We can not know anything or can not do anything if our mind is
not connected with the subject to be known or the work to be done. So, without
connecting our mind with God it is not possible to know God and make spiritual
practice for attainment of perfection of human life. In Bhagavata nine ways for
connecting one’s mind with God are mentioned. Based on the teachings of
Bhagavata Guru Harideva further explains those nine ways to make the things
clear for common people like us .In the preceding posts we have discussed some
preliminary ideas about those
explanations made by Guru Harideva. Now, there is difference between knowing
God and knowing other subjects of material nature. Attainment of spiritual
perfection is not like attainment of some academic
degree after studying in a college or university. An academic degree can be
obtained by connecting mind in a subject of material nature and subsequent
application of our intelligence. In this process the consciousness of our body
acts as driving force behind the mind and intelligence. We know that without electricity the electrical appliances can not
work. Similarly, without consciousness mind and intelligence can not
work or we can not know anything of this world if consciousness does not make
our mind and intelligence active. From this point of view it is said that there
is no difference between consciousness and pure knowledge.Scriptures tell that
the God remains in our body as our consciousness or soul.So knowing God means
knowing consciousness or knowledge. We know that fire can burn wood but it can
not burn fire. Water can make other things wet but it can not make water wet.
Similarly we can gain knowledge of other things but we can not gain knowledge
of knowledge. That is, by connecting mind and subsequent application of the
power of intelligence we can not know consciousness or God. Analyzing the thing
in this way the scriptures tell that unless God reveals himself nobody can know
him. In this context Guru Harideva tells that God does not reveal himself
unless one prepares himself for such revelation and devotion or Bhakti is the
easiest way to prepare oneself for that. (to be continued)
জানিব লগীয়া বিষয়-বস্তু আৰু কৰিব লগীয়া কামৰ সৈতে মন সংযুক্ত নহ্’লে আমি একো কথা জানিব নোৱাৰো আৰু একো কাম কৰিব নোৱাৰো।সেয়েহে মন সংযোগ নকৰাকৈ ঈশ্বৰৰ বিষয়ে জনা আৰু পাৰমাৰ্থিক সাধনা কৰি মানৱ জীৱনৰ লক্ষ্যত উপনীত হোৱাও সম্ভৱ নহয়। ভাগৱতত ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰাৰ বাবে নটি উপায় উল্লেখ কৰা হৈছে।আমাৰ দৰে সাধাৰণ লোকে সহজে বুজিব পৰাকৈ হৰিদেৱ গুৰুজনাই এই নটি উপায়ৰ বিষয়ে সৰলভাৱে ব্যাখ্যা কৰিছে ।আগৰ লিখনিত হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰজ্ঞানৰ আধাৰত কৰা ব্যাখ্যা সম্পৰ্কে আভাস দিয়াৰ চেষ্টা কৰা হৈছে। গুৰুজনাই কৈছে যে মনৰ সংযোগ সাধন কৰি বুদ্ধিৰ সহায়ত জাগতিক বিষয়বস্তু সম্পৰ্কে জ্ঞান আহৰণ কৰা আৰু ঈশ্বৰক জনাৰ মাজত প্ৰভেদ আছে।ঈশ্বৰক জানি পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰাটো মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়ি ডিগ্ৰী আহৰণ কৰাৰ দৰে কথা নহয় । কোনো জাগতিক বিষয়ত মনৰ সংযোগ সাধন কৰাৰ পিছত বুদ্ধিৰ ক্ষমতা প্ৰ্য়োগ কৰি সেই বিষয়ৰ শিক্ষাগত অৰ্হতা অৰ্জন কৰা হয় ।এই প্ৰক্ৰিয়াত শৰীৰৰ চৈতন্যই মন আৰু বুদ্ধিক সক্ৰিয় কৰি ৰাখে । বিদ্যুৎ নাথাকিলে বৈদ্যুতিক যন্ত্ৰ নচলাৰ দৰে চৈতন্য অবিহনে মন আৰু বুদ্ধিয়ে একো কাম কৰিব নোৱাৰে অথবা চৈতন্যই মন আৰু বুদ্ধিক কাৰ্যক্ষম নকৰিলে আমি একো কথা জনা সম্ভৱ নহয় ।এইফালৰ পৰা বিচাৰ কৰি শাস্ত্ৰত চৈতন্য আৰু বিশুদ্ধ জ্ঞানৰ মাজত একো প্ৰভেদ নাই বুলি কোৱা হৈছে। গতিকে ঈশ্বৰক জনা মানে চৈতন্য বা জ্ঞানক জনা।আমি জানো যে জুয়ে কাঠ পুৰিব পাৰে কিন্তু ই জুইক পুৰিব নোৱাৰে। পানীয়ে অন্য বস্তু তিয়াব পাৰে কিন্তু নিজক তিয়াব নোৱাৰে । একেদৰে আমি অন্য বস্তুৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰো কিন্তু জ্ঞানৰ জ্ঞান লাভ কৰা সম্ভৱ নহয়। অৰ্থাৎ মনৰ সংযোগ সাধন কৰাৰ পিছত বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি চৈতন্য বা ঈশ্বৰক জানিব নোৱাৰি । কথাবিলাক এনেদৰে বিশ্লেষণ কৰি শাস্ত্ৰত কোৱা হৈছে যে ঈশ্বৰক জনাৰ বাবে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰা প্ৰয়োজন । ঈশ্বৰে অনুগ্ৰহ কৰি যাৰ হৃদয়ত নিজকে প্ৰকাশ কৰে তেওঁহে ঈশ্বৰক জানিব পাৰে।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰাৰ বাবে নিজকে অনুগ্ৰহৰ পাত্ৰ হিচাপে গঢ় দিয়াৰ প্ৰয়োজন আৰু ভক্তিভাৱ নিজকে ঈশ্বৰৰ অনুগ্ৰহৰ পাত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে সহজতম উপায়। (আগলৈ)
No comments:
Post a Comment