Saturday 23 November 2019

Understanding Guru Harideva’s approach towards Unity-1 ( একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১ )


As the reaction generated in human minds by things outside is the cause of  diversities  ,  control of  mind  is suggested in all  scriptures to prevent mental reactions  . Based on the different ways suggested for control of mind by different scriptures , the spiritual gurus of different times and places are educating people in spiritual field . A thing totally unknown to us can not generate any reaction in our mind .  For example there  are thousands of crores of people in the world . Out of this total population ,hardly some thousands of people may have some connection with us ,in one way or other . Rest are totally unknown  . There may be some Ram , Sam ,Jadu  at some unknown place . They may be doing something we do not  know .Those unknown people and their actions cannot  generate any reaction in our mind .   But people known to us and actions  performed within the reach of our knowledge ,  generate reactions in our mind . This is true  in case everything in this world . Based on such observation, some of the scriptures and Gurus are of the opinion that, if we can somehow stop our mind  from coming  into contact with anything,  then nothing  will be able to generate  reaction in our mind .  They educate people to control mind in that way to be free from  diversities  . Discarding this idea , Guru harideva suggested  that , we can not ignore anything outside . He told that , in spite everything being available outside ,duing darkness of night we are not seeing anything . A blind man also cannot see anything outside . Likewise a person not having sense of knowledge , is not able to see anything outside . So the thought of not seeing anything outside can never be a positive spiritual development . According  to Guru Harideva we should  see everything outside . We should have feeling for everything  outside . We should have knowledge of everything outside us . At the same time , we also should be free from  the reactions generated by these  things  in our mind. This is the aim of the religious teachings of Guru Harideva . (to be continued )

বাহিৰৰ বস্তুসমুহে মানুহৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ ফলত বিবিধতাৰ সৃষ্টি হয় সেই কাৰণে সকলো ধৰ্মৰ সকলো শাস্ত্ৰতে মনক নিয়ন্ত্ৰণ কৰাৰ উপদেশ দিয়া হৈছে বিভিন্ন শাস্ত্ৰত দিয়া বিভিন্ন প্ৰকাৰৰ উপদেশ সমুহৰ আধাৰত সকলো দেশৰ সকলো সময়ৰ ধৰ্মগুৰুসকলে মানুহক এই বিষয়ৰ শিক্ষা দি আহিছে যি বস্তুৰ বিষয়ে আমি একো নাজানো তেনে বস্তুৱে আমাৰ মনত কোনো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে উদাহৰণ স্বৰূপে জগতত হাজাৰ হাজাৰ কৌটি মানুহ আছে তাৰ ভিতৰত খুব বেছি কেইহাজাৰমান মানুহৰ লগতহে আমাৰ কিবা নহয় কিবা সম্পৰ্ক থাকিব  পাৰে বাকীখিনি মানুহৰ বিষয়ে আমি একো নাজানো আমি নাম নুশুনা কোনো ঠাইত ৰাম , চাম , যদু নামৰ কোনো অচিনাকী ব্যক্তি থাকিব পাৰে এইসকল অজ্ঞাত স্থানৰ অজ্ঞাত ব্যক্তিৰ কোনো কাৰ্যই আমাৰ মনত একো প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে কেৱল কিবা প্ৰকাৰৰ সম্পৰ্ক থকা ব্যক্তি আৰু জনাশুনাকৈ কৰা কাৰ্যইহে আমাৰ মনত প্ৰতিক্ৰিয়া কৰে এই কথা জগতৰ অন্য বস্তু বা ঘটনাৰ ক্ষেত্ৰতো সত্য এনে প্ৰকাৰৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি কিছুমান শাস্ত্ৰ তথা ধৰ্মগুৰুৱে মত প্ৰকাশ কৰে যে যদি কিবা প্ৰকাৰে মনক জগতৰ বস্তুৰ  সংস্পৰ্শলৈ অহাত বাধাৰ সৃষ্টি কৰা হয় তেন্তে মনক প্ৰতিক্ৰিয়া সৃষ্টিৰ পৰা বিৰত ৰাখিব পাৰি তেওঁলোকে মনক সেই প্ৰকাৰে নিয়ন্ত্ৰণ কৰাৰ শিক্ষাও প্ৰদান কৰে হৰিদেৱ গুৰুজনা এনে ধৰণৰ শিক্ষাৰ একেবাৰে বিৰোধী গুৰুজনাই কৈছে বাহিৰত সকলো বস্তু থকা সত্বেও ৰাতিৰ আন্ধাৰত একো দেখা নাযায় অন্ধ ব্যক্তিয়ে বাহিৰৰ একো বস্তু নেদেখে একেদৰে অনুভূতিহীন ব্যক্তিয়েহে নিজৰ বাহিৰত একো নেদেখাকৈ থকা সম্ভৱ আমাৰ বাহিৰত যি আছে তাক কেতিয়াও নাই বুলি কব নোৱাৰি গতিকে নিজৰ বাহিৰত একো  নেদেখাৰ ভাৱটো কোনো উচ্চ স্তৰৰ ধৰ্মীয় চিন্তা হব নোৱাৰে গুৰুজনাৰ মতে আমি জগতৰ সকলো বস্তু দেখিব লাগে জগতৰ সকলো বস্তুৰ প্ৰতি অনুভূতিশীল হব লাগে আৰু সকলো বস্তুকে জানিব লাগে ইয়াৰ লগতে বাহিৰৰ বস্তু আৰু ঘটনাই সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ পৰা মনক মুক্তও ৰাখিব লাগে হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় শিক্ষাৰ এয়ে উদ্দেশ্য (আগলৈ )

No comments:

Post a Comment