Guru Harideva was totally free from all dualities like happiness-sorrow, like-dislike, good-bad, enemy-friend etc. The mental setup of each and every individual
differs because of these dualities. Such differences make people good or bad in
the eyes of the society. By devoted study and day to day practice of the
application of knowledge contained in Bhagavata, Guru Harideva attained sufficient
insight to understand the reason that leads the minds of people to such dualities.
In Bhagavata, it is suggested that , in this world , we should not be envious of
anything including our enemies. A person with such mental setup never expect
honor from anybody. He never desires ill fortune for anyone. He is said to be in
equitableness, that is, he can accept the dualities mentioned above with equal
peaceful mentality .For such a person, everything appears to be happy only.
This is because of the absence of enmity with anything. In Bhagavata, it is also
told that, the whole universe is a single body. To make it clear we can take
example of our own body. Our body is constituted with innumerous numbers of
cells. Out of these, not a single cell can remain outside the body. Likewise
nothing in the universe can remain outside the universal body. Our body
comprises of hands, feet, eyes, nose, fingers and so many other organs of
different names and sizes. All the organs perform different functions for the
benefit of a single body. If one organ does not function properly, the whole
body functions get disturbed. If one small finger is hurt, pain is felt in the
whole body. Now Bhagavata asks us, if somebody hurt his left hand with his own
right hand, then whom can be blamed for the pain suffered by the whole body? So
a learned person, leading life according to knowledge contained in Bhagavata, can
never blame anyone for anything . With all such practical knowledge, Guru
Hardeva dealt with those antisocial elements mentioned in my post of 27.12.19. So, his counseling worked on them
like magic. Within a short time, they were convinced with the idea of Guru
Harideva and voluntarily came forward to participate in his mission.(to be
continued )
হৰিদেৱ গুৰুজনা ৰাগ-দ্বেষ , সুখ-দুখ , ভাল-বেয়া , শত্ৰু-মিত্ৰ প্ৰভৃতি সকলো প্ৰকাৰৰ দ্বৈত
ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত পুৰুষ আছিল । এই দ্বৈত
ভাৱ সমুহ হৈছে প্ৰত্যেক ব্যক্তিৰ মানসিকতা পৃথক পৃথক হোৱাৰ মূল কাৰণ । মানসিকতাৰ পাৰ্থক্যৰ বাবেই কোনো এজন ব্যক্তি
সমাজৰ চকুত ভাল বা বেয়া হিচাপে পৰিচিত হয়্।মানুহৰ মনত ওপৰোক্ত প্ৰকাৰৰ দ্বৈত ভাৱৰ
উৎপত্তি হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে । ভাগৱতৰ শ্ৰদ্ধাপূৰ্ণ
গভীৰ অধ্যয়ন আৰু সেই জ্ঞানৰ প্ৰায়োগিক দিশৰ অভ্যাসৰ দ্বাৰা গুৰুজনাই সেই কাৰণ
বুজিব পৰাকৈ সুক্ষ্মদৃষ্টি লাভ কৰিছিল । ভাগৱতত কোৱা হৈছে যে এই জগতৰ একোৰে প্ৰতি, আনকি শত্ৰুৰ প্ৰতিও
বিদ্বেষ ভাৱ পোষণ কৰা অনুচিত । এনে মানসিক স্থিতি লাভ কৰা ব্যক্তিয়ে কাৰো পৰা সন্মান পাবলৈ আশা নকৰে
। তেওঁ কাৰো কোনো
প্ৰকাৰৰ দুখ যন্ত্ৰণা হোৱাটো নিবিচাৰে। তেনে ব্যক্তিক সৰ্বত্ৰ সমদৃষ্টি সম্পন্ন বুলি কোৱা হয় ,অৰ্থাৎ তেওঁ সুখ-দুখ , শত্ৰু-মিত্ৰ আদি পৰস্পৰ বিপৰীত ভাৱ সমুহ একে ধৰণৰ শান্ত মনোভাৱেৰে গ্ৰহণ
কৰিব পাৰে ।গতিকে তেওঁৰ মনত
কোনো প্ৰাণীৰ প্ৰতি কোনো প্ৰকাৰৰ অমঙ্গল ভাৱৰ উদয় হ’ব নোৱাৰে ।তেনে ব্যক্তিৰ বাবে সমস্তই
সুখময় হয় আৰু তেওঁ নিজেও সকলোৰে প্ৰিয়ৰূপে গণ্য হয় । সেই কাৰণে কোনেও তেওঁৰ সৈতে শত্ৰুতা আচৰণ কৰিব
নোৱাৰে । ভাগৱতত
ইয়াকো কোৱা হৈছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড একেটা শৰীৰৰ ৰূপ । কথাটো স্পষ্ট কৰাৰ বাবে আমি নিজৰ শৰীৰৰ পিনে চাব
পাৰো । আমাৰ শৰীৰ অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষৰ দ্বাৰা
গঠিত । ইয়াৰ এটা ক্ষুদ্ৰতম কোষো শৰীৰৰ বাহিৰত থাকিব
নোৱাৰে । একেদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ একো বস্তু ব্ৰহ্মাণ্ড
শৰীৰৰ বাহিৰত নাই । আমাৰ
শৰীৰত হাত , ভৰি , চকু , কান , নাক
আঙুলি আদি বিভিন্ন নাম আৰু আকাৰৰ অনেক অঙ্গ প্ৰত্যঙ্গ আছে। সকলো অঙ্গ প্ৰত্যঙ্গই একেটা শৰীৰৰ ৰক্ষাৰ
উদ্দেশ্যে বেলেগ বেলেগ কাম কৰে। এটা অঙ্গই সুচাৰুৰূপে কাম নকৰিলে সমস্ত শৰীৰত বিজুতি ঘটে। হাতৰ ক্ষুদ্ৰ আঙুলিটোত আঘাত হ’লেও গোটেই শৰীৰতে যন্ত্ৰণা
হয়।ভাগৱতে আমাক বুজনি দি প্ৰশ্ন
কৰিছে – যদি তোমাৰ সোঁহাত খনে তোমাৰ শৰীৰৰ বাওঁহাতখন কোবাই ভাঙে , তেন্তে তাৰ বাবে সমস্ত
শৰীৰত হোৱা যন্ত্ৰণাৰ কাৰণে কাক দোষাৰোপ কৰিবা ? গতিকে ভাগৱতৰ
নিৰ্দেশ অনুসৰি ব্যৱহাৰিক জীৱন পৰিচালনা কৰা কোনো ব্যক্তিয়ে কাকো, কেতিয়াও আৰু কোনো কাৰণতে বিদ্বেষৰ দৃষ্টিৰে চোৱা সম্ভৱ নহয়। এনে প্ৰকাৰৰ প্ৰায়োগিক জ্ঞানৰ শক্তি লৈ
হৰিদেৱ গুৰুজনা আমি ২৭.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা সেই দুষ্ট প্ৰকৃতিৰ লোক সকলৰ সন্মুখত থিয় দিছিল ।সেয়েহে
তেওঁৰ বুজনিয়ে যাদুমন্ত্ৰৰ দৰে কাম কৰিছিল । অতি সোনকালে তেওলোকে
গুৰুজনাক আদৰি লৈছিল আৰু তেওঁৰ কামত পূৰ্ণ সহযোগ কৰাৰ বাবে হাতে কামে আগ বাঢ়ি
আহিছিল।(আগলৈ
)
No comments:
Post a Comment