Since 7th
century CE, the descendants of Narottama continued to be at Dantapur for several
centuries. Generation after generation they were educating the people of that
area. Once, when everything was favorable, Dantapur had a large population. People of different
classes and professions used to live there peacefully under the control of a
disciplined social system . But the situation changed with the passage of time. The
river Brahmaputa which was the source of happiness once, became the cause of
sorrow . At present also we see that the river Brahmaputra changes its course
from time to time. Severe erosion threatens the people living nearby. They are
forced to shift from one place to other as per their convenience. After the destruction of one habitation fully or partly, the river again changes its course . It may go in any direction
. Because of this, one place may become nearer or far away from the river bank.
Now a days , there are some efforts to control these things . At that time ,
that is , more than five-six hundred years ago, there
was no Government Department to look
into these things like today .No news
paper or TV channel was there to report these incidents to public . Those
problems were to be taken care of by the suffering people themselves. In
Dantapur also such situation arised . People started abandoning that place in
search of better place of living . The area came under the control of some
antisocial elements in absence of a strong and disciplined society. Finally Ajanabha
, the father Guru Harideva , also had to decide to leave the place. This
second phase of the recorded history of Bahari covered a duration of
approximately one century . It started from prior to the leaving of that place
by Ajanabha .It was a sad part , a history of destruction only .(to be
continued )
সপ্তম শতিকাৰ
পৰা কেইবা শতিকা ধৰি নৰোত্তমৰ উত্তৰাধিকাৰী তথা হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকল
একেৰাহে দন্তপুৰত বসবাস কৰি আছিল । তেওঁলোকে পুৰুষানুক্ৰমে সমাজত শিক্ষা
বিস্তাৰৰ দায়িত্ব পালন কৰি আহিছিল। এটা সময়ত যেতিয়া সকলো ঠিকে ঠাকে চলি আছিল , তেতিয়া
দন্তপুৰৰ জনসংখ্যাও অধিক আছিল । বিভিন্ন জাতিগোষ্ঠীৰ আৰু বিভিন্ন বৃত্তিৰ
লোকসকলে এক সুশৃংখল সমাজ ব্যৱস্থাৰ অধীনত সুখে সন্তোষে বসবাস কৰিছিল । কিন্তু সময়ৰ
সোতত দন্তপুৰৰ পৰিস্থিতি একে নাথাকিল।যি ব্ৰহ্মপুত্ৰ এদিন
সুখ সমৃদ্ধিৰ কাৰণ আছিল সেয়ে এদিন দুখৰ কাৰণ হৈ উঠিল।ব্ৰহ্মপুত্ৰ
নদীয়ে কিছু বছৰৰ মুৰে মুৰে গতি সলনি কৰাটো আমি আজিও দেখি থকা ঘটনা । প্ৰৱল গৰাখহনীয়াই
পাৰৰ জনবসতিলৈ ভাবুকি কঢ়িয়াই অনাটো নিত্যনৈত্তিক সমস্যা ।আজিও
খহনীয়াত ঘৰ মাটি হেৰুৱাই নৈপৰীয়া মানুহ অন্য সুবিধাজনক স্থানলৈ গুছি যাব লগীয়া হয়। গৰাখহনীয়াত
একো একোটা জনবসতি আংশিক বা সম্পূৰ্ণভাৱে ধ্বংস হোৱাৰ পিচত নৈয়ে পুনৰ গতি সলাই
যিকোনো স্থানলৈ যাব পাৰে । এনেদৰেই কোনো এখন ঠাই সময়ে সময়ে নদীখনৰ পৰা
ওচৰ বা দূৰত অৱস্থিত হ’ব
পাৰে । আজিৰ দিনত
এনে ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে কিবাকিবি ব্যৱস্থা লোৱা হয় । তেতিয়াৰ
দিনত অৰ্থাৎ আজিৰ পৰা ছয়-সাতশ বছৰ পূৰ্বে এই সমস্যাসমুহ নিয়ন্ত্ৰণৰ বাবে কোনো
চৰকাৰী বিভাগ নাছিল । ঘটনাবোৰ ৰাইজক জনোৱাৰ বাবে বাতৰিকাকত বা দূৰদৰ্শনৰ
চেনেলবিলাকো নাছিল । ভুক্তভোগী লোকসকলে নিজাববীয়াকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ
পথ বিচাৰি লৈছিল ।দন্তপুৰৰ মানুহেও লাহে লাহে সেই ঠাই পৰিত্যাগ কৰিবলৈ
বাধ্য হৈছিল ।
সামৰ্থ্যবান
লোকসকলে সেই ঠাই এৰি যোৱা কাৰণে সুশৃংখল সমাজ ব্যৱস্থা ক্ৰমান্বয়ে নোহোৱা হৈছিল । তাৰ ফলত
চোৰ দস্যুৰ প্ৰকোপ বাঢ়ি গৈছিল ।এনে পৰিস্থিতিত
পৰি এটা সময়ত হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভ ইয়াৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল । বহৰিৰ
ইতিহাসৰ দ্বিতীয় পৰ্যায় ইয়াৰ পৰাই আৰম্ভ হৈছিল । অজনাভ
দন্তপুৰ এৰি যোৱাৰ কিছুবছৰ আগৰ
পৰা পিছলৈ প্ৰায় এশবছৰ কাল বহৰিৰ ইতিহাসৰ এক দুখময় অধ্যায় ,এক ধ্বংসৰ
ইতিহাস । (আগলৈ )
No comments:
Post a Comment