Saturday 21 December 2019

Understanding Guru Harideva’s Approach Towards Unity-10 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১০ )

Based on information received from different sources, we can divide the history of Bahari into three phases . The first phase covers a  long time period of several centuries, starting from prior to 7th century CE . Guru Harideva’s forefather Dwija Narottama ,was a learned scholar from Kanykubja ,the well known center of education in North India. He came  here along with his family under patronage of the then king of Kamarupa in 7th century CE. The learned king , Kumar Bhaskar Barma was very much interested to make the people of his state well educated . Educational institutions were established by the king at different locations of his state . Competent scholars were encouraged to come to Kamrupa from different parts of North India to run those institutions . Till today , people of Assam remember this king for his contribution in the field of education . As a mark of respect , recently one University has been established in his name at Nalbari , Assam . Narottama , the forefather of Guru Hrideva and his family members were entrusted  with duties of running an educational institution established by the king at Bahari . During that time , that is , in 7th century CE , this place was known as Dantapur . It was a river port on the north bank of river Brahmaputra . People from large parts of lower Assam districts used to bring their agricultural and other domestic products to this place for export . While going back , they used to carry with them their necessary provisions imported from outside . Those transportations were made by small boats through the tributaries of Brahmaputra . Connectivity of large container ships was available from this place to other parts of India through river Brahmaputra . So , Dantapur was a famous trade and export-import centre of that time . Population was large and all amenities of a township were available here . For several centuries together, the status of the place continued to be like that . (to be continued )



বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বহৰিৰ ইতিহাস তিনিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি প্ৰাপ্ত তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ ইতিহাস খৃষ্টিয় সপ্তম শতিকাৰ আগৰ পৰা আৰম্ভ কৰি পিচৰ কেইবা শতিকা পৰ্যন্ত বিস্তাৰিত হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ দ্বিজ নৰোত্তম উত্তৰ ভাৰতৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কান্যকুব্জৰ বাসিন্দা তথা অতিশয় গুণী জ্ঞানী পণ্ডিত ব্যক্তি আছিল কামৰূপৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি খৃষ্টিয় সপ্তম শতিকাত তেওঁ সপৰিয়ালে বহৰিলৈ আহিছিল ৰজা কুমাৰ ভাস্কৰ বৰ্মা নিজেও শিক্ষিত ব্যক্তি আছিল আৰু প্ৰজাসকলকো শিক্ষিত কৰি তোলাৰ বাবে যত্নপৰ আছিল তেওঁ নিজ ৰাজ্যৰ বিভিন্ন স্থানত শিক্ষানুষ্ঠান প্ৰতিস্থা কৰিছিল এই সমুহত শিক্ষাদান কৰাৰ বাবে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পণ্ডিত ব্যক্তিক আমন্ত্ৰিত কৰি আনি সা-সুবিধাসহ বিভিন্ন স্থানত প্ৰতিষ্ঠিত কৰিছিল অসমৰ মানুহে এইজন ৰজাই অসমত শিক্ষা বিস্তাৰৰ বাবে কৰা প্ৰচেষ্টাৰ কথা আজিও শ্ৰদ্ধাৰে সোঁৱৰে কিছুবছৰ আগতে তেওঁৰ নামেৰে অসমৰ নলবাৰীত এখন বিশ্ববিদ্যালয় স্থাপন কৰি অসমৰ মানুহে এইজন ৰজাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে এইজন ৰজাই  বৰ্ত্তমানৰ বহৰিত প্ৰতিষ্ঠা কৰা এখন শিক্ষানুষ্ঠানৰ দায়িত্ব হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ নৰোত্তম আৰু তেওঁৰ পৰিয়ালক দিয়া হৈছিল সেই সময়ত ,অৰ্থাৎ খৃষ্টীয় সপ্তম শতিকাত এই ঠাইৰ নাম আছিল দন্তপুৰ ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সেই সময়ৰ এক নদী বন্দৰ আছিল নামনি অসমৰ বিভিন্ন জিলাৰ মানুহে নিজৰ কৃষিজাত আৰু ঘৰত উৎপাদিত অন্যান্য সামগ্ৰী সৰু সৰু নাৱঁত ভৰাই বহ্মপুত্ৰৰ উপনৈ সমুহেদি ইয়ালৈ আনিছিল উভটি যাওঁতে নিজৰ নিজৰ ঠাইৰ প্ৰয়োজনীয় সামগ্ৰী ইয়াৰ পৰা লৈ গৈছিল বাহিৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলিব পৰা  ডাঙৰ ডাঙৰ জাহাজেৰে এই অঞ্চলৰ প্ৰয়োজনীয় বস্তু বহৰিলৈ অনা হৈছিল আৰু ইয়াত উৎপাদিত সামগ্ৰীসমুহ ভাৰতৰ বিভিন্ন স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা আছিল গতিকে দন্তপুৰ সেই সময়ৰ এক বৃহৎ ব্যৱসায়িক আৰু আমাদানি-ৰপ্তানি কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ আছিল জনসংখ্যা বেছি আছিল আৰু সেই সময়ৰ ব্যৱস্থা অনুসৰি থাকিব পৰা সকলোখিনি নগৰীয়া সা-সুবিধা ইয়াত আছিল কেইবাশতিকা জুৰি ঠাইখনৰ এই মৰ্যাদা অটুত আছিল (আগলৈ )

No comments:

Post a Comment