ দৰে সাধাৰণ সংসাৰী আৰু অজ্ঞানী ব্যক্তিয়ে সেই বিলাক উপদেশ বুজি লৈ সেইমতে পাৰমাৰ্থিক সাধনা কৰা সম্ভৱ নহয় । এই কথালৈ লক্ষ ৰাখি ভাগৱতত শৰীৰ, মন,বুদ্ধি ,ইন্দ্ৰিয় আদি বিশুদ্ধিকৰণৰ অৰ্থে পাৰমাৰ্থিক সাধনাৰ সহজ সৰল উপায় দিয়া হৈছে আৰু হৰিদেৱ গুৰুজনাই সত্ৰানুষ্ঠানৰ মাধ্যমত জনসাধাৰণক ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ কিদৰে কৰা হয় তাক শিকোৱাৰ ব্যৱ্স্থা কৰি থৈছে । (আগলৈ )