In Bhagavata it is told that , while maintaining
relationship with our family members, we color it with emotions of our mind . We expect them to serve us as our personal
assistants . We expect them to help us in achieving things of our own interests
.
If we discard this emotional idea , then only everybody in our family may
be the source of our happiness. It is told in Bhagavata that , after creation of
the universe , the ultimate truth enters into each and every individual thing as consciousness . Because of this only , things can remain in their
own shape and behave as per their own nature .Guru Harideva suggested that we
should look into our family relationships from this point of view . The
ultimate truth is in each individual member of our family and is maintaining
them in that form . Because of this only, they can act as our father , mother ,
wife , son ,daughter etc . As that is the actual picture , we should try to see
the presence of the ultimate truth inside each
of them . We may take the relationship of one’s wife as example .We
should try to realize that , as long as the ultimate truth remains inside the body of his wife as consciousness
, till then only she can be his wife .
Otherwise , her decaying body
may remain for some days more , but the
dead body of wife can no longer serve him
as wife . It is also true in case of son
,daughter , husband ,father , mother and like that . From this analysis we can
easily understand that , in reality , the ultimate truth take the shape of each
individual of our near and dear family members and serve us as father ,mother ,wife,
children etc . Guru Harideva suggested that , if we can see the family relationships
from this angle , then everybody in the family will bring happiness to us and
we ourselves also can be the source of their happiness . This state of bliss is
the true meaning of relationship in a
family . If we can realize this , then we will be able to make progress in spiritual
practice along with enjoyment of bliss of family life. ( to be
continued )
ভাগৱতত কোৱা হৈছে যে আমি আমাৰ পৰিয়ালৰ সদস্য সকলৰ
সৈতে যি ধৰণৰ সম্পৰ্ক ৰক্ষা কৰো তাত আমাৰ মনৰ আবেগ মিহলি হৈ থাকে ।অমি পৰিয়ালৰ সদস্য সকলক আমাৰ
ব্যক্তিগত সহায়ক হিচাপে গণ্য কৰো । তেওঁলোকে আমাৰ স্বাৰ্থৰ ৰক্ষাৰ হকে কাম কৰাটো
আশা কৰো । এই আবেগ
পৰিত্যাগ কৰিব পাৰিলেহে পৰিয়ালৰ সদস্য সকল
আমাৰ বাবে আনন্দৰ উৎস হ’ব পাৰে । আমাৰ নিজৰ ব্যক্তিগত সন্তোষ সাধনৰ যন্ত্ৰ হিচাপে
পৰিয়ালৰ অন্য সদস্যসকলক ব্যৱহাৰ কৰা সম্ভৱ নহয় । ভাগৱতত কোৱা হৈছে যে এক অদ্বিতীয় পৰম সত্য জগত সৃষ্টিৰ কাৰণ। সেই পৰম সত্যই সৃষ্টিৰ সৰ্ব বস্তুৰ অভ্যন্তৰতো চেতনা হিচাপে আছে
। তাৰ
বাবেই জগতৰ প্ৰত্যেক বস্তুৱে নিজৰ আকাৰত থাকি , নিজৰ স্বভাৱ অনুযায়ী কৰ্ম কৰি থাকিব পাৰে । হৰিদেৱ গুৰুজনাই কৈছে যে পৰিয়ালৰ সম্বন্ধ সমুহ এনে দৃষ্টিৰে চোৱা উচিত
।
পৰিয়ালৰ প্ৰত্যেক সদস্যৰ ভিতৰত সেই পৰম সত্য আছে আৰু ইয়ে প্ৰত্যেককে নিজৰ নিজৰ
অৱস্থানত ৰাখি নিজ নিজ স্বভাৱমতে কাম কৰাই আছে । তাৰ বাবেই এইসকলে নিজৰ আকাৰত থাকি স্বভাৱসুলভ
ভাৱে পিতৃ , মাতৃ , ভাৰ্যা , পুত্ৰ হিচাপে নিজৰ কৰ্ত্তব্য পালন কৰি থাকিব পাৰিছে । যিহেতু এয়ে প্ৰকৃত অৱস্থা , সেয়েহে আমি পৰিয়ালৰ প্ৰত্যেক সদস্যৰ অভ্যন্তৰত
সদাবিৰাজমান সেই পৰম সত্যৰ অনুসন্ধান কৰা উচিত । ইয়াতে আমি পত্নীৰ সম্বন্ধটো উদাহৰণ হিচাপে ল’ব পাৰো । আমি অনুভৱ কৰা উচিত যে যেতিয়ালৈকে সেই পৰম সত্য পত্নীৰ ভিতৰত থাকে , তেতিয়ালৈহে পত্নী কাৰোবাৰ পত্নী হৈ থাকে । অন্যথা ক্ৰমান্বয়ে নষ্ট হৈ গৈ থকা শৰীৰটো দুই
এদিন দৃষ্টিগোচৰ হৈ থাকিলেও পত্নীৰ মৃত শৰীৰটো কাৰো পত্নী হৈ নাথাকে । একে কথা আমাৰ পিতা ,মাতা , পুত্ৰ ,কন্যা আদিৰ বেলিকাও সত্য । এনেদৰে বিশ্লেষণ কৰিলে আমি
বুজিব পাৰো যে সেই এক পৰম সত্যই আমাৰ পিতা , মাতা , ভাৰ্যা পুত্ৰ আদিৰ ৰূপ গ্ৰহণ কৰি আমাৰ
লগত অতি নিকট সম্পৰ্ক ৰক্ষা কৰি আছে । হৰিদেৱ গুৰুজনাই কৈছে যে পৰিয়ালৰ সদস্য
সকলে ইজনে সিজনক যদি এই দৃষ্টিৰে চায় তেন্তে
সেই সকল আমাৰ আনন্দৰ কাৰণ হয় আৰু আমি নিজেও সেই সকলৰ আনন্দৰ কাৰণ হ’ব পাৰো । এই আনন্দ লাভেই হৈছে পৰিয়াল কেন্দ্ৰিক সম্পৰ্কৰ প্ৰকৃত উদ্দেশ্য । গুৰুজনাৰ মতে এই তত্ব বুজি পালে পৰিয়ালৰ বেষ্টনীত থাকি সাংসাৰিক আনন্দ
উপভোগ কৰিও পাৰমাৰ্থিক উন্নতি লাভ কৰিব পাৰি । (আগলৈ)
No comments:
Post a Comment