To discover the
unity in diversity , we should know the diversities first. We have already
discussed the types of diversities for which we are the observers only. We have
no part to play there , except one. That is, our observation should be with an
attention to the fact that there is an unity behind all these diversities and
that is the Ultimate Truth . Actually, the only aim behind all our spiritual
activities is to know that Ultimate Truth .Now we are going to discuss about
another kind of diversity regarding which we can do something with our own
effort . The advice given to us by Guru Harideva to discover unity in diversity,
is applicable to this type of diversity . If we are able to find the unity in
this type of diversity , then only we shall be able to understand something
about the Ultimate Truth . In fact, this is the only purpose of all our
religious performances and also the education given to us by the Mahapurushas of
all times . The guidance issued to us by the Gurus or great personalities in
spiritual field of all times and all localities are meant for dealing with this
type of diversity only. Each of the religious scripture of each religion of all
times are full of advises and means to deal with this type of diversity. Mahapurush
Sri Sri Harideva advised the same thing based on Bhagavata , the most trusted
scripture depicting the path of devotion . Guru Harideva
attained profound knowledge of Veda , Darshana and Yoga scriptures first. With
this foundation of knowledge , he studied the Bhagavata for five years with
reverence and devotion .For this study he used most authentic version of
Bhagavata kept preserved in the temple of Lord Jagannatha at Puri . During this
research oriented study on Bhagavata at Puri , he used to
take very short daily break for practice of Yoga . Rest of the time he kept
himself fully engaged in his research work
on Bhagavata. After going through such
details of Bhagavat , for long five years, he discovered that the knowledge
contained in Vedas , Upanishads and Darshanas are in a very concise form and
meant for the people of higher understanding capacity. The same knowledge is
presented in the Bhagavata in a simple and attractive way with elaborations suitable
for understanding of the common people . After being fully
convinced like that , he started educating his followers to deal with this type of diversity so that
they can approach towards the Ultimate Truth. ( to be continued )
বিবিধতাৰ মাজত একতা
বিচাৰি উলিয়াবৰ বাবে আমি বিবিধতা সমুহৰ বিষয়ে জনা প্ৰয়োজন ।
ইয়াৰ আগতে যিবিলাক বিবিধতাৰ কথা আলোচনা
কৰা হৈছে সিবিলাকৰ বিষয়ত আমি দৰ্শক হৈ থকাত বাহিৰে অন্য একো কৰিব লগা নাই ।
কিন্তু দৰ্শক হিচাপে থাকিলেও আমি সদায় লক্ষ ৰখা উচিত যে এই সমুহৰ অন্তৰালত এক পৰম
সত্য আছে আৰু
এই পৰম সত্যক উপলব্ধি
কৰাই হৈছে পাৰমাৰ্থিক দিশত আমি কৰা সমস্ত প্ৰচেষ্টাৰ মূল লক্ষ।
এতিয়া আমি এনে এক প্ৰকাৰৰ বিবিধতাৰ কথা আলোচনা কৰিম যাৰ সম্পৰ্কত আমাৰ কৰণীয় আছে ।
প্ৰকৃততে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই বিবিধতাৰ মাজত একত্বৰ অনুসন্ধান কৰাৰ
যি পৰামৰ্শ দিছে সি এইবিধৰ বিবিধতাৰ ক্ষেত্ৰত প্ৰযোজ্য ।
এই প্ৰকাৰৰ বিবিধতা
সমুহৰ মাজত থকা একতা উপলব্ধি কৰিব পাৰিলেহে আমি জগতৰ সমস্ত বিবিধতাৰ অন্তৰালত পৰম
সত্যৰ ৰূপত থকা একতা বিচাৰি উলিয়াই আমাৰ
লক্ষত উপনীত হোৱা সম্ভৱ ।বিভিন্ন স্থানৰ ,বিভিন্ন কালৰ,বিভিন্ন ধৰ্মৰ গুৰুসকলে যিসমুহ নিৰ্দেশ পালনৰ উপদেশ দি গৈছে সেই সমস্তৰে একমাত্ৰ
উদ্দেশ্য হৈছে এই বিষয়ত আমাক সহায় কৰা।
প্ৰত্যেক ধৰ্মৰ প্ৰতিখন ধৰ্মশাস্ত্ৰ এইবিধ বিবিধতাৰ প্ৰভাৱৰ পৰা কিদৰে মুক্ত হৈ পৰম
সত্যক উপলব্ধি পোৱা যায় তাৰ উপদেশেৰ ভৰি আছে ।
মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই ভক্তি মাৰ্গৰ
সৰ্বমান্য শাস্ত্ৰ শ্ৰীমদ্ভাগৱতৰ ওপৰত ভিত্তি কৰি এই বিষয়ত উপদেশ দিছে ।
হৰিদেৱ গুৰুজনাই প্ৰথমতে বেদ , দৰ্শন আৰু যোগ শাস্ত্ৰৰ গভীৰ জ্ঞান লাভ কৰিছিল ।
এই জ্ঞানৰ আধাৰত সুদীৰ্ঘ পাঁচ বছৰ কাল পৰম শ্ৰদ্ধা আৰু ভক্তি সহকাৰে ভাগৱত শাস্ত্ৰ
অধ্যয়ন কৰিছিল । অধ্যয়নৰ কাৰণে পুৰীৰ জগন্নাথ মন্দিৰত সম্পূৰ্ণ শুদ্ধ ৰূপত সংৰক্ষিত ভাগৱত ব্যৱহাৰ কৰিছ্ল
।
একেৰাহে পাঁচ বছৰ কাল
ধৰি দৈনন্দিন সামান্য সময় যোগ অভ্যাস কৰাত বাদে বাকী সমস্ত সময় ভাগৱত শাস্ত্ৰৰ
সাধনাত ব্যয় কৰিছিল ।সুদীৰ্ঘ কাল ভাগৱতৰ সাধনামূলক অধ্যয়ন কৰাৰ অন্তত গুৰুজনা সম্পূৰ্ণ নিশ্চিত
হৈছিল যে বেদ ,উপনিষদ , দৰ্শন আদি শাস্ত্ৰত সংক্ষিপ্ত ৰূপত জ্ঞানৰ
প্ৰকাশ ঘটিছে কাৰণে সি উচ্চ স্তৰৰ জ্ঞানবুদ্ধি সম্পন্ন লোকৰ বাবেহে উপযোগী ।
কিন্তু ভাগৱতত সেই একে জ্ঞানমূলক কথাকে সহজ-সৰল আৰু ৰসালভাৱে সাধাৰণ জ্ঞানবুদ্ধি
সম্পন্ন লোকৰ উপযোগীকৈ বিস্তাৰিত ৰূপত বৰ্ণনা কৰা হৈছে ।
এই বিষয়ে সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিচত গুৰুজনাই ভাগৱত শাস্ত্ৰৰ আধাৰত তৃতীয়
প্ৰকাৰৰ বিবিধতা আৰু তাৰ মাজত বিৰাজমান একত্বৰ অনুসন্ধান কৰি পাৰমাৰ্থিক পথত আগবাঢ়ি
যোৱাৰ উপায় নিৰ্দেশ কৰিছে।(আগলৈ)
No comments:
Post a Comment