Scriptures told
that mind can take the shape of any of the bodies right from a rock to a Demigod
like lord Brahma . This way mind creates innumerable types of diversities .
Guru Harideva in his teachings ,leading towards discovery of unity in diversity
, told that the mind in human bodies can only be trained in this direction .We
can try to elaborate the idea for easy understanding . In Bhagavata , on which
the spiritual teachings of Mahapurush Sri Sri Harideva are based , it is told
that there are different stages of heavens and hells in the creation . Havens
are meant for enjoyment of bliss , that is , the outcomes of the good deeds. Again
,Good deeds are performed due to one’s refined mental state. Hells are meant
for undergoing punishments , that is ,the outcomes of the evil deeds . Evil
deeds are performed due to one’s crude mental state. Hence before going to
those abodes itself ,the minds of the inhabitants of heavens and hells are pre-tuned
to the rules and regulations of those abodes. Those bodies are meant for
enjoyment of the outcomes of their past deeds at havens or hells as per rules
of those worlds only . No new deeds are performed
there . Hence the minds in those bodies are not supposed to create any further
diversities . We , the human being of this world , are not
at all concerned with those rules and regulations applicable to them at heaven
or hell .Though there are descriptions about these things in the scriptures ,we
have nothing to do here , except learning lessons from these , for our own benefits
. (to be continued )
শাস্ত্ৰত কোৱা হৈছে
যে মনে শিল প্ৰস্তৰৰ পৰা ব্ৰহ্মাৰ শৰীৰৰকে ধৰি যি কোনো শৰীৰ গ্ৰহণ কৰিব পাৰে ।
ইয়াৰ দ্বাৰা মনে
অসংখ্য প্ৰকাৰৰ বিবিধতাৰ সৃষ্টি কৰে। মহাপুৰুষ শ্ৰীশ্ৰী
হৰিদেৱ গুৰুজনাই বিবিধতাৰ মাজত একতাৰ অনুসন্ধান সম্পৰ্কে দিয়া শিক্ষা প্ৰসঙ্গত কৈছে
যে কেৱল মাত্ৰ মানৱ শৰীৰত থকা মনেহে এই শিক্ষা গ্ৰহণ কৰি একতাৰ অনুসন্ধানত ব্ৰতী হ’ব
পাৰে । বুজাৰ সুবিধাৰ বাবে কথাখিনি অলপ বহলাই চিন্তা
কৰা প্ৰয়োজন ।
গুৰুজনাই নিজৰ ধৰ্মদৰ্শনৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰা ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে
সৃষ্টিৰ বিভিন্ন স্তৰত অনেক প্ৰকাৰৰ স্বৰ্গলোক আৰু নৰক আছে ।স্বৰ্গসমুহ
হৈছে সুখ ভোগৰ স্থান আৰু এই সুখ শুভ কৰ্মৰ দ্বাৰা অৰ্জন কৰা ফল ।আকৌ মন শুদ্ধ হ’লেহে
শুভ কৰ্মৰ অনুষ্ঠান কৰা সম্ভৱ ।আনহাতে নৰকসমুহ হৈছে শাস্তি ভোগৰ স্থান , এই
দুখ অশুভ কৰ্মৰ দ্বাৰা অৰ্জন কৰা ফল ।
অশুদ্ধ মনে অশুভ কৰ্ম কৰাৰ প্ৰেৰণা যোগায় ।
এনেদৰে স্বৰ্গ বা নৰকলৈ যোৱাৰ পূৰ্বাৱস্থাতে তাত স্থান পাবৰ বাবে নিৰ্বাচিত হোৱা বাসিন্দাসকলৰ মনবিলাক সেই লোক সমুহৰ নিয়ম
শৃংখলাৰ অনুকুল হিচাপে গঢ় লৈ উঠে । এই শ্ৰেণীৰ শৰীৰ
সমুহ স্বৰ্গ বা নৰকৰ নিয়ম শৃংখলা অনুসৰি সেই স্থানসমুহত থকা সুখ বা দুখ ভোগ কৰাৰ
বাবেহে উপযোগী । পূৰ্ব
কৰ্মৰ ফল ভোগ কৰাত বাদে তাত নতুনকৈ একো কৰ্ম কৰাৰ সুযোগ নাই ।
সেই কাৰণে সেইসমুহ শৰীৰ লৈ স্বৰ্গ বা নৰকত থকা অৱস্থাত মনে একো বিবিধতা
সৃষ্টি কৰিব নোৱাৰে । আমাৰ দৰে পৃথিৱী লোকৰ
অধিবাসী মানুহৰ স্বৰ্গ বা নৰকত চলা আইন কানুনৰ সৈতে একো সম্পৰ্ক নাই ।
শাস্ত্ৰত এই বিষয়্সমুহৰ বৰ্ণনা আছে যদিও তাৰ পৰা
ব্যৱহাৰৰ বাবে উপযোগী পাঠ শিকাত বাদে আমাৰ কৰণীয় একো নাই ।
(আগলৈ )
No comments:
Post a Comment