The best example of spiritual practice performed by
women under influence of outward tendency of their mind was created by the Gopis,
the cowherd women of Vrindavana. The same was expressed through their great attraction
and love for Krishna. Being fully absorbed in love for Krishna they forgot the Scriptural
injunctions governing activities of their day to day family life. They accepted
Krisna as all in all of their life. Life in absence of Krishna with them either
physically or mentally was totally meaningless for the Gopis. In Bhagavata the divine
relationship of extreme love and affection between Gopis and Krishna is
elaborately discussed from all angles. In several places of Bhagavata Gopis are
highly praised. It is said that the Gopis incarnated in this world to show
people the spiritual path of pure and perfect love for Lord Krishna. People of all time and all places are said to
be very lucky to get detailed description of this path of spiritual practice from
narrations contained in Bhagavata. Bhagavata says that Gopis were not born in educated
families of higher cast . No sacred purification ceremonies were performed for
their purification. They never performed any sacrificial rituals etc . Religious
initiation , educational training etc were unknown to them. In short preliminary
qualifications supposed to be essential for spiritual practice were not
available with them. In day to day life the Gopis used to wander about the
forest. They were not aware of the scriptural rules and regulations suggested
for ideal family life . They were simple village women born and brought up in
cowherd family. But their heart was full of pure, perfect and unalloyed love
for Krishna. Now, scriptures say that if one drinks nectar without knowing it to be nectar then also he attains immortality
. This happens due to power inherent in the nectar. Similarly, if someone
simply loves God from the core of his heart without having knowledge of God, then also blessings of God are showered upon him. In a similar way Gopis of Vrindavana got
full blessings of Lord Krishna though they were not at all aware of the fact
that Krishna is omnipotent, omnipresent and omniscient God Almighty. Guru Harideva considered those teachings of Bhagavata and placed women in
proper position in his Satra. (to be
continued)
নাৰীয়ে নিজৰ স্বাভাৱিক প্ৰবৃত্তি
অনুসৰি কৰা
পাৰমাৰ্থিক সাধনাৰ সৰ্বোৎকৃষ্ট উদাহৰণ হৈছে বৃন্দাৱনৰ গোপী সকলৰ আন্তৰিক
কৃষ্ণ প্ৰেম। গোপী সকলে
কৃষ্ণ প্ৰেমত তন্ময় হৈ সাংসাৰিক লোকৰ বাবে শাস্ত্ৰই নিৰ্দ্ধাৰণ কৰি দিয়া নীতি নিয়ম
তথা ধৰ্মীয় আচাৰ আচৰণ ইত্যাদিৰ কথা পাহৰি গৈছিল ।একমাত্ৰ কৃষ্ণকে জীৱনৰ সৰ্বস্ব
বুলি গ্ৰহণ কৰিছিল ।কৃষ্ণ বিহীন বা কৃষ্ণভাৱনা বিহীন জীৱনৰ কোনো অৰ্থ নাই বুলি মনে প্ৰাণে অনুভৱ কৰিছিল। ভাগৱতত ব্ৰজৰ গোপী আৰু ভগৱান কৃষ্ণৰ মাজৰ গভীৰ
আকৰ্ষণ আৰু প্ৰেমপূৰ্ণ সম্পৰ্কৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে ।ভাগৱতৰ অনেক স্থানত গোপীসকলৰ প্ৰশংসা কৰা হৈছে। কোৱা হৈছে যে গোপীসকল ধৰা ধামত
আবিৰ্ভূত হৈ সাধাৰণ লোকৰ পাৰমাৰ্থিক সাধনাৰ বাবে এক অচিন্তনীয় ঈশ্বৰ প্ৰেমৰ দুৱাৰ
মুকলি কৰি দিছিল।ভাগৱত
শাস্ত্ৰৰ মাধ্যমত এই সাধন পথৰ সন্ধান লাভ কৰাটো সৰ্বকালৰ
সৰ্বলোকৰ বাবে অসীম সৌভাগ্য বুলিও কোৱা হৈছে। গোপী সকল উচ্চ ব্ৰাহ্মণ কূলত জন্মলাভ কৰা নাছিল।তেওঁলোকে উপনয়ন আদি সংস্কাৰ লাভ কৰা নাছিল অথবা যাগ-যজ্ঞাদি
শ্ৰৌত কৰ্মও কৰা নাছিল ।অৰ্থাৎ
পাৰমাৰ্থিক সাধনাৰ বাবে প্ৰয়োজনীয় বুলি গণ্য কৰা কোনো প্ৰকাৰৰ শিক্ষা-দীক্ষা
গোপীসকলৰ নাছিল ।
তেওঁলোক আছিল বন জঙ্গলত থাকি কাম কৰা বনচৰী ।
শাস্ত্ৰীয় নীতি-নিয়াম আচাৰ-বিচাৰ আদি
সম্পৰ্কে তেওঁলোক অনভিজ্ঞ আছিল ।এই
সকল আছিল অশিক্ষিত পশুপালক কুলত জন্মলাভ কৰি সেই পৰিবেশতে ডাঙৰ
দীঘল হোৱা গ্ৰাম্য ব্ৰজ ৰমণী।
কিন্তু বৃন্দাৱনৰ এই সকল গোপীয়ে সচ্চিদানন্দঘন ভগৱান কৃষ্ণৰ প্ৰতি অনন্য প্ৰেমভাৱ পোষণ কৰিছিল ।কথাখিনি স্পষ্ট কৰাৰ বাবে শাস্ত্ৰত কোৱা হৈছে যে অমৃত পান কৰিলে অমৃতৰ বস্তু শক্তিৰ ক্ৰিয়াত
অমৰত্ব লাভ হয় ।অমৃতক অমৃত বুলি নজনাকৈ পান কৰিলেও একে ফল লাভ হয় ।সেইদৰে
ভগৱত তত্বজ্ঞান নাজানি কৰা ভগৱত প্ৰেমৰ দ্বাৰাও পৰম কল্যাণ প্ৰাপ্তি হয় । বৃন্দাৱনৰ গোপী সকলৰ কৃষ্ণৰ মাহাত্ম্য-বিষয়ক তত্বজ্ঞান
নাছিল । তেওঁলোকে কৃষ্ণক সৰ্বজ্ঞ , সৰ্বশক্তিমান , সৰ্বব্যাপ্ত পৰমেশ্বৰ বুলিও জনা নাছিল কিন্তু তেওঁলোকে নিজৰ স্বাভাৱিক প্ৰবৃত্তিজাত
একান্ত প্ৰীতিবশঃত কৃষ্ণপ্ৰেমত সদা নিমগ্ন হৈ আছিল । সেয়েহে পৰমেশ্বৰ কৃষ্ণৰ কৰুণাধাৰা তেওঁলোকৰ ওপৰত
বৰ্ষিত হৈছিল । ভাগৱতৰ এনে
প্ৰকাৰৰ জ্ঞান আৰু শিক্ষাৰ আধাৰত বিচাৰ কৰি হৰিদেৱ গুৰুজনাই সত্ৰত মহিলাৰ স্থান
নিৰ্ণয় কৰিছিল। (আগলৈ)
No comments:
Post a Comment