So far , we discussed about what Bhagavata tells regarding the nature of relationship we maintain within our family members. But in our day to day life we come in contact
with different people outside our family
.Bhagavata explains the nature of our
relationship with these people with an analogy. We know that water
is flowing from higher place to lower
place in the form of a stream . We name these streams of water as river , ravine
, water falls etc . Now ,when water
flows downstream ,it does not flow alone
.It carries with it, sand particles , straw
, grass blades , tree leaves or whatever comes into the grip of its flow . The flowing water may carry to or leave
these things anywhere. We cannot foresee it . In this process , sometimes two or more
things carried by the flow , may come into contact with each other or sometimes these may be separated
. Nobody knows when and where these things will meet or separate from each
other . Likewise , according to our past
doings ,we come to this world in the
shape of a human body . During the flow
of time from birth to death, we may come into contact with so many people .
Those people may be related to us as
family members , friends , well wishers , enemies , criticizers , deceivers or
even murderer and so on
. Bhagavata tells that whom we will meet in what form and at what time is predestined according to our past doings .Now
, we do not know anything about the past doings for which
we enter into this cycle of life . So , we can never tell what will come to us in the next moment
itself, through these people. Gur u
Harideva ,in his spiritual teaching , based on Bhagavata ,
wants us to analyze our actual relationship
with people we meet in the
society in this way . ( to be
continued )
এতিয়ালৈ আমি এটা পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্কৰ
বিষয়ে আলোচনা কৰিছো। কিন্তু কেৱল পৰিয়ালৰ সদস্যৰ মাজতে আমাৰ সম্পৰ্ক সীমাৱদ্ধ
নহয় । ভাগৱত শাস্ত্ৰত সমাজৰ অন্যান্য লোক সকলৰ লগত আমাৰ সম্বন্ধ কেনকুৱা তাক
বুজাই দিয়াৰো প্ৰয়াস কৰা হৈছে । আমি জানো যে পানী ওখ ঠাইৰ পৰা চাপৰ ঠাইৰ
পিনে এটা ধাৰা হিচাপে বৈ যায় । পানীৰ এনে
ধাৰা সমুহক আমি জান , জুৰি , নদী , নিজৰা , জলপ্ৰপাত
ইত্যাদি নাম দিওঁ । এনেদৰে ওখৰ পৰা চাপৰলৈ বৈ আহোতে অকল
পানীয়ে নাহে ।
সোঁতৰ সন্মুখত পৰা বালি মাটি , ঘাঁহ-পাত ,জাবৰ-জোথৰ
আদিও উটুৱাই আনে । বোৱঁতী সোঁতে উটাই অনা বস্তু সমুহ ক’লৈ লৈ যাব বা ক’ত কেতিয়া এৰি থৈ যাব তাক কোনেও নাজানে । উটাই লৈ
যাওঁতে কেতিয়াবা দুটা বা অধিক বালিকণা , গছৰ পাত আদি লগালগি হ’ব পাৰে আৰু
অলপ পিচতে আঁতৰা আঁতৰিও হ’ব পাৰে । এই লগালগি বা আঁতৰা আঁতৰি ক’ত , কেনেকৈ বা কেতিয়া হ’ব তাৰ কোনো
আগতীয়া অনুমান কৰা সম্ভৱ নহয় । একেদৰে আমিও আমাৰ পূৰ্বকৰ্মৰ ফল অনুসৰি
বৰ্ত্তমানৰ মানৱ শৰীৰৰ আকাৰত জগতলৈ আহিছো । জন্মৰ পৰা মৃত্যু পৰ্যন্ত জীৱনৰ প্ৰবাহ
কালত আমি বহু লোকৰ সান্নিধ্যলৈ আহো । এইসকল লোক আমাৰ পৰিয়ালৰ সদস্য, বন্ধু , শুভাকাঙ্ক্ষী , শত্ৰু , সমালোচক , প্ৰবঞ্চক ইত্যাদি অনেক ৰূপত আৰু আনকি হত্যাকাৰীৰ ৰূপতো আমাৰ সান্নিধ্যলৈ আহিব পাৰে।ভাগৱতত কোৱা হৈছে যে কোন মানুহ , কি ৰূপত , কেতিয়া , কেনেকৈ আমাৰ সান্নিধ্যলৈ আহে সি আমাৰ
পূৰ্বজন্মৰ কৰ্ম অনুসৰি পূৰ্বনিৰ্ধাৰিত হৈ আছে । পূৰ্বজন্মৰ কি কৰ্মৰ কি ফল ভোগ কৰাৰ বাবে
আমি বৰ্ত্তমানৰ মানৱ দেহ লৈ জন্মলাভ কৰিছো তাক আমি নাজানো । সেয়েহে , এই ব্যক্তি সকলে কোন মুহুৰ্ত্তত , কেতিয়া আৰু কি কাৰণত আমাৰ লগালগি বা এৰাএৰি
হ্’ব পাৰে তাকো আমি জনা সম্ভৱ নহয় ।হৰিদেৱ
গুৰুজনাই ভাগৱতৰ আধাৰত দিয়া ধৰ্ম উপদেশত কৈছে যে আমি সম্পৰ্কসমুহ এনে দৃষ্টিভঙ্গীৰে বিচাৰ কৰি চোৱা উচিত ।(আগলৈ )
No comments:
Post a Comment