From our
discussions made so far on the above topic ,
we see that there are two types
of diversities . One type of diversity means the flow of the stream of creations
which we discussed in details in our post dated 3.11.19 . If the flow of a river is stopped, then the
river does not exist. Likewise, end of this type of diversity means the end of the
creation itself. That is, till the universe is there ,this
type of diversity will exist and we have nothing to do about it . The second
type of diversities are created by human mind by way of its reactions over the
first type of diversities . If our mind can accept the first type of diversities
as it is and as per rule of creation , then there is no problem. But things are
not like that . The things in the creation generate some reactions in human
minds. These reactions of mind are expressed in the form of likes and dislikes
or love and hatred etc towards anything in this creation . Because of these
reactions, we always passing comments , opinions and judgments on other people and things outside us . If we sit alone and think for a while , we will realize that , most of the times of day and night , we keep ourselves busy
with passing comments and opinions on people
and things outside us. This again increases the diversities .We never
think of looking towards our own behavior and find out what actually we are internally . But this is
the only way towards the end of diversities created by human minds . If we go
through the teachings of Mahapurush Sri
Sri Harideva , we will be able to find a way out .
ওপৰোক্ত শিৰোনামত আমি এতিয়ালৈ যিখিনি আলোচনা কৰি
আহিছো তাৰ পৰা বুজিব পাৰি যে বিবিধতা দুই প্ৰকাৰৰ । এক প্ৰকাৰৰ বিবিধতাৰ অৰ্থ হৈছে জগত সৃষ্টিৰ নিয়ম মতে হৈ থকা নিত্য পৰিবৰ্ত্তনৰ প্ৰবাহ ।ইয়াৰ বিষয়ে আমাৰ ৩.১১.১৯ তাৰিখৰ লিখনীত বহলভাৱে
কোৱা হৈছে । এখন
নৈৰ প্ৰবাহ বন্ধ হ’লে নৈখন মৰে । একেদৰে সৃষ্টিৰ প্ৰবাহ বন্ধ হ’লে সৃষ্টিৰ অন্ত হয় । গতিকে যেতিয়ালৈকে সৃষ্টি থাকিব তেতিয়ালৈকে এইবিধৰ
বিবিধতা থাকিব । ইয়াত
আমাৰ কৰিব পৰা একো নাই । মানুহৰ
মনত প্ৰথম
প্ৰকাৰৰ বিবিধতাই কৰা উৎপন্ন কৰা প্ৰতিক্ৰিয়াৰ ফলত দ্বিতীয় প্ৰকাৰৰ বিবিধতাসমুহ সৃষ্টি হয় । প্ৰথম প্ৰকাৰৰ বিবিধতাসমুহ যেনেদৰে সৃষ্টি হৈছে , আমাৰ মনে যদি তাক ঠিক তেনেদৰে গ্ৰহণ কৰিব পাৰিলেহেতেন
তেন্তে দ্বিতীয় প্ৰকাৰৰ বিবিধতাসমুহ সৃষ্টি নহ’লহেতেন । কিন্তু
দৰাচলতে তেনে নহয় । প্ৰথম
প্ৰকাৰৰ বিবিধতা , অৰ্থাত জগতত সৃষ্টি হোৱা বস্তু আৰু ঘটনাসমুহে
মানুহৰ মনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । এই
প্ৰতিক্ৰিয়াসমুহ জগতৰ যিকোনো বস্তু বা ঘটনাৰ প্ৰতি ভাল–বেয়া, প্ৰিয়-অপ্ৰিয় ,
আদৰণীয়-ঘৃণনীয় ইত্যাদি মনৰ ভাৱনাৰ ৰূপত প্ৰকাশিত হয় । এই প্ৰতিক্ৰিয়াৰ ফলতে আমি আমাৰ বাহিৰৰ মানুহ , বস্তু আৰু ঘটনাৰাজিৰ বিষয়ত মতামত আৰু ৰায় দি থাকো । এখন্তেক সময় অকলে বহি চিন্তা কৰি চালে নিজে বুজিব পাৰি যে দিন-ৰাতিৰ অধিকাংশ সময় আমি
অন্য মানুহ , বস্তু আৰু ঘটনা সম্পৰ্কে নিজৰ মন্তব্য আৰু ৰায়
দিয়াত ব্যস্ত থাকো । ইয়াৰ
ফলত বিবিধতাসমুহ বাঢ়ি যায় । নিজৰ আচৰণ তথা নিজে প্ৰকৃততে কি , তেনে ধৰণৰ আভ্যন্তৰীণ বিষয়ৰ ভাৱনাৰ প্ৰয়োজন আমি
অনুভৱ নকৰো । কিন্তু
মনে সৃষ্টি কৰা বিবিধতাসমুহৰ প্ৰভাৱৰ পৰা বাছি থকাৰ ইয়ে একমাত্ৰ উপায় । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই দি যোৱা
শিক্ষাৰ অনুসৰণ কৰি আমি এই সমস্যাৰ পৰা মুক্ত থকাৰ পথ পাব পাৰো ।
No comments:
Post a Comment