In my previous post of 23.11.19 it
was discussed that we should see, feel and know everything in this world and also
keep
ourselves free from
mental reactions. We should try to understand what Guru Haideva meant by this .
Actualy , Guru Harideva advises us to make habit of accepting the things as it is ,i.e as per rule of
creations. This habit can reduce our
mental reactions over the things outside .If we think in this line ,we can see
that actual things outside are not
responsible for generating mental reactions . The messages that we read in the
things are responsible for it .For example, one of our near relatives may be at a
distant place . He may die long back and we may not receive the news. In that
case we ,will not feel sorrow for his death ,in spite of his actual death . But
if we get a false message of his death , in spite of his being alive there ,we
will cry over his death . Moreover one and the same thing may generate different reactions in the minds
of different people . We can take the example of a piece of gold . As a part of the creation it is not different
from a piece of stone or wood or anything else . But human mind consider it as
a thing of more value than others . Because of this imposed value , people want
to possess it . Now the people who want to possess it and get it he will be happy . The people who want
to possess but could not get it will feel unhappy . There may be some people who do not think of
anything about it . This class of people will feel nothing . These happiness ,
unhappiness or indifference are not inherent
in the piece of gold . In spite of this, it can generate different types
of reaction in human mind depending upon the constitution of mind . This is one
type of simple analysis of our mind functions which may be helpful for
understanding of the teachings of Guru Harideva .(to be continued)
আমাৰ ২৩.১১.১৯ তাৰিখৰ লিখনীত উল্লেখ কৰা হৈছে
যে জগতৰ সকলো বস্তুকে দেখিব লাগে , অনুভৱ কৰিব লাগে আৰু সমস্তৰে জ্ঞান লাভ কৰাৰ
চেষ্টা কৰিব লাগে । লগতে এই সমুহে উৎপন্ন কৰা মানসিক প্ৰতিক্ৰিয়াৰ
পৰাও মুক্ত থাকিব লাগে। হৰিদেৱ গুৰুজনাই ইয়াৰ দ্বাৰা কি ক’ব খুজিছে তাক বুজাৰ প্ৰয়োজন। ইয়াৰ
দ্বাৰা গুৰুজনাই জগতৰ বস্তুসমুহ সৃষ্টিৰ নিয়মমতে যেনেদৰে সৃষ্টি হৈছে , ঠিক
তেনেদৰে গ্ৰহণ কৰিবলৈ শিকাৰ পৰামৰ্শ দিছে । এনে অভ্যাসে জগতৰ বস্তু বা ঘটনা সম্পৰ্কত মানৱ মনে কৰা প্ৰতিক্ৰিয়াৰ মাত্ৰা
হ্ৰাস কৰে । প্ৰকৃততে জগতৰ কোনো বস্তুৱে মানুহৰ মনত প্ৰতিক্ৰিয়া
উৎপন্ন নকৰে । বস্তু সম্পৰ্কত আমাৰ মনত যি ধাৰণা সৃষ্টি হয়
সেয়াহে প্ৰতিক্ৰিয়াৰ প্ৰকৃত জনক । উদাহৰণ
স্বৰূপে আমাৰ কোনো অতি নিকটাত্মীয় লোক দূৰ দেশত থাকিব পাৰে । বহুদিন আগতে হয়তো তেওঁৰ মৃত্যু হৈছে কিন্তু সেই বাতৰি আমি পোৱা নাই ।
তেনে ক্ষেত্ৰত মনুহজনৰ সচাকৈ মৃত্যু হোৱাৰ পিচতো আমি শোক নকৰো ।
আনহাতে মানুহজন সুস্থ শৰীৰে জীয়াই থকা সত্বেও মৃত্যু হোৱা বুলি ভুল খবৰ আহিলে আমি
শোকসন্তপ্ত হওঁ । আকৌ জগতৰ একেটা বস্তুৱে বিভিন্ন লোকৰ মনত বিভিন্ন
প্ৰকাৰৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে । আমি
এটুকুৰা সোণৰ উদাহৰণ ল’ব পাৰো । সৃষ্টিৰ এটা অংশ বুলি ভাৱি ল’লে এটুকুৰা শিল বা কাঠৰ সৈতে ইয়াৰ কোনো প্ৰভেদ
নাই । কিন্তু মানুহৰ মনে ইয়াক অন্য বস্তুতকৈ
বেছি মূল্য দিয়ে । এই
আৰোপিত মূল্যৰ কাৰণে মানুহে ইয়াক নিজৰ কৰি ল’ব
বিচাৰে । নিজৰ
কৰি লোৱাৰ চেষ্টা কৰি যিয়ে পায় তেওঁ আনন্দ কৰে , যিয়ে
নাপায় তেওঁ দুখ কৰে । যিসকলে
সোণৰ বিষয়ে একো নাভাৱে তেওঁলোক উদাসীন থাকে । সোণে বিভিন্ন
জনৰ মনত উৎপন্ন কৰা এই আনন্দ ,বিষাদ আৰু উদাসীনতা
সোণৰ ভিতৰত নাই । কিন্তু
তথাপি মানুহৰ মনৰ গঠন অনুসৰি সোণে বিভিন্ন জনৰ মনত বিভিন্ন প্ৰতিক্ৰিয়া উৎপন্ন
কৰিব পাৰে । এনে প্ৰকাৰে
মনৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যপ্ৰণালী বিশ্লেষণ কৰাৰ অভ্যাস কৰিলে হৰিদেৱ গুৰুজনাৰ উপদেশ
বুজি পোৱা সহজ হ’ব পাৰে । (আগলৈ )
No comments:
Post a Comment