Now a days also, there are some places at
Bahari connected with names and memories of the ancestors of Guru Harideva . On
the basis of those evidences, people still
believe that the whole area of Dantapur ,that is present Bahari , was not
destroyed by flood and erosion of river Brahmaputa at that time . Some portion ,including
the residential campus of the ancestors of Guru Harideva was not affected . But
most of the residential parts ,the river port , trading agencies and other
important establishments were destroyed by flood and erosion . Majority
population became homeless and jobless . So most of the population left Dantapur
in search of alternate residential place and livelihood . Only a small
population was left behind . Those jobless and homeless people ,finding no
other alternative ,started antisocial activities to earn their livelihood . Under
such circumstances Ajanabha , father of Guru Harideva, left that place . Thus
in course of time , people gradually forgot the past history of the place . During
that time the landscape of the place was frequently changing due to activities
of the river . So , the place was known as Bahati, that is , a flowing land . As no
permanent habitations were there ,the antisocial elements found this area safe for their hideouts .
They started threatening and looting people of nearby habitations taking shelter at this place . Though
other people forgot the past history of the place, Guru Harideva got all past information
about this place from his father Ajanabha . So , after completion of his
pilgrimage tour , higher education in veda , Darshana and devoted study of
Bhagavata , he decided to come to that place to start his mission for practical
application of the knowledge contained in Bhagavata . (to be continued)
তেতিয়াৰ
দন্তপুৰ অৰ্থাৎ বৰ্ত্তমানৰ বহৰি অঞ্চলত হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষৰ স্মৃতি জড়িত কিছুমান
ঠাই আজিও আছে । এই তথ্যৰ ওপৰত ভিত্তি কৰি বহুতে বিশ্বাস কৰে যে ব্ৰহ্মপুত্ৰৰ
বান আৰু গৰাখহনীয়াত তেতিয়াৰ দন্তপুৰ সম্পূৰ্ণৰূপে গ্ৰাস হোৱা নাছিল । হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলৰ বাসস্থানকে ধৰি কিছু অংশ অক্ষত অৱস্থাত আছিল । কিন্তু সৰহ সংখ্যক জনবসতিৰ লগতে নদীবন্দৰ , ব্যৱসায়িক
প্ৰতিষ্ঠান আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থান সমুহ নিশ্চিহ্ন হৈ গৈছিল ।অধিক সংখ্যক লোক গৃহহীন আৰু কৰ্মহীন হৈ পৰিছিল । এনে পৰিস্থিতিত বেছিভাগ লোকে উপযুক্ত বাসস্থান আৰু কৰ্ম সংস্থাপনৰ সন্ধানত দন্তপুৰ
পৰিত্যাগ কৰি গুছি গৈছিল ।এক সামান্য সংখ্যক
সামৰ্থ্যহীন লোকহে তাত থাকি গৈছিল । জীৱিকা সংস্থানৰ অন্য
একো উপায় কৰিব নোৱাৰাত সেই মুষ্টিমেয় সংখ্যক লোকৰ এটা অংশ চুৰি ডকাইতি আদি
অসামাজিক কামত লিপ্ত হৈছিল । এনে পৰিস্থিতিত হৰিদেৱ
গুৰুজনাৰ পিতৃ অজনাভেও সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল ।এনেদৰে এটা সময়ত মানুহে ঠাইখিনিৰ পূৰ্বৰ নাম আৰু ঐতিহ্য পাহৰি গৈছিল ।সেই সময়ত নদীৰ গতিপথৰ সঘন পৰিবৰ্ত্তন হৈ থকা হেতুকে ঠাইখনৰ ভৌগোলিক আকাৰ আৰু
অৱস্থিতিৰো সঘন পৰিবৰ্ত্তন হৈছিল। সেই কাৰণে ঠাইখন বহতি
অৰ্থাৎ বৈ থকা বা পৰিবৰ্ত্তন হৈ থকা ঠাই হিচাপে জনাজাত হৈছিল ।স্থায়ী বাসিন্দা নথকাৰ বাবে ঠাইখন অসামাজিক লোকৰ নিৰাপদ গুপ্ত ঘাটিত পৰিণত
হৈছিল । তেওঁলোকে সেই অঞ্চলত আশ্ৰয় লৈ ওচৰ পাজৰৰ জনবসতি সমুহক
ভীতিগ্ৰস্ত কৰিছিল আৰু তাত লুটপাত চলাইছিল । জনসাধাৰণে
ঠাইখনৰ ঐতিহ্য পাহৰি গ্’লেও হৰিদেৱ গুৰুজনাই পিতৃ অজনাভৰ জৰিয়তে এই ঠাইৰ পুৰণি ইতিবৃত্ত জানিব পাৰিছিল । সেই কাৰণে তীৰ্থ ভ্ৰমণ , বেদ আৰু দৰ্শনৰ উচ্চ
শিক্ষালাভ আৰু সুদীৰ্ঘ পাঁচ বছৰ কাল ধৰি ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়ন সমাপ্ত কৰাৰ
অন্তত
হৰিদেৱ গুৰুজনাই সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা
সৰ্বসাধাৰণ লোকক শিক্ষা দিয়াৰ ব্ৰত গ্ৰহণ কৰি এই স্থানত উপস্থিত হৈছিল । (আগলৈ )
No comments:
Post a Comment