The devotion or Bhakti is a very vast subject. There are so many
volumes of Vedic scriptures and post Vedic literature containing elaborate
explanations on this subject from all possible angles. Starting from the Vedic
ages till today so many sages, scholars, devotees, mahapurushas and
other people are explaining this subject. All of them try to explain Bhakti in
different ways in accordance with different capacity of understanding of the
people of different times, places, level of intelligence, social condition of
living etc. Out of those Bhagavata
is said to be the simplest explanation of devotion or Bhakati. From the gist of
all those explanations we can understand that selfless and uninterrupted flow of
love and affection of one’s mind towards
God is called Bhakti. In Bhakti the thoughts of mind from devotee to God should flow continuously as like as flow of
oil that is poured from one pot to another . Bhagavata tells that immediately
after hearing the name of God if one’s total thoughts of mind flow towards God as
like as flow of river water towards the sea then that is called Bhakti or
devotion . To make the things clear in the mind of common ignorant people like
us Guru Harideva explains the meaning of Bhakti as follows. In our day to day life we do
different types of works. Out of those we do not do all works happily with feelings
of pleasure in mind. Sometimes we become bound to do some works in spite of our
mental displeasure to do so. It is the nature of human being to repeatedly do
the works that bring pleasure in mind. The sravana ,kirtana , archana, vandana
etc are works performed by us with our
body mind complex. Common ignorant people perform those activities in day to
day life with expectation of fulfillment of some material desires. If their
desires are fulfilled in that way then they happily perform those spiritual
activities. Otherwise they do not like to do those activities spontaneously and
happily. Guru Harideva tells that sravana , kirtana or other spiritual
activities performed by people with such
set up of mind cannot be called Bhakti
or devotion . On the other hand some people perform those activities
spontaneously and happily due to attraction of love and affection towards God.
Also they do so under all situations of life without expectation of anything in
return . Under such condition only sravana, kirtana etc can be considered as Bhakti or devotion according to Guru Harideva
. (to be continued)
ভক্তি বুলি ক’লে এক অতি বিশাল আৰু গভীৰ বিষয়-বস্তুক সামৰি লোৱা হয়্।বিশালসংখ্যক বৈদিক শাস্ত্ৰ আৰু তাৰ পৰবৰ্ত্তী পৰ্যায়ৰ অসংখ্য বৈদিক সাহিত্যত ভক্তি সম্পৰ্কে সম্ভৱপৰ সকলো দিশৰ পৰা অতি বিস্তাৰিতভাৱে ব্যাখ্যা কৰা হৈছে।বৈদিক কালৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে বিভিন্ন ঋষি-মুনি , পণ্ডিত ব্যক্তি, ভক্ত , মহাপুৰুষকে ধৰি অনেক লোকে অনেক ধৰণে এই বিষয়ে আলোচনা বিলোচনা কৰিয়ে আছে । এই সকলৰ সকলোৱে বিভিন্ন স্থান আৰু কালৰ বিভিন্ন বুদ্ধিবৃত্তিৰ আৰু বিভিন্ন সামাজিক পৰিবেশত বাস কৰা লোকক তেওঁলোকৰ নিজৰ নিজৰ বুজাৰ ক্ষমতা অনুসৰি বিষয়টো বুজাই দিয়াৰ চেষ্টা কৰি আহিছে। এইবিলাকৰ ভিতৰত ভাগৱত শাস্ত্ৰত ভক্তি সম্পৰ্কে সহজতম ব্যাখ্যা আগবঢ়োৱা হৈছে বুলি কোৱা হৈছে । ভক্তি সম্পৰ্কে কৰা সমস্ত প্ৰকাৰৰ ব্যাখ্যাৰ সাৰাংশ গ্ৰহণ কৰিলে দেখা যায় যে ঈশ্বৰৰ প্ৰতি মানুহৰ মনৰ নিস্বাৰ্থ প্ৰেম আৰু সেৱাৰ মনোভাৱৰ নিৰন্তৰ প্ৰবাহকে ভক্তি বুলি কোৱা হয় । এটা পাত্ৰত থকা তেল অন্য এটা পাত্ৰত ঢালি দিলে সেই তেল অবিচ্ছিন্ন ধাৰত প্ৰবাহিত হয়্। একেদৰে ভক্তিভাৱৰ দ্বাৰা ভক্তই নিৰবচ্ছিন্নভাৱে ঈশ্বৰৰ কথা চিন্তা কৰে আৰু ঈশ্বৰৰ সেৱাত ব্ৰতী হয় । ভাগৱতত কোৱা হৈছে যে নদীৰ পানী সাগৰ অভিমুখে তীব্ৰ বেগত বৈ থকাৰ নিচিনাকৈ মানুহৰ মন ঈশ্বৰৰ পিনে অবিৰতভাৱে ধাবিত হোৱাকে ভক্তি বুলি কোৱা হয় । হৰিদেৱ গুৰুজনাই আমাৰ দৰে সাধাৰণ লোকক বুজাবৰ বাবে তলত দিয়া ধৰণে ভক্তিৰ অৰ্থ সহজ সৰল ভাৱে ব্যাখ্যা কৰিছে । দৈনন্দিন জীৱনত আমি বিভিন্ন প্ৰকাৰৰ অনেক কাম কৰো । ইয়াৰ প্ৰত্যেকটো কাম আনন্দমনে কৰা নহয় । কেতিয়াবা অনিচ্ছা স্বত্বেও নিজৰ মনত আনন্দ নোপোৱা কাম কৰিবলৈ আমি বাধ্য হওঁ।কৰি আনন্দ পোৱা কাম বাৰে বাৰে আৰু আগ্ৰহ সহকাৰে কৰি থকাটো মানুহৰ স্বভাৱ । শ্ৰৱণ ,কীৰ্ত্তন ,অৰ্চন ,বন্দন ইত্যাদিও শৰীৰ আৰু মনৰ দ্বাৰা কৰা কৰ্ম ।দৈনন্দিন জীৱনত আমাৰ দৰে সাধাৰণ অজ্ঞানী ব্যক্তিয়ে নিজৰ মনৰ কামনা বাসনা পূৰণ হোৱাৰ আশাত এই বিলাক কৰ্ম কৰি থাকে ।আশা পূৰণ হ’লে তেওঁলোকে আগ্ৰহ সহকাৰে আৰু আনন্দ মনে এইবিলাক পাৰমাৰ্থিক কৰ্ম কৰি থাকে অন্যথা তেওঁলোকে এই কাম কৰি আনন্দ নাপায়।হৰিদেৱ গুৰুজনাই কৈছে যে শ্ৰৱণ-কীৰ্ত্তনাদিকে ধৰি অন্যান্য পাৰমাৰ্থিক কৰ্ম ওপৰোক্ত মনোভাৱেৰে কৰিলে তাক ভক্তি বুলি গণ্য কৰিব নোৱাৰি ।আনহাতে কিছুমান লোকে ঈশ্বৰৰ প্ৰতি নিস্বাৰ্থ প্ৰেমৰ আকৰ্ষণবশতঃ সেৱাৰ মনোভাৱ লৈ আগ্ৰহ সহকাৰে আৰু আনন্দ মনে শ্ৰৱণ-কীৰ্ত্তনাদি পাৰমাৰ্থিক কৰ্ম অহৰহ কৰি থাকে। তেওঁলোকে জীৱনৰ সকলো পৰিস্থিতিতে এইবিলাক কৰি আনন্দ পায়। হৰিদেৱ গুৰুজনাই ইয়াকে প্ৰকৃত ভক্তি বুলি কৈছে ।(আগলৈ)
No comments:
Post a Comment