When people remain absent minded they do not see the nearby
things also. Similarly, in spite being
very near, God may remain as a distant unknown
object for us if our mind is not connected with God. In this context Guru Harideva
suggests that in the path of devotion the only duty of the common ignorant
people like us is to connect their mind with God through sravana, kirtana ,archana etc. It is also said that people
who sincerely connect their mind with God through any one or more ways
suggested by the Bhagavata, gets purified. Then, by the grace of God they become
able to understand the true meaning of Bhakti or devotion. After that people can proceed in
the path of devotion in a correct way and can become true devotee of God. In
Bhagavdgita it is said that God reveals himself in the purified heart of his
true devotees and in this way a devotee can know God or attain self realization
and subsequent liberation. In Bhagavata
this fact is explained through the life stories of many characters to
make the things clear in the mind of common people like us. Now, in some of our
earlier posts it is mentioned that there is nothing except God in this world
and beyond it. Guru Harideva mentions this single ultimate existence as
“Akhanda Sat” or undivided ultimate truth. Guru Harideva established Satra
Institution to make common people realize this Aakhanda Sat or Ultimate Truth through
the path of devotion. According to him unless devotion is free from defects no
one can realize God or Ultimate truth through the path of devotion. To
understand this point we can take example of Gold and various types of
ornaments made of gold. The ornaments become valuable because of the high value
of Gold. But people forget gold and become attracted by the designs of the gold
ornaments. Similarly, all living and non living beings in the creation,
starting from a sand particle of this world up to the mighty lord Brahma in the
highest heaven, are as like as ornaments . The Akhanda Sat or God is the root cause inherent
in everything as like as inherence of Gold in ornaments . Like
forgetting of the presence of Gold in
ornaments People forget God inherent in everything of the creation and become
attracted towards the names and forms of the objects of the world. Guru Harideva
tells that devotion offered to the Akhanda Sat or God can be
free from defect after realization of this truth and such devotion can serve the ultimate purpose .
(to be continued)
অন্যমনস্ক হৈ থাকিলে আমি একেবাৰে ওচৰত থকা বস্তুও দেখা নাপাওঁ।সেইদৰে ঈশ্বৰ সকলোৰে একেবাৰে ওচৰত থাকে যদিও যিসকল ব্যক্তিয়ে ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন নকৰে তেওঁলোকৰ বাবে ঈশ্বৰ অতি দূৰস্থ আৰু অজ্ঞাত বস্তুৰ দৰে।এই প্ৰসঙ্গত হৰিদেৱ গুৰুজনাই কৈছে যে ভক্তি যোগৰ পথত অগ্ৰসৰ হোৱাৰ বাবে আমাৰ দৰে সাধাৰণ অজ্ঞানী ব্যক্তিৰ একমাত্ৰ কৰ্ত্তব্য হৈছে শ্ৰৱণ কীৰ্ত্তন আদিৰ মাধ্যমত ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰা।লগতে কোৱা হৈছে যে যি ব্যক্তিয়ে নিষ্ঠা সহকাৰে ভাগৱতত উল্লেখ কৰা নটি উপায়ৰ ভিতৰৰ যিকোনো এক বা একাধিক উপায়েৰে ঈশ্বৰৰ সৈতে মনৰ সংযোগ সাধন কৰে তেওঁৰ শৰীৰ মন পৱিত্ৰ হয়।তেনে ব্যক্তিয়ে ঈশ্বৰৰ অনুগ্ৰহত ভক্তিৰ প্ৰকৃত তত্ব বুজিব পাৰে । ভক্তি সম্পৰ্কে শুদ্ধ তত্বজ্ঞান লাভ কৰাৰ পিছতহে মানুহে ভক্তিৰ পথত যথাযথভাৱে আগবাঢ়িব পাৰে আৰু অৱশেষত ঈশ্বৰৰ ভক্তত পৰিণত হয় । ভগৱদ্গীতাত কোৱা হৈছে যে ভক্তৰ বিশুদ্ধ অন্তঃকৰণত ভগৱানে নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰে আৰু এনেদৰে ভক্তই ভগৱানক জানিব পাৰে বা আত্মজ্ঞান লাভ কৰি অৱশেষত মুক্তি লাভ কৰে।ভাগৱতত অনেক কাহিনীৰ মধ্যমত এই কথাবিলাক সাধাৰণ মানুহে বুজিব পৰাকৈ সহজভাৱে বুজাই দিয়া হৈছে। আগতে কৈ অহা হৈছে যে জগতত আৰু জগতৰ উৰ্দ্ধত একমাত্ৰ ঈশ্বৰত বাদে অন্য একো নাই আৰু হৰিদেৱ গুৰুজনাই সেই একক তত্ববস্তুকে “অখণ্ড সৎ” বা অবিভাজ্য পৰম সত্য বুলি অভিহিত কৰিছে । ভক্তিৰ মাধ্যমেৰে সাধাৰণ জনতাই যাতে এই অখণ্ড সদ্বস্তুক উপলব্ধি কৰিব পাৰে তাৰ জ্ঞান আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰাৰ অৰ্থে গুৰুজনাই সত্ৰানুষ্ঠান স্থাপন কৰিছিল । এই প্ৰসঙ্গত গুৰুজনাই কৈছে যে ভক্তি ত্ৰুটীহীন নহ্’লে ভক্তিপথৰ দ্বাৰা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব নোৱাৰি । কথাখিনি বুজাৰ বাবে আমি সোণ আৰু সোণৰ অলংকাৰৰ কথা ধৰিব পাৰো ।সোণ মূল্যৱান ধাতু হোৱা হেতুকে সোণৰ অলংকাৰ মূল্যৱান বুলি ধৰা হয় । কিন্তু অলংকাৰৰ বিভিন্ন কাৰুকাৰ্য চাই মানুহে সোণৰ কথা পাহৰি যায় আৰু অলংকাৰৰ কাৰুকাৰ্য তথা ৰূপৰ প্ৰতি আকৰ্ষিত হয় ।একেদৰে এই পৃথিৱীৰ এটা সামান্য ধুলিকণাৰ পৰা আৰম্ভ কৰি উচ্চতম দেৱলোকত অৱস্থিত সৃষ্টিকৰ্ত্তা ব্ৰহ্মা পৰ্যন্ত জড়-জীৱ সকলো বস্তু অলংকাৰ সদৃশ।সোণ যিদৰে প্ৰত্যেকবিধ অলংকাৰত অন্তৰ্নিহিত মূল বস্তু ঠিক সেইদৰে অখণ্ড সদ্বস্তু বা ঈশ্বৰ এই সমস্ততে অন্তৰ্নিহিত হৈ থকা মূল তত্ববস্তু। অলংকাৰৰ কাৰুকাৰ্য চাই যিদৰে সোণৰ মূল্য পাহৰি যোৱা হয় আৰু অস্থায়ী কাৰুকাৰ্যৰ ওপৰত মূল্য আৰোপ কৰা হয় সেইদৰে মানুহে মূল বস্তু তথা ঈশ্বৰৰ কথা পাহৰি জগতৰ বিভিন্ন বস্তুৰ নাম-ৰূপৰ প্ৰতি আকৰ্ষিত হয়।হৰিদেৱ গুৰুজনাই কৈছে যে এই সত্য উপলব্ধি কৰাৰ পিছত কেৱল মাত্ৰ মূল তত্ব বা অখণ্ড সদ্বস্তু বা ঈশ্বৰৰ প্ৰতি নিবেদন কৰা ভক্তি ত্ৰুটিমুক্ত হয় আৰু এনে ত্ৰুটিমুক্ত ভক্তিৰ দ্বাৰাহে ঈশ্বৰলাভ বা আত্মজ্ঞান লাভ কৰিব পাৰি । (আগলৈ)
No comments:
Post a Comment