In continuation of our discussion of 25.11.19 on the above topic , we can take the example
of our family also . We have father , mother
, brother , sister, wife , children etc in a family . We always have an
idea that these relationships among our family members are very solid thing . But scripture like Bhagavata tells
that the relationships we maintain in the family are not as solid as we think
. These relationships are also mental and the cordiality we maintain within our
family members is some kind of mental
adjustment only . To understand this point , we can take the example of one
lady member of our family . The same lady is a mother of somebody , daughter or
daughter in law of somebody , sister or sister in law of somebody , wife of
somebody, grandmother of somebody and so
on . One single lady is maintaining all these relationships by changing her mental setup as per demand of
the situation . The same is true with
other relationships in the family . My
father ,with his great personality , may be sitting in my front . I may feel that he is a very solid
existence . But if we think over it , we
will find that the person whom I
identify as my father is also identified by my son as his grandfather. My
mother identifies the same person as her
husband and so on . Moreover these
relationships are dependent on each
other . If there is no son or daughter ,
a man can not be called a father . Also If father is not there , the relationship like son and daughter can not exist . If wife
is not there no husband will be there . Likewise if husband is not there wife
can not be there . This is true for all
other relationships in the human society
in general . In Bhagavata this is explained in a very interesting way which we
will try to discuss in the coming post .(to
be continued )
ওপৰোক্ত প্ৰসঙ্গত ইয়াৰ আগৰ ২৫.১১.১৯ তাৰিখৰ
আলোচনাৰ আঁত ধৰি আমি আমাৰ পৰিয়ালৰ সদস্য সকলৰ পৰস্পৰৰ মাজৰ সম্পৰ্কৰ বিষয়েও চিন্তা
কৰি চাব পাৰো । আমাৰ
পৰিয়ালত পিতা , মাতা , ভাই , ভনী , পৰিবাৰ
, সতি সন্ততি আদি থাকে । আমি সদায় মনতে ভাৱি থাকো যে আমাৰ পৰিয়ালৰ ভিতৰৰ
এনে প্ৰকাৰৰ সম্বন্ধবোৰ বাস্তৱিক সত্য । কিন্তু ভাগৱতৰ দৰে শাস্ত্ৰত কোৱা হৈছে যে এই
সম্পৰ্কবিলাকো বাস্তৱিক নহয় , অৰ্থাৎ আমি এইবোৰ
সম্বন্ধ যিমান সঁচা আৰু দৃঢ় বুলি ভাৱো প্ৰকৃতাৰ্থত তেনে নহয় । এই
সম্পৰ্কসমুহ আমাৰ মনৰ ভাৱনাৰ একো একোটা পৃথক পৃথক ৰূপ মাত্ৰ । পৰিয়ালৰ সদস্যসকলৰ মাজত থকা সম্পৰ্কৰ মধুৰতা , অত্মীয়তা
ইত্যাদি ভাৱ হৈছে মনৰ সমন্বয় ভাৱৰ প্ৰকাশ মাত্ৰ । কথাখিনি বুজাৰ বাবে আমি আমাৰ পৰিয়ালৰ এজনী মহিলা
সদস্যৰ উদাহৰণ ল’ব পাৰো । একেজনী মহিলা পৰিয়ালৰ কোনোজনৰ মা , কোনোজনৰ
জিয়ৰী বা বোৱাৰী , কোনোজনৰ ভনী বা ভাইবোৱাৰী , কোনোজনৰ পত্নী বা কোনোজনৰ আইতা ইত্যাদি অনেক
প্ৰকাৰে পৰিচিত হ’ব পাৰে । একেজনী মহিলাই
বিভিন্ন প্ৰকাৰে নিজৰ মনৰ সমন্বয় সাধন কৰে আৰু পৰিস্থিতি অনুসৰি বিভিন্ন
লোকৰ লগত বিভিন্ন প্ৰকাৰৰ সম্বন্ধ ৰক্ষা কৰে। পৰিয়ালৰ
আন সদস্য সকলৰ সম্পৰ্কৰ ক্ষেত্ৰতো সেই একে কথা । মোৰ পিতৃ গহীন গম্ভীৰ ব্যক্তিত্বৰ সৈতে মোৰ
সন্মুখত বহি থাকিব পাৰে । মই
অনুভৱ কৰিব পাৰো যে ই অতি বাস্তৱ ঘটনা । কিন্তু অলপ চিন্তা কৰি চালে বুজিব পাৰি যে যাক
মই মোৰ পিতৃ বুলি ভাৱি আছো মোৰ সন্তানে তেওঁক
ককাদেউতা হিচাপে চিনাক্ত কৰে । আকৌ মোৰ মাতৃয়ে সেই একেজন ব্যক্তিক নিজৰ পতি
হিচাপেহে চিনাক্ত কৰে । তদুপৰি
এই সম্বন্ধসমুহৰ অস্তিত্ব এটা আন এটাৰ ওপৰত নিভৰশীল । পুত্ৰ বা কন্যা নাথাকিলে এজন ব্যক্তি পিতৃ
হিচাপে পৰিচিত হ’ব নোৱাৰে বা পিতৃ নাথাকিলে পুত্ৰ কন্যাও থাকিব নোৱাৰে । একেদৰে পত্নী থকিলেহে পতি আৰু পতি থাকিলেহে
পত্নী থাকিব পাৰে ।পৰিয়ালত
বাদেও জগতৰ সকলো
সম্বন্ধৰ বেলিকাই ই সত্য । ভাগৱতত সুন্দৰ উপমা
দি এই কথা কোৱা হৈছে । পৰৱৰ্ত্তী লিখনীত আলোচনা কৰাৰ ইচ্ছা থাকিল ।
(আগলৈ )
No comments:
Post a Comment