Tuesday, 31 December 2019

Understanding Guru Harideva’s Approach Towards Unity-15 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৫)


Finally, those people, who created resistance in the beginning, as mentioned in my post of 29.12.19, came forward to start the mission of Guru Harideva. Within a short time, those people constructed the required infrastructure of the Satra as per direction of Guru Harideva. They learnt the process of day to day maintenance of the Satra as per rule framed by Guru Harideva. They learnt the prayers and other essential religious performances. They learnt to entertain the guests and other people visiting the Satra. Thus they extended all help and the first Satra of Guru Harideva was established at Bahari .We will discuss the details of this Satra Institution established by Guru Harideva in the coming posts . When Guru Harideva came to that place, the river Brahmaputra was flowing far away from there because of change of its course. So, a huge area of vacant land suitable for establishment of a large habitation was available there. After establishment of the Satra, Guru Haideva wanted to bring some learned people of his choice to reside there to create a good social atmosphere around the Satra . By that time, due to constant association with Guru Harideva and engagement in the works related to the Satra , the minds of those antisocial elements were totally purified. Guru Harideva was confident enough to send those people to invite some learned persons of his choice from nearby habitations to come and reside there. Those learned people , who were once afraid of that place, because of the cruelty of those antisocial elements ,noticed the remarkable change that occurred in them . By observing their changed behavior itself, all of the learned people , were able to assess the degree of spiritual attainment of Guru Harideva. So , they merrily accepted the invitation as a mark of respect for Guru Harideva . Thereafter, those people purified by Guru Harideva helped some learned people in all respect to settle there permanently . Thus the foundation of an ideal society was established at Bahari within a short time after establishment of the Satra in 1453 CE.(to be continued )

অৱশেষত  আমি ২৯.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা সেই দুষ্ট প্ৰকৃতিৰ লোক সকলেই বহৰিত হৰিদেৱ গুৰুজনাৰ প্ৰথমখন সত্ৰ স্থাপন কৰি তেওঁৰ ধৰ্মাদৰ্শ প্ৰচাৰৰ কাম আৰম্ভ কৰিছিল অলপ দিনৰ ভিতৰতে তেওঁলোকে গুৰুজনাৰ আঁচনিমতে সত্ৰৰ বাবে প্ৰয়োজনীয় ঘৰ দুৱাৰ সাজি উলিয়াইছিল গুৰুজনাই নিৰ্দিষ্ট কৰি দিয়া নিয়ম মতে সত্ৰৰ দৈনন্দিন পৰিচৰ্যা কৰিবলৈ শিকিছিল নাম প্ৰ্সঙ্গকে ধৰি অন্যান্য ধৰ্মীয় আচাৰ-আচৰণ পালন কৰিবলৈ শিকিছিল সত্ৰলৈ অহা আলহী আৰু অন্যান্য লোকৰ সেৱা শুশ্ৰুষা কৰিবলৈ শিকিছিল হৰিদেৱ গুৰুজনাই স্থাপন কৰা এই সত্ৰ কি  সেই সম্পৰ্কে আমি উপযুক্ত স্থানত আলোচনা কৰিম হৰিদেৱ গুৰুজনা সেই স্থানলৈ অহাৰ সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে গতি পৰিবৰ্ত্তন কৰি তাৰ পৰা বহু দূৰলৈ গৈছিল গতিকে সেই অঞ্চলত ডাঙৰ জনবসতি স্থাপন কৰাৰ বাবে উপযোগী ব্যাপক পৰিমাণৰ মাটি আছিল গুৰুজনাই সত্ৰখন স্থাপন কৰাৰ পিছত সত্ৰৰ আশে পাশে এটা সুস্থ সামাজিক পৰিবেশ সৃষ্টি কৰাৰো প্ৰয়োজন বোধ কৰিছিল সেয়েহে তেওঁ প্ৰথম পৰ্যায়ত  নিজৰ পছন্দমতে নিৰ্বাচিত কিছুমান শিক্ষা সংস্কৃতি সম্পন্ন লোকক সত্ৰৰ আশে পাশে সংস্থাপিত কৰাৰ চেষ্টা কৰিছিল ইতিমধ্যে গুৰুজনাৰ লগত সদায় থাকি সত্ৰৰ কামত ব্ৰতী হৈ থকাৰ কাৰণে সেই দুষ্ট প্ৰকৃতিৰ লোকসকলৰ মন অতি পবিত্ৰ হৈ পৰিছিল সেই কাৰণে গুৰুজনাই ওচৰ পাজৰৰ বিভিন্ন স্থানত থকা কিছুমান বিশেষ গুণী জ্ঞানী লোকক সেই ঠাইত বসতি স্থাপনৰ বাবে নিমন্ত্ৰণ কৰিবলৈ তেওঁলোককে পঠিয়াই দিছিল যিসকল দস্যু দানৱৰ ভয়ত ওচৰ পাজৰৰ লোক কম্পমান আছিল, তেওঁলোকৰ বৰ্ত্তমানৰ অৱস্থা দেখি সেই বিশিষ্ট পণ্ডিত ব্যক্তিসকল আচৰিত হৈছিল তেওঁলোকৰ আচাৰ আচৰণ দেখিয়ে পণ্ডিত সকলে হৰিদেৱ গুৰুজনাৰ উচ্চতৰ আধ্যাত্মিক শক্তিৰ উমান পাইছিল সেয়েহে গুৰুজনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি তেওঁলোকে সত্ৰৰ আশে পাশে বসতি স্থাপন কৰিবলৈ আগ্ৰহী হৈছিল তাৰ পিচত গুৰুজনাৰ সান্নিধ্য আৰু শিক্ষাৰ প্ৰভাৱত শুদ্ধ হোৱা দুষ্ট প্ৰকৃতিৰ লোক সকলে ঘৰ দুৱাৰ সাজি দি কিছুমান শিক্ষা সংস্কৃতিসম্পন্ন বিশিষ্ট পৰিয়ালক তাত সংস্থাপন কৰিছিল এনেদৰে সত্ৰ স্থাপন কৰাৰ অলপ দিনৰ ভিতৰতে বহৰিত এখন আদৰ্শ সমাজ ব্যৱস্থাৰ ভেঁটিও হৰিদেৱ গুৰুজনাই আজিৰ পৰা চাৰে পাঁচশ বছৰৰো অধিক কাল আগতে  স্থাপন কৰিছিল (আগলৈ )

Sunday, 29 December 2019

Understanding Guru Harideva’s Approach Towards Unity-14 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৪ )


Guru Harideva was totally free from all dualities like happiness-sorrow, like-dislike, good-bad, enemy-friend etc. The mental setup of each and every individual differs because of these dualities. Such differences make people good or bad in the eyes of the society. By devoted study and day to day practice of the application of knowledge contained in Bhagavata, Guru Harideva attained sufficient insight to understand the reason that leads the minds of people to such dualities. In Bhagavata, it is suggested that , in this world , we should not be envious of anything including our enemies. A person with such mental setup never expect honor from anybody. He never desires ill fortune for anyone. He is said to be in equitableness, that is, he can accept the dualities mentioned above with equal peaceful mentality .For such a person, everything appears to be happy only. This is because of the absence of enmity with anything. In Bhagavata, it is also told that, the whole universe is a single body. To make it clear we can take example of our own body. Our body is constituted with innumerous numbers of cells. Out of these, not a single cell can remain outside the body. Likewise nothing in the universe can remain outside the universal body. Our body comprises of hands, feet, eyes, nose, fingers and so many other organs of different names and sizes. All the organs perform different functions for the benefit of a single body. If one organ does not function properly, the whole body functions get disturbed. If one small finger is hurt, pain is felt in the whole body. Now Bhagavata asks us, if somebody hurt his left hand with his own right hand, then whom can be blamed for the pain suffered by the whole body? So a learned person, leading life according to knowledge contained in Bhagavata, can never blame anyone for anything . With all such practical knowledge, Guru Hardeva dealt with those antisocial elements mentioned in my post of 27.12.19. So, his counseling worked on them like magic. Within a short time, they were convinced with the idea of Guru Harideva and voluntarily came forward to participate in his mission.(to be continued )

হৰিদেৱ গুৰুজনা ৰাগ-দ্বেষ , সুখ-দুখ , ভাল-বেয়া , শত্ৰু-মিত্ৰ প্ৰভৃতি সকলো প্ৰকাৰৰ দ্বৈত ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত পুৰুষ আছিল এই  দ্বৈত ভাৱ সমুহ হৈছে প্ৰত্যেক ব্যক্তিৰ মানসিকতা পৃথক পৃথক হোৱাৰ মূল কাৰণ মানসিকতাৰ পাৰ্থক্যৰ বাবেই কোনো এজন ব্যক্তি সমাজৰ চকুত ভাল বা বেয়া হিচাপে পৰিচিত হয়্।মানুহৰ মনত ওপৰোক্ত প্ৰকাৰৰ দ্বৈত ভাৱৰ উৎপত্তি হোৱাৰ নিৰ্দিষ্ট কাৰণ আছে ভাগৱতৰ শ্ৰদ্ধাপূৰ্ণ গভীৰ অধ্যয়ন আৰু সেই জ্ঞানৰ প্ৰায়োগিক দিশৰ অভ্যাসৰ দ্বাৰা গুৰুজনাই সেই কাৰণ বুজিব পৰাকৈ সুক্ষ্মদৃষ্টি লাভ কৰিছিল ভাগৱতত কোৱা হৈছে যে এই জগতৰ একোৰে প্ৰতি, আনকি শত্ৰুৰ প্ৰতিও বিদ্বেষ ভাৱ পোষণ কৰা অনুচিত এনে মানসিক স্থিতি লাভ কৰা ব্যক্তিয়ে কাৰো পৰা সন্মান পাবলৈ আশা নকৰে তেওঁ কাৰো কোনো প্ৰকাৰৰ দুখ যন্ত্ৰণা হোৱাটো নিবিচাৰে তেনে ব্যক্তিক সৰ্বত্ৰ সমদৃষ্টি সম্পন্ন বুলি কোৱা হয় ,অৰ্থাৎ তেওঁ সুখ-দুখ , শত্ৰু-মিত্ৰ আদি পৰস্পৰ বিপৰীত ভাৱ সমুহ একে ধৰণৰ শান্ত মনোভাৱেৰে গ্ৰহণ কৰিব পাৰে গতিকে তেওঁৰ মনত কোনো প্ৰাণীৰ প্ৰতি কোনো প্ৰকাৰৰ অমঙ্গল ভাৱৰ উদয় হব নোৱাৰে তেনে ব্যক্তিৰ বাবে সমস্তই  সুখময় হয় আৰু তেওঁ নিজেও সকলোৰে প্ৰিয়ৰূপে গণ্য  হয় সেই কাৰণে কোনেও তেওঁৰ সৈতে শত্ৰুতা আচৰণ কৰিব নোৱাৰে ভাগৱতত ইয়াকো কোৱা হৈছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড একেটা শৰীৰৰ ৰূপ কথাটো স্পষ্ট কৰাৰ বাবে আমি নিজৰ শৰীৰৰ পিনে চাব পাৰো আমাৰ শৰীৰ অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষৰ দ্বাৰা গঠিত ইয়াৰ এটা ক্ষুদ্ৰতম কোষো শৰীৰৰ বাহিৰত থাকিব নোৱাৰে একেদৰে বিশ্ব ব্ৰহ্মাণ্ডৰ একো বস্তু ব্ৰহ্মাণ্ড শৰীৰৰ বাহিৰত নাই আমাৰ শৰীৰত হাত , ভৰি , চকু , কান , নাক আঙুলি আদি বিভিন্ন নাম আৰু আকাৰৰ অনেক অঙ্গ প্ৰত্যঙ্গ আছে সকলো অঙ্গ প্ৰত্যঙ্গই একেটা শৰীৰৰ ৰক্ষাৰ উদ্দেশ্যে বেলেগ বেলেগ কাম কৰে এটা অঙ্গই সুচাৰুৰূপে কাম নকৰিলে সমস্ত শৰীৰত বিজুতি ঘটে হাতৰ ক্ষুদ্ৰ আঙুলিটোত আঘাত হলেও গোটেই শৰীৰতে যন্ত্ৰণা হয়ভাগৱতে আমাক বুজনি দি প্ৰশ্ন কৰিছে – যদি তোমাৰ সোঁহাত খনে তোমাৰ শৰীৰৰ বাওঁহাতখন কোবাই ভাঙে , তেন্তে তাৰ বাবে সমস্ত শৰীৰত হোৱা যন্ত্ৰণাৰ কাৰণে কাক দোষাৰোপ কৰিবা ? গতিকে ভাগৱতৰ নিৰ্দেশ অনুসৰি ব্যৱহাৰিক জীৱন পৰিচালনা কৰা কোনো ব্যক্তিয়ে কাকো, কেতিয়াও আৰু কোনো কাৰণতে বিদ্বেষৰ দৃষ্টিৰে চোৱা সম্ভৱ নহয় এনে প্ৰকাৰৰ প্ৰায়োগিক জ্ঞানৰ শক্তি লৈ হৰিদেৱ গুৰুজনা আমি ২৭.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা সেই দুষ্ট প্ৰকৃতিৰ লোক সকলৰ সন্মুখত থিয় দিছিল সেয়েহে তেওঁৰ বুজনিয়ে যাদুমন্ত্ৰৰ দৰে কাম কৰিছিল অতি সোনকালে তেওলোকে গুৰুজনাক আদৰি লৈছিল আৰু তেওঁৰ কামত পূৰ্ণ সহযোগ কৰাৰ বাবে হাতে কামে আগ বাঢ়ি আহিছিল(আগলৈ )

Friday, 27 December 2019

Understanding Guru Harideva’s Approach Towards Unity-13 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৩ )


The third phase of the history of Bahari started from arrival of Guru Harideva here in 1453 CE . After arrival ,he first came into contact with a group of twelve antisocial elements mentioned in my post of 25.1219 . They resisted him in the beginning . But Guru Haideva was determined to start his mission from this place. It was connected with the past memories of his forefathers. He came there as a Guru with a missionary vision . His mission was to distribute knowledge of Veda, Darshana and Bhagavata to common people . His aim was to teach them the  method of practical application of that knowledge for their own benefit. People , like us, know so many good things. We can deliver fluent lecture on these subjects. But that cannot serve any purpose unless we are accustomed with the practical applicability of these knowledge. A famer may know so many things about agriculture. But if he does not apply it in practical field ,he is not able to harvest even a handful of grains. Like this, in spiritual field also, unless we apply the knowledge gained from spiritual scriptures like Bhagavata , in day to day life , it is of no use . Guru Harideva had profound knowledge of Bhagavata .  Bhagavata itself contains the knowledge and instructions to deal with all types of people, good or bad, with better intention in our own mind. Guru Hariveda had the ability of practical application of that knowledge . The main purpose of his mission was to train up common man like us with that knowledge and its practical application. A doctor should have faith on whatever is written in the medical books he studied. Secondly he should be competent enough in practical application of those knowledge for treatment of a patient . Then only people recognize him as a good doctor . Likewise, Guru Harideva had full faith on teachings of Bhagavata . Then he studied and practiced the application of those teachings. So, he could accept the challenge of those people at Bahari with cool and calm setup of mind.(to be continued )

১৪৫৩ খৃষ্টাব্দত হৰিদেৱ গুৰুজনা বহৰিত উপস্থিত হোৱাৰ লগে লগে বহৰিৰ ইতিহাসৰ তৃতীয় পৰ্যায় আৰম্ভ হৈছিল হৰিদেৱ গুৰুজনা তাত উপস্থিত হৈ প্ৰ্থমতে আমি ২৫.১২.১৯ তাৰিখৰ লিখনিত উল্লেখ কৰা ধৰণৰ বাৰজন অসমাজিক লোকৰ এটা দলৰ মুখামুখী হৈছিল তেওঁলোকে গুৰুজনাক তাত থিতাপি লোৱাত বাধা দিছিল কিন্তু হৰিদেৱ গুৰুজনা নিজৰ পূৰ্বপুৰুষৰ স্মৃতি বিজড়িত সেই স্থানৰ পৰাই নিজৰ ধৰ্মাদৰ্শ প্ৰচাৰ কৰাৰ বাবে দৃঢ়্ সংকল্প আছিল তেওঁ এজন গুৰু হিচাপে জনসাধাৰণক সেৱা কৰাৰ সংকল্প গ্ৰহণ কৰি তালৈ আহিছিল তেওঁৰ সংকল্প আছিল নিজে বেদ , দৰ্শন আৰু ভাগৱতৰ ওপৰত অৰ্জন কৰা অগাধ জ্ঞান জনসাধাৰণৰ মাজত বিলাই দিয়া ভাগৱতৰ নিৰ্দেশ অনুসৰি সেই জ্ঞানৰ প্ৰায়োগিক শিক্ষা দান কৰি জনসাধাৰণৰ উপকাৰ সাধন কৰা আমাৰ দৰে সাধাৰণ মানুহে অনেক ভাল  কথা জানো সেইবিলাকৰ ওপৰত বহুত জ্ঞানগৰ্ভ বক্তৃতা দিব পাৰো কিন্তু দৈনন্দিন জীৱনত সেই জ্ঞানৰ প্ৰয়োগ নকৰিলে তাৰ কোনো ব্যৱহাৰিক অৰ্থ নাথাকে এজন খেতিয়কৰ কৃষি বিষয়ত বহু জ্ঞান থাকিব পাৰে কিন্তু সেই জ্ঞান কৃষিকাৰ্যত ব্যৱহাৰ কৰি খেতি বাতি নকৰিলে এমুঠি ধানো তেওঁৰ ভৰাঁললৈ নাহে সেইদৰে পাৰমাৰ্থিক ক্ষেত্ৰতো ভাগৱতৰ দৰে আধ্যাত্মিক শাস্ত্ৰৰ পৰা লাভ কৰা জ্ঞান দৈনন্দিন জীৱনত প্ৰয়োগ নকৰিলে তেনে জ্ঞান থকা বা নথকা একে কথা নিজৰ মনৰ শুদ্ধতা ৰক্ষা কৰি সমাজৰ ভাল বা বেয়া সকলো প্ৰকাৰৰ লোকৰ সৈতে কিদৰে চলিব লাগে তাৰ উপদেশ ভাগৱতত দিয়া আছে হৰিদেৱ গুৰুজনাই আহি প্ৰথমে লগ পোৱা ধৰণৰ আসুৰিক প্ৰবৃত্তিৰ অসামাজিক ব্যক্তিৰ প্ৰত্যাহ্বান কিদৰে শুদ্ধ মনেৰে গ্ৰহণ কৰিব পাৰি আৰু তেওঁলোকক বশ কৰি ভাল পথলৈ আনিব পাৰি তাৰ প্ৰায়োগিক জ্ঞানো ভাগৱততে দিয়া আছে হৰিদেৱ গুৰুজনাৰ ভাগৱত শাস্ত্ৰৰ অগাধ জ্ঞান আছিল লগতে সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰিব পৰা ক্ষমতাও তেওঁৰ আছিল হৰিদেৱ গুৰুজনাৰ বহৰিত সত্ৰ পতাৰ উদ্দেশ্যও আছিল জনসাধাৰণক ভাগৱত শাস্ত্ৰৰ জ্ঞান প্ৰদান কৰাৰ লগতে সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ শিক্ষা দান কৰা এজন চিকিৎসকে প্ৰথমে চিকিৎসা শাস্ত্ৰত লিখা কথা বিশ্বাস সহকাৰে অধ্যয়ন কৰিব লাগে দ্বিতীয়তে সেই শাস্ত্ৰজ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰি ৰোগীক চিকিৎসা কৰাত সিদ্ধহস্ত হব লাগে তেতিয়াহে তেওঁক এজন উপযুক্ত চিকিৎসক বুলি ধৰা হয় একেদৰে হৰিদেৱ গুৰুজনাৰ ভাগৱত জ্ঞানৰ সত্যতাৰ ওপৰত দৃঢ় বিশ্বাস আছিলতেওঁ এই শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিছিল আৰু এই জ্ঞানৰ সফল ব্যৱহাৰিক প্ৰয়োগৰ অভ্যাস বা সাধনা কৰি সিদ্ধিলাভ কৰিছিলসেই কৰণে গুৰুজনাই বহৰিত সন্মুখীন হোৱা প্ৰত্যাহ্বান সহজভাৱে আৰু শান্ত মনেৰে গ্ৰহণ কৰিছিল (আগলৈ)

Wednesday, 25 December 2019

Understanding Guru Harideva’s Approach Towards Unity-12 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১২ )


Now a days also, there are some places at Bahari connected with names and memories of the ancestors of Guru Harideva . On the basis of  those evidences, people still believe that the whole area of Dantapur ,that is present Bahari , was not destroyed by flood and erosion of river Brahmaputa at that time . Some portion ,including the residential campus of the ancestors of Guru Harideva was not affected . But most of the residential parts ,the river port , trading agencies and other important establishments were destroyed by flood and erosion . Majority population became homeless and jobless . So most of the population left Dantapur in search of alternate residential place and livelihood . Only a small population was left behind . Those jobless and homeless people ,finding no other alternative ,started antisocial activities to earn their livelihood . Under such circumstances Ajanabha , father of Guru Harideva, left that place . Thus in course of time , people gradually forgot the past history of the place . During that time the landscape of the place was frequently changing due to activities of the river . So , the place was known as Bahati, that is , a flowing land  . As no permanent habitations were there ,the antisocial elements found this area safe for their hideouts . They started threatening and looting people of nearby habitations taking shelter at this place . Though other people forgot the past history of the place, Guru Harideva got all past information about this place from his father Ajanabha . So , after completion of his pilgrimage tour , higher education in veda , Darshana and devoted study of Bhagavata  , he decided to come to that place to start his mission for practical application of the knowledge contained in Bhagavata . (to be continued)


তেতিয়াৰ দন্তপুৰ অৰ্থাৎ বৰ্ত্তমানৰ বহৰি অঞ্চলত হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষৰ স্মৃতি জড়িত কিছুমান ঠাই আজিও আছে এই তথ্যৰ ওপৰত ভিত্তি কৰি বহুতে বিশ্বাস কৰে যে ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াত তেতিয়া দন্তপুৰ সম্পূৰ্ণৰূপে গ্ৰাস হোৱা নাছিল হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকলৰ বাসস্থানকে ধৰি কিছু অংশ অক্ষত অৱস্থাত আছিল কিন্তু সৰহ সংখ্যক জনবসতিৰ লগতে নদীবন্দৰ , ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থান সমুহ নিশ্চিহ্ন হৈ গৈছিল অধিক সংখ্যক লোক গৃহহীন আৰু কৰ্মহীন হৈ পৰিছিল এনে পৰিস্থিতিত বেছিভাগ লোকে উপযুক্ত বাসস্থান আৰু কৰ্ম সংস্থাপনৰ সন্ধানত দন্তপুৰ পৰিত্যাগ কৰি গুছি গৈছিল এক সামান্য সংখ্যক সামৰ্থ্যহীন লোকহে তাত থাকি গৈছিল জীৱিকা সংস্থানৰ অন্য একো উপায় কৰিব নোৱাৰাত সেই মুষ্টিমেয় সংখ্যক লোকৰ এটা অংশ চুৰি ডকাইতি আদি অসামাজিক কামত লিপ্ত হৈছিল এনে পৰিস্থিতিত হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভেও সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল এনেদৰে এটা সময়ত মানুহে ঠাইখিনিৰ পূৰ্বৰ নাম আৰু ঐতিহ্য পাহৰি গৈছিল সেই সময়ত নদীৰ গতিপথৰ সঘন পৰিবৰ্ত্তন হৈ থকা হেতুকে ঠাইখনৰ ভৌগোলিক আকাৰ আৰু অৱস্থিতিৰো সঘন পৰিবৰ্ত্তন হৈছিলসেই কাৰণে ঠাইখন বহতি অৰ্থা বৈ থকা বা পৰিবৰ্ত্তন হৈ থকা ঠাই হিচাপে জনাজাত হৈছিল স্থায়ী বাসিন্দা নথকাৰ বাবে ঠাইখন অসামাজিক লোকৰ নিৰাপদ গুপ্ত ঘাটিত পৰিণত হৈছিল তেওঁলোকে সেই অঞ্চলত আশ্ৰয় লৈ ওচৰ পাজৰৰ জনবসতি সমুহক ভীতিগ্ৰস্ত কৰিছিল আৰু তাত লুটপাত চলাইছিল জনসাধাৰণে ঠাইখনৰ ঐতিহ্য পাহৰি গ্লেও হৰিদেৱ গুৰুজনাই পিতৃ অজনাভৰ জৰিয়তে এই ঠাইৰ পুৰণি ইতিবৃত্ত জানিব পাৰিছিল সেই কাৰণে তীৰ্থ ভ্ৰমণ , বেদ আৰু দৰ্শনৰ উচ্চ শিক্ষালাভ আৰু সুদীৰ্ঘ পাঁচ বছৰ কাল ধৰি ভাগৱত শাস্ত্ৰৰ গভীৰ অধ্যয়ন সমাপ্ত কৰাৰ অন্তত হৰিদেৱ গুৰুজনাই সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ দ্বাৰা সৰ্বসাধাৰণ লোকক শিক্ষা দিয়াৰ ব্ৰত গ্ৰহণ কৰি এই স্থানত উপস্থিত হৈছিল । (আগলৈ )

Monday, 23 December 2019

Understanding Guru Harideva’s Approach Towards Unity-11 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১১ )


Since 7th century CE, the descendants of Narottama continued to be at Dantapur for several centuries. Generation after generation they were educating the people of that area. Once, when everything was favorable, Dantapur had a large population. People of different classes and professions used to live there peacefully under the control of a disciplined social system . But the situation changed with the passage of time. The river Brahmaputa which was the source of happiness once, became the cause of sorrow . At present also we see that the river Brahmaputra changes its course from time to time. Severe erosion threatens the people living nearby. They are forced to shift from one place to other as per their convenience. After the destruction of one habitation fully or partly, the river again changes its course . It may go in any direction . Because of this, one place may become nearer or far away from the river bank. Now a days , there are some efforts to control these things . At that time , that is , more than five-six hundred years ago, there was no  Government Department to look into these things like today .No news paper or TV channel was there to report these incidents to public . Those problems were to be taken care of by the suffering people themselves. In Dantapur also such situation arised . People started abandoning that place in search of better place of living . The area came under the control of some antisocial elements in absence of a strong and disciplined society. Finally Ajanabha , the father Guru Harideva , also had to decide to leave the place. This second phase of the recorded history of Bahari covered a duration of approximately one century . It started from prior to the leaving of that place by Ajanabha .It was a sad part , a history of destruction only .(to be continued )

সপ্তম শতিকাৰ পৰা কেইবা শতিকা ধৰি নৰোত্তমৰ উত্তৰাধিকাৰী তথা হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ সকল একেৰাহে দন্তপুৰত বসবাস কৰি আছিল তেওঁলোকে পুৰুষানুক্ৰমে সমাজত শিক্ষা বিস্তাৰৰ দায়িত্ব পালন কৰি আহিছিল এটা সময়ত যেতিয়া সকলো ঠিকে ঠাকে চলি আছিল , তেতিয়া দন্তপুৰৰ জনসংখ্যাও অধিক আছিল বিভিন্ন জাতিগোষ্ঠীৰ আৰু বিভিন্ন বৃত্তিৰ লোকসকলে এক সুশৃংখল সমাজ ব্যৱস্থাৰ অধীনত সুখে সন্তোষে বসবাস কৰিছিল কিন্তু সময়ৰ সোতত দন্তপুৰৰ পৰিস্থিতি একে নাথাকিলযি ব্ৰহ্মপুত্ৰ এদিন সুখ সমৃদ্ধিৰ কাৰণ আছিল সেয়ে এদিন দুখৰ কাৰণ হৈ উঠিলব্ৰহ্মপুত্ৰ নদীয়ে কিছু বছৰৰ মুৰে মুৰে গতি সলনি কৰাটো আমি আজিও দেখি থকা ঘটনা প্ৰৱল গৰাখহনীয়াই পাৰৰ জনবসতিলৈ ভাবুকি কঢ়িয়াই অনাটো নিত্যনৈত্তিক সমস্যা আজিও খহনীয়াত ঘৰ মাটি হেৰুৱাই নৈপৰীয়া মানুহ অন্য সুবিধাজনক স্থানলৈ গুছি যাব লগীয়া হয় গৰাখহনীয়াত একো একোটা জনবসতি আংশিক বা সম্পূৰ্ণভাৱে ধ্বংস হোৱাৰ পিচত নৈয়ে পুনৰ গতি সলাই যিকোনো স্থানলৈ যাব পাৰে এনেদৰেই কোনো এখন ঠাই সময়ে সময়ে নদীখনৰ পৰা ওচৰ বা দূৰত অৱস্থিত হব পাৰে  আজিৰ দিনত এনে ঘটনা নিয়ন্ত্ৰণ কৰাৰ বাবে কিবাকিবি ব্যৱস্থা লোৱা হয় তেতিয়াৰ দিনত অৰ্থাৎ আজিৰ পৰা ছয়-সাতশ  বছৰ পূৰ্বে এই সমস্যাসমুহ নিয়ন্ত্ৰণৰ বাবে কোনো চৰকাৰী বিভাগ নাছিল ঘটনাবোৰ ৰাইজক জনোৱাৰ বাবে বাতৰিকাকত বা দূৰদৰ্শনৰ চেনেলবিলাকো নাছিল ভুক্তভোগী লোকসকলে নিজাববীয়াকৈ এই সমস্যাৰ পৰা পৰিত্ৰাণৰ পথ বিচাৰি লৈছিল দন্তপুৰৰ মানুহেও লাহে লাহে সেই ঠাই পৰিত্যাগ কৰিবলৈ বাধ্য হৈছিল সামৰ্থ্যবান লোকসকলে সেই ঠাই এৰি যোৱা কাৰণে সুশৃংখল সমাজ ব্যৱস্থা ক্ৰমান্বয়ে নোহোৱা হৈছিল তাৰ ফলত চোৰ দস্যুৰ প্ৰকোপ বাঢ়ি গৈছিল এনে পৰিস্থিতিত পৰি এটা সময়ত হৰিদেৱ গুৰুজনাৰ পিতৃ অজনাভ ইয়াৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল বহৰিৰ ইতিহাসৰ দ্বিতীয় পৰ্যায় ইয়াৰ পৰাই আৰম্ভ হৈছিল অজনাভ দন্তপুৰ এৰি যোৱাৰ কিছুবছৰ আগৰ পৰা পিছলৈ প্ৰায় এশবছৰ কাল বহৰিৰ ইতিহাসৰ এক দুখময় অধ্যায় ,এক ধ্বংসৰ ইতিহাস (আগলৈ )

Saturday, 21 December 2019

Understanding Guru Harideva’s Approach Towards Unity-10 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১০ )

Based on information received from different sources, we can divide the history of Bahari into three phases . The first phase covers a  long time period of several centuries, starting from prior to 7th century CE . Guru Harideva’s forefather Dwija Narottama ,was a learned scholar from Kanykubja ,the well known center of education in North India. He came  here along with his family under patronage of the then king of Kamarupa in 7th century CE. The learned king , Kumar Bhaskar Barma was very much interested to make the people of his state well educated . Educational institutions were established by the king at different locations of his state . Competent scholars were encouraged to come to Kamrupa from different parts of North India to run those institutions . Till today , people of Assam remember this king for his contribution in the field of education . As a mark of respect , recently one University has been established in his name at Nalbari , Assam . Narottama , the forefather of Guru Hrideva and his family members were entrusted  with duties of running an educational institution established by the king at Bahari . During that time , that is , in 7th century CE , this place was known as Dantapur . It was a river port on the north bank of river Brahmaputra . People from large parts of lower Assam districts used to bring their agricultural and other domestic products to this place for export . While going back , they used to carry with them their necessary provisions imported from outside . Those transportations were made by small boats through the tributaries of Brahmaputra . Connectivity of large container ships was available from this place to other parts of India through river Brahmaputra . So , Dantapur was a famous trade and export-import centre of that time . Population was large and all amenities of a township were available here . For several centuries together, the status of the place continued to be like that . (to be continued )



বিভিন্ন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত বহৰিৰ ইতিহাস তিনিটা পৰ্যায়ত বিভক্ত কৰিব পাৰি প্ৰাপ্ত তথ্য অনুসৰি প্ৰথম পৰ্যায়ৰ ইতিহাস খৃষ্টিয় সপ্তম শতিকাৰ আগৰ পৰা আৰম্ভ কৰি পিচৰ কেইবা শতিকা পৰ্যন্ত বিস্তাৰিত হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ দ্বিজ নৰোত্তম উত্তৰ ভাৰতৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কান্যকুব্জৰ বাসিন্দা তথা অতিশয় গুণী জ্ঞানী পণ্ডিত ব্যক্তি আছিল কামৰূপৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি খৃষ্টিয় সপ্তম শতিকাত তেওঁ সপৰিয়ালে বহৰিলৈ আহিছিল ৰজা কুমাৰ ভাস্কৰ বৰ্মা নিজেও শিক্ষিত ব্যক্তি আছিল আৰু প্ৰজাসকলকো শিক্ষিত কৰি তোলাৰ বাবে যত্নপৰ আছিল তেওঁ নিজ ৰাজ্যৰ বিভিন্ন স্থানত শিক্ষানুষ্ঠান প্ৰতিস্থা কৰিছিল এই সমুহত শিক্ষাদান কৰাৰ বাবে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা পণ্ডিত ব্যক্তিক আমন্ত্ৰিত কৰি আনি সা-সুবিধাসহ বিভিন্ন স্থানত প্ৰতিষ্ঠিত কৰিছিল অসমৰ মানুহে এইজন ৰজাই অসমত শিক্ষা বিস্তাৰৰ বাবে কৰা প্ৰচেষ্টাৰ কথা আজিও শ্ৰদ্ধাৰে সোঁৱৰে কিছুবছৰ আগতে তেওঁৰ নামেৰে অসমৰ নলবাৰীত এখন বিশ্ববিদ্যালয় স্থাপন কৰি অসমৰ মানুহে এইজন ৰজাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে এইজন ৰজাই  বৰ্ত্তমানৰ বহৰিত প্ৰতিষ্ঠা কৰা এখন শিক্ষানুষ্ঠানৰ দায়িত্ব হৰিদেৱ গুৰুজনাৰ পূৰ্বপুৰুষ নৰোত্তম আৰু তেওঁৰ পৰিয়ালক দিয়া হৈছিল সেই সময়ত ,অৰ্থাৎ খৃষ্টীয় সপ্তম শতিকাত এই ঠাইৰ নাম আছিল দন্তপুৰ ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সেই সময়ৰ এক নদী বন্দৰ আছিল নামনি অসমৰ বিভিন্ন জিলাৰ মানুহে নিজৰ কৃষিজাত আৰু ঘৰত উৎপাদিত অন্যান্য সামগ্ৰী সৰু সৰু নাৱঁত ভৰাই বহ্মপুত্ৰৰ উপনৈ সমুহেদি ইয়ালৈ আনিছিল উভটি যাওঁতে নিজৰ নিজৰ ঠাইৰ প্ৰয়োজনীয় সামগ্ৰী ইয়াৰ পৰা লৈ গৈছিল বাহিৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চলিব পৰা  ডাঙৰ ডাঙৰ জাহাজেৰে এই অঞ্চলৰ প্ৰয়োজনীয় বস্তু বহৰিলৈ অনা হৈছিল আৰু ইয়াত উৎপাদিত সামগ্ৰীসমুহ ভাৰতৰ বিভিন্ন স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা আছিল গতিকে দন্তপুৰ সেই সময়ৰ এক বৃহৎ ব্যৱসায়িক আৰু আমাদানি-ৰপ্তানি কেন্দ্ৰ হিচাপে প্ৰসিদ্ধ আছিল জনসংখ্যা বেছি আছিল আৰু সেই সময়ৰ ব্যৱস্থা অনুসৰি থাকিব পৰা সকলোখিনি নগৰীয়া সা-সুবিধা ইয়াত আছিল কেইবাশতিকা জুৰি ঠাইখনৰ এই মৰ্যাদা অটুত আছিল (আগলৈ )

Monday, 9 December 2019

Understanding Guru Harideva’s Approach Towards Unity-9 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৯ )


The Bhagavata , on the principles of which , Guru Harideva established his religious and social education system, is a scripture meant for house holders . It is mentioned in the Bhagavata itself . Guru Harideva was also a house holder. He used to live a family life  according to vedic rules and regulations as explained in Bhagavata . As a householder , he also had wife and children like others .Here ,we should keep in mind that , in those days , life was not as on today . So ,for proper  understanding of the  family life of Guru Harideva ,  we should see the things with reference to the prevailing situations of that time  . In 1453 CE , Guru Harideva ,established his first formal institution,  named  Satra . It was meant for religious and social education of the common people  . This Satra was established   in a village , presently known as Bahari , in Barpeta District of Assam . This place was very near to the north bank of river Bahmaputra , So , it was a convenient place for river communication  once upon a time.   But when Guru Harideva came there, the river Bahmaputra was away from that place, because of change of its course . So , the distance to be travelled  by road to his Satra ,  from the water way of  river Brhmaputra was more . In these days also ,Assam is a place covered by thick  forests . A large  number of rivers and their tributaries  are flowing here . From this itself , we can easily imagine the condition prevailed  here  five and half centuries ago  . There was no road . People used to go from one place to another through thick forests infected with wild animals , venomous snakes , leech , bees and so many other fearful things . Crossing of rivers coming on the way through jungles was  very difficult  . Population was very thin  and it was an essential practice of that time to establish the habitations of people near the rivers . Boat was the most favorable means of transportation of man and materials through those rivers at that time  .  The Satra established at Bahari by Guru Harideva was lack of that most important facility because of its distance from river Brahmaputra . In addition to  it,  the Satra also faced some more other  problems which we should  discuss further to make the points clear. ( to be continued )



ভাগৱত শাস্ত্ৰৰ ভিত্তিত হৰিদেৱ গুৰুজনাই ধৰ্মচৰ্চা আৰু সমাজ পৰিচালনাৰ শিক্ষা দি গৈছে আৰু সেই ভাগৱত শাস্ত্ৰ সংসাৰ ধৰ্ম পালন কৰা লোকৰ বাবে উপযোগী স্বয়ং ভাগৱততে এই কথা কোৱা হৈছে  সংসাৰ ধৰ্ম সম্পৰ্কীয় বৈদিক নিৰ্দেশ সমুহৰ যি অৰ্থ ভাগৱতত ব্যাখ্যা কৰা হৈছে , হৰিদেৱ গুৰুজনাই সেইমতে সংসাৰ ধৰ্ম পালন কৰিছিল অন্য গৃহস্থৰ দৰে তেওঁৰো  পত্নী ,পুত্ৰ , কন্যা আছিল ইয়াতে আমি ভাবি চোৱা উচিত যে সেই সময়ৰ সাংসাৰিক জীৱন নিৰ্বাহৰ পৰিবেশ পৰিস্থিতি বৰ্ত্তমানৰ দৰে নাছিল সেয়েহে সেই সময়ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰিলেহে গুৰুজনাৰ সাংসাৰিক জীৱন প্ৰকৃত ছৱি পোৱা সম্ভৱ জনসাধাৰণক ধৰ্মীয় আৰু সামাজিক শিক্ষা প্ৰদান কৰা বাবে হৰিদেৱ গুৰুজনাই ১৪৫৩ খৃষ্টাব্দত  তেওঁৰ প্ৰথমখন সত্ৰানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত ,  বৰ্ত্তমান বৰপেটা জিলাৰ বহৰি গাৱঁত এই সত্ৰখন স্থাপন কৰা হৈছিল এসময়ত এই ঠাইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছিলকিন্তু হৰিদেৱ গুৰুজনা ইয়ালৈ অহাৰ আগতে নদীখনে সোঁত পৰিবৰ্ত্তন কৰি দূৰলৈ গৈছিল নদীপথৰ পৰা সত্ৰখন দূৰত হোৱা হেতুকে স্থলপথেৰে বেছিদূৰ ভ্ৰমণ কৰিব লগীয়া হোৱাত গুৰুজনাক লগ ধৰিব বিচৰা বিভিন্ন স্থানৰ পণ্ডিত ব্যক্তি তথা সত্ৰলৈ অহা শিষ্যভকত সকলৰ যথেষ্ট অসুবিধা হৈছিল অসম এতিয়াও হাবি বননিৰে আৱৰা দেশ ইয়াত অনেক নদ নদীও আছে আজিৰ পৰিবেশ চালেই আমি এতিয়াৰ পৰা চাৰে পাঁচশ বছৰ আগৰ পৰিস্থিতিৰ ভয়াৱহতা সহজে অনুমান কৰিব পাৰো বাট পথৰ ব্যৱস্থা  নাছিল ঘন হাবিৰ মাজেদি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল হাবিত বিভিন্ন প্ৰকাৰৰ হিংস্ৰ জীৱ জন্তু , বিষাক্ত সাঁপ , জোক , মৌমাখি ইত্যাদি অনেক ভয়াবহ প্ৰাণী আছিল হাবিৰ মাজত থকা নদী পাৰ হোৱাৰ সমস্যা আছিল জনসংখ্যা অতি কম আছিল পৰিবহন তথা অন্যান্য সুবিধাৰ প্ৰতি লক্ষ ৰাখি জনবসতি সমুহ যিমানদূৰ সম্ভৱ নদীৰ ওচৰত স্থাপন কৰা হৈছিল নদীসমুহত চলোৱা নাওঁ আছিল মানুহৰ যাতায়াত আৰু বস্তু পৰিবহনৰ সবাতোকৈ সহজ উপায় গুৰুজনাই বহৰিত স্থাপন কৰা প্ৰথম সত্ৰখন এনে সুবিধাৰ পৰা বঞ্ছিত হোৱাৰ উপৰিও অন্য কিছুমান সমস্যাও আছিল বিষয় বস্তু স্পষ্টভাৱে বুজি পোৱাৰ বাবে এই সমস্যাসমুহো জনা প্ৰয়োজন (আগলৈ )