Vedic Scriptures say that the outward tendencies of mind divert people from spiritual path or path
of liberation. But this diverting force cannot divert women from the path of
spirituality as like as man. This is
because the outward tendency of mind is
natural for women. We know that burning power of fire can burn everything, but it
cannot burn fire. Water wets other things, but it cannot make itself wet .
Similarly outward tendency being natural for
woman cannot affect them as like
a man whose natural tendency of mind is supposed to be inward. Moreover, the creation
of God is expressed through the medium of Prakriti and Prakriti is considered as feminine
divinity. Due to their natural
characteristic of body and mind women play major roll in the creative
activities of the creation of God. So they are considered as personified representative
of Prakriti or the feminine divine power.
Considering the things as above men are restricted from acting as per outward
tendency of mind. They are allowed to do so only during their period stay in “Grihasthaashrama”
or familial life. In this Ashrama men get scope to exhaust the fruits of their past karma by way of enjoyment. At the
same time to protect their future life from the effect of further accumulation of
fruits of karma of the present life ,the life and activities of men are
controlled through various types of scriptural injunctions. In addition to
that men are suggested to perform rigorous spiritual
practice like Dhyana , Tapah etc for
purification of mind. But since women are major partners of the creative
activity of God by their nature, they are considered as naturally pure. Therefore rigorous spiritual practices
as like as man are not suggested for them. Analyzing the teachings of the Vedas
, Upanishadas , Gita , Bagavata and
other Vedic Scriptures as above Guru
Harideva decided to grant equal status to man and woman in his Satra
Institution. ( to be continued)
বৈদিক শাস্ত্ৰত কোৱা হৈছে মনৰ বহিৰ্মুখী প্ৰবৃত্তি সমূহে মানুহক
পাৰমাৰ্থিক সাধন পথ বা মুক্তি পথৰ পৰা আঁতৰাই ৰাখে । কিন্তু
বহিৰ্মুখী প্ৰবৃত্তিৰ শক্তিয়ে পুৰুষৰ ওপৰত যি পৰিমাণৰ ক্ৰিয়া কৰে সেই একে পৰিমাণৰ
প্ৰভাৱ মহিলাৰ ওপৰত
বিস্তাৰ কৰিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে নাৰীৰ মনৰ প্ৰবৃত্তি
স্বাভাৱিকতে বহিৰ্মুখী । আমি জানো যে অগ্নিৰ দহন শক্তিয়ে সকলো বস্তু পুৰিব পাৰে
কিন্তু নিজক পুৰিব নোৱাৰে ।পানীয়ে অন্য বস্তু তিয়াব পাৰে কিন্তু
নিজক তিয়াব নোৱাৰে । একেদৰে নাৰীৰ প্ৰবৃত্তি স্বাভাৱিকতে বহিৰ্মুখী
হোৱা হেতুকে স্বভাৱতঃ অন্তৰ্মুখী প্ৰবৃত্তিৰ পুৰুষৰ ওপৰত বহিৰ্মুখী প্ৰবৃত্তিয়ে যিমান
শক্তি প্ৰয়োগ কৰি ক্ৰিয়া কৰে নাৰীৰ ওপৰত সেই সমান শক্তি প্ৰয়োগ কৰি ক্ৰিয়া কৰিব
নোৱাৰে ।তদুপৰি ঈশ্বৰৰ সৃষ্টি প্ৰকৃতিৰ মাধ্যমত প্ৰকাশিত হয়। প্ৰকৃতিক নাৰী শক্তিৰ
ঐশ্বৰিক ৰূপ বুলি শাস্ত্ৰত কোৱা হৈছে ।শৰীৰ আৰু মনৰ স্বাভাৱিক চাৰিত্ৰিক
বৈশিষ্টবশতঃ নাৰীক ঐশ্বৰিক প্ৰাকৃতিক শক্তিৰ মূৰ্ত্তিমান ৰূপ হিচাপে ধৰা হয় । পাৰমাৰ্থিক
দিশৰ পৰা এনে সকলো কথা বিচাৰ বিবেচনা কৰি শাস্ত্ৰত পুৰুষক কেৱল মাত্ৰ গাৰ্হস্থ্য
আশ্ৰমত থকা কাল ছোৱাতহে নিজৰ স্বাভাৱিক অন্তৰ্মুখী প্ৰবৃত্তিৰ বিপৰীত দিশত অৰ্থাৎ বহিৰ্মুখী
প্ৰবৃত্তি মতে চলিবলৈ অনুমতি দিয়া হৈছে।এই আশ্ৰমত থাকি গাৰ্হস্থ্য ধৰ্ম পালন কৰা
কালত পুৰুষক ভোগৰ জৰিয়তে পূৰ্বজন্মৰ প্ৰাৰব্ধ কৰ্মৰ ফল ক্ষয় কৰাৰ সুযোগ দিয়া হয় ।
লগতে ইহজন্মত কৰা কৰ্মৰ দ্বাৰা যাতে ভৱিষ্যতৰ বাবে কৰ্মবন্ধন সৃষ্টি নহয় তাৰ বাবে সাৱধানতা
হিচাপে বহু শাস্ত্ৰীয় নীতি-নিয়ম ,
বিধি-নিষেধ মানি গাৰ্হস্থ্য জীৱন যাপন কৰাৰ উপদেশ দিয়া হয় । ধ্যান ,তপস্যা
বা নিজৰ পৱিত্ৰতা সাধনৰ কাৰণে কঠোৰ নীতি-নিয়মৰ মাজেৰে বিভিন্ন প্ৰকাৰৰ উপাসনাত
প্ৰবৃত্ত হোৱাৰ উপদেশ দিয়া হয়। আনহাতে ভগৱানে প্ৰকৃতিৰ মাধ্যমত যি সৃষ্টি ৰচনা
কৰিছে নাৰী স্বাভাৱিক প্ৰবৃত্তিবশতঃ সেই কাৰ্যৰ অন্যতম
অংশীদাৰ। সেই কাৰণে নাৰীক
স্বভাৱতঃ পবিত্ৰ বুলি ধৰা হয় আৰু নাৰীয়ে পুৰুষৰ নিচিনা কঠোৰ ধ্যান-উপাসনা আদি কৰাৰ প্ৰয়োজন নাই বুলি কোৱা হয়। বেদ,উপনিষদ ,গীতা ভাগৱত আদি শাস্ত্ৰৰ
কথা ওপৰোক্ত ধৰণে বিচাৰ বিবেচনা কৰি হৰিদেৱ গুৰুজনাই নিজৰ সত্ৰত পুৰুষ
আৰু মহিলাক সমান মৰ্যাদা প্ৰদান কৰা উচিত
বুলি নিশ্চিত হৈছিল । (আগলৈ)
No comments:
Post a Comment