The Bhagavata ,
on the principles of which , Guru Harideva established his religious and social
education system, is a scripture meant for house holders . It is mentioned in
the Bhagavata itself . Guru Harideva was also a house holder. He used to live a family
life according to vedic rules and
regulations as explained in Bhagavata . As a householder , he also
had wife and children like others .Here ,we should keep in mind that , in those
days , life was not as on today . So ,for proper understanding of the family life of Guru Harideva , we should see the things with reference to the
prevailing situations of that time . In 1453
CE , Guru Harideva ,established his first formal institution, named Satra
. It was meant for religious and social education of the common people . This Satra was established in a village , presently known as Bahari , in
Barpeta District of Assam . This place was very near to the north bank of river
Bahmaputra , So , it was a convenient place for river communication once upon a time. But
when Guru Harideva came there, the river Bahmaputra was away from that place, because
of change of its course . So , the distance to be travelled by road to his Satra , from the water way of river Brhmaputra was more . In these days also
,Assam is a place covered by thick forests . A large number of rivers and their tributaries are flowing here . From this itself , we can
easily imagine the condition prevailed here five and half centuries ago . There was no road . People used to go from
one place to another through thick forests infected with wild animals ,
venomous snakes , leech , bees and so many other fearful things . Crossing of
rivers coming on the way through jungles was very difficult . Population was very thin and it was an essential practice of that time to
establish the habitations of people near the rivers . Boat was the most
favorable means of transportation of man and materials through those rivers at
that time . The Satra established at Bahari by Guru
Harideva was lack of that most important facility because of its distance from
river Brahmaputra . In addition to it, the Satra also faced some more other problems which we should discuss further to make the points clear. ( to
be continued )
ভাগৱত শাস্ত্ৰৰ ভিত্তিত হৰিদেৱ গুৰুজনাই
ধৰ্মচৰ্চা আৰু সমাজ পৰিচালনাৰ শিক্ষা দি গৈছে আৰু সেই ভাগৱত শাস্ত্ৰ সংসাৰ ধৰ্ম
পালন কৰা লোকৰ বাবে উপযোগী । স্বয়ং ভাগৱততে এই কথা কোৱা হৈছে । সংসাৰ ধৰ্ম সম্পৰ্কীয় বৈদিক নিৰ্দেশ সমুহৰ যি অৰ্থ ভাগৱতত ব্যাখ্যা
কৰা হৈছে , হৰিদেৱ গুৰুজনাই সেইমতে সংসাৰ ধৰ্ম পালন
কৰিছিল ।
অন্য গৃহস্থৰ দৰে তেওঁৰো পত্নী ,পুত্ৰ , কন্যা আছিল । ইয়াতে আমি ভাবি চোৱা
উচিত যে সেই সময়ৰ সাংসাৰিক জীৱন নিৰ্বাহৰ পৰিবেশ পৰিস্থিতি বৰ্ত্তমানৰ দৰে নাছিল ।সেয়েহে সেই সময়ৰ পৰিস্থিতিৰ
পৰিপ্ৰেক্ষিতত বিচাৰ কৰিলেহে গুৰুজনাৰ সাংসাৰিক জীৱন প্ৰকৃত ছৱি পোৱা সম্ভৱ । জনসাধাৰণক ধৰ্মীয় আৰু সামাজিক শিক্ষা
প্ৰদান কৰা বাবে হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃষ্টাব্দত তেওঁৰ প্ৰথমখন সত্ৰানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল ।ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত , বৰ্ত্তমান বৰপেটা জিলাৰ বহৰি গাৱঁত এই সত্ৰখন
স্থাপন কৰা হৈছিল ।
এসময়ত এই ঠাইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছিল।কিন্তু হৰিদেৱ গুৰুজনা ইয়ালৈ অহাৰ আগতে নদীখনে সোঁত
পৰিবৰ্ত্তন কৰি দূৰলৈ গৈছিল । নদীপথৰ পৰা সত্ৰখন দূৰত
হোৱা হেতুকে স্থলপথেৰে বেছিদূৰ ভ্ৰমণ কৰিব লগীয়া হোৱাত গুৰুজনাক লগ ধৰিব বিচৰা বিভিন্ন
স্থানৰ পণ্ডিত ব্যক্তি তথা সত্ৰলৈ অহা শিষ্যভকত সকলৰ যথেষ্ট অসুবিধা হৈছিল । অসম এতিয়াও হাবি বননিৰে আৱৰা দেশ । ইয়াত অনেক নদ নদীও আছে । আজিৰ পৰিবেশ চালেই আমি এতিয়াৰ পৰা চাৰে পাঁচশ
বছৰ আগৰ পৰিস্থিতিৰ ভয়াৱহতা সহজে অনুমান কৰিব পাৰো । বাট পথৰ ব্যৱস্থা নাছিল । ঘন হাবিৰ মাজেদি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল । হাবিত বিভিন্ন প্ৰকাৰৰ হিংস্ৰ জীৱ জন্তু , বিষাক্ত সাঁপ , জোক , মৌমাখি ইত্যাদি অনেক ভয়াবহ প্ৰাণী আছিল । হাবিৰ মাজত থকা নদী পাৰ হোৱাৰ সমস্যা
আছিল । জনসংখ্যা অতি ক’ম আছিল ।পৰিবহন তথা অন্যান্য সুবিধাৰ প্ৰতি লক্ষ ৰাখি
জনবসতি সমুহ যিমানদূৰ সম্ভৱ নদীৰ ওচৰত স্থাপন কৰা হৈছিল। নদীসমুহত চলোৱা নাওঁ আছিল মানুহৰ যাতায়াত
আৰু বস্তু পৰিবহনৰ সবাতোকৈ সহজ উপায় । গুৰুজনাই বহৰিত স্থাপন
কৰা প্ৰথম সত্ৰখন এনে সুবিধাৰ পৰা বঞ্ছিত হোৱাৰ উপৰিও অন্য কিছুমান সমস্যাও আছিল । বিষয় বস্তু স্পষ্টভাৱে বুজি পোৱাৰ বাবে এই সমস্যাসমুহো
জনা প্ৰয়োজন । (আগলৈ )
No comments:
Post a Comment