Sunday 17 November 2019

Discovering the Unity in Diversity-8 (বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-৮)


We told in the last post that the mind functions in subhuman bodies are not well developed . In semi inert bodies like tree and totally inert bodies like rock , the mind is also in inert state. Spiritual teaching carries no meaning for minds in these bodies . Guru Harideva told that  all types of religious activities and performances , all scriptures , all advises given by the Mahapurushas and Spiritual Gurus of all times are meant for control and purification of minds in human bodies only . Now what is the reason behind control and purification of human mind?  We know that five basic elements - space , air , water , fire and earth are the construction materials of the world . The same basic materials are also the constituents of all the bodies and minds . The life period of the world is billions of centuries according to our measure of time . During this unimaginably long time period , the constituent materials of the world never change . In spite of this , there are lots of changes in each and every field like religious , social , political ,geographical and so on in this world . The human minds created different religions , societies , systems of rules, rulings and rulers and so on . It also creates borders of different countries , states ,cities ,villages and all such diversities . Moreover there were changes in all these mental creations for innumerable number of times in the past . These are still changing and will continue to change. So many wars , revolutions , political-social unrests , peace processes were there in the past histories . These are still going on and will continue in future also . Mahapurush Sri Sri Harideva told that the root cause of all these diversities is human minds only . Unless we get control over this root cause purify it , it is not possible to move towards unity from these diversities . (to be continued )

আমাৰ ইয়াৰ পূৰ্বৰ লিখনীটোত কোৱা হৈছে যে মনুষ্যেতৰ প্ৰাণীৰ শৰীৰত মনৰ গঠন পূৰ্ণ বিকশিত নহয় গছৰ দৰে জড়প্ৰায় আৰু শিল পাথৰৰ দৰে জড় শৰীৰত মনো জড়প্ৰায় বা জড় অৱস্থাত থাকে এই বিলাকৰ বাবে পাৰমাৰ্থিক উন্নতি বিষয়ক শিক্ষাৰ কোনো অৰ্থ নাই সেই কাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে সকলো প্ৰকাৰৰ ধৰ্মীয় ৰীতি-  নীতি , আচাৰ-আচৰণ , সকলো কালৰ সকলো সময়ৰ মহাপুৰুষ তথা গুৰুসকলৰ উপদেশ সমুহ কেৱল মাত্ৰ মানৱ শৰীৰত থকা মনৰ নিয়ন্ত্ৰণ আৰু শুদ্ধিকৰণৰ বাবেহে প্ৰযোজ্য এতিয়া প্ৰশ্ন হয় মানৱ মনৰ নিয়ন্ত্ৰণ আৰু শুদ্ধিকৰণৰ প্ৰয়োজন কি ? আমি জানো যে জগত আকাশ , বায়ু , পানী , অগ্নি আৰু ভূমি – এই পাঁচটা উপাদানেৰে তৈয়াৰ কৰা হৈছে আমাৰ শৰীৰ আৰু মনৰ উপাদানো এয়ে জগতৰ আয়ুসকাল আমাৰ সময়ৰ জোখেৰে শ শ কৌটি বছৰ এই কল্পনাতীত ভাৱে দীঘলীয়া কালছোৱাত জগতৰ উপাদানৰ কোনো পৰিবৰ্ত্তন নহয় তথাপিও জগতৰ ধৰ্মীয় , সামাজিক , ৰাজনৈতিক , ভৌগোলিক ইত্যাদি সকলো বিষয়তে অভাৱনীয় হাৰত পৰিবৰ্ত্তন হৈ থাকে মানুহৰ মনে পৃথক পৃথক প্ৰকাৰৰ ধৰ্ম , সমাজ , শাসন ব্যৱস্থা , শাসক , নিয়ম ইত্যাদি সৃষ্টি কৰে বিভিন্ন দেশ , ৰাজ্য , চহৰ , গাওঁৰ ইত্যাদি সীমাৰ বিবিধতা সৃষ্টি কৰে আকৌ মনৰ এই সৃষ্টি সমুহত অতীতৰে পৰা অসংখ্য পৰিবৰ্ত্তন হৈ গৈছে , বৰ্ত্তমানো হৈ আছে আৰু ভৱিষ্যতেও হ অতীতৰ ইতিহাসত অনেক যুদ্ধবিগ্ৰহ , বিপ্লৱ , ৰাজনৈতিক উত্থান পতন , শান্তি প্ৰচেষ্টা ইত্যাদি অনেক ঘটনা ঘটি গৈছে , বৰ্ত্তমানো ঘটি আছে আৰু ভৱিষতেও থাকিব মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে এনেবোৰ অসংখ্য প্ৰকাৰৰ বিবিধতাৰ মূল কাৰণ হৈছে মানুহৰ মন  এই মূল কাৰণ নিয়ন্ত্ৰণ আৰু পৰিশুদ্ধ কৰিব নোৱাৰিলে বিবিধতাৰ পৰা একতাৰ পিনে অগ্ৰসৰ হোৱা সম্ভৱ নহয় ( আগলৈ )

No comments:

Post a Comment