Sunday, 17 November 2019

Discovering the Unity in Diversity-8 (বিবিধতাৰ মাজত একতাৰ অনুসন্ধান-৮)


We told in the last post that the mind functions in subhuman bodies are not well developed . In semi inert bodies like tree and totally inert bodies like rock , the mind is also in inert state. Spiritual teaching carries no meaning for minds in these bodies . Guru Harideva told that  all types of religious activities and performances , all scriptures , all advises given by the Mahapurushas and Spiritual Gurus of all times are meant for control and purification of minds in human bodies only . Now what is the reason behind control and purification of human mind?  We know that five basic elements - space , air , water , fire and earth are the construction materials of the world . The same basic materials are also the constituents of all the bodies and minds . The life period of the world is billions of centuries according to our measure of time . During this unimaginably long time period , the constituent materials of the world never change . In spite of this , there are lots of changes in each and every field like religious , social , political ,geographical and so on in this world . The human minds created different religions , societies , systems of rules, rulings and rulers and so on . It also creates borders of different countries , states ,cities ,villages and all such diversities . Moreover there were changes in all these mental creations for innumerable number of times in the past . These are still changing and will continue to change. So many wars , revolutions , political-social unrests , peace processes were there in the past histories . These are still going on and will continue in future also . Mahapurush Sri Sri Harideva told that the root cause of all these diversities is human minds only . Unless we get control over this root cause purify it , it is not possible to move towards unity from these diversities . (to be continued )

আমাৰ ইয়াৰ পূৰ্বৰ লিখনীটোত কোৱা হৈছে যে মনুষ্যেতৰ প্ৰাণীৰ শৰীৰত মনৰ গঠন পূৰ্ণ বিকশিত নহয় । গছৰ দৰে জড়প্ৰায় আৰু শিল পাথৰৰ দৰে জড় শৰীৰত মনো জড়প্ৰায় বা জড় অৱস্থাত থাকে । এই বিলাকৰ বাবে পাৰমাৰ্থিক উন্নতি বিষয়ক শিক্ষাৰ কোনো অৰ্থ নাই । সেই কাৰণে হৰিদেৱ গুৰুজনাই কৈছে যে সকলো প্ৰকাৰৰ ধৰ্মীয় ৰীতি-  নীতি , আচাৰ-আচৰণ , সকলো কালৰ সকলো সময়ৰ মহাপুৰুষ তথা গুৰুসকলৰ উপদেশ সমুহ কেৱল মাত্ৰ মানৱ শৰীৰত থকা মনৰ নিয়ন্ত্ৰণ আৰু শুদ্ধিকৰণৰ বাবেহে প্ৰযোজ্য । এতিয়া প্ৰশ্ন হয় মানৱ মনৰ নিয়ন্ত্ৰণ আৰু শুদ্ধিকৰণৰ প্ৰয়োজন কি ? আমি জানো যে জগত আকাশ , বায়ু , পানী , অগ্নি আৰু ভূমি – এই পাঁচটা উপাদানেৰে তৈয়াৰ কৰা হৈছে । আমাৰ শৰীৰ আৰু মনৰ উপাদানো এয়ে । জগতৰ আয়ুসকাল আমাৰ সময়ৰ জোখেৰে শ শ কৌটি বছৰ । এই কল্পনাতীত ভাৱে দীঘলীয়া কালছোৱাত জগতৰ উপাদানৰ কোনো পৰিবৰ্ত্তন নহয় । তথাপিও জগতৰ ধৰ্মীয় , সামাজিক , ৰাজনৈতিক , ভৌগোলিক ইত্যাদি সকলো বিষয়তে অভাৱনীয় হাৰত পৰিবৰ্ত্তন হৈ থাকে । মানুহৰ মনে পৃথক পৃথক প্ৰকাৰৰ ধৰ্ম , সমাজ , শাসন ব্যৱস্থা , শাসক , নিয়ম ইত্যাদি সৃষ্টি কৰে । বিভিন্ন দেশ , ৰাজ্য , চহৰ , গাওঁৰ ইত্যাদি সীমাৰ বিবিধতা সৃষ্টি কৰে । আকৌ মনৰ এই সৃষ্টি সমুহত অতীতৰে পৰা অসংখ্য পৰিবৰ্ত্তন হৈ গৈছে , বৰ্ত্তমানো হৈ আছে আৰু ভৱিষ্যতেও হ’ব । অতীতৰ ইতিহাসত অনেক যুদ্ধবিগ্ৰহ , বিপ্লৱ , ৰাজনৈতিক উত্থান পতন , শান্তি প্ৰচেষ্টা ইত্যাদি অনেক ঘটনা ঘটি গৈছে , বৰ্ত্তমানো ঘটি আছে আৰু ভৱিষতেও থাকিব । মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাই কৈছে যে এনেবোৰ অসংখ্য প্ৰকাৰৰ বিবিধতাৰ মূল কাৰণ হৈছে মানুহৰ মন ।  এই মূল কাৰণ নিয়ন্ত্ৰণ আৰু পৰিশুদ্ধ কৰিব নোৱাৰিলে বিবিধতাৰ পৰা একতাৰ পিনে অগ্ৰসৰ হোৱা সম্ভৱ নহয় । ( আগলৈ )

No comments:

Post a Comment