Tuesday, 11 February 2020

Understanding Guru Harideva’s Approach Towards Unity-36 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৬)

In continuation of our discussion of 9.2.20, on the life stories of self realized persons contained in Bhagavata, we can discuss the story of King Bharata. Through this story,  Bhagavata tries to make us understand how a small unfulfilled desire of one birth can be the cause of rebirth and subsequent sufferings for even a man of higher knowledge. It is told in Bhagavata that. there was a famous emperor named Bharata ruling over the whole world. He performed the duties of an emperor with great devotion, strictly following the rules and regulations given in the scriptures. He considered those duties as way and means for attainment of self realization. People, in general thinks that, for spiritual achievements we should go to a temple or hermitage. We should forget everything about family responsibility, social responsibility and all other natural responsibilities pertaining to our birth. We should forget the duties to be performed, in connection with those responsibilities etc. But in Bhagavata it is told that, we should perform the duties connected with the worldly responsibilities with great devotion, without expectation of any return for it, as was done by King Bharata. This type of selfless service, reduces the accumulated outcome of our past deeds and thus gradually brings higher spiritual achievements. King Bharata followed this line of approach for higher spiritual achievements . With this type of spiritual practice , his mind was totally purified in due course of time . At his old age,he realized that the emperor-ship he attained as a result of his past deeds was a very small achievement. Attainment of self realization is far higher achievement than emperor-ship of even the entire universe . Realizing this truth, he renounced his emperor-ship along with all worldly relations . He went to deep forest for living a lonely life and put his full effort for realization of the self. (to be continued )

আমাৰ 9.2.20 তাৰিখৰ লিখনিত আত্মজ্ঞানী পুৰুষৰ বিষয়ে কিছু কথা কৈ অহা হৈছে এই সম্পৰ্কত আমি ভাগৱতত বৰ্ণনা কৰা সম্ৰাট ভৰতৰ কাহিনী বিচাৰ কৰি চাব পাৰো এই কাহিনীৰ দ্বাৰা ভাগৱতে এক জন্মৰ এটা মাত্ৰ অতি ক্ষুদ্ৰ অপূৰ্ণ বাসনাই কিদৰে পুনৰ্জন্ম আৰু তাৰ আনুষঙ্গিক দুখ যন্ত্ৰণাৰ মাজলৈ আমাক লৈ যাব পাৰে তাক বুজাই দিয়াৰ চেষ্টা কৰিছে ভৰত নামৰ এজন বিখ্যাত সম্ৰাটে সমগ্ৰ পৃথিৱীৰ আধিপতি হৈ দেশ শাসন কৰিছিল শাস্ত্ৰই দিয়া নীতি নিয়ম আখৰে আখৰে মানি তেওঁ অতি নিষ্ঠা সহকাৰে এজন সম্ৰাট হিচাপে কৰিব লগীয়া কামসমুহ কৰিছিল নিষ্ঠা সহকাৰে প্ৰজাপালনৰ কৰ্ত্তব্য পালন কৰা কামকে তেওঁ আত্মজ্ঞান সাধনাৰ পথ আৰু উপায় হিচাপে গ্ৰহণ কৰিছিল সাধাৰণ মানুহে ভাৱে যে পাৰমাৰ্থিক সাধনাৰ বাবে ঘৰ গৃহস্থী ত্যাগ কৰি বনবাসী বা আশ্ৰমবাসী হব লাগে সাংসাৰিক দায়িত্ব , সামাজিক দায়িত্ব তথা জন্ম সূত্ৰে আহি পৰা অন্যান্য দায়িত্বসমুহৰ কথা পাহৰি যাব লাগে এই দ্বায়িত্ব সমুহৰ আনুষঙ্গিক হিচাপে যিবিলাক কাম কৰিব লগীয়া হয়,  সেইবোৰ এৰাই চলিব লাগে কিন্তু ভাগৱতে কৈছে যে জাগতিক দায়িত্ব সমুহ পালন কৰাৰ বাবে যি কাম কৰিব লগীয়া হয় তাক সম্ৰাট ভৰতৰ দৰে একান্ত নিষ্ঠা সহকাৰে কৰা উচিত এই সেৱাৰ  বিনিময়ত  একো এটা পোৱাৰ আশা আকাংক্ষা কৰিব নালাগে ইয়াৰ দ্বাৰা আমাৰ পূৰ্ৱৰ জন্মসমুহৰ অপূৰ্ণ আশা আকাংক্ষাৰ সঞ্চিত বৃহৎ ভাণ্ডাৰ ক্ৰ্মান্বয়ে সৰু হৈ আহে আৰু পাৰমাৰ্থিক প্ৰগতিৰ মাত্ৰা ক্ৰমান্বয়ে বাঢ়ি যায়সম্ৰাট ভৰতে পাৰমাৰ্থিক প্ৰগতিৰ বাবে এই পথ বাছি লৈছিল এই পথেৰে নিৰলস ভাৱে সাধনা কৰি থকাৰ ফলত  এটা সময়ত ভৰতৰ মন সম্পূৰ্ণ শুদ্ধ হৈ পৰিছিল আৰু ভাগৱতৰ উপদেশসমুহ সম্পূৰ্ণ শুদ্ধ বুলি প্ৰমাণিত হৈছিল  বৃদ্ধ অৱস্থাত তেওঁ স্পষ্টভাৱে বুজি পাইছিল যে পূৰ্বজন্মৰ বাসনাৰ ফলত তেওঁ লাভ কৰা বৃহৎ সাম্ৰাজ্যৰ অধিকাৰ অত্যন্ত নগণ্য প্ৰকাৰৰ প্ৰাপ্তি আত্মজ্ঞানৰ প্ৰাপ্তি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অধিকাৰ লাভতকৈও অনেক উচ্চ খাপৰ প্ৰাপ্তি এই সত্য উপলব্ধি কৰাৰ পিছত এটা সময়ত সম্ৰাট ভৰতে নিজৰ বিশাল সাম্ৰাজ্য তথা আত্মীয় স্বজন সকলোকে ত্যাগ কৰি নিৰ্জন স্থানত অকলশৰে থাকি আত্মচিন্তা কৰাৰ সিদ্ধন্ত লৈছিল তাৰ পিছত তেওঁ গভীৰ অৰণলৈ গৈ আত্মজ্ঞান লাভ কৰাৰ বাবে পূৰ্ণকালীন প্ৰচেষ্টা আৰম্ভ কৰিছিল (আগলৈ )

Sunday, 9 February 2020

Understanding Guru Harideva’s Approach Towards Unity-35 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৫)

We told in the preceding post that to understand the life and teachings of Guru Harideva , we should study the life stories of self realized persons described in Bhagavata .Each person with self realization has to enjoy the outcome of past deeds till their body of the present life is alive .Now the outcome of past deeds are different for each person since the past deeds were not same for all . So, the lifestyle and behavior of each self realized person also differs . Sukadeva got the knowledge of Bhagavata from his father Vyasdeva. Both of the father and son were self realized personalties .But the lifestyles of them were different. Vyaseva was a married person of matured age . He was well dressed as per Indian tradition of that time. He frequently attended the royal courts of the famous kings of his time . He was honored by all people at all places he visited. Even the most powerful kings of that time came down from the throne to greet him when he used to enter their royal courts. On the other hand, Sukadeva was a boy of young age .He was completely absorbed with spiritual thoughts. Because of that, he was not at all conscious of his body .He did not even feel it e necessary to wear a  piece of cloth at least to cover the private part of his body  .Sukadeva never visited any royal court . He was not interested to stay in one place for more time than the time required for milking a cow and used to roam around in the world according to his own free will . Nowhere he was greeted with due respect like his father Vyasadeva. People used to pass adverse comments and children used to throw dust on his naked body thinking him to be a mentally abnormal person. It is told in Bhagavata that all those happened due to differences in their past deeds and the consequent outcomes of those deeds .But one thing was common for both .Since both Sukadeva and Vyasadeva were self realized persons, they never reacted on those types of happiness and sorrow of their life like a common man.The life and teachings of Guru Harideva was based on such analysis of the knowledge contained in Bhagavata.(to be continued)

 ইয়াৰ আগৰ লিখনিটোত কৈ অহা হৈছে যৈ হৰিদেৱ গুৰুজনাৰ জীৱন আৰু তেওঁ আমাক দি থৈ যোৱা শিক্ষাৰ তাৎপৰ্য  বুজিবলৈ হ’লে আমি ভাগৱতত বৰ্ণনা কৰা আত্মজ্ঞানী পুৰুষ সকলৰ জীৱন বৃত্তান্তসমুহ সঠিকভাৱে বুজাৰ প্ৰয়োজন ।সকলো আত্মজ্ঞানী পুৰুষে বৰ্ত্তমান শৰীৰত জীৱিত থকালৈকে আগৰ জন্মত কৰা কৰ্মসমুহৰ ফল ভোগ কৰিব লাগে । পূৰ্বৰ জন্মত সকলোৱে একে কৰ্ম বা একে ধৰণৰ আশা আকাংক্ষা কৰা নাছিল। গতিকে পৰৱৰ্ত্তী জন্মত সেইসমুহৰ পৰা লাভ কৰা ফলসমুহো একে হ’ব নোৱাৰে । সেয়েহে আত্মজ্ঞান লাভ কৰা প্ৰত্যেক ব্যক্তিৰ জীৱন ধাৰণৰ প্ৰণালী আৰু আচাৰ ব্যৱহাৰ পৃথক পৃথক হয় ।  শুকদেৱে  তেওঁৰ পিতা ব্যাসদেৱৰ পৰা ভাগৱত শাস্ত্ৰৰ জ্ঞান লাভ কৰিছিল। পিতা পুত্ৰ উভয়ে আত্মজ্ঞানী পুৰুষ আছিল ।কিন্তু দুয়োৰে জীৱন যাত্ৰাৰ প্ৰণালী আৰু আচাৰ আচৰণ  একে নাছিল । ব্যাসদেৱ আছিল পূৰ্ণ বয়স্ক বিবাহিত ব্যক্তি ।তেওঁ সেই কালৰ ৰুচি অনুযায়ী কাপোৰ কানি পৰিধান কৰিছিল ।তেওঁ সেই কালৰ বিখ্যাত ৰজাসকলৰ ৰাজসভালৈ সঘনে অহা যোৱা কৰিছিল । তেওঁ যি ঠাইলৈ গৈছিল তাতেই সকলোৰে পৰা মান সন্মান পাইছিল । আনকি সেই কালৰ অতি শক্তিশালী ৰজাসকলেও ৰাজ সভাত উপস্থিত হোৱা ব্যাসদেৱক আদৰি আনিবলৈ নিজৰ ৰাজসিংহাসনৰ পৰা নামি আহিছিল । আনহাতে ব্যাসদেৱৰ তুলনাত শুকদেৱ অতি কম বয়সৰ ল’ৰা আছিল । আত্মচিন্তাত তেওঁ সদায় সম্পূৰ্ণ মগ্ন হৈ আছিল্। নিজৰ এটা শৰীৰ আছে বুলি তেওঁ অনুভৱ কৰিব পৰা অৱস্থাত নাছিল । সেই কাৰণে কাপোৰ এখনেৰে শৰীৰ ঢাকি লজ্জা নিবাৰণ কৰাৰ প্ৰয়োজনীতাও তেওঁ অনুভৱ কৰা নাছিল  ।কেতিয়াও কোনো ৰাজসভালৈ তেওঁ যোৱা নাছিল । গাই এজনী খিৰাবৰ বাবে যিমান সময় লাগে তাতকৈ বেছি সময় কোনো এখন ঠাইতে থকাৰ বাবে তেওঁ আগ্ৰহী নাছিল । নিজৰ ইচ্ছামতে য’তে ত’তে ঘুৰি ফুৰিছিল । কাৰো পৰা আৰু কোনো ঠাইতে পিতৃ ব্যাসদেৱৰ দৰে আদৰ সম্ভাষণ তেওঁক জনোৱা হোৱা নাছিল ।মানুহে তেওঁৰ বিষয়ে কটু মন্তব্য কৰিছিল আৰু  বিভিন্ন ব্যক্তিয়ে মানসিক ভাৰসাম্য হেৰুওৱা ব্যক্তি বুলি ভাবি তেওঁৰ নাঙঠ শৰীৰলৈ ধুলি বালি দলিয়াইছিল ।ভাগৱতে কৈছে যে শুকদেৱ আৰু ব্যাসদেৱৰ দৰে আত্মজ্ঞানী ব্যক্তিৰ এনে ধৰণৰ সুখ দুখ ভোগৰ পাৰ্থক্য পূৰ্ৱৰ জন্মৰ অপূৰ্ণ আশা আকাঙ্ক্ষাৰ পাৰ্থক্য  অনুসৰি হৈছিল।কিন্তু এটা বিষয়ত দুয়োৰে স্থিতি  এক আছিল । আত্মজ্ঞানী পুৰুষ হোৱা হেতুকে উভয়ে এনে সুখ আৰু দুখত   সাধাৰণ মানুহৰ দৰে সুখী   বা  দুখী হোৱা নাছিল । হৰিদেৱ গুৰুজনাৰ জীৱন আৰু দৰ্শন বুজাৰ বাৱে ভাগৱত শাস্ত্ৰই দিয়া জ্ঞানৰ ওপৰোক্ত প্ৰকাৰৰ বিশ্লেষণৰ আৱশ্যক।(আগলৈ)

Friday, 7 February 2020

Understanding Guru Harideva’s Approach Towards Unity-34 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৪)

Though the main aim of Bhagavata is spiritual upliftment of people with little understanding capacity like us, it also contains advice for people with self realization. It is told here that after attaining self realization, people should wait peacefully till the end of his present body. He should accept equally whatever comes to him in the form of happiness or sorrow as a result of his past deeds. Those people with self realization may live within us as a member of our society. But while living as common man in the society also, those people strictly follow the advice of the scriptures to avoid further entry of desires into their mind. We may not be able to differentiate a people with self realization living in our society from another common people by seeing his body, dress and activities. Because all people are to enjoy the outcome of their past deeds and enjoy the happiness and sorrow of worldly life, in the same manner.The rules are not separate for people with spiritual knowledge and common man with little knowledge. So, the scriptures advise all common people not to pass any adverse comment or do anything adverse against anybody by simply seeing the external behavior expressed by him. This is because we may not properly understand the people with self realization living within us due to the difference in outlook towards worldly things. General people like us, react immediately if something happens in favor or against our interest and express our satisfaction or dissatisfaction through our words and action. But the same type of happening can never generate any reaction in the mind of people with self realization. We do our activities with calculation of profit and loss.But people with self realization do whatever is beneficial for other people. In their consideration, showing the path of self realization to common people is the only purpose of their living in this wolrd. Common people generally misunderstand those people and misbehave them for their uncommon life style.There are numbers of such example in Bhagavata. For proper understanding of life and teachings of Guru Harideva of mental exercise in this line is necessary. (to be continued)     


আমাৰ দৰে অল্পজ্ঞান সম্পন্ন লোকৰ পাৰমাৰ্থিক উন্নতি সাধন কৰাটোৱে ভাগৱত শাস্ত্ৰৰ মূল লক্ষ যদিও ইয়াত আত্মজ্ঞানী লোকৰ বাবেও উপদেশ সন্নিবিষ্ট কৰা হৈছে ইয়াত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিছত আত্মজ্ঞানী পুৰুষে বৰ্ত্তমানৰ শৰীৰৰ আয়ুসকাল শেষ নোহোৱা পৰ্যন্ত শান্ত ভাৱে অপেক্ষা কৰা উচিত পূৰ্বৰ জন্মত কৰি অহা আশা আকাংক্ষা সমুহৰ ফল হিচাপে জীৱনলৈ আহি থকা সুখ আৰু দুখক সমানভাৱে গ্ৰহণ কৰা উচিত আত্মজ্ঞান সম্পন্ন পুৰুষ অমাৰ লগত আমাৰ সমাজতে বাস কৰি থাকিব পাৰে সমাজৰ মাজত সাধাৰণ ব্যক্তি হিচাপে বাস কৰি থাকিলেও তেনে লোকে মনত বাসনাৰ পুনৰ উদয় নহবৰ বাবে সকলো শাস্ত্ৰীয় নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰে সমাজৰ মাজত সাধাৰণ লোকৰ দৰে বাস কৰি থকা আত্মজ্ঞানী পুৰুষক  বেশভূষা বা তেওঁলোকে কৰি থকা কাম চাই চিনাক্ত কৰা সম্ভৱ নহয় ইয়াৰ কাৰণ পূৰ্ৱ জন্মৰ অপূৰ্ণ আশা অকাংক্ষাৰ ফলত সাধাৰণ লোকে যিদৰে সংসাৰৰ সুখ দুখ ভোগ কৰে আত্মজ্ঞানী পুৰুষেও বৰ্ত্তমানৰ শৰীৰৰ আয়ুসকাল শেষ নোহোৱা পৰ্যন্ত সেই একে ধৰণে জাগতিক সুখ দুখ ভোগ কৰে ।এই বিষয়ত জ্ঞানী আৰু অজ্ঞানীৰ বাবে নিয়ম বেলেগ বেলেগ নহয় ।সেই কাৰণে শাস্ত্ৰত সাধাৰণ লোকক উপদেশ দি কোৱা হৈছে যে বাহ্যিক আচাৰ ব্যৱহাৰ দেখি কোনো লোকৰ বিষয়ে অশোভন মন্তব্য দিয়া বা তেনে লোকৰ অপকাৰ হব পৰা কোনো কাম কৰা উচিত নহয় ইয়াৰ কাৰণ হৈছে জাগতিক বস্তুৰ প্ৰতি লোৱা দৃষ্টিভঙ্গীৰ পাৰ্থক্য থকা হেতুকে আমি আমাৰ মাজত বাস কৰি থকা আত্মজ্ঞান সম্পন্ন পুৰুষক চিনি পোৱাত ভুল হয়   নিজৰ স্বাৰ্থৰ সৈতে সম্পৰ্কিত যিকোনো সৰু বৰ ঘটনাতে আমাৰ দৰে সাধাৰণ লোকৰ মনত প্ৰতিক্ৰিয়া হয় এনে প্ৰতিক্ৰিয়া আমাৰ বাক্য আৰু কৰ্মৰ মাজেদি প্ৰকাশিত হয় কিন্তু সেই একে প্ৰকাৰৰ ঘটনাই আত্মজ্ঞানী পুৰুষৰ মনত কোনো প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰে আমি আমাৰ কৰ্মসমুহ লাভ লোকচানৰ হিচাপ কৰি কৰো আত্মজ্ঞানী পুৰুষে তেনে লাভ লোকচানৰ বিচাৰ নকৰাকৈ কেৱল লোক কল্যাণৰ অৰ্থে কাম কৰে জনসাধাৰণক পাৰমাৰ্থিক শিক্ষা প্ৰদান কৰি আত্মজ্ঞান লাভ কৰাৰ শিক্ষা প্ৰদান কৰাটোকে তেওঁলোকে সংসাৰত জীৱন ধাৰণ কৰি থকাৰ একমাত্ৰ উদ্দেশ্য হিচাপে গণ্য কৰে সাধাৰণ মানুহে তেওঁলোকৰ এই আচৰণ সমুহ অস্বাভাৱিক বুলি ভাৱি তেওঁলোকৰ ওপৰত বিভিন্ন প্ৰকাৰৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় ভাগৱতত এনে অনেক উদাহৰণ আছে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষৰ বিষয়ে সঠিক ভাৱে জানিবৰ বাবে কথাবোৰ এনে ধৰণে চিন্তা কৰাৰ প্ৰয়োজন হয় ।(আগলৈ)

Wednesday, 5 February 2020

Understanding Guru Harideva’s Approach Towards Unity-33 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩৩)


It is told in our earlier posts that, self realization attained through spiritual practice as per teachings of Bhagavata makes us free from all desires.When new desires are not there , nothing will be added in the stock of desires for enjoyment through future births.  Moreover, it is also assured in Bhagavata that once the self is realized, the accumulated huge stock  of desires of the past are destroyed immediately. So , we need not enjoy the outcome of those , through repeated births and deaths . For  such people , the  birth and death cycle stops as nothing will be left pending for enjoyment in future births .The only thing left out for such person is to enjoy the happiness and sorrow of the past deeds for which he assumed the present body. Thus, after self realization and becoming free from worldly bondage also, Guru Harideva was to live in this world and enjoy the happiness and sorrow of worldly life , till the end of his current body. Bhagavata tries to explain these things with analogy of our dream world. While  in dream,  we come into contact with so many  desirable or undesirable things. These things bring happiness or sorrow when we are dreaming . We may have most beloved persons like wife and children in the dream world.We feel happy when they are living a comfortable life. When they are in distress we become anxious . But all these are happenings of dream world only . When we wake up , we can remember the  wife and children we met in dream world . But that is all. After awakening we never feel any attachment towards our wife and children of dream world . Likewise, people with self realization are awake in spiritual world . The worldly life, which we consider to be true , is a dream world for them . They are bound to enjoy the happiness and sorrow of this world as outcome of past desires . But they do so like things in dream world , without feeling of any attachment . In Bhagavata these things are elaborated with practical  life stories of such people  for our easy understanding . (to be continued)

আমাৰ আগৰ লিখনিত কোৱা হৈছে যে ভাগৱত শাস্ত্ৰৰ নিৰ্দেশ মতে পাৰমাৰ্থিক সাধনা কৰি আত্মজ্ঞান লাভ কৰা ব্যক্তিৰ কোনো জাগতিক কামনা বাসনা থাকিব নোৱাৰে জাগতিক বাসনা ত্যাগ হোৱাৰ ফলত পিছৰ জন্মত ভোগ কৰিব লগাকৈ তেওঁৰ বাসনাৰ ভাণ্ডাৰত নতুন কোনো বাসনা জমা নহয় তদুপৰি ভাগৱতত ইয়াকো কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ লগে লগে আগৰ জন্ম সমুহত কৰা বাসনা সমুহৰ সঞ্চিত বৃহৎ ভাণ্ডাৰ ধংসপ্ৰাপ্ত হয় বাৰে বাৰে জন্ম গ্ৰহণ কৰি সেই সঞ্চিত বাসনা সমুহৰ ফল ভোগ কৰাৰ বাধ্যবাধকতা নাথাকে গতিকে আত্মজ্ঞানী পুৰুষে ভৱিষ্যতে জন্ম গ্ৰ্হণ কৰি ফল ভোগ কৰিব লগীয়াকৈ অৱশিষ্ট একো বাসনা নাথাকে তেনে পুৰুষৰ বাবে জন্ম মৃত্যুৰ পাক চক্ৰ স্তব্ধ হয় কিন্তু অতীত জন্মৰ যিবিলাক অপূৰ্ণ বাসনাৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমানৰ শৰীৰত তেওঁ জন্ম লাভ কৰিছে,  সেই শৰীৰৰ আয়ুসকাল শেষ নোহোৱা পৰ্যন্ত পূৰ্ৱৰ বাসনা অনুসৰি ইহ জগতৰ সুখ দুখ ভোগ কৰাৰ বাবে তেওঁ বাধ্য ই বাধ্য বাধকতাৰ কাৰণেই ভাগৱত জ্ঞানৰ প্ৰত্যক্ষ অনুভূতি লাভ কৰি আত্মজ্ঞানী পুৰুষত পৰিণত হোৱাৰ পিছতো হৰিদেৱ গুৰুজনাই জীৱনকাল শেষ নোহোৱালৈকে ইহ জগতত থাকি সাংসাৰিক সুখ দুখ ভোগ কৰিছিল ভাগৱতে আমাৰ সপোন দেখি থকা অৱস্থাৰ লগত ৰিজনি কৰি এই কথা বুজাবলৈ চেষ্টা কৰিছে সপোন দেখি থকা অৱস্থাত আমি অনেক প্ৰকাৰৰ প্ৰিয় বা অপ্ৰিয় বিষয় বস্তুৰ মুখামুখী হব লগীয়া হয় সেইবিলাকে আমাৰ মনত সুখ বা দুখ উৎপন্ন কৰেকিন্তু এই সুখ বা দুখ সপোন দেখি থকা সময়খিনিৰ বাবেহে স্থায়ী হয় সপোনত আমি পত্নী , পুত্ৰ ,কন্যাৰ সৈতে সংসাৰ কৰি থকা দেখিব পাৰো তেওঁলোকৰ সুখত আমি সুখী অনুভৱ কৰো তেওঁলোকে কষ্টত থকা দেখিলে আমি উদ্বিগ্ন হওঁ সপোন ভাঙি সাৰ পোৱাৰ পিছত সপোনত লগ পোৱা পত্নী বা লৰা ছোৱালী কেইটাৰ মুখৰ ছবি আমাৰ মনতো থাকিব পাৰে কিন্তু কথা সিমানতে অন্ত পৰে দিঠকলৈ অহাৰ পিছত সপোনৰ জগতত এৰি থৈ অহা পত্নী পুত্ৰ কন্যাৰ প্ৰতি আমি কোনো প্ৰকাৰৰ আসক্তি বোধ নকৰো একেদৰে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী পুৰুষৰ বাবে পাৰমাৰ্থিক জগতখন দিঠক আৰু সাংসাৰিক জীৱনত কৰা সুখ দুখ ভোগ সপোনত ভোগ কৰা সুখ দুখৰ দৰে পূৰ্ৱজন্মৰ সঞ্চিত বাসনাৰ ফলত তেনে আত্মজ্ঞানী মহাপুৰুষে বৰ্ত্তমানৰ শৰীৰত থাকি সংসাৰৰ সুখ দুখ ভোগ কৰিবলৈ বাধ্য হয় কিন্তু তেওঁলোকে সপোনত দেখা বস্তুৰ দৰে আসক্তিহীন ভাৱে সেই সুখ দুখক গ্ৰহণ  কৰে ভাগৱতত আত্মজ্ঞানী পুৰুষৰ জীৱন কাহিনীৰ সহায়ত এই জ্ঞান আমাৰ বোধগম্য কৰাৰ চেষ্টা কৰা হৈছে (আগলৈ)

Monday, 3 February 2020

Understanding Guru Harideva’s Approach Towards Unity-32 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩২)


In our  post of 1.2.20 it was stated that,  each and every desire of our past  births  is to be fulfilled or the accumulated stock of such desires is to be totally destroyed for liberation from bondage of worldly life . It is also told that unfulfilled desires of previous  births  become the source of happiness and sorrow in later births . Now  people desire to have something to be happy only. Things  which brings sorrow are not at all desired by anybody. So , a question may arise as how a desired thing may be the cause of sorrow after getting it ? In Bhagavata this question is answered like this . In our childhood days we liked toys to play with . We desired toys as gift from our father, mother and other relatives and became happy if our desire is fulfilled . Now suppose one of our relatives brings some toys , which we demanded from him in the childhood days, after fifteen years of placing the demand. At that time we will be a young man studying in college . In that case can we be as happy as  childhood  days on fulfiment of the desire we made for happiness fifteen years ago?  One of our past enemy  may become our close friend due to change of situation . We may desired his destruction when he was our bitter enemy . Now, if his destruction comes as we desired earlier , can happiness come on fulfillment of our past desire ? These are some of the examples of situations which change the idea of happiness and sorrow during the time period of our present life itself . Now from one birth to another, there is a huge time gap  and during this time, huge changes in situations occurred in all respects. Not only that, we ourselves also assume new body in each birth with different mental set up . Hence fulfillment desires of past birth may create problem for us in the present birth.with new body and new situations . Thus, though things are desired in the past for happiness only, fulfillment  of those  past desires  may not bring happinesss in future. So , Bhagavata encourages us to stop desiring anything of this world and suggested the effective way of practice to train our mind in this line .The teachings of Guru Harideva was based on such knowledge and teachings of Bhagavata . ( to be continued )

আমাৰ ১.২.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ বাবে আগৰ জন্মসমুহত কৰি অহা প্ৰতিটো আশা আকাংক্ষাৰ পূৰণ হব লাগে  নাইবা সেই সমুহৰ সঞ্চিত ভাণ্ডাৰ সম্পূৰ্ণৰূপে ধংস হব লাগেলগতে ইয়াকো কৈ অহা হৈছে যে পূৰ্বজন্মৰ অপূৰ্ণ আশা আকাংক্ষাসমুহৰ বাবে পিচৰ জন্মত  সুখ বা দুখ ভোগ কৰিব লগীয়া হয় এতিয়া কথা হৈছে যে মানুহে সুখ পাবৰ বাবেহে কোনো বস্তু পাবলৈ আশা কৰে দুখ কষ্ট দিব পৰা একো বস্তু পাবৰ বাবে মানুহে আশা নকৰেগতিকে ইয়াতে প্ৰশ্ন উত্থাপন হব পাৰে যে নিজে পাবলৈ আকাঙ্ক্ষা কৰা বস্তু পোৱাৰ পিছত মানুহ কিদৰে দুখী হব পাৰে ? ভাগৱতত এই প্ৰশ্নৰ উত্তৰ এনেদৰে দিয়া হৈছে শিশু অৱস্থাত আমি পুতলাৰ সৈতে খেলি আনন্দ পাইছিলো সেই কাৰণে পিতৃ মাতৃ বা অত্মীয় স্বজনৰ পৰা উপহাৰ হিচাপে খেলনা পুতলা পাবলৈ আশা কৰিছিলো। সেই আশা পূৰণ কৰি কোনোবাই পুতলা উপহাৰ দিলে আমি অতিশয় আনন্দ বোধ কৰিছিলো এতিয়া ধৰা হওক যে শিশু কালতে কোনোবা আত্মীয়ৰ পৰা দাবী কৰা পুতলা এটা সেই আত্মীয় ব্যক্তিজনে বিচৰাৰ পোন্ধৰ বছৰৰ পিছ্ত আমাৰ হাতত দিলেহি তেতিয়া হয়তো আমি কলেজত পঢ়ি থকা এজন যুবক তেনে অৱস্থাত আমি আগতে বিচৰা ধৰণে আকাঙ্ক্ষা পূৰণ হোৱা বাবে শিশু অৱস্থাৰ দৰে আনন্দিত হমনে? কোনোবা এজন ব্যক্তি আমাৰ দুৰ্ঘোৰ শত্ৰু আছিল কিবা কাৰণত পৰিস্থিতিৰ পৰিবৰ্ত্তন হোৱা হেতুকে তেওঁ আমাৰ পৰম মিত্ৰ হৈ পৰিল দুৰ্ঘোৰ শত্ৰু হৈ থকা অৱস্থাত আমি তেওঁৰ বিনাশ কামনা কৰিছিলো পৰম মিত্ৰ হোৱাৰ পিছত আমি পূৰ্বতে আশা কৰা ধৰণে সেই ব্যক্তি জনৰ হানি বিঘিনি হৈ আমাৰ আশা পূৰণ হলে আমাৰ মনত সুখ উৎপন্ন হবনে ? এই বিলাক হৈছে আমাৰ বৰ্ত্তমান জীৱন কালৰ ভিতৰতে সুখ আৰু দুখ সঙ্গা পৰিবৰ্ত্তন হোৱাৰ কেইটামান উদাহৰণ এতিয়া এটা জন্মৰ পৰা অন্য এটা জন্ম পৰ্যন্ত বহু সময়ৰ ব্যৱধান থাকে এই ব্যৱধান কালত পৰিবেশ পৰিস্থিতিৰ অনেক পৰিবৰ্ত্তন হয় | অকল সেয়াই নহয় , আমি নিজেও নতুন শৰীৰত নতুন মানসিকতাৰ সৈতে এনে পৰিবৰ্ত্তন সমুহৰ সন্মুখীন হব লগীয়া হয় গতিকে সুখ লাভৰ বাবে অতীত কালৰ পৰিবেশ পৰিস্থিতি অনুসৰি কৰা বাসনা সমুহৰ পৰা লাভ কৰা ফলে বৰ্ত্তমানৰ পৰিস্থিতিত আমাক সুখো দিব পাৰে বা দুখো দিব পাৰেসেই কাৰণে ভাগৱতে ইহ জগতৰ কোনো বস্তুকে সুখৰ আহিলাৰূপে গণ্য কৰাৰ পৰা বিৰত থকাৰ উপদেশ দিছে আৰু লগতে কিদৰে এই কাম কৰিব পাৰি তাৰ ব্যৱহাৰিক শিক্ষাও প্ৰদান কৰিছে হৰিদেৱ গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম তথা তেওঁৰ ব্যক্তিগত জীৱনৰ ব্যৱহাৰিক দিশ ভাগৱতৰ এই জ্ঞান আৰু উপদেশৰ ভিত্তিত প্ৰতিষ্ঠিত (আগলৈ )

Saturday, 1 February 2020

Understanding Guru Harideva’s Approach Towards Unity-31 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩১)


We discussed in our post of 30 .1.20, that unfulfilled desires are the causes of bondage. Also, we are bound to enjoy the happiness and sorrow generated by each and every desire. So, to be free from bondage, we are to stop desiring anything more . And also , we are to finish enjoyment of all the rewards or punishments due to us,for whatever was desired so far. Now,  before taking birth in the present body, we assumed so many bodies, in the cycle of birth and death . In each birth, we desired so many things and most of those desires remained unfulfilled .Those unfulfilled desires of each birth remained accumulated in our mind and we are bound to enjoy the result of everything accumulated like that . Again , the life time of our present body is not sufficient to finish enjoyment of the outcome of such huge amount of desires so accumulated . Moreover, one type of body is not suitable for all types of enjoyments , as desired . So, as per rule of creation,  we assumed the present body to enjoy only a certain selected part of things desired in the previous births. Now, unless we stop desiring in this birth also ,there will be increase in the accumulation of desires for enjoyment in the coming births and like this our movement in the cycle of birth and death will continue forever . Again the present body we assumed is suitable for enjoyment of the outcome of a small portion of the huge amount of accumulated past desires . So , if we somehow stop desiring anything more in this birth ,without proper guidance from authentic scripture like Bhagavata , then also, our bondage will not end . Because in such case new desire may not be there, but the accumulated past desires will still be there . So , we are to take birth again and again in different types of bodies for enjoyment of the outcome of those in unlimited installments. Bhagavata shows us the correct path to come out of this problem. Here it is told that, self realization through teachings of Bhagavata makes us free from all desires. Moreover, once the self is realized, the accumulated huge amount of desires of the past are destroyed immediately and we need not enjoy the outcome of those through repeated birth and death.(to be continued) 

আমাৰ ৩০.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে অপূৰ্ণ হৈ থকা বাসনাসমুহ সংসাৰ বন্ধনৰ কাৰণ তদুপৰি যি বাসনা কৰা হয় সেই অনুসৰি প্ৰত্যেক বাসনাৰ ফল ভোগ কৰাৰ বাবে আমি বাধ্য গতিকে সংসাৰ বন্ধনৰ পৰা মুক্তি লাভ কৰাৰ বাবে প্ৰথমে বাসনা ত্যাগ কৰা প্ৰয়োজন তাৰ পিচৰ পৰ্যায়ত ইতিমধ্যে কৰা বাসনাসমুহৰ পৰা পাব লগা সুখ দুখ ভোগ কৰি শেষ কৰাৰ প্ৰয়োজন তেতিয়াহে বন্ধনৰ পৰা ৰেহাই পোৱা সম্ভৱ বৰ্ত্তমান শৰীৰৰ মাধ্যমত জন্ম লোৱাৰ আগতে বিভিন্ন প্ৰকাৰৰ শৰীৰ গ্ৰহণ কৰি আমি অসংখ্যবাৰ জন্ম গ্ৰহণ কৰিছিলো প্ৰত্যেক জন্মতে আমি বহুত কিবাকিবি পাবলৈ আশা কৰিছিলো আৰু তাৰ ভিতৰৰ অনেক বাসনা পূৰ্ণ নোহোৱাকৈ থাকি গৈছিল এনেদৰে প্ৰত্যেক জন্মৰ অসংখ্য অপূৰ্ণ বাসনাৰ এক বৃহৎ ভাণ্ডাৰ আমাৰ মনত সঞ্চিত হৈ আছে এই বৃহৎ ভাণ্ডাৰত সঞ্চিত অসংখ্য অপূৰ্ণ বাসনাৰ পৰা পাব লগা ফল ভোগ কৰাৰ বাবে আমি বাধ্য আমাৰ শৰীৰৰ নিৰ্দিষ্ট আয়ুস কালৰ ভিতৰত এই বৃহৎ ভাণ্ডাৰত জমা হৈ থকা অসংখ্য বাসনাৰ ফল ভোগ কৰি শেষ কৰা সম্ভৱ নহয় তদুপৰি বাসনাও অনেক প্ৰকাৰৰ আৰু প্ৰত্যেক বাসনাৰ ফলো বেলেগ বেলেগ সেয়েহে এক প্ৰকাৰৰ শৰীৰ সমস্ত প্ৰকাৰৰ বাসনাৰ ফল ভোগ কৰাৰ বাবে উপযোগী নহয় সেই কাৰণে সৃষ্টিৰ নিয়ম মতে এক নিৰ্দিষ্ট পৰিমাণৰ নিৰ্বাচিত বাসনাৰ ফল ভোগ কৰাৰ বাবে বৰ্ত্তমান শৰীৰত আমাৰ জন্ম হৈছে এই জন্মতো যদি বাসনা ত্যাগ কৰা নহয় ,তেন্তে আমাৰ সঞ্চিত  ভাণ্ডাৰত অপূৰ্ণ বাসনাৰ পৰিমাণ আকৌ বাঢ়িব আৰু এইসমুহৰ ফল ভোগ কৰাৰ বাবে জন্ম মৃত্যুৰ চক্ৰত আমাৰ ভ্ৰমণ অনন্ত কাল ধৰি চলি থাকিব আকৌ আমাৰ বৰ্ত্তমানৰ শৰীৰ সঞ্চিত ভাণ্ডাৰৰ এক সামান্য অংশ ভোগ কৰাৰ বাবেহে উপযোগী গতিকে ভাগৱতৰ দৰে প্ৰামাণ্য শাস্ত্ৰৰ নিৰ্দেশ নমনাকৈ যদি অন্য কিবা উপায়ে নতুন বাসনা ত্যাগ কৰাও হয়,  তেতিয়াও আমাৰ বন্ধন সমাপ্ত হোৱাৰ সম্ভাৱনা নাথকে নতুন বাসনা ত্যাগ কৰাৰ পিছতো আগৰ সঞ্চিত বাসনাসমুহ অলপ অলপ পৰিমাণৰ কিস্তিত ভোগ কৰাৰ বাবে আমি অসংখ্যবাৰ জন্ম গ্ৰহণ কৰাৰ বাবে বাধ্য হব লাগিব ভাগৱতে এই সমস্যাৰ সমাধান কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ বাবে শুদ্ধ পথ প্ৰদৰ্শন কৰিছে ইয়াত কোৱা হৈছে যে ভাগৱত শাস্ত্ৰই দিয়া শিক্ষাৰ মাধ্যমত আত্মজ্ঞান লাভ কৰাৰ পিছত মনত কোনো জাগতিক বস্তুৰ প্ৰতি বাসনাৰ উদয় নহয় তদুপৰি আত্মজ্ঞান লাভ কৰাৰ লগে লগে পূৰ্বৰ সঞ্চিত বাসনাৰ বৃহ ভাণ্ডাৰ সম্পূৰ্ণৰূপে ধংস হয় কাৰণে বাৰে বাৰে জন্ম লৈ সেইবোৰৰ ফল ভোগ কৰাৰ প্ৰয়োজন নহয় (আগলৈ)

Thursday, 30 January 2020

Understanding Guru Harideva’s Approach Towards Unity-30 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-৩০)


We discussed in our post of 28.1.20 that, Guru Harideva was a person with self realization and was free from bondage of worldly life . We also discussed in the earlier posts that Guru Harideva was living in the society . He established a Satra at Bahari to spread his teachings based on Bhagavata for the benefit of common people .He trained up totally uneducated people with past criminal history to conduct the activities of his Satra . He  decided to leave his fist Satra at Bahari for providing better social and religious service to people . He designed an unique system of management for the Satra at Bahari through joint responsibility of a group  of people . Moreover he entered into married  life and brought up children with love and care like a common house holder. Now a question may arise as how a self realized person free from worldly bondage like Guru Harideva, can be involved in such worldly activities like a common man? The answer is in Bhagavata itself . It is told that general people like us, has got unlimited desires . Our mind desires  to have unlimited property  , money ,social respect  and so many other things which can satisfy the mind. We work hard to get too  much of these things. But our hopes go on increasing to such an extent that these can never be fulfilled as desired by the mind. These unfulfilled desires remain deposited inside the mind . In our society ,the thoughts inside the mind  are not counted as action . We may think of killing a man . But till we do not do anything  practically in this line, no punishment will be invited from the court  of law.  But laws applied in  the world of spirituality is not like that . Here whatever we think  inside the mind is counted as mental action and reward or punishment  as applicable will definitely come for that. No authority is necessary for implementation of the reward or punishment here. These will automatically come today or tomorrow. Now Bhagavata tells that this tomorrow may be the day after today  or next life or next to next life and so on. We are bound  to enjoy happiness or sorrow for our actions and this may come at any time .This is called the bondage of worldly life  . (to be continued)


আমাৰ ২৮.১.২০ তাৰিখৰ লিখনিত কোৱা হৈছে যে হৰিদেৱ গুৰুজনা আত্মজ্ঞানী আৰু  মুক্ত পুৰুষ আছিল আকৌ ইয়াৰ আগৰ কেইটামান লিখনিত কোৱা হৈছে যে গুৰুজনাই সামাজিক জীৱন যাপন কৰিছিল তেওঁ ভাগৱত শাস্ত্ৰৰ আধাৰত জনসাধাৰণক শুদ্ধ ধৰ্মপথেৰে পৰিচালনা কৰিবলৈ বহৰিত সত্ৰ স্থাপন কৰিছিল কেইজনমান দস্যু প্ৰকৃতিৰ অশিক্ষিত লোকক সত্ৰ্ৰ্ৰ্ৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ প্ৰশিক্ষিত কৰিছিলনিজৰ ধৰ্মীয় আৰু সামাজিক সেৱামূলক কাৰ্যৰ পৰিসৰ  বিস্তৃত কৰাৰ অৰ্থে বহৰি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছি যৌথ দায়িত্বত বহৰি সত্ৰ পৰিচালনা কৰাৰ ব্যৱস্থা কৰি ধৰ্মানুষ্ঠান পৰিচালনাৰ নতুন পদ্ধতি প্ৰচলন কৰিছিল তদুপৰি বৈৱাহিক জীৱনত প্ৰৱেশ কৰি সাধাৰণ সংসাৰী লোকৰ দৰে স্নেহ আৰু যত্নেৰে পত্নী , পুত্ৰ,  কন্যাৰ লালন পালন কৰিছিল এতিয়া প্ৰশ্ন হব পাৰে যে হৰিদেৱ গুৰুজনাৰ দৰে আত্মজ্ঞানী আৰু সংসাৰ বন্ধনৰ পৰা মুক্ত লোকে কিদৰে এনেবোৰ সাংসাৰিক কৰ্মত লিপ্ত হব পাৰে ? এই প্ৰশ্নৰ উত্তৰ ভাগৱততে আছে ইয়াত কোৱা হৈছে যে আমাৰ দৰে সাধাৰণ মানুহৰ মনে সীমাহীন সা-সম্পত্তি , টকা-পইচা, সামাজিক সন্মান ইত্যাদিৰ  লগতে মনক সন্তুষ্ট কৰিব পৰা যিকোনো প্ৰকাৰৰ বিষয় বস্তু পোৱাৰ আকাংক্ষা কৰে এইবিলাক পাবলৈ আমি কঠোৰ পৰিশ্ৰম কৰো কিন্তু আমাৰ বাসনাসমুহ ক্ৰমান্ব্য়ে বাঢ়ি গৈ থাকে আৰু আশা আকাংক্ষাসমুহ কেতিয়াও মনক সন্তুষ্ট কৰিব পৰাকৈ পূৰ্ণ নহয় অপূৰ্ণ বাসনাবিলাক মনৰ ভিতৰতে সঞ্চিত হৈ থাকি যায় আমাৰ সমাজ ব্যৱস্থাত মনৰ ভিতৰত থকা ভাৱনাক কাৰ্য বুলি ধৰা নহয় আমি মনে মনে কোনো এজন লোকক মাৰি পেলোৱাৰ কথা ভাৱি থাকিব পাৰো কিন্তু যেতিয়ালৈকে এই ভাৱ অনুসৰি আন মানুহে বুজিব পৰা ধৰণে একো কাম কৰা নহয়,  তেতিয়ালৈকে আইনে একো শাস্তি দিব নোৱাৰে কিন্তু পাৰমাৰ্থিক জগতৰ আইন তেনে নহয় ইয়াত আমি মনে মনে কৰা প্ৰত্যেকটো শুভ বা অশুভ চিন্তা ভাৱনাও মানসিক কৰ্ম হিচাপে গণ্য হয় আৰু সেই অনুসৰি সুখ বা দুখ ভোগ হয় আকৌ আমাৰ সমাজৰ দৰে ইয়াত আইন বলৱত কৰাৰ বাবে কোনো আদালত বা পুলিচৰো ব্যৱস্থা নাই আজিয়ে হওক বা কাইলৈ হওক, কৰ্ম অনুসৰি সুখ বা দুখ নিজে নিজে আহে ভাগৱতে কৈছে যে এই কাইলৈটো আজিৰ পিছদিনাও হ্ব পাৰে , এই জন্মৰ পিছৰ জন্মও হ্ব পাৰে অথবা তাৰ অনেক জন্মৰ পিছৰ কোনো এটা জন্মও হব পাৰে কিন্তু যি সময়তে নহওক কিয়, কৰ্ম অনুসৰি ফল ভোগ কৰাৰ বাবে আমি বাধ্য আৰু এয়ে সংসাৰ বন্ধন ।(আগলৈ)