Bhagavata suggests nine ways or paths for offering of one’s
devotion to Lord Krishna – the super soul or God Almighty. In this context Guru
Harideva suggests that people can follow any one of those nine ways and perform
spiritual practice accordingly. He tells that by sincere practice through any
one of the nine ways suggested in the Bhagavata one can attain spiritual
perfection. To make the things clear Guru Harideva cites examples of
Parikshita, Narada, Prahlada, Ambarisha, Indradumnya, Akrura, Shrutadeva, Arjuna
and Bali . He tells that those were great devotees of God and they attained
spiritual perfection through shravana ,kirtana, smarana, padasevana, archana, vandana
, dasya , sakhya and atmanivedana respectively. However he puts more emphasis
on sravana and kirtana and tells that these two ways are much easier and simpler than the other ways of
devotion. Common ignorant people can also make spiritual practice through shravana
and kirtana. We know that human beings can gain knowledge by seeing, hearing, tasting,
touching and smelling. By hearing the descriptions of certain subject we can
gain knowledge of that subject . Also , if we discuss the same knowledge with
others the things become clearer to us. Similarly, by hearing or shravan of the
descriptions contained in the Vedic Scriptures we can gain knowledge of God and
then by Kirtana or discussion of the same with other like minded people the
knowledge gained by shravana becomes clearer. In this context Guru Harideva
tells that by shravan or hearing of Bhagavata we can get total information
about Lord Krishna and by Kirtana or discussion of the same with others the things
become clearer to us. It is also told that the Krishnakatha or whatever is told
in Bhagavata about Lord Krishna contains inherent purifying power. By regular
and sincere practice of shravana and kirtana of Bhagavata with devotion the body ,mind and senses of the devotees become
gradually purified. It is said that Lord Krishna reveals himself in the pure
heart of such devotees and in this way a
sincere devotee attains spiritual perfection. (to be continued)
ভাগৱতত ভগৱান কৃষ্ণৰ বা পৰমাত্মা বা পৰমেশ্বৰৰ প্ৰতি ভক্তি নিবেদন
কৰাৰ বাবে নটি উপায়ৰ কথা উল্লেখ কৰা আছে বুলি আগতে কৈ অহা হৈছে। এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে এই নটি
উপায়ৰ ভিতৰত যিকোনো এটা উপায় বাছি লৈ সেই অনুসৰি ভক্তিপথৰ সাধনা কৰিব পাৰি। নিষ্ঠা সহকাৰে ভাগৱতত উল্লেখ কৰা যিকোনো এটা
উপায়েৰে সাধনা কৰি পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰিব পাৰি।কথাখিনি স্পষ্ট কৰাৰ বাবে
হৰিদেৱ গুৰুজনাই পৰীক্ষিত, নাৰদ, প্ৰহ্লাদ,
অম্বৰীশ ,ইন্দ্ৰদ্যুম্ন
, অক্ৰুৰ, শ্ৰুতদেৱ , অৰ্জুন আৰু বলিৰ উদাহৰণ দিছে ।
তেওঁ কৈছে যে এইসকল ভগৱানৰ পৰম ভক্ত আৰু তেওঁলোকে ক্ৰমান্বয়ে শ্ৰৱণ , কীৰ্ত্তন , স্মৰণ, পদসেৱন, অৰ্চন, বন্দন,দাস্য , সখ্য আৰু আত্মনিবেদনৰ দ্বাৰা ভক্তি নিবেদন কৰি পাৰমাৰ্থিক পূৰ্ণতা লাভ
কৰিছিল্। অৱশ্যে গুৰুজনাই শ্ৰৱণ আৰু কীৰ্ত্তনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি
কৈছে যে অন্যকেইটা পথতকৈ এই দুই পথ অধিক সহজ সৰল। সাধাৰণ অজ্ঞানী ব্যক্তিয়েও শ্ৰ্ৱণ কীৰ্ত্তনৰ
জৰিয়তে পাৰমাৰ্থিক সাধনা কৰিব পাৰে । আমি
জানো যে মানুহে দেখি ,শুনি , সোৱাদ লৈ ,
স্পৰ্শ কৰি আৰু গোন্ধ লৈ জ্ঞান অৰ্জন কৰে । কোনো
এটা বিষয়ৰ বৰ্ণনা শুনাৰ পিছত সেই বিষয়ৰ জ্ঞান লাভ হয় । এনেদৰে জ্ঞান লাভ কৰাৰ পিছত সেই বিষয়ৰ কীৰ্ত্তন
অৰ্থাৎ চিন্তা চৰ্চা তথা অন্য সমভাৱাপন্ন ব্যক্তিৰ সৈতে কথাবিলক আলোচনা কৰিলে বিষয়বস্তুৰ
জ্ঞান অধিক স্পষ্ট হয়।একেদৰে বৈদিক শাস্ত্ৰত বৰ্ণনা কৰা
কথাবিলাক শ্ৰৱণ কৰিলে ঈশ্বৰৰ বিষয়ে জানিব পাৰি আৰু কীৰ্ত্তন অৰ্থাৎ আলোচনা-বিলোচনা
কৰিলে কথাবিলাক স্পষ্টভাৱে বুজা যায়।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ভাগৱত
শাস্ত্ৰ শ্ৰৱণ কৰিলে ভগৱান কৃষ্ণৰ বিষয়ে সম্পূৰ্ণ তথ্য বিতংভাৱে জানিব পাৰি আৰু
কীৰ্ত্তন কৰিলে কথাবিলাক স্পষ্টভাৱে বুজিব পাৰি।
লগতে এই কথাও কোৱা হৈছে যে কৃষ্ণকথা অৰ্থাৎ
ভাগৱতত ভগৱান কৃষ্ণৰ বিষয়ে কোৱা কথাত বিশুদ্ধিকৰণ শক্তি অন্তৰ্নিহিত হৈ আছে।
নিষ্ঠা সহকাৰে আৰু ভক্তিযুক্ত হৈ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্ত্তন কৰিলে ভক্তৰ শৰীৰ, মন আৰু ইন্দ্ৰিয় বিশুদ্ধ হয়।
তেনে ভক্তৰ পবিত্ৰ হৃদয়ত
ভগৱান কৃষ্ণৰ আত্মপ্ৰকাশ ঘটে অৰ্থাৎ তেনে ভক্তই পাৰমাৰ্থিক পূৰ্ণতা লাভ কৰে।(আগলৈ)
No comments:
Post a Comment