After going through the preceding three posts , people may think that social and
family life are discouraged in the religious practice of Guru Harideva . But it
is not correct . Guru Harideva suggested
that seeing nothing , knowing nothing , doing nothing etc can never be
spiritual practice of higher order . His
point is ,we should know the nature of
our relationship with other people
in its proper perspective . Then only we
can have proper relationship with people outside us . Every person in
this world maintain his own identity. All are having self respect . In our eyes one person may be good or bad ,
respectable or negligible etc . But if
we see from his point of view , we will realize that each person is
conscious of his
self respect. So ,
it is not at all possible to utilize even a single person for our
own interest without violating the natural law . Even we
can not utilize wife , children or other members of our family like that . But we are always trying to do so
and that is the root cause of the problems , that we face in our relationship
with others .As we discussed earlier , coming together of people as members of
one family ,members of one community . villagers of same village , neighbors ,
citizens of one country , relatives ,
enemies , friends etc are predestined
according to past doings of both the parties . All are bound to perform duties
assigned according to their past deeds . Hence things happen
automatically as per rule of the nature
. What we can do, is to allow the happenings to react in our mind and enjoy the
outcome of the things in the form of happiness
or sorrow . We are always doing this and inviting problems .We can
adjust our minds through the teachings of Guru Harideva to deal with
this problem .(to be continued)
ইয়াৰ আগৰ তিনিটা
লিখনী পঢ়ি হৰিদেৱ গুৰুজনাই সাংসাৰিক বা সামাজিক সম্পৰ্ক ৰক্ষাৰ বিষয়ত উৎসাহ দিয়া নাছিল বুলি ধাৰণা হ’ব পাৰে
। কিন্তু ই সত্য নহয় ।
গুৰুজনাৰ মতে একো নোচোৱা , একো নজনা বা একো নকৰাটো কোনো উচ্চ স্তৰৰ ধৰ্মীয়
দৃষ্টিভঙ্গী নহয় । তেওঁ কৈছে যে পৰিয়াল তথা সমাজৰ লোকৰ লগত সম্পৰ্ক কি দৃষ্টিৰে গ্ৰহণ কৰা উচিত তাৰ শুদ্ধ শিক্ষা
ল’ব লাগে
। তেতিয়াহে সঁচা অৰ্থত সম্পৰ্ক ৰক্ষা কৰা সম্ভৱ ।
জগতৰ প্ৰত্যেক ব্যক্তিয়ে নিজৰ আত্ম পৰিচয় ৰক্ষা কৰে ।
প্ৰত্যেকৰে স্বাভিমান
আছে ।কোনেও নিজৰ আত্মমৰ্যাদা হানি হোৱাটো নিবিচাৰে ।
আমাৰ দৃষ্টিত কোনো মানুহ ভাল বা বেয়া হ’ব পাৰে ।
সন্মানীয় বা নিন্দনীয় ব্যক্তি হ’ব পাৰে । কিন্তু সেইজন
ব্যক্তিৰ দৃষ্টিৰে বিচাৰ কৰি চালে বুজিব
পাৰি যে তেওঁৰো ব্যক্তিগত আত্মসন্মানবোধ আছে ।
সেই কাৰণে প্ৰকৃতিৰ নিয়ম উলঙ্ঘন
নকৰাকৈ এজন ব্যক্তিক আমাৰ পছন্দমতে তথা আমাৰ
নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা কেতিয়াও সম্ভৱ হ’ব নোৱাৰে।
আনকি আমাৰ পত্নী , পুত্ৰকন্যা বা পৰিয়ালৰ অন্য নিকটাত্মীয় লোককো এনেদৰে ব্যৱহাৰ কৰা সম্ভৱ
নহয় । কিন্তু আমি সদায় তাকে কৰাৰ চেষ্টা কৰি থাকো আৰু
সিয়ে অন্য ব্যক্তিৰ সৈতে সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমুহৰ মূল কাৰণ
।
আগতে কৈ অহা হৈছে যে একে পৰিয়ালৰ সদস্য , এখন সমাজৰ সদস্য , ওচৰ চুবুৰীয়া , একে গাৱঁৰ বাসিন্দা , একে দেশৰ নাগৰিক , পৰস্পৰৰ শত্ৰু-মিত্ৰ ইত্যাদি
অনেক প্ৰকাৰে ইজনৰ লগত সিজনৰ সম্পৰ্ক স্থাপন হয়্। উভয় পক্ষৰ অতীত কৰ্মৰ ফল অনুসৰি
এনে সংযোগসমুহ পূৰ্বনিৰ্ধাৰিত । সংযোগ সাধনৰ পিচত অতীত
কৰ্মৰ ফল অনুসৰি প্ৰত্যেকে নিজৰ নিজৰ পূৰ্বনিৰ্ধাৰিত নিয়ম মতে কাম কৰি যাবলৈ বাধ্য
। গতিকে সম্পৰ্কৰ সংযোগ আৰু তাৰ পৰবৰ্ত্তী
ঘটনাসমুহ প্ৰকৃতিৰ নিয়ম অনুসৰি নিজে নিজে সংঘটিত হয় ।
আমি কেৱল ঘটনাসমুহক আমাৰ মনত প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ সুবিধা দিওঁ আৰু তাৰ পৰা উৎপন্ন
সুখ বা দুখ ভোগ কৰো । ইয়াৰ ফলত
আমি সদায় নতুন নতুন সমস্যাৰ সন্মুখীন হৈ
থাকো । হৰিদেৱ গুৰুজনাই দি যোৱা শিক্ষা গ্ৰহণ কৰি আমি এই সমস্যাৰ পৰা মুক্ত থাকিব
পাৰো ।
(আগলৈ)
No comments:
Post a Comment