Friday 27 December 2019

Understanding Guru Harideva’s Approach Towards Unity-13 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৩ )


The third phase of the history of Bahari started from arrival of Guru Harideva here in 1453 CE . After arrival ,he first came into contact with a group of twelve antisocial elements mentioned in my post of 25.1219 . They resisted him in the beginning . But Guru Haideva was determined to start his mission from this place. It was connected with the past memories of his forefathers. He came there as a Guru with a missionary vision . His mission was to distribute knowledge of Veda, Darshana and Bhagavata to common people . His aim was to teach them the  method of practical application of that knowledge for their own benefit. People , like us, know so many good things. We can deliver fluent lecture on these subjects. But that cannot serve any purpose unless we are accustomed with the practical applicability of these knowledge. A famer may know so many things about agriculture. But if he does not apply it in practical field ,he is not able to harvest even a handful of grains. Like this, in spiritual field also, unless we apply the knowledge gained from spiritual scriptures like Bhagavata , in day to day life , it is of no use . Guru Harideva had profound knowledge of Bhagavata .  Bhagavata itself contains the knowledge and instructions to deal with all types of people, good or bad, with better intention in our own mind. Guru Hariveda had the ability of practical application of that knowledge . The main purpose of his mission was to train up common man like us with that knowledge and its practical application. A doctor should have faith on whatever is written in the medical books he studied. Secondly he should be competent enough in practical application of those knowledge for treatment of a patient . Then only people recognize him as a good doctor . Likewise, Guru Harideva had full faith on teachings of Bhagavata . Then he studied and practiced the application of those teachings. So, he could accept the challenge of those people at Bahari with cool and calm setup of mind.(to be continued )

১৪৫৩ খৃষ্টাব্দত হৰিদেৱ গুৰুজনা বহৰিত উপস্থিত হোৱাৰ লগে লগে বহৰিৰ ইতিহাসৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছিল হৰিদেৱ গুৰুজনা তাত উপস্থিত হৈ প্ৰ্থমতে আমি ২৫.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা ধৰণৰ বাৰজন অসমাজিক লোকৰ এটা দলৰ মুখামুখী হৈছিল তেওঁলোকে গুৰুজনাক তাত থিতাপি লোৱাত বাধা দিছিল কিন্তু হৰিদেৱ গুৰুজনা নিজৰ পূৰ্বপুৰুষৰ স্মৃতি বিজড়িত সেই স্থানৰ পৰাই নিজৰ ধৰ্মাদৰ্শ প্ৰচাৰ কৰাৰ বাবে দৃঢ়্ সংকল্প আছিল তেওঁ এজন গুৰু হিচাপে জনসাধাৰণক সেৱা কৰাৰ সংকল্প গ্ৰহণ কৰি তালৈ আহিছিল তেওঁৰ সংকল্প আছিল নিজে বেদ , দৰ্শন আৰু ভাগৱতৰ ওপৰত অৰ্জন কৰা অগাধ জ্ঞান জনসাধাৰণৰ মাজত বিলাই দিয়া ভাগৱতৰ নিৰ্দেশ অনুসৰি সেই জ্ঞানৰ প্ৰায়োগিক শিক্ষা দান কৰি জনসাধাৰণৰ উপকাৰ সাধন কৰা আমাৰ দৰে সাধাৰণ মানুহে অনেক ভাল  কথা জানো সেইবিলাকৰ ওপৰত বহুত জ্ঞানগৰ্ভ বক্তৃতা দিব পাৰো কিন্তু দৈনন্দিন জীৱনত সেই জ্ঞানৰ প্ৰয়োগ নকৰিলে তাৰ কোনো ব্যৱহাৰিক অৰ্থ নাথাকে এজন খেতিয়কৰ কৃষি বিষয়ত বহু জ্ঞান থাকিব পাৰে কিন্তু সেই জ্ঞান কৃষিকাৰ্যত ব্যৱহাৰ কৰি খেতি বাতি নকৰিলে এমুঠি ধানো তেওঁৰ ভৰাঁললৈ নাহে সেইদৰে পাৰমাৰ্থিক ক্ষেত্ৰতো ভাগৱতৰ দৰে আধ্যাত্মিক শাস্ত্ৰৰ পৰা লাভ কৰা জ্ঞান দৈনন্দিন জীৱনত প্ৰয়োগ নকৰিলে তেনে জ্ঞান থকা বা নথকা একে কথা নিজৰ মনৰ শুদ্ধতা ৰক্ষা কৰি সমাজৰ ভাল বা বেয়া সকলো প্ৰকাৰৰ লোকৰ সৈতে কিদৰে চলিব লাগে তাৰ উপদেশ ভাগৱতত দিয়া আছে হৰিদেৱ গুৰুজনাই আহি প্ৰথমে লগ পোৱা ধৰণৰ আসুৰিক প্ৰবৃত্তিৰ অসামাজিক ব্যক্তিৰ প্ৰত্যাহ্বান কিদৰে শুদ্ধ মনেৰে গ্ৰহণ কৰিব পাৰি আৰু তেওঁলোকক বশ কৰি ভাল পথলৈ আনিব পাৰি তাৰ প্ৰায়োগিক জ্ঞানো ভাগৱততে দিয়া আছে হৰিদেৱ গুৰুজনাৰ ভাগৱত শাস্ত্ৰৰ অগাধ জ্ঞান আছিল লগতে সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰিব পৰা ক্ষমতাও তেওঁৰ আছিল হৰিদেৱ গুৰুজনাৰ বহৰিত সত্ৰ পতাৰ উদ্দেশ্যও আছিল জনসাধাৰণক ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰাৰ লগতে সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ শিক্ষা দান কৰা এজন চিকিৎসকে প্ৰথমে চিকিৎসা শাস্ত্ৰত লিখা কথা বিশ্বাস সহকাৰে অধ্যয়ন কৰিব লাগে দ্বিতীয়তে সেই শাস্ত্ৰজ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰি ৰোগীক চিকিৎসা কৰাত সিদ্ধহস্ত হব লাগে তেতিয়াহে তেওঁক এজন উপযুক্ত চিকিৎসক বুলি ধৰা হয় একেদৰে হৰিদেৱ গুৰুজনাৰ ভাগৱত জ্ঞানৰ সত্যতাৰ ওপৰত দৃঢ় বিশ্বাস আছিলতেওঁ এই শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিছিল আৰু এই জ্ঞানৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ অভ্যাস বা সাধনা কৰি সিদ্ধিলাভ কৰিছিলসেই কৰণে গুৰুজনাই বহৰিত সন্মুখীন হোৱা প্ৰত্যাহ্বান সহজভাৱে আৰু শান্ত মনেৰে গ্ৰহণ কৰিছিল (আগলৈ)

No comments:

Post a Comment