In Bhagavata it is told that when a person offers everything of
him including his body to God by way of “Atmanivedana” then he gets special
favor from God. From this it becomes clear that “Atmanivedana” is the way of getting
special favour from God.It is also said that after “Atmanivedana” a person does
not take care of his body. Now, a question may arise in the mind of common
people like us. Our body needs food, drink and maintenances of various types.
Excretion of urine, stool etc and inhalation-exhalation etc are various essential
functions of the body. Without performance of those actions our body can not
survive. After offering of the body to God as above those functions can not
stop. Under such condition how one can forget his body after “Atmanivedana”? Clearing
such doubts Bhagavata tells that full attention of the mind of such person
remains always fixed on God. He does not notice any activities performed by his
body. He knows that the body is a part of the nature and bodily functions like
sitting, standing, walking, sleeping, eating, urinating etc are the works
performed by the body automatically in accordance with its own nature. He does
not attach himself with the pain and pleasure generated by the actions
performed by his body. He considers himself to be an instrument in the hands of
God. Bhagavata tells that a person whose
mind remains fully absorbed in God abandons everything related to his body. He
renounces the material happiness of this life. He does not perform religious
duties prescribed for attainment of material happiness in the next life. Such
people are fully sustained by Lord
Krishna personally.In the Bhagavdgita also it is mentioned that God takes
complete care of those persons.Based on Bhagavata and Bhagavadgita Guru Harideva tells that “Atmanivedana” can be considered as the surest
way to attain the best in material life as well as spiritual life. But it is
most difficult way of spiritual practice for the common people. In this context
Guru Harideva further tells that to understand the true meaning of “Atmanivedana”
one should take example of emperor Bali. Emperor Bali donated everything
including his body to God and thus glorified himself for all times. The details
of the life and activities of this famous emperor is available in the
Bhagavata. (to be contd.)
ভাগৱতত কোৱা হৈছে যে আত্মনিবেদনকাৰী ব্যক্তি অৰ্থাৎ নিজৰ অধিকাৰত থকা সৰ্বস্ব আনকি নিজৰ শৰীৰ মনকো ভগৱানৰ চৰণত পূৰ্ণৰূপে সমৰ্পণ কৰা ব্যক্তিয়ে ঈশ্বৰৰ বিশেষ অনুগ্ৰহ লাভ কৰে। ইয়াৰ পৰা বুজা যায় যে নিষ্কপট ভাৱে ঈশ্বৰৰ ওচৰত আত্মনিবেদন কৰাটো ভগৱানৰ দয়া লাভ কৰাৰ উপায় । ভাগৱতত আকৌ কোৱা হৈছে যে অত্মনিবেদনকাৰী ব্যক্তিয়ে নিজৰ শৰীৰৰ প্ৰতিও সম্পূৰ্ণৰূপে উদাসীন হৈ থাকে।ইয়াতে আমাৰ দৰে সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন উদয় হ’ব পাৰে।আমাৰ শৰীৰক খাদ্য ,পানীয় লাগে আৰু লগতে অন্য অনেক প্ৰকাৰে প্ৰতিপালন কৰাৰ প্ৰয়োজন হয়।মল-মুত্ৰ ত্যাগ , শ্বাস-প্ৰশ্বাস ইত্যাদি শৰীৰৰ নিত্য প্ৰয়োজনীয় কাম আৰু এইবিলাক কাম নকৰাকৈ শৰীৰ বৰ্ত্তি থাকিব নোৱাৰে।ঈশ্বৰৰ ওচৰত শৰীৰ সমৰ্পণ কৰিলেও এইবিলাক কৰ্ম বন্ধ হ’ব নোৱাৰে। তেনে স্থলত শৰীৰ ভগৱানক অৰ্পণ কৰাৰ পিছত আত্মসৰ্পণকাৰী ব্যক্তিয়ে নিজৰ শৰীৰৰ কথা কিদৰে পাহৰি থাকিব পাৰে? এনে প্ৰশ্নৰ উত্তৰ দি ভাগৱতত কোৱা হৈছে যে শৰীৰ-মন ঈশ্বৰক সমৰ্পণ কৰা ব্যক্তিৰ সম্পূৰ্ণ মনযোগ ঈশ্বৰৰ ওপৰত সদায় স্থিৰ হৈ থাকে।সেই কাৰণে শৰীৰে কৰা সকলো কামৰ প্ৰতি তেওঁ সম্পূৰ্ণ উদাসীন হৈ থাকিব পাৰে।তেনে ব্যক্তিয়ে জানে যে শৰীৰ প্ৰকৃতিৰ অংশ আৰু থিয় হোৱা ,বহা ,শোৱা , খোজ কঢ়া , শ্বাস-প্ৰশ্বাস কাৰ্য, মল-মূত্ৰ ত্যাগ ইত্যাদি শৰীৰৰ কৰ্মসমুহ প্ৰকৃতিৰ নিয়ম মতে নিজে নিজে সংঘটিত হয়। প্ৰাকৃতিক নিয়ম অনুসৰি শৰীৰে কৰা কৰ্মৰ পৰা উৎপন্ন হোৱা সুখ দুখৰ সৈতে তেওঁ নিজকে জড়িত নকৰে ।তেনে ব্যক্তিয়ে নিজকে ঈশ্বৰৰ হাতৰ যন্ত্ৰৰ দৰে আচৰণ কৰে । ভাগৱতত কোৱা হৈছে যে যি ব্যক্তিৰ মন সদা সৰ্বদা ঈশ্বৰ ভাৱনাত ব্যস্ত থাকে তেওঁ এই জীৱনৰ সুখ সম্ভোগৰ প্ৰতি সম্পূৰ্ণ উদাসীন হয়।তেনে ব্যক্তিয়ে পিছৰ জন্মত সুখ লাভ কৰাৰ আশাত কোনো ধৰ্মীয় কাম কৰাৰ পৰাও বিৰত থাকে। এইসকল ব্যক্তিৰ ইহজীৱন আৰু পৰজন্মৰ সমস্ত দায়-দায়িত্ব ঈশ্বৰে নিজে বহন কৰে । ভগৱদ্গীতাতো সেই একে কথা কোৱা হৈছে। গীতা-ভাগৱতৰ জ্ঞানৰ আধাৰত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মনিবেদনৰ পথ বৈষয়িক আৰু পাৰমাৰ্থিক উভয় দিশৰ পৰাই সৰ্বোচ্চ প্ৰাপ্তিৰ নিশ্চিত পথ।কিন্তু সাধাৰণ মানুহৰ বাবে এই পথ অতি কঠিন ।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে আত্মনিবেদনৰ শুদ্ধ অৰ্থ বুজাৰ বাবে মহাৰাজ বলিৰ উদাহৰণ চাব লাগে । মহাৰাজ বলিয়ে নিজৰ শৰীৰকে ধৰি যথাসৰ্বস্ব ঈশ্বৰক দান দি সৰ্বকালৰ বাবে নিজকে মহিমামণ্ডিত কৰি গৈছে। ভাগৱতত মহাযশস্বী মহাৰাজ বলিৰ জীৱন কাহিনী আৰু কাৰ্যাৱলী বিতংভাৱে বৰ্ণনা কৰা হৈছে ।(আগলৈ)
No comments:
Post a Comment