In our attempt to
elaborate the teachings of Mahapurush Sri Sri Harideva , we discussed in the
last post regarding enjoyments of the inhabitants of heavens and hells . Bhagavata
told that , enjoyments of bliss or of punishments at heavens and hells are for
limited periods .As soon as the allotted quota of enjoyment is finished, those
inhabitants are bound to come back again to this world of activities . The
bodies of heavens and hells are also not suitable for enjoyments of all types
of outcomes of the past deeds. This point we have discussed earlier in my post
dated 9.11.19 . Some parts of the outcomes of past deeds are still left over
after enjoyment at heavens or hells . So , the minds must take the shape of
bodies of this world suitable for enjoyment of that left over portion of the
outcomes of past deeds. In this world also ,in sub-human bodies like animals ,
birds etc , the mind functions are
according to the nature of these bodies only . Through these bodies, activities
are done as per directions of natural instincts . It is told in the Bhagavata
that activities through these bodies are limited to food , sleep , protection
of self and procreation only . Minds in these bodies are automatically directed
by instincts towards achievements of these requirements. Application of mind is
not needed here .For example , the mind system of a tiger can not be applied to
differentiate human bodies like king , beggar, Mahapurusha or Guru , friend ,
enemy etc .The mind of a tiger considers
all human bodies as foods or cause of fear only. Minds in other sub-human bodies are also of similar
nature .So the minimum diversity created by minds in those bodies are of known
nature and hence can not be a problem . (to be continued )
মহাপুৰুষ শ্ৰীশ্ৰী
হৰিদেৱ গুৰুজনাই দিয়া শিক্ষা সহজভাৱে বুজি লোৱাৰ বাবে কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আমাৰ
ইয়াৰ পূৰ্বৰ লিখনীটোত স্বৰ্গ আৰু নৰকৰ অধিবাসী সকলৰ ভোগ সম্পৰ্কে আলোচনা কৰা হৈছে ।
ভাগৱতত কোৱা হৈছে যে স্বৰ্গৰ সুখভোগ বা নৰকৰ যন্ত্ৰণাভোগৰ নিৰ্দিষ্ট সময় সীমা আছে ।
নিৰ্দিষ্ট পৰিমাণৰ ভোগকাল সমাপ্ত হোৱাৰ লগে লগে তাৰ অধিবাসীসকল কৰ্মভূমি হিচাপে
খ্যাত এই মৰ্ত্ত্য লোক বা পৃথিৱীলৈ ঘুৰি আহিবলৈ বাধ্য হয় ।
স্বৰ্গ বা নৰকৰ বাসিন্দা সকলৰ শৰীৰসমুহো বিভিন্ন জন্মত বিভিন্ন প্ৰকাৰৰ কৰ্মৰ দ্বাৰা
অৰ্জন কৰা সকলো প্ৰকাৰৰ ফল ভোগ কৰাৰ বাবে উপযোগী নহয় ।
এই বিষয়টো আমাৰ ৯.১১.১৯ তাৰিখৰ লিখনীত আলোচনা কৰা হৈছে ।
স্বৰ্গ আৰু নৰক ভোগ
কৰাৰ পিচতো কিছুমান কৰ্মৰ ফল ভোগ কৰিবলৈ বাকী থাকে ।
গতিকে মনে ইহজগতত সেই বাকী থকা কৰ্মফলসমুহ ভোগ কৰাৰ বাবে উপযোগী শৰীৰ গ্ৰহণ কৰিবলৈ
বাধ্য হয় । পৃথিৱীতো মনুষ্য শৰীৰতকৈ নিম্ন স্তৰৰ পশু পক্ষী
ইত্যাদি শৰীৰসমুহত মনে শৰীৰৰ স্বাভাৱিক প্ৰবৃত্তি অনুসৰি কাম কৰে ।
ভাগৱতত কোৱা হৈছে যে আহাৰ ,নিদ্ৰা
, আত্মৰক্ষাৰ প্ৰচেষ্টা আৰু বংশবৃদ্ধিতে এই শৰীৰসমুহৰ কৰ্ম সীমাৱদ্ধ
। ইয়াত মন স্বাভাৱিক প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত
হয় । নিয়ন্ত্ৰিত ৰূপত মন নিযুক্ত কৰাৰ সুবিধা ইয়াত নাই ।উদাহৰণ
স্বৰূপে এটা বাঘৰ মানসিকতাত মানুহৰ শৰীৰ ৰজা , ভিক্ষাৰী ,
মহাপুৰুষ , গুৰু, শত্ৰু , বন্ধু ইত্যাদিৰ ৰূপত চিনাক্ত হ’ব নোৱাৰে । সকলো মানৱ শৰীৰকে
বাঘৰ মনে কেৱল মাত্ৰ খাদ্যবস্তু বা ভয়ৰ কাৰণ হিচাপেহে চিনাক্ত কৰে ।
মনুষ্য শৰীৰতকৈ নিম্ন খাপৰ সকলো শৰীৰৰ ক্ষেত্ৰতে এনে নিয়ম প্ৰযোজ্য ।
এইসকল শৰীৰত থকা মনে
অতি সামান্য পৰিমাণৰ আৰু সহজ সৰল ধৰণৰ বিবিধতা সৃষ্টি কৰে কাৰণে ই কোনো সমস্যাৰ
কাৰণ নহয় । ( আগলৈ )
No comments:
Post a Comment