Mahapurush Sri Sri
Harideva realized the Ultimate Truth from the knowledge contained in the
Bhagavata . Bhagavata is the foundation of his religious philosophy. So , what Bhagavata told , is the
teachings of Guru Harideva also . Bhagavata told that our mind is the creator
of the diversities and we should pay
proper attention here. The types of diversities created by the mind are not
possible to count down. These may be of any form, best or worst. These may be
expressed in the form of demons like Ravana ,Hiranyakahipu , Mahishaasura etc .
These may also be expressed in the forms of demigods , sages , general human
being , emperor , king , bagger and so on . If it assume the form of Ravana , then
the divine power of Rama is needed to kill him . If it assume the form of
Hiranyakashipu, then the power of Narashimha is necessary to control him . If it
takes the form of Mahishaasura , then the powers of all demigods are to be
combined in the form of Goddess Durga to fight with him and so on the stories
go . These are some of the descriptions contained in the religious
scriptures of all religions . The name of Gods, Goddesses and demons may be
different . Their field of operations may differ . But the theme is almost the
same .Now, if it is somehow possible to resist the mind from assuming the shape
of demon like Kamsha or other demoniac power ,no divine power is needed to counteract
. When law is obeyed , the law of the country is protecting the people . If law
of a country is violated , the same law imposes punishment on people . Likewise
there are laws of the universe operating here . If we obey , then
these laws are our friends. Otherwise these laws will automatically impose
punishment on us .Though all religious scriptures are dealing with these things,
some scripture depicted these teachings very clearly . Sri Madbhbhagavata is
one of such scripture which train our mind in a most affective way towards that
end .Guru Harideva discovered this fact and selected it as text book for
propagation of his religious Philosophy. (to be continued)
মহাপুৰুষ শ্ৰী শ্ৰী
হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰজ্ঞানৰ মাধ্যমত পৰম সত্যক উপলব্ধি কৰিছিল ।
সেয়ে ভাগৱত শাস্ত্ৰ
হৈছে গুৰুজনাৰ ধৰ্মীয় দৰ্শনৰ মূল ভিত্তি।
ভাগৱত শাস্ত্ৰত যি কোৱা হৈছে সেয়ে গুৰুজনাৰো মূল বক্তব্য ।
ভাগৱতত কোৱা হৈছে যে জগতৰ যিসমুহ বিবিধতাৰ বিষয়ত আমি সাবধান হোৱা উচিত সেইসমুহ আমাৰ
মনৰে সৃষ্টি । মনে সৃষ্টি কৰিব পৰা বিবিধতাৰ সংখ্যা গণনা কৰা
সভৱ নহয় । এই বিবিধতা ৰাৱন , হিৰণ্য কশিপু , মহিষাসুৰ আদি দৈত্যৰ ৰূপত প্ৰকাশিত হ’ব পাৰে ।
এইসমুহ দেৱতা , ঋষিমুনি ,সাধাৰণ মানৱ ,
সম্ৰাট ,ৰজা , ভিক্ষাৰী ইত্যাদি যিকোনো
ৰূপতে প্ৰকাশিত হ’ব পাৰে ।
ৰাৱনৰ ৰূপত প্ৰকাশিত হ’লে তাক নিধন কৰাৰ বাবে ৰামৰ দৰে দৈৱশক্তিৰ প্ৰয়োজন হয় ।
হিৰণ্য কশিপুৰ ৰূপত প্ৰকাশিত হ’লে তাক নিয়ন্ত্ৰণ বাবে নৰসিংহৰ দৰে শক্তিৰ প্ৰয়োজন হয় ।
আনহাতে যদি মহিষাসুৰৰ ৰূপত প্ৰকাশিত হয় তেন্তে তাক ধ্বংস কৰাৰ কাৰণে সমস্ত দেৱতাৰ শক্তি
একত্ৰিত কৰি দেৱী দূৰ্গাৰ সৃষ্টি কৰা হয় ,ইত্যাদি ইত্যাদি ।
এইসমুহ সকলো প্ৰকাৰৰ
ধৰ্ম শাস্ত্ৰত থকা কাহিনী সমুহৰ কেইটামান উদাহৰণ মাত্ৰ ।
চৰিত্ৰসমুহ আৰু ঘটনাৰ পটভূমিৰ কিছু পাৰ্থক্য থাকিব পাৰে যদিও সকলো ধৰ্ম শাস্ত্ৰৰে
কাহিনীসমুহৰ মূল বক্তব্য এনে ধৰণৰ ।এতিয়া যদি কিবা প্ৰকাৰে মনক কংস বা অন্য দানৱৰ দৰে ৰূপ ধাৰণ
কৰাৰ পৰা বিৰত ৰখা যায় , তেন্তে তাক বাধা দিয়াৰ বাবে দৈৱশক্তিৰো প্ৰয়োজন
নাথাকে । যিসকলে আইন মানি চলে তেওঁলোকক দেশৰ আইনে সুৰক্ষা
দিয়ে আকৌ একেখন আইনে দেশৰ আইন ভঙ্গকাৰীক শাস্তি প্ৰদান কৰে ।একেদৰে
বিশ্বব্ৰহ্মাণ্ডৰো আইন আছে,নিয়ম শৃংখলা আছে | যিসকলে মানি চলে তেওঁলোকৰ বাবে এই আইন বন্ধুৰ দৰে ।
নমনা সকলৰ ওপৰত এই
আইনে ঐশ্বৰিক শক্তিৰ ৰূপ ধৰি শাস্তি আৰোপ
কৰে । সকলো ধৰ্মশাস্ত্ৰতে এইসমুহ
কথা কোৱা হৈছে যদিও সীমিত সংখ্যক শাস্ত্ৰত এইবিলাক অতি স্পষ্ট ভাৱে প্ৰকাশ কৰাৰ
লগতে এনেবোৰ বিষয়ত আমি কি কৰা উচিত তাকো কোৱা হৈছে । ভাগৱত শাস্ত্ৰত
এইসমুহ অধিক স্পষ্টতৰ ৰূপত প্ৰকাশিত হৈছে । সেয়েহে আমাৰ মনক উপযুক্ত
দিশত প্ৰস্তুত কৰাৰ বাবে ইয়াৰ শিক্ষা অতি উপযোগী ।হৰিদেৱ
গুৰুজনাই এই কথা ভালদৰে অনুভৱ কৰিছিল বাবে ভাগৱত শাস্ত্ৰৰ আধাৰত নিজৰ ধৰ্মমত
প্ৰতিষ্ঠা কৰি গৈছে। (আগলৈ )
No comments:
Post a Comment