In continuation of the preceding
post it can be further said is here that the physical structure of the Satra
Institution as originally planned by Guru Harideva constitutes one temple dedicated
to Lord Vishnu. Deities of Lord Vishnu or any other form of Vishnu like Salagrama, Narayana,Krishna etc should be
established there . The worship of this deity and some other works related to
the Vedic religious functions of the temple are to be performed by Brahmin priest. Attached to the
temple there should be a community prayer
hall. Guru Harideva considered Bhagavata as literary incarnation of Lord
Krishna . In one part of the prayer hall
the book of Bhagavata is to be established as a deity of worship. The contents
of Bhagavata is to be explained three times daily during morning , noon and
evening . For this work service of
Brahmin priest is not essential . The person who chants and explain Bhagavat in
the Satra Institution may be of any cast but he must be a true devotee of Lord
Krishna. At the initial stage, immediately after establishment of his first Satra
Institution at Bhahari, Guru Harideva
himself performed this duty. With the passage of time when other people were
trained up and became eligible for this job he handed over this job to them.
Some people became interested to regularly participate in this recitation
program of Bhagavata. The occasional visitors were also allowed to participate
in this program. They were allowed to discuss the things with knowledgeable
persons available in the Satra. In this way they got sufficient scope to know Lord Krishna, to learn the ways of devotion etc and got sufficient scope to clear their doubts regarding spiritual life. In addition Guru Harideva implemented
some other educational programs for the benefit of common people through his Satra
Institution. (to be continued)
ইয়াৰ আগৰ লিখনিটোৰ আঁত ধৰি পুনৰ কোৱা উচিত যে হৰিদেৱ গুৰুজনাই নিজে কৰা পৰিকল্পনা অনুসৰি সত্ৰত একোটা বিষ্ণু মন্দিৰ নিৰ্মাণ কৰা হৈছিল। সেই মন্দিৰত ভগৱান বিষ্ণু অথবা বিষ্ণুৰ নৰায়ণ, কৃষ্ণ, জনাৰ্দন আদি নাম-ৰূপৰ উপাস্য বিগ্ৰহ প্ৰতিষ্ঠা কৰা হৈছিল । বিগ্ৰহৰ সৈতে শালগ্ৰাম শিলাও ৰখাৰ নিয়্ম আছিল । বিগ্ৰহৰ পূজা-অৰ্চনা অন্যান্য মন্দিৰৰ দৰে ব্ৰাহ্মণ পুৰোহিতৰ দ্বাৰা কৰা হৈছিল ।লগতে সত্ৰত অনুষ্ঠিত অন্যান্য কিছুমান বৈদিক কৰ্মৰ দায়িত্বও ব্ৰাহ্মণ পুৰোহিতৰ ওপৰত ন্যস্ত কৰা হৈছিল। মন্দিৰৰ সৈতে সংলগ্ন কৰি শ্ৰৱণ্-কীৰ্ত্তন আদি কাৰ্যৰ বাবে বৃহত আকাৰৰ উপাসনা গৃহ নিৰ্মাণ কৰা হৈছিল। হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰক ভগৱান কৃষ্ণৰ আক্ষৰিক ৰূপ হিচাপে মান্যতা দিছিল ।এই উপাসনা গৃহত এটা অংশত ভাগৱত শাস্ত্ৰকো উপাস্য বিগ্ৰহ হিচাপে ৰখা হৈছিল । নিতৌ পুৱা , দুপৰীয়া আৰু গধুলি তিনিবাৰ ভাগৱত শাস্ত্ৰ পাঠ আৰু ব্যাখ্যা কৰাৰ ব্যৱস্থা কৰা হৈছিল । এই কামৰ বাবে ব্ৰাহ্মণৰ বাদেও অন্য জাতিৰ লোককো উপযুক্ত বুলি ধৰা হৈছিল। কিন্তু সত্ৰত ভাগৱত শাস্ত্ৰৰ পাঠ আৰু ব্যাখ্যা কৰা ব্যক্তিজন ভগৱান কৃষ্ণৰ ভক্ত হোৱাটো অতি প্ৰয়োজনীয় অৰ্হতা বুলি ধৰা হৈছিল । বহৰিত প্ৰথমখন সত্ৰ স্থাপন কৰাৰ পিছতে আৰম্ভণী পৰ্যায়ত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা কাম হৰিদেৱ গুৰুজনাই নিজে কৰিছিল । প্ৰশিক্ষণ দি উপযুক্ত ব্যক্তি সৃষ্টি কৰাৰ পিছত এই কামৰ দায়িত্ব তেওঁলোকক দিয়া হৈছিল।এছাম লোক এই অনুষ্ঠানত যোগ দিয়াৰ বাবে নিতৌ সত্ৰলৈ আহিছিল। বিগ্ৰহ দৰ্শন আৰু পূজাসেৱা কৰাৰ বাবে সত্ৰলৈ অহা সাধাৰণ লোকেও এই অনুষ্ঠানত যোগ দিয়াত বাধা নাছিল্।তেওঁলোকক পাৰমাৰ্থিক বিষয়বস্তু সম্পৰ্কে সত্ৰত উপস্থিত থকা বিজ্ঞলোকৰ সৈতে আলোচনা-বিলোচনা কৰাৰ আৰু দিহা-পৰামৰ্শ লোৱাৰ সুবিধা দিয়া হৈছিল।এনেদৰে সত্ৰলৈ অহা অতি সাধাৰণ লোকেও ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্ত্তনৰ মাধ্যমত ভগৱান কৃষ্ণৰ বিষয়ে জনাৰ উপৰিও ভক্তি পথৰ উপাসনা পদ্ধতি শিকাৰ আৰু পাৰমাৰ্থিক জীৱন সম্পৰ্কে মনৰ সমস্ত সন্দেহ দূৰ কৰাৰ সুযোগ লাভ কৰিছিল্।ইয়াৰ উপৰিও হৰিদেৱ গুৰুজনাই সত্ৰৰ মাধ্যমত সাধাৰণ জনতাৰ উপকাৰৰ অৰ্থে অন্যান্য অনেক প্ৰকাৰৰ শিক্ষামূলক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। (আগলৈ)
No comments:
Post a Comment