Wednesday, 27 November 2019

Understanding Guru Harideva’s approach towards Unity-3 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩ )


In continuation of our discussion of 25.11.19  on the above topic , we can take the example of our family also . We have father , mother  , brother , sister, wife , children etc in a family . We always have an idea that these relationships among our family members are very  solid thing . But scripture like Bhagavata tells that the relationships we maintain in the family are not as solid as we think . These relationships are also mental and the cordiality we maintain within our family members is some kind of  mental adjustment only . To understand this point , we can take the example of one lady member of our family . The same lady is a mother of somebody , daughter or daughter in law of somebody  ,  sister or sister in law of somebody , wife of somebody, grandmother of somebody  and so on . One single lady is maintaining all these relationships  by changing her mental setup as per demand of the situation .  The same is true with other relationships in the family  .  My father ,with his great personality , may be sitting in my front  . I may feel that he is a very solid existence .  But if we think over it , we will find that the person  whom I identify as my father is also identified by my son as his grandfather. My mother identifies  the same person as her husband and so on . Moreover  these relationships  are dependent on each other . If there is no son or daughter  , a man can not be called a father . Also  If father is not there ,  the relationship  like son and daughter can not exist . If wife is not there no husband will be there . Likewise if husband is not there wife can not be there  . This is true for all other relationships in  the human society in general . In Bhagavata this is explained in a very interesting way which we will try to discuss in the coming  post .(to be continued )

ওপৰোক্ত প্ৰসঙ্গত ইয়াৰ আগৰ ২৫.১১.১৯ তাৰিখৰ আলোচনাৰ আঁত ধৰি আমি আমাৰ পৰিয়ালৰ সদস্য সকলৰ পৰস্পৰৰ মাজৰ সম্পৰ্কৰ বিষয়েও চিন্তা কৰি চাব পাৰো । আমাৰ পৰিয়ালত পিতা , মাতা , ভাই , ভনী , পৰিবাৰ , সতি সন্ততি আদি থাকে । আমি সদায় মনতে ভাৱি থাকো যে আমাৰ পৰিয়ালৰ ভিতৰৰ এনে প্ৰকাৰৰ সম্বন্ধবোৰ বাস্তৱিক সত্য । কিন্তু ভাগৱতৰ দৰে শাস্ত্ৰত কোৱা হৈছে যে এই সম্পৰ্কবিলাকো বাস্তৱিক নহয় , অৰ্থাৎ আমি এইবোৰ সম্বন্ধ যিমান সঁচা আৰু দৃঢ় বুলি ভাৱো প্ৰকৃতাৰ্থত তেনে নহয় । এই সম্পৰ্কসমুহ আমাৰ মনৰ ভাৱনাৰ একো একোটা পৃথক পৃথক ৰূপ মাত্ৰ । পৰিয়ালৰ সদস্যসকলৰ মাজত থকা সম্পৰ্কৰ মধুৰতা , অত্মীয়তা  ইত্যাদি ভাৱ হৈছে মনৰ সমন্বয় ভাৱৰ প্ৰকাশ মাত্ৰ । কথাখিনি বুজাৰ বাবে আমি আমাৰ পৰিয়ালৰ এজনী মহিলা সদস্যৰ উদাহৰণ ল’ব পাৰো । একেজনী মহিলা পৰিয়ালৰ কোনোজনৰ মা , কোনোজনৰ  জিয়ৰী বা বোৱাৰী , কোনোজনৰ ভনী বা ভাইবোৱাৰী , কোনোজনৰ পত্নী বা কোনোজনৰ আইতা ইত্যাদি অনেক প্ৰকাৰে পৰিচিত হ’ব পাৰে । একেজনী মহিলাই  বিভিন্ন প্ৰকাৰে নিজৰ মনৰ সমন্বয় সাধন কৰে আৰু পৰিস্থিতি অনুসৰি বিভিন্ন লোকৰ লগত বিভিন্ন প্ৰকাৰৰ সম্বন্ধ ৰক্ষা কৰে। পৰিয়ালৰ আন সদস্য সকলৰ সম্পৰ্কৰ ক্ষেত্ৰতো সেই একে কথা । মোৰ পিতৃ গহীন গম্ভীৰ ব্যক্তিত্বৰ সৈতে মোৰ সন্মুখত বহি থাকিব পাৰে । মই অনুভৱ কৰিব পাৰো যে ই অতি বাস্তৱ ঘটনা । কিন্তু অলপ চিন্তা কৰি চালে বুজিব পাৰি যে যাক মই মোৰ পিতৃ বুলি ভাৱি আছো  মোৰ সন্তানে তেওঁক ককাদেউতা হিচাপে চিনাক্ত কৰে । আকৌ মোৰ মাতৃয়ে সেই একেজন ব্যক্তিক নিজৰ পতি হিচাপেহে চিনাক্ত কৰে । তদুপৰি এই সম্বন্ধসমুহৰ অস্তিত্ব এটা আন এটাৰ ওপৰত নিভৰশীল । পুত্ৰ বা কন্যা নাথাকিলে এজন ব্যক্তি পিতৃ হিচাপে পৰিচিত হ’ব নোৱাৰে বা পিতৃ নাথাকিলে পুত্ৰ কন্যাও থাকিব নোৱাৰে । একেদৰে পত্নী থকিলেহে পতি আৰু পতি থাকিলেহে পত্নী থাকিব পাৰে ।পৰিয়ালত বাদেও জগতৰ সকলো সম্বন্ধৰ বেলিকাই ই সত্য । ভাগৱতত সুন্দৰ উপমা দি এই কথা কোৱা হৈছে । পৰৱৰ্ত্তী লিখনীত আলোচনা কৰাৰ ইচ্ছা থাকিল । (আগলৈ )

No comments:

Post a Comment