Saturday 7 December 2019

Understanding Guru Harideva’s Approach Towards Unity-8 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৮ )


With reference to discussion of 5.12.19, we may say that ,for  cordial relationship in a family, both husband and wife should see the presence of the ultimate truth  in each other . Then only , both can realize  that  the power of the Almighty is in close contact with them . Wife should realize that the  power of the Almighty,  in the shape of husband, is maintaining and protecting her from all odds in life. On the other hand , husband should  realize that in  performing  his familial and social duties as a house holder ,  the same power of the Almighty ,in the form of wife ,is extending all help with loving care . The practical application of these feelings are nicely explained in Bhagavata . A house holder is entrusted with great responsibilities in the social system based on vedic culture. They are supposed to  provide the day to day  needs of other classes of people like students and those who are serving the society keeping themselves outside the family bonds. It is mentioned in Bhagavata that, only a  wife  can be entrusted with  the most important responsibilities of  household duties at home . If these responsibilities are with the wife , then only husband can  move outside and perform his social and familial duties peacefully . Moreover the passion of  a human being is considered to be his  most powerful enemy. This can bring disaster in  human life . Bhagavata compare a home under the control of a loving , responsible and dedicated wife , with a well protected fort . A house holder  can successfully fight against and defeat this powerful enemy from such a fort .  Bhagavta also compares wife with a boat . A person can comfortably cross a river with the help of a boat . Likewise a house holder  can easily overcome the difficulties faced in his day to day life with the help of his wife .  It is never possible to compensate the valuable services rendered by a loving and  dedicated wife in a family . Bhagavata   suggests  all righteous  person to remember that . The social and  religious practices suggested by Guru Harideva  are based on the instructions contained in Bhagavata . We will try to discuss the family life of Guru Harideva in the coming post . (to be continued )


আমাৰ ৫.১২.১৯ তাৰিখৰ লিখনিৰ আঁত ধৰি কব পৰা যায় যে পৰিয়ালত আন্তৰিক স্নেহময় সম্পৰ্ক ৰাখি চলিবলৈ হলে পতি আৰু পত্নী উভয়ে পৰস্পৰৰ মাধ্যমত প্ৰকাশিত একক পৰম সত্যক উপলব্ধি কৰা প্ৰয়োজন তেতিয়াহে পতি আৰু পত্নী উভয়ে অনুভৱ কৰিব পাৰে যে তেওঁলোক সৰ্বশক্তিমান পৰম সত্যৰ শক্তিৰ নিকট সান্নিধ্যত  আছে পত্নীয়ে অনুভৱ কৰা উচিত যে সেই সৰ্বশক্তিমানৰ শক্তিয়ে পতিৰ ৰূপত পত্নীক সংসাৰৰ সকলো সংকটৰ পৰা ৰক্ষণবেক্ষণ দি প্ৰতিপালন কৰি আছে আনহাতে পতিয়ে উপলব্ধি কৰা উচিত যে সেই একে শক্তিয়ে পত্নীৰ ৰূপত পৰম প্ৰেম আৰু আন্তৰিকতা সহকাৰে পতিক গৃহস্থ ধৰ্মৰ নিয়ম মতে সাংসাৰিক আৰু সামাজিক কৰ্ত্তব্য সমুহ পালন কৰাত সহায় কৰি আছে এনে প্ৰকাৰৰ অনুভূতিসমুহৰ ব্যৱহাৰিক প্ৰয়োগ কেনে হোৱা উচিত তাক ভাগৱতত সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে বৈদিক জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত সমাজ ব্যৱস্থাৰ নিয়ম মতে গৃহস্থ পুৰুষক নিজৰ পৰিয়ালৰ উপৰিও ব্ৰহ্মচাৰী ছাত্ৰ আৰু গৃহ-সংসাৰ ত্যাগ কৰি অন্য সেৱামূলক কাৰ্যত ব্যস্ত থকা লোক সকলৰ প্ৰতিপালনৰ দায়িত্ব দিয়া হৈছে ভাগৱতত কোৱা হৈছে যে একমাত্ৰ পত্নীৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখি গৃহস্থ ব্যক্তিয়ে গৃহকৰ্মৰ দায়িত্ব অৰ্পণ কৰিব পাৰে তেতিয়াহে গৃহস্থ ব্যক্তিয়ে নিশ্চিন্ত মনেৰে ঘৰৰ বাহিৰলৈ গৈ পৰিয়াল তথা সমাজৰ বাবে কৰণীয় কৰ্ত্তব্যসমুহ সুচাৰুভাৱে সম্পন্ন কৰিব পাৰে তদুপৰি কাম প্ৰবৃত্তি হৈছে মানুহৰ অতি শক্তিমান শত্ৰু এই প্ৰৱল শত্ৰুৱে মানুহৰ জীৱনলৈ ভয়াবহ দুৰ্যোগ আনিব পাৰে ভাগৱতত প্ৰেমময়ী আৰু বিশ্বস্ত পত্নীৰ দ্বাৰা সুনিয়ন্ত্ৰিত ঘৰ এখনক এটা শক্তিশালী দুৰ্গৰ লগত তুলনা কৰা হৈছে ভাগৱতে কৈছে যে পত্নীৰ দ্বাৰা সুৰক্ষিত নিৰাপদ দুৰ্গত বাস কৰি গৃহস্থ পুৰুষে কাম প্ৰবৃত্তিৰ দৰে অতিশয় শক্তিশালী শত্ৰুক হেলাৰঙে পৰাস্ত কৰিব পাৰে ভাগৱতত ইয়াকো কোৱা হৈছে যে নাওঁৰ সহায়ত যিদৰে সহজে নদী পাৰ হব পাৰি সেইদৰে গৃহস্থ পুৰুষে পত্নীৰ সহায়ত অতি সহজে সংসাৰৰ সমস্যাসমুহ সমাধান কৰিব পাৰে সামৰণীত ভগৱতে কৈছে যে সকলো শুদ্ধ বিচাৰ সম্পন্ন মনুহে সাংসাৰিক জীৱনত মৰমীয়াল আৰু দায়িত্বশীল পত্নীৰ অৱদানৰ ঋণ পৰিশোধ কৰা সম্ভৱ নহয় বুলি স্বীকাৰ কৰা উচিত হৰিদেৱ গুৰুজনাৰ ধৰ্মীয় আৰু সামাজিক উপদেশ ভাগৱত জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত গুৰুজনাই সংসাৰ ধৰ্ম কিদৰে পালন কৰিছিল তাক পিচৰ লিখনিত আলোচনা কৰাৰ ইচ্ছা থাকিল (আগলৈ)

No comments:

Post a Comment