In Bhagavata it is
told that death is the
destruction of our physical body only. After death of one body, our mind
reappears with another body .We have assumed our present body for enjoyment of the
outcome of our doings, in the previous births . After taking birth in the shape
of the present body, we again go on doing so many works. The outcome of these
doings are also to be enjoyed by us. This is in addition to the enjoyments already
allotted from the quota of our previous doings. Now , life span of one body is
not sufficient to spend all our earnings such enjoyments . Moreover one type of
body in not sufficient for enjoyment of each and every types of outcome of our
doings. In human body itself, we noticed that the body of a child or old man cannot
enjoy or tolerate the things like a young man, and so on . The entity in the
body of a cow can happily enjoy eating of grass which is not possible for an
entity in human body and so on . So. different types of bodies are necessary
for enjoyment of the outcome of different types of doings .To meet this
requirement ,there are innumerable varieties of options in the creation . It is
told in the Bhagavata that , there are possibilities of eighty four hundred
thousands varieties of bodies in the creation . The list includes right from
the crude form of body of a rock to the finest form of body of Lord Brahma, the
creator of the universe . But all of these bodies are
mortal . Hence mind has vast option to create or rather chose for itself any suitable
mortal body for enjoyment of things according
to the nature of one’s past doings . Bhagavata told that after death of our
present body ,the mind is bound to accept another such body for enjoyment of
the left out portion of our doings. So it is clear that because of our doings, as
our mind desires to do, we are entrapped in an unending trap of birth and death
cycles of diversities . Guru Harideva told that unless our mind understands the
nature and causes of these diversities properly , through scriptures like the
Bhagavata and do whatever is suggested there ,it is not possible to find a way
out. (to be continued )
ভাগৱতত কোৱা হৈছে যে
মৃত্যু স্থূল শৰীৰৰ বিনাশ মাত্ৰ । এটা শৰীৰৰ মৃত্যু
হোৱাৰ পিচত মনে অন্য এটা শৰীৰ ৰূপ ধাৰণ কৰি পুনৰ আবিৰ্ভুত হয় ।
পূৰ্বজন্মসমুহৰ কৰ্মৰ ফল ভোগ কৰাৰ কাৰণে আমাৰ মনে বৰ্ত্তমান শৰীৰৰ ৰূপ ধাৰণ কৰিছে ।এই
শৰীৰ ধাৰণ কৰি জন্ম লাভ কৰাৰ পিচতো আমি মনৰ নিৰ্দেশমতে নতুন নতুন কৰ্ম কৰি থাকো ।
পূৰ্বজন্মৰ যিসমুহ
কৰ্মৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমানৰ শৰীৰ ধাৰণ কৰা হৈছে, তাৰ ওপৰঞ্চিভাৱে বৰ্ত্তমানৰ এইসমুহ কৰ্মৰ ফলো
আমিয়ে ভোগ কৰিব লাগিব । নিজ কৰ্মৰ দ্বাৰা
আৰ্জি লোৱা ইমান বৃহৎ পৰিমাণৰ কৰ্মফল ভোগ কৰাৰ বাবে আমাৰ বৰ্ত্তমান শৰীৰৰ আয়ুসকাল
পৰ্যাপ্ত নহয় । তদুপৰি সকলো প্ৰকাৰৰ কৰ্মৰ পৃথক পৃথক ফল ভোগ
কৰাৰ বাবে পৃথক পৃথক শৰীৰৰ প্ৰয়োজন হয় । একে মানৱ শৰীৰতে
শিশু ,
বৃদ্ধ , তৰুণ আদি অৱস্থাভেদে কৰা কৰ্ম আৰু ফল ভোগৰ ক্ষমতাৰ তাৰতম্য হয়।
গাইগৰু এজনীৰ শৰীৰধাৰীয়ে ঘাঁহ খাই যি আনন্দ উপভোগ কৰে ,
মানৱ শৰীৰধাৰীৰ বাবে সি সম্ভৱ নহয় । গতিকে বিভিন্ন
প্ৰকাৰৰ কৰ্মৰ পৰা উৎপন্ন হোৱা পৃথক পৃথক প্ৰকাৰৰ কৰ্মফল ভোগ কৰাৰ বাবে পৃথক পৃথক প্ৰকাৰৰ
শৰীৰৰ প্ৰয়োজন হয় । এই প্ৰয়োজন পূৰাবৰ বাবে বিশ্বব্ৰহ্মাণ্ডত অসংখ্য
প্ৰকাৰৰ শৰীৰ সৃষ্টিৰ সম্ভাৱনা আছে । ভাগৱতত কোৱা হৈছে
যে ব্ৰহ্মাণ্ডত চৌৰাশী লক্ষ প্ৰকাৰৰ শৰীৰ সৃষ্টিৰ সম্ভাৱনা আছে ।
এই তালিকাত অত্যন্ত স্থূল পৰ্যায়ৰ শিল প্ৰস্তৰৰ পৰা আৰম্ভ কৰি সৃষ্টিকৰ্ত্তা ব্ৰহ্মাৰ
অতি সুক্ষ্ম পৰ্যায়ৰ দৈৱ শৰীৰলৈকে সমস্ত
প্ৰকাৰৰ শৰীৰে স্থান পাইছে । কিন্তু
এই সমস্ত প্ৰকাৰৰ শৰীৰৰে জন্ম আৰু মৃত্যু আছে । গতিকে
মনে ভোগৰ বাবে উপযোগী হোৱাকৈ ইয়াৰ ভিতৰত যিকোনো প্ৰকাৰৰ এটা বিনাশশীল শৰীৰ গ্ৰহণ কৰিব পাৰে । ভাগৱতে কৈছে মৃত্যুৰ পৰবৰ্ত্তী পৰ্যায়ত এই জন্মত ভোগ কৰাৰ
পিচৰ অৱশিষ্ট কৰ্মফল ভোগ কৰাৰ বাবে আমাৰ মনে পুনৰ এনে এটা নতুন শৰীৰ গ্ৰহণ কৰাটো
বাধ্যতামূলক । এনেদৰে বিচাৰ কৰি
চালে বুজিব পাৰি যে মনে বিচৰা ধৰণে কাম
কৰি কৰি আমি জন্ম-মৃত্যুৰ এক আদি অন্তহীন বিবিধতাৰ পাকচক্ৰত সোমাই আছো।
হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত শাস্ত্ৰত দিয়া জ্ঞানৰ সহায়ত এনে প্ৰকাৰৰ
বিবিধতাসমুহ কি আৰু কি কাৰণত এইসমুহ উৎপন্ন হয় তাক ভালদৰে বুজিব পাৰি ।
গুৰুজনাৰ মতে মনে যেতিয়ালৈকে
এইসমুহ বুজি লৈ শাস্ত্ৰৰ উপদেশ অনুসৰি কাম নকৰে তেতিয়ালৈকে কৰ্ম আৰু কৰ্মফলৰ
বিবিধতাৰ পাকচক্ৰৰ পৰা বাহিৰ হোৱা সম্ভৱ নহয় ।(আগলৈ)
No comments:
Post a Comment