Sunday, 3 November 2019

Discovering the Unity in Diversity-1 (বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-১)


Mahapurush Sri Sri Harideva suggested that there is only one truth in the  background of all the diversities, that are being displayed in this world. He advised us to find out that truth in the background, which is the actual unity in diversity. But this is not a easy task for common people like us, with little understanding capacity . So , we are to make practice  in the initial stages .For this purpose , Guru Harideva , advise us to find out the unity in the background of the varieties of things visible to us in this world. This is the most effective way to maintain harmony,  in spite of differences of opinions encountered in our day to day life . Actually, diversity is inherent to the creation process of the universe itself. The creation itself means coming from unity to diversity . That is why, there is not a single thing available in this world, which is identically equal to any other thing . Each people ,each animal , each tree ,each bird and every other thing available on earth, are different from each other .There are innumerable trees in this world . Each tree is having innumerable leafs , flowers , fruits . But we cannot find at least two leafs or two fruits or two flowers identical in all respect .  All leafs , flowers , fruits of one and the same tree are also different from each other . This is one type of diversity . Again , we take birth as a small child .Then gradually grown up to a young man . When the growth is complete ,we gradually go on reducing in the direction of destruction and one day we reach our end . In this journey from birth to death, our body go on changing in every moment . Not only human being, this journey from birth to death is to be completed by all other things in the Universe , in a similar way .This process can be compared with the flow of a river . When we go near the Brahamaputra , we see the river flowing . The water in the river is changing its position every moment . The water in one place moves forward and fresh water is occupying that place. We call this flow of water as river .Likewise , each and everything, including our body , is undergoing change in every moment and we name these streams of changes as man , animal, tree , stone ,sun , moon etc etc . This is also another type of diversity . As this is a process inherent to the creation, we can do nothing in this respect . These diversities will continue as it is till the end of creation .(to be continued )

মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে জগতৰ সমস্ত বিবিধতাৰ অন্তৰালত এক পৰম সত্য অন্তৰ্নিহিত হৈ আছে আৰু সেই পৰম সত্যক আশ্ৰয় কৰি জগতৰ বিবিধতা সমুহ প্ৰকাশিত হৈছে সেই পৰম সত্যই বিবিধতাৰ মাজৰ প্ৰকৃত একত্ব যদিও তাক উপলব্ধি কৰা আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিৰ মানুহৰ বাবে সহজ নহয় সেই কাৰণে প্ৰাথমিক অৱস্থাত , আমাৰ চকুৰ সমুখতে থকা বস্তুসমুহৰ বিবিধতাৰ মাজত বিৰাজমান একত্বৰ অনুসন্ধান কৰাৰ অভ্যাস কৰা উচিত বুলি গুৰুজনাই পৰামৰ্শ দিছে সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত মতপাৰ্থক্য থাকে সেই বিবিধতাৰ মাজত সমন্বয় ৰক্ষা কৰি চলাৰ বাবে ই এটা অতি উৎকৃষ্ট উপায় প্ৰকৃততে বিবিধতা বিশ্ব জগতৰ সৃষ্টি প্ৰক্ৰিয়াতে অতি অনিবাৰ্য ৰূপত অন্তৰ্নিহিত হৈ আছে সৃষ্টিৰ অৰ্থই হৈছে একৰ পৰা বহু হোৱা সেই কাৰণে জগতত এনে এটা বস্তু নাই যি গুণগত বা পৰিমাণগতভাৱে অন্য এটা বস্তুৰ সৈতে হুবহু একে প্ৰত্যেকজন মানুহ , প্ৰত্যেক জীৱ ,জন্তু , চৰাই-চিৰিকতি , গছ-লতা পৰস্পৰে পৃথক পৃথক জগতত অগণন গছ আছে , প্ৰত্যেক গছত অগণন সংখ্যক পাত , ফুল , ফল আছে কিন্তু একেডাল গছতে লাগি থকা  দুটা পাত বা দুটা ফুল বা দুটা ফল সম্পূৰ্ণ একে নহয় তাত সামান্য পৰিমাণৰ হলেও  বিবিধতা আছে ই হল এক প্ৰকাৰৰ বিবিধতা আনহাতে আমি এটা অতি ক্ষুদ্ৰ শিশুৰ ৰূপত জন্ম গ্ৰহণ কৰো তাৰ পিচত ক্ৰমান্বয়ে বৃদ্ধিপাপ্ত হৈ যুবাৱস্থা লাভ কৰো বৃদ্ধি সম্পুৰ্ণ হোৱাৰ পিচত ক্ৰমান্বয়ে ক্ষয়প্ৰাপ্ত হৈ ধ্বংসৰ পিনে গতি কৰো আৰু অৱশেষত আমাৰ মৃত্যু হয় এনেদৰে জন্মৰ পৰা মৃত্যু পৰ্যন্ত কৰা যাত্ৰাৰ পথত প্ৰতি মুহুৰ্ত্ততে আমাৰ শৰীৰৰ পৰিবৰ্ত্তন হৈ থাকে কেৱল মনুহেই নহয় , বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে জন্মৰ পৰা মৃত্যু পৰ্যন্ত এই যাত্ৰা একে নিয়মে সম্পূৰ্ণ কৰিব লাগে এই পৰিবৰ্ত্তন প্ৰক্ৰিয়াক নদীৰ প্ৰবাহৰ লগত ৰিজনি কৰিব পাৰি ব্ৰহ্মপুত্ৰৰ পাৰত থিয় হলে আমি নদীখন বৈ থকা দেখো বোৱঁতী নদীৰ পানীয়ে প্ৰতি মুহুৰ্ত্ততে নিজৰ স্থান সলনি কৰি থাকে এঠাইত থকা পানী আগলৈ ভটিয়াই যায় , নতুন পানীয়ে সেই স্থান অধিকাৰ কৰেপানীৰ এই নিত্য পৰিবৰ্ত্তনশীল প্ৰবাহটোকে আমি নদী বুলি কওঁ একেদৰে জন্মৰ পৰা ধ্বংসৰ আগলৈকে , আমাৰ শৰীৰকে ধৰি জগতৰ প্ৰত্যেকটো বস্তুৰ, প্ৰতি মুহুৰ্ত্ততে পৰিবৰ্ত্তন হৈ আছে পৰিবৰ্ত্তনশীল পানীৰ প্ৰবাহক নদী বুলি কোৱাৰ দৰে ,পৰিবৰ্ত্তনৰ বিভিন্ন প্ৰকাৰৰ প্ৰবাহ ধাৰাসমুহকে আমি মানুহ , জন্তু , গছ , পৃথিৱী , চন্দ্ৰ ,সূৰ্য ইত্যাদি বিভিন্ন নামেৰে চিনাক্ত কৰো ইও এক প্ৰকাৰৰ বিবিধতা এই সমুহ বিবিধতা জগত সৃষ্টিৰ নিয়মৰ অন্তৰ্গত | জগত যিমান দিনলৈ থাকিব এইসমুহো একেদৰে চলি থাকিবইয়াত আমাৰ ফালৰ পৰা কৰিব পৰা একো নাই।(আগলৈ )

No comments:

Post a Comment