Guru Harideva established his first Satra Institution at Bahari,
in the Barpeta district of Assam in 1453CE. There are many famous temples and
other places of worship available in Assam since ancient times and some of them
are still available here. The famous Shakti temple of Goddess Kamakshya is one of such temples. Many temples
dedicated to Lord Vishnu are also there since ancient times. In some of our earlier
posts we mentioned that the forefathers of Guru Harideva were worshipers of
Lord Vishnu. From Kanouja one of his forefathers came to Assam in 7th
century CE and got established in Ashwaklanta temple of Assam. This is a famous
Vishnu temple bearing memories of Lord Krishna’s visit to that place. In addition to the temples of Assam ,Guru
Harideva visited almost all famous temples and shrines of North India. He
stayed at Kashi for four years. During that time he frequently visited all
temples of Kashi and nearby places. He stayed attached with the Jagannath temple of Puri as reciter and speaker of Bhagavata for continuous five
years. Thus he had vast experiences regarding rules, regulations, working
procedures and services rendered by the temples for spiritual development of
common people of the society. He noticed that the priests are the main controller
of the overall religious system of the temples.The common people occasionally come
to temples to see or to have “darshana” of the deities with offerings in cash and kinds in hand.
They stand in front of the deity as per arrangements made by the temple authorities or priests . Then
they hand over their offerings to the priest and the priest offers the same to
the deity on behalf of the worshiper as per rules and regulation of the temples.
Then the visitor offer his prayer of his own or as directed by the priest. Then
after offering some remuneration or dakshina to the priest in lieu of the
service rendered by him the visitors come back home with some “prasada” or remnants of the things
offered to the deity of the temple. This is the general practice followed by common people in almost all temples. Guru
Harideva was not satisfied with such casual approach made by common people and
so he established Satra Institution to give them better scope in this regard .
(to be continued)
হৰিদেৱ গুৰুজনাই ইং ১৪৫৩ চনত বৰপেটা
জিলাৰ বহৰিত প্ৰথমখন সত্ৰ স্থাপন কৰিছিল।অতীত কালৰে পৰা অসমত বহুতো প্ৰাচীন
বিখ্যাত মন্দিৰ আছিল আৰু তাৰে কিছুমান এতিয়াও আছে ।
ইয়াৰ এক উদাহৰণ হৈছে সুবিখ্যাত শক্তি উপাসনাৰ স্থান কামাক্ষা মন্দিৰ।প্ৰাচীন কালৰে পৰা ভগৱান বিষ্ণুৰ
উপাসনাৰ বাবে নিৰ্মিত অনেক প্ৰাচীন মন্দিৰো ইয়াত আছে।
আগৰ লিখনিত কৈ অহা হৈছে যে হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকল ভগৱান বিষ্ণুৰ উপাসক
আছিল । সেইসকলৰ এজনে খৃষ্টীয় সপ্তম শতিকাত অসমলৈ
আহি অশ্বক্লান্ত মন্দিৰত থিতাপি লৈছিল । ভগৱান
শ্ৰীকৃষ্ণৰ অসম আগমনৰ স্মৃতি বহন কৰা ই এক অতি প্ৰাচীন বিষ্ণু মন্দিৰ।
অসমৰ মন্দিৰৰ উপৰিও হৰিদেৱ গুৰুজনাই সমগ্ৰ উত্তৰ ভাৰতৰ অনেক মঠ মন্দিৰ আৰু উপাসনাৰ
স্থান ভ্ৰমণ কৰিছিল ।তেওঁ
কাশীত চাৰিবছৰ কাল আছিল আৰু সেই সমছোৱাত কাশী আৰু ওচৰ-পাঁজৰৰ মন্দিৰসমুহ সঘনাই
দৰ্শন কৰিছিল্।একেৰাহে পাঁচ বছৰ কাল পুৰীৰ জগন্নাথ মন্দিৰত ভাগৱত পাঠৰ জৰিয়তে
ভগৱান বিষ্ণুৰ উপাসনা কাৰ্যত জড়িত হৈ আছিল ।এনেদৰে গুৰুজনাই মন্দিৰ সমুহৰ পৰিচালনা ব্যৱস্থা , উপাসনা ব্যৱস্থা, সাধাৰণ লোকৰ পাৰমাৰ্থিক উন্নতিৰ
ক্ষেত্ৰত মন্দিৰ সমুহে পালন কৰা ভুমিকা ইত্যাদি বিষয়ত বিস্তৃত জ্ঞান আৰু অভিজ্ঞতা
অৰ্জন কৰিছিল ।তেওঁ
লক্ষ কৰিছিল যে সাধাৰণ লোকে নিজৰ
সময় সুবিধা অনুসৰি বয়-বস্তু, টকা-পইচা হাতত লৈ ঈশ্বৰৰ
বিগ্ৰহ দৰ্শনৰ অৰ্থে মন্দিৰলৈ আহে আৰু মন্দিৰৰ নিয়ম বা পুৰোহিতৰ নিৰ্দেশ অনুসৰি
নিৰ্দিষ্ট দূৰত্বৰ পৰা বিগ্ৰহ দৰ্শন কৰে ।
ভগৱানৰ উদ্দেশ্যে নিবেদন কৰিব বিচৰা বয়-বস্তু বা ধন-সোণ আদি পুৰোহিতৰ হাতত অৰ্পণ
কৰে আৰু পুৰোহিতে দৰ্শনকাৰীৰ হৈ সেই বস্তু বিগ্ৰহৰ ওচৰত উছৰ্গা কৰে ।
দৰ্শনকাৰী ব্যক্তিয়ে নিজৰ মতে বা পুৰোহিতৰ নিৰ্দেশমতে বিগ্ৰহৰ ওচৰত প্ৰাৰ্থনা
নিবেদন কৰে। তাৰ পিছত পুৰোহিতৰ পাৰিশ্ৰমিক বা দক্ষিণা
আদায় দি প্ৰসাদ-নিৰ্মালি লৈ ঘৰলৈ উভটি আহে। সাধাৰণ
ব্যক্তিৰ বাবে প্ৰায় সকলো মন্দিৰতে এই নিয়ম চলে ।
এনে প্ৰকাৰৰ উপাসনা ব্যৱস্থাৰ দ্বাৰা সাধাৰণ
শ্ৰেণীৰ লোক পাৰমাৰ্থিকভাৱে উপকৃত হ’ব নোৱাৰে বুলি হৰিদেৱ গুৰুজনাই বুজি পাইছিল আৰু তেওঁলোকক
ইয়াতকৈ উন্নততৰ সুবিধা দিয়াৰ বাবে সত্ৰানুষ্ঠান স্থাপন কৰিছিল ।
(আগলৈ)
No comments:
Post a Comment