We discussed
earlier that the mind can assume any shape of body right from a rock up to the body of lord
Brahma . Now question may arise as how can a piece of rock
be a body which mind can assume ? The scriptures told that a piece of rock can
not maintain its independent identity as a rock unless some force of unity
keeps all its minutest constituents united in the form of a rock . All bodies in
the universe are made of five basic constituents . These are air , earth ,
water , fire and space . All bodies are subjected to birth , existence , growth
,regular change of state, diminution and death . Body of rock also can not be
an exception to these. Guru Harideva told that the Ultimate Truth is always
present in all bodies as consciousness . This consciousness expresses itself as
existence , knowledge and bliss using all bodies as mediums . Only because of
this, each individual body, including a rock, can prove its own independent existence
by occupying some space . Each individual body can express itself by becoming
the subject of our knowledge . Each individual body can be the cause of our
bliss .In different bodies , the degree of expression differs . Through refined
bodies of demigods , sages and Mahapurushas , the expression appears to be most
prominent . Through mediums like human bodies , animals , trees etc the
expression is in less and lesser degrees . In inert bodies like rock, the
expression is so less that it can not be noticed. As a proof of the presence of
The Ultimate Truth in all bodies , Guru Harideva draws our attention towards Prahlada
, the great devotee .Due to the power of insight developed by way of devotion ,
he could directly experience the expression of the Ultimate truth ,through all the
bodies in the universe, as existence , knowledge and bliss . So
he was able to see the Ultimate Truth inside a stone pillar also . In Bhagavata
the story of this great devotee is described in details.(to be continued )
আগত কৈ অহা হৈছে যে
মনে কৰ্ম অনুসৰি ফল ভোগ কৰাৰ বাবে শিল প্ৰস্তৰৰ পৰা আৰম্ভ কৰি অতি উচ্চ পৰ্যায়ৰ
দেৱতা ব্ৰহ্মাৰ শৰীৰলৈকে যিকোনো উপযুক্ত শৰীৰ গ্ৰহণ কৰিব পাৰে ।
ইয়াত প্ৰশ্ন হ’ব পাৰে যে শিল প্ৰস্তৰৰ এটা খণ্ড কিদৰে মনে গ্ৰহণ কৰাৰ বাবে উপযোগী এক শৰীৰ হ’ব পাৰে ? শাস্ত্ৰত
কোৱা হৈছে যে এক একীকৰণ শক্তিয়ে সুক্ষ্মতম
অনুসমুহ একত্ৰিত কৰি বান্ধি নাৰাখিলে এটা শিলাখণ্ডই শিলৰ এটা টুকুৰা হিচাপে নিজৰ
স্বাধীন অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে।বিশ্ব বহ্মাণ্ডত অসংখ্য প্ৰকাৰৰ
শৰীৰ আছে আৰু প্ৰত্যেকটো শৰীৰ পাঁচটা মূল পদাৰ্থৰ দ্বাৰা গঠিত হৈছে ।
পদাৰ্থ পাঁচটা হৈছে অগ্নি , বায়ু , মাটি , পানী আৰু আকাশ । প্ৰত্যেক শৰীৰৰে
জন্ম ,অস্তিত্ব, বৃদ্ধি, নিত্য পৰিবৰ্ত্তন , ক্ষয়
আৰু বিনাশ অনিবাৰ্য । শিলৰ টুকুৰা এটাও এইসমুহ
নিয়মৰ পৰা বেলেগ হ্’ব নোৱাৰে ।
হৰিদেৱ গুৰুজনাই কৈছে যে জগতৰ সমস্ত শৰীৰতে চেতনাৰ ৰূপত এক পৰম সত্য সদা বিৰাজমান
হৈ আছে । সেই পৰম
সত্য অৰ্থাৎ চেতনাই জগতৰ প্ৰত্যেক শৰীৰৰ মাজেৰে নিজকে
অস্তিত্ব ,জ্ঞান আৰু আনন্দৰ ৰূপত প্ৰকাশ কৰি
আছে । তাৰ
বাবেই প্ৰত্যেক শৰীৰে নিজস্বভাৱে কিছু স্থান অধিকাৰ কৰি নিজৰ স্বাধীন অস্তিত্ব
জাহিৰ কৰি আছে। প্ৰত্যেক শৰীৰে আমাৰ জ্ঞানৰ বিষয় হৈ নিজকে
প্ৰকাশ কৰি আছে । প্ৰত্যেক শৰীৰ আমাৰ সুখৰ কাৰণ হ’ব
পাৰিছে । প্ৰ্ত্যেকটো শৰীৰ একে নহয় কাৰণে শৰীৰত থকা
চৈতন্যৰ সৎ-চিৎ-আনন্দ বা অস্তিত্ব ,
জ্ঞান আৰু আনন্দৰ প্ৰকাশৰ পৰিমাণ কম বেছি হয়।
দেৱতা , ঋষিমুনি , মহাপুৰুষ সকলৰ শৰীৰৰ মাধ্যমত প্ৰকাশৰ
মাত্ৰা অধিক । মানুহ , জন্তু , গছ
আদিৰ শৰীৰত প্ৰকাশ মাত্ৰা ক্ৰমান্বয়ে কম ।
আনহাতে শিল প্ৰস্তৰ
আদি শৰীৰত চৈতন্যৰ প্ৰকাশ একেবাৰে কম হোৱা হেতুকে আমি ইয়াতো চেতনা আছে বুলি বুজিব
নোৱাৰো । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই প্ৰত্যেক শৰীৰতে
পৰম সত্যৰ স্থিতিৰ প্ৰমাণ হিচাপে ভক্ত প্ৰহ্লাদৰ উদাহৰণ দি এই কথা চিন্তা কৰি
চোৱাৰ বাবে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে । ভক্তিৰ বলত লাভ কৰা
অন্তৰ্দৃষ্টিৰ সহায়ত প্ৰহ্লাদে জগতৰ সমস্ত শৰীৰৰ মাধ্যমত পৰম সত্যৰ অস্তিত্ব ,
জ্ঞান আৰু আনন্দৰ প্ৰকাশ প্ৰত্যক্ষভাৱে অনুভৱ কৰিছিল বাবেই এটা প্ৰস্তৰ স্তম্ভৰ
ভিতৰতো সেই পৰম সত্যক দেখা পাইছিল । ভাগৱতত এইজন পৰম
ভক্তৰ কাহিনী বহল ভাৱে বৰ্ণনা কৰা হৈছে । (আগলৈ )
No comments:
Post a Comment