The
nature of relationship we maintain in our family was discussed in our
previous post of 27.11.19 . In Bhagavata
, the main text book for the teachings of Guru Haideva , this is explained in
an interesting way . To understand this analogy , we should keep in mind that during
the time of writing of the Bhagavata , there was no road communication as we have
now a days . People used to go from one place to another by walk , horse ride ,
bullock carts etc . The roads were
passing through jungles and areas without any habitants .
There were wild animals ,snakes etc in most
of such places . For long distance travel , safe night halt arrangement
was necessary at regular intervals . Now a days we are booking hotel rooms for
such night halts . During that time hotel service like modern days was not
there. The Kings of the country and other affluent people used to provide food
and night halt facilities to these
travelers . They used to construct guest houses at suitable places to provide these
services . Some people used to provide free
service as a religious duty for spiritual gains . Travelers coming from
different places on their way to different destinations ,used to stay in those guest
houses . All of them used to take food together in the dining hall there ,
talked to each other , make joy and celebrate together like members of one
family . As soon as their stay period was
over , all of them was separated from
each other and moved towards their own destinations . The matter ended there .
As there was no mobile phone or internet etc like now a days , there was very rare chance
of their communications and meeting again . Bhagavata told that in our family ,
the cordial relationship among the members is like that only . In our
journey from birth to death , we take
shelter in a family as a member of that family. When the purpose
of our stay will be over, we will move towards our own destination leaving
everything here ,like a traveler leaving the rest house. The matter ends there
and we may or may not meet again .(to be continued)
ইয়াৰ
আগৰ ২৭.১১.১৯ তাৰিখৰ লিখনীত আমাৰ পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্বন্ধ প্ৰকৃততে কেনে
ধৰণৰ তাক আলোচনা কৰা হৈছে । হৰিদেৱ গুৰুজনাৰ
ধৰ্মীয় শিক্ষাৰ মূল পাঠ্যপুথি হিচাপে ব্যৱহৃত ভাগৱত শাস্ত্ৰত এটা অতি সুন্দৰ উপমাৰ
দ্বাৰা এই কথাখিনি স্পষ্টভাৱে বুজাই দিয়া হৈছে ।
উপমাটো ভালকৈ বুজাৰ বাবে আমি মন কৰা উচিত যে ভাগৱতৰ ৰচনা কালত আজিকালিৰ দৰে পথ
যোগাযোগৰ উন্নত পথ আৰু যান বাহন নাছিল । মানুহে খোজ কাঢ়ি বা
ঘোঁৰা ,
গৰুগাড়ী আদিত উঠি এঠাইৰ পৰা আন ঠাইলৈ
গৈছিল । পথসমুহ হাবি অথবা জনশূন্য ঠাইৰ মাজেদি আছিল ।
সেইসমুহ স্থান বনৰীয়া হিংস্ৰ্ৰ জন্তু , বিষাক্ত সাঁপ আদিৰ বিচৰণ স্থলী
আছিল । দূৰ দূৰণিলৈ যাব ল’গা হ’লে ৰাতিৰ আশ্ৰয়ৰ বাবে নিৰাপদ স্থানৰ প্ৰয়োজন হৈছিল ।
আজিকাল এনে কাৰণত
আমি হোটেলৰ কোঠা লওঁ । সেই সময়ত এনে সুবিধা নাছিল ।
ৰজা বা কোনো ধনী ব্যক্তিয়ে এইসকল পথচাৰীৰ বাবে থকা আৰু খোৱাৰ ব্যৱস্থা কৰি দিছিল ।
তেওঁলোকে সুবিধাজনক নিৰাপদ স্থানত অতিথিশালা নিৰ্মাণ কৰি এনে সুবিধা আগ বঢ়াইছিল ।
কিছুমান লোকে পূণ্য
অৰ্জনৰ উদ্দেশ্যতো
এনে সেৱা বিনমূলীয়াকৈ আগ বঢ়াইছিল । বিভিন্ন স্থানৰ পৰা
নানা ঠাইলৈ আহযাহ কৰা লোকে একেটা পৰিয়লৰ দৰে অতিথিশালাত একেলগে আশ্ৰয় লৈছিল ,
একেটা ভোজন গৃহত একেলগে বহি খোৱা লোৱা কৰিছিল , সুখদুখৰ কথা
পাতিছিল আৰু অনুষ্ঠান আদি উপভোগ কৰিছিল ।
কিন্তু জিৰণীৰ সময়
শেষ হোৱাৰ লগে লগে প্ৰত্যেকে ইজনে সিজনক এৰি নিজৰ নিজৰ গন্তব্য স্থানলৈ ৰওনা হৈছিল
।
তেওঁলোকৰ সেই মিলন তাতে সমাপ্ত হৈছিল । এতিয়াৰ দৰে মোবাইল
ফোন বা ইন্টাৰনেট সুবিধা নথকা হেতুকে এৰাএৰি
হোৱাৰ পিচত তেওঁলোকৰ মাজত যোগাযোগ বা লগালগি হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য আছিল বুলি
ক’ব
পাৰি।ভাগৱতে কৈছে যে এটা পৰিয়ালৰ সদস্য সকলৰ মাজত যি এৰাব নোৱাৰা সম্পৰ্ক থকা বুলি
ভাৱো সিও প্ৰকৃতাৰ্থত এনেকুৱাহে ।
জন্মৰ
পৰা মৃত্যু পৰ্যন্ত কৰা যাত্ৰাত আমি কোনো এটা পৰিয়ালত এজন সদস্য হিচাপে আশ্ৰয় লাভ
কৰো । থকাৰ উদ্দেশ্য সমাপ্ত হোৱাৰ লগে লগে আমি অতিথি শালাৰ লোকৰ দৰে সকলোকে
এৰি নিজৰ গন্তব্য পথেৰে ৰাওনা হওঁ । ঘটনাৰ ইমানতে
সমাপ্তি ঘটে আৰু ভৱিষ্যতে পুনৰ লগালগি হোৱাৰ কোনো নিশ্চয়্তা নাথাকে ।
(আগলৈ)