Tuesday 19 November 2019

Discovering the Unity in Diversity-9 (বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-৯)


While discussing the teachings of Mahapurush Sri Sri Harideva, we mentioned in the earlier posts that only human minds can be trained to reach higher goals though spiritual practices .Here a question may arise as what happens to minds in other bodies below human level ? We may think that a tiger will remain as tiger forever, a tree will remain as tree forever and like that . The scriptures told that the things are not like that . It is told that  species below human level are undergoing gradual evolution to higher state of being . This evolution will continue until they reach the state of human body mind complex . That is evolution up to the state of human being is automatic by the law of nature framed by the almighty controller of the universe . If such law is not there , then an entity in a body in lower state can not come to a human body with its own effort . Bhagavata told that after passing through millions of bodies in lower states like rocks, plants ,insects ,animals etc , the human body-mind complex can be achieved . In a human body, the mind function is fully developed and hence a human mind can further improve his body status to higher states. A human mind is capable of gradually improving the human body to be a good man , a sage ,a Mahapurusha , a Guru etc ,by its action. It can earn the qualification for choosing a body in heaven or further higher abode for itself. It can also chose for itself a body status lower  than human body like animals ,plants rocks etc by its action . The scriptures like Bhagavata contain guidance for actions leading towards improvements . Scriptures also contain the details of actions that lead the human beings in the reverse direction. Guru Harideva told that in spite of having all these advantages , if we don’t try to achieve higher goals ,it will be suicidal for us .(to be continued )


মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ উপদেশ সম্পৰ্কে কৰা আলোচনা প্ৰসঙ্গত আমাৰ আগৰ লিখনীত কৈ অহা হৈছে যে কেৱল মানুহৰ মনকহে পাৰমাৰ্থিক শিক্ষাৰ দ্বাৰা উচ্চতৰ ভাৱনাৰ স্তৰলৈ লৈ যাব পাৰি ইয়াতে প্ৰশ্ন হব পাৰে যে তেনে ক্ষেত্ৰত  মনুষ্য শৰীৰতকৈ নিম্নতৰ স্তৰৰ অন্য স্থাৱৰ জঙ্গম শৰীৰৰ বেলিকা কি হ? আমি ভাবিৱ পাৰো যে এটা বাঘ চিৰকাল বাঘ হৈয়ে থাকিব , এজোপা গছ চিৰকাল গছ হৈয়ে থাকিব ইত্যাদি শাস্ত্ৰই কৈছে যে কথাবোৰ তেনে নহয় ইয়াত কোৱা হৈছে যে মানৱ শৰীৰতকৈ নিম্নতৰ স্তৰত থকা শৰীৰ সমুহ নিজে নিজে ক্ৰমোন্নতিৰ ফালে আগ বাঢ়ে কিন্তু এই ক্ৰমোন্নতি মানৱ শৰীৰ আৰু মনৰ সংযোগ অৱস্থা লাভ পৰ্যন্তহে হয় সৰ্বশক্তিমান জগত সৃষ্টিকৰ্ত্তাৰ সৃষ্টিৰ নিয়মমতে নিম্নতৰ শৰীৰৰ পৰা মনুষ্যশৰীৰ পৰ্যন্ত ক্ৰমোন্নতি নিজে নিজে সংঘটিত হয় এনে স্বাভাৱিক নিয়ম নাথাকিলে মনুষ্য শৰীৰতকৈ নিম্নতৰ শৰীৰ পৰা মনুহৰ শৰীৰলৈ অহাটো কোনো শৰীৰধাৰীৰ বাবে সম্ভৱ নহয় ভাগৱতত কোৱা হৈছে যে শিল পাথৰ , উদ্ভিদ , পশুপক্ষী , ইত্যাদি অনেক লাখ লাখ শৰীৰ ভোগ কৰাৰ পিচতহে মানৱ শৰীৰ-মনৰ সংযোগ  হয় মানৱ শৰীৰত মনৰ পূৰ্ণবিকাশ হয় সেই কাৰণে মানুহৰ মনে নিজৰ বাবে মানৱ শৰীৰতকৈও উন্নততৰ শৰীৰ নিৰ্বাচন কৰিব পাৰে মানৱ মনে কৰ্মৰ দ্বাৰা নিজৰ শৰীৰক মানুহৰ পৰা ক্ৰমান্বয়ে ভাল মানুহ,ঋষিমুনি,মহাপুৰুষ , গুৰু আদি উন্নততৰ স্তৰলৈ লৈ যাব পাৰে নিজৰ বাবে দেৱলোক বা তাতোকৈ উন্নততৰ লোকত থকাৰ বাবে উপযোগী সুক্ষ্মতৰ শৰীৰ নিৰ্বাচনৰ যোগ্যতা অৰ্জন কৰিব পাৰে আনহাতে মানৱ মনে নিজ কৰ্মৰ দ্বাৰা নিজৰ বাবে মানৱ শৰীৰতকৈ নিম্নতৰ শিল পাথৰ, জীৱজন্তু , গছ গছনিৰ শৰীৰো অৰ্জন কৰি লব পাৰে ভাগৱতৰ দৰে শাস্ত্ৰত উন্নতিৰ বাবে কি কৰিব  লাগে তাক কোৱা হৈছে কি কাম কৰিলে নিম্নততৰ স্তৰলৈ যাব লগা হয় তাকো ইয়াত কোৱা হৈছে হৰিদেৱ গুৰুজনাই কৈছে যে এনে সুন্দৰ সুযোগ লাভ কৰাৰ পিচতো পাৰমাৰ্থিক উন্নতিৰ বাবে চেষ্টা নকৰাটো আত্মহত্যা কৰাৰ দৰে   (আগলৈ )

No comments:

Post a Comment