Saturday, 18 January 2020

Understanding Guru Harideva’s Approach Towards Unity-24 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৪)


We told in our post of 14.1.20 that, Guru Harideva had intuitive experience of Bhagavata. He had attainment of self realization. He was free from bondage of worldly life. While discussing subjects based on religious scriptures some words of this type are generally used. But most of the common people like us are unable to understand the actual meaning of those words. So, with these descriptions actually what we want to tell about Guru Harideva , may not be clear to most of the people. It is told in Bhagavata that, after attainment of self realization, our birth and death cycles come to an end and that is called salvation. Salvation is the end of all troubles of worldly life that we are facing from the time unknown. Again, unless we try to attain salvation in this life itself, we will go on suffering life after life in the unlimited cycles of birth and death, till the time unknown. So, scriptures of most of the religions and the great teachers or Gurus of religious faiths are of one and the same opinion that salvation is the ultimate goal of religious practices. The Bhagavata tells this truth in a simpler way for easy understanding of common people like us. Not only this, it also tells us that, the right to salvation is not reserved for people of higher knowledge only. Common people with little knowledge like us, also can attain salvation. Even people with backgrounds of antisocial and other sinful activities also have the right to salvation. People considered to be of the lowest level of social, cultural ,educational and all other possible status  in human society, have also equal right to salvation . Bhagavata , not only tells this fact. It also tells the ways and means to be followed by people of all classes, irrespective of their social status,  for attainment of salvation. Now, by reading the Bhagavata, we can know these things. But that cannot be the intuitive experience or direct knowledge of Bhagavata. So, direct knowledge or intuitive experience attained by Guru Harideva was different from this type of knowledge and this point we should know to get a clear idea about him .(to be continued)
আমাৰ 14.1.20 তাৰিখৰ লিখনিত হৰিদেৱ গুৰুজনা  ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান প্ৰাপ্ত পুৰুষ আছিল বুলি কোৱা হৈছে । তেওঁ আত্মতত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ আছিল বুলিও কোৱা হৈছে । ইয়াত অপৰোক্ষ জ্ঞান , আত্মতত্বজ্ঞ , জীৱন্মুক্ত আদি শব্দ ব্যৱহাৰ কৰা হৈছে । শাস্ত্ৰৰ কথা আলোচনা কৰাৰ সময়ত আমি প্ৰায়ে এনে শব্দ ব্যৱহাৰ কৰো । কিন্তু এনে শব্দবোৰৰ প্ৰকৃত অৰ্থ আমাৰ দৰে সাধাৰণ মানুহে বুজি নাপাওঁ। সেই কাৰণে ওপৰোক্ত বিশেষণ সমুহৰ দ্বাৰা হৰিদেৱ গুৰুজনা প্ৰকৃততে কি আছিল বুলি ক’ব খোজা হৈছে তাৰ স্পষ্ট ধাৰণা আমাৰ মনলৈ নাহে ।ভাগৱতত কোৱা হৈছে যে আত্মজ্ঞান লাভ কৰাৰ পিচত আমি জন্ম মৃত্যুৰ চক্ৰবেহুৰ পৰা অব্যাহতি লাভ কৰিব পাৰো আৰু ইয়াকে মোক্ষ বা মুক্তি বুলি কোৱা হয় । মুক্তি হৈছে আমি অনাদি কালৰ পৰা ভোগ কৰি অহা সংসাৰ যন্ত্ৰণাৰ সমাপ্তি । আকৌ এই জন্মতে যদি মোক্ষ লাভৰ বাবে চেষ্টা কৰা নহয়,তেন্তে আমি অনন্ত কাল পৰ্যন্ত জন্ম আৰু মৃত্যুৰ কবলত থাকি সংসাৰৰ যন্ত্ৰণা ভোগ কৰাটো নিশ্চিত । সেই কাৰণে প্ৰায় সকলো ধৰ্মৰ শাস্ত্ৰসমুহ তথা ধৰ্ম বিশ্বাসৰ সৈতে যুক্ত ধৰ্মগুৰুসকল এই কথাত একমত যে মোক্ষ লাভ হৈছে ধৰ্মসাধনাৰ মূল লক্ষ । ভাগৱতত এই সত্য আমাৰ দৰে সাধাৰণ জ্ঞান বুদ্ধিসম্পন্ন লোকে বুজিব পৰাকৈ অতি সৰলভাৱে বৰ্ণনা কৰা হৈছে । ভাগৱতে লগতে আৰু কৈছে যে মোক্ষ লাভৰ অধিকাৰ কেৱল ঋষিমুনিৰ দৰে উচ্চ জ্ঞানসম্পন্ন লোকৰ বাবে সংৰক্ষিত নহয় ।আমাৰ দৰে সাধাৰণ জ্ঞানবুদ্ধিৰ লোকেও মোক্ষ লাভ কৰা সম্ভৱ। আনকি সমাজবিৰোধী বা অন্যান্য প্ৰকাৰৰ কুকৰ্মত লিপ্ত থকা লোকৰো মোক্ষ লাভৰ সম অধিকাৰ আছে । যিসকল লোক সামাজিক, সাংস্কৃতিক , শৈক্ষিক আৰু অন্যান্য সম্ভৱপৰ সকলো দিশতে নিম্নতম স্তৰত আছে, তেওঁলোকৰ মোক্ষলাভৰ অধিকাৰো অন্য কাতোকৈ কম নহয় । ভাগৱতত এই সত্য প্ৰকাশ কৰাৰ   লগতে সমাজৰ উচ্চ নীচ সকলো শ্ৰেণীৰ লোকৰ  বাবে মোক্ষলাভৰ সৰল উপায় আৰু পথৰ নিৰ্দেশো কৰিছে । ভাগৱত শাস্ত্ৰ পঢ়ি আমি এইবিলাক কথা জানিব পাৰো । কিন্তু এনে জ্ঞানক অপৰোক্ষ জ্ঞান বা প্ৰত্যক্ষ অনুভূতি বুলি কোৱা নহয় । সেইকাৰণে হৰিদেৱ গুৰুজনাই লাভ কৰা অপৰোক্ষ জ্ঞান ওপৰোক্ত প্ৰকাৰৰ জ্ঞানতকৈ পৃথক আছিল আৰু গুৰুজনাক শুদ্ধ ৰূপত জানিবৰ বাবে আমি এই বিষয়টো স্পষ্টভাৱে বুজি পোৱা প্ৰয়োজন্। (আগলৈ )

Thursday, 16 January 2020

Understanding Guru Harideva’s Approach Towards Unity-23 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২৩)


Guru Hardeva consider each and every point discussed in my earlier posts and finally decided to leave Bahari in 1456 CE , that is after three years of establishment of his Satra there . But instead of shifting the original Satra and the Satra related activities from Bahari, he decided to establish one hermitage at a distance of 6-7 kms away from Bahari for his stay. He decided to keep the Satra at Bahari under care of the twelve disciples, the past history of whom we mentioned in our earlier posts.This decision was unique in consideration of the prevailing practice of that time.We mentioned in the earlier posts that after establishment of Satra at Bahari, Guru Harideva brought some people with educational and cultural  background from neighboring areas to help in the activities of the Satra. Amongst them , some people from Brahmin community were also there. Those Brahmins were engaged in duties of conducting traditional vedic  worship at the temple connected with the Satra. They were also involved with the duties as priest to help people in performance of the rituals to be performed by house holders as per vedic injunctions.Guru Harideva  did not select any people from Brahmin community for management of the Satra , though they were considered to be superior in the social system at that time .He handed over the management of the Satra to the above mentioned group of twelve past anti-socials converted to responsible citizens of higher human values .But , here the important point to be noticed was that , though the people from Brahmin community were placed  under the control of management of those people from non Brahmin community , they were advised by Guru Harideva not to supersede  the Bahmins so far as vedic injunctions are concerned.This was an the unique system of management introduced by Guru Hardeva unknown to the history of management of religious institutions till that time. But interestingly this system of management introduced by Guru Harideva is still being followed in the Satra and the society at Bahari.(to be continued )

অৱশেষত আমি ইয়াৰ আগৰ লিখনিসমুহত উল্লেখ কৰা ধৰণৰ সমস্যাসমুহৰ সমাধানৰ অৰ্থে হৰিদেৱ গুৰুজনাই ১৪৫৬ খৃঃত , অৰ্থাৎ বহৰিত সত্ৰ স্থাপন কৰাৰ তিনি বছৰৰ পিছত,  সেই ঠাই এৰি যোৱাৰ সিদ্ধান্ত লৈছিল । কিন্তু গুৰুজনাই সত্ৰখন বা সত্ৰৰ কাৰ্যকলাপ তাৰ পৰা  উঠাই নিয়াৰ চিন্তা নকৰি বহৰিৰ জনসমাগমৰ পৰা ৬-৭ কিঃ মিঃ দূৰৰ এখন নিৰ্জন স্থানত আশ্ৰম প্ৰতিষ্ঠা কৰি নিজে তাত থকাৰ পৰিকল্পনা কৰিছিল । বহৰিত প্ৰতিষ্ঠা কৰা সত্ৰ আৰু তাৰ সমস্ত কাৰ্যকলাপ পৰিচালনাৰ  দায়িত্ব আমি আগত উল্লেখ কৰি অহা সেই বাৰজন লোকৰ হাতত দিয়াৰ সিদ্ধান্ত লৈছিল । গুৰুজনাৰ এই সাহসী  সিদ্ধান্ত সেই সময়ৰ প্ৰচলিত ব্যৱস্থাতকৈ সম্পূৰ্ণ পৃথক আছিল । আমাৰ আগৰ লিখনিত উল্লেখ কৰা হৈছে যে বহৰিত সত্ৰ স্থাপন কৰাৰ পিছতে গুৰুজনাই সত্ৰৰ কাম কাজত সহায় হোৱাকৈ কেইঘৰমান শিক্ষা সংস্কৃতিসম্পন্ন লোকক কাষৰ পাজৰৰ জনবসতিৰ পৰা আনি বহৰিত স্থাপন কৰিছিল । তাৰ ভিতৰত কিছুসংখ্যক ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকো আছিল । সত্ৰৰ মণিকূটত প্ৰতিষ্ঠিত বিগ্ৰহৰ  পূজা পাতল বৈদিক প্ৰথা অনুসৰি কৰা কামত তেওঁলোকক নিযুক্ত কৰা হৈছিল । তাত বসতি কৰা অন্যান্য লোকসকলে গৃহস্থ ধৰ্ম অনুসৰি পালন কৰিব লগীয়া বৈদিক কৰ্মসমুহত পৌৰোহিত্য কৰাৰ দায়িত্বও ব্ৰাহ্মণসকলৰ ওপৰতে ন্যস্ত কৰা হৈছিল্।কিন্তু হৰিদেৱ গুৰুজনাই সমাজৰ উচ্চ স্তৰৰ লোক হিচাপে বিবেচিত এই ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকক সত্ৰ পৰিচালনা কাৰ্যৰ দায়িত্বত নিযুক্ত কৰা নাছিল । গুৰুজনাই দস্যুৰ পৰা সাধু ব্যক্তিলৈ ৰূপান্তৰিত কৰা বুলি আমি আগতে উল্লেখ কৰি অহা সেই বাৰজন লোকক সমুহীয়াভাৱে সত্ৰ পৰিচালনা কৰাৰ দায়িত্ব দিছিল ।এইখিনিতে আমি উল্লেখ কৰা  উচিত যে ব্ৰাহ্মণসকলক সত্ৰ পৰিচালনা আৰু সমাজৰ অন্যান্য অনুশাসনৰ  বেলিকা ওপৰোক্ত বাৰজন অব্ৰাহ্মণ লোকৰ নিয়ন্ত্ৰণাধীন কৰা হৈছিল যদিও বৈদিক কৰ্মকাণ্ডৰ বেলিকা ব্ৰাহ্মণসকল স্বাধীন আছিল । গুৰুজনাই বৈদিক কৰ্মকাণ্ডৰ ক্ষেত্ৰত ব্ৰাহ্মণসকলৰ মতামতৰ ওপৰত হস্তক্ষেপ কৰাৰ অধিকাৰ সত্ৰৰ পৰিচালক সকলক  দিয়া নাছিল । সত্ৰ পৰিচালনাৰ ক্ষেত্ৰত গুৰুজনাই প্ৰবৰ্ত্তন কৰা এই ব্যৱস্থা সেই সময়ৰ ধৰ্মানুষ্ঠান সমুহ পৰিচালনাৰ পৰিপ্ৰেক্ষিতত নতুন আৰু অগতানুগতিক আছিল । কিন্তু হৰিদেৱ গুৰুজনাই তাহানিতে প্ৰবৰ্ত্তন কৰা এই নিৰ্দেশনা অনুসৰিয়ে বহৰি সত্ৰ  তথা তাৰ সমাজ ব্যৱস্থা আজিলৈকে চলি আছে । (আগলৈ)

Tuesday, 14 January 2020

Understanding Guru Harideva’s Approach Towards Unity-22 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২২)


We discussed the problems faced by Guru Hardeva after establishment of his first Satra at Bahari in the preceding posts. The religious philosophy of Guru Harideva was based on the teachings of Bhagavata, that is, the realization of the ultimate truth by practice of devotional services as suggested in Bhagavata. But people assembled at Bahari for permanent settlement after establishment of the Satra there, were accustomed with different types religious practices as they learnt in their earlier places of residence . Motivating all those people to bring into one fold of religious faith under the Satra was a big challenge.But Guru Harideva was a great personality with intuitive experience on Bhagavata. His spiritual knowledge and self realization was fully reflected in his practical life . People may have knowledge of so many things . But knowledge without realization can not be applied in practical life.Without practical application, knowledge carries no meaning in spiritual field. Scripture explains this point with an analogy like this . There may be a mango tree on the bank of a pond . There may be ripen and sweet mangoes on the topmost branch of the tree .We may see the image of the tree with the ripen mangoes in the water of the pond. But unless we practically do something to bring the actual mangoes into our hand, the knowledge obtained by seeing the image in the water of the pond is practically useless. We cannot get the taste of mangoes with this knowledge. Most of the people like us have this type of spiritual knowledge . As there is no realization of the knowledge obtained through scriptures , we are unable to apply those knowledge in our day to day life for higher spiritual achievements .But this was not the case with Guru Harideva . So he was totally free from all kinds of duaities. In Bhagavata it is told that such person consider his friends and enemies equally and work for the benefit of both without expectation of anything in return . With this type of thought in mind Guru Harideva decided his next step of action. (to be continued)


ইয়াৰ আগৰ কেইটামান লিখনিত আমি হৰিদেৱ গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পিছত সন্মুখীন হোৱা সমস্যাসমুহৰ বিষয়ে আলোচনা কৰি আহিছো । হৰিদেৱ গুৰুজনাই ভাগৱত শাস্ত্ৰত উল্লেখিত দৰ্শনৰ আধাৰত ধৰ্ম প্ৰচাৰ কৰাৰ বাবে বহৰিত সত্ৰখন পাতিছিল । অৰ্থাৎ ভাগৱতৰ নিৰ্দেশ অনুসৰি ভক্তি আচৰণৰ জৰিয়তে পৰম সত্যৰ অনুসন্ধান কৰাই আছিল গুৰুজনাৰ ধৰ্মৰ ব্যৱহাৰিক দিশ ।কিন্তু বিভিন্ন স্থানৰ পৰা  বহৰিত বসবাস কৰিবলৈ অহা লোক সকল আছিল পূৰ্বৰ নিজ নিজ স্থানত প্ৰচলিত বিশ্বাস আৰু পৰম্পৰা অনুসৰি ধৰ্মীয় আচাৰ আচৰণ  পালন কৰাত অভ্যস্ত ব্যক্তি।এই সকল ব্যক্তিক সত্ৰৰ প্ৰচলিত নীতি নিয়ম অনুসৰি ধৰ্মবিশ্বাসৰ অধীনলৈ অনাটো আছিল এক ডাঙৰ প্ৰত্যাহ্বান ।কিন্তু হৰিদেৱ গুৰুজনা আছিল ভাগৱত শাস্ত্ৰৰ অপৰোক্ষ জ্ঞান প্ৰাপ্ত পূৰ্ণ তত্বজ্ঞ আৰু জীৱন্মুক্ত পুৰুষ । নিজৰ তাত্বিক জ্ঞান আৰু আত্মানুভৱ তেওঁৰ দৈনন্দিন জীৱনৰ কাৰ্যকলাপতো প্ৰতিফলিত হৈছিল । বহু মানুহে বহুত কথা জানে । কিন্তু জনা কথাখিনি অনুভূতিৰ স্তৰলৈ আনিব নোৱাৰিলে সেই জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ কৰা সম্ভৱ নহয়। যি জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ নহয়,  পাৰমাৰ্থিক ক্ষেত্ৰত সেই জ্ঞানৰ কোনো মূল্য নাথাকে । শাস্ত্ৰত এটা উপমাৰ দ্বাৰা কথাখিনি এনেদৰে বুজাই দিয়া হৈছে । পুখুৰীৰ পাৰত ওখ ওখ আমগছ থাকে । কেতিয়াবা সেই আমগছৰ একেবাৰে ওপৰৰ ডালত আম লাগি পকি থাকে । পকা আমেৰে সৈতে সেই আমগছৰ প্ৰতিবিম্ব পুখুৰীৰ পানীত আমি দেখা পাওঁ । ইয়াৰ পৰা আমৰ আগডালত লাগি থকা আমকেইটাৰ অৱস্থিতি আমি  বুজিব পাৰো । কিন্তু যেতিয়ালৈকে কষ্ট কৰি কিবা উপায়েৰে আমকেইটা পাৰি অনা নহয় তেতিয়ালৈকে প্ৰতিবিম্ব চাই আমৰ সোৱাদ লোৱা সম্ভৱ নহয়। আমাৰ দৰে বেছিভাগ লোকৰে পাৰমাৰ্থিক জ্ঞান এনে পৰ্যায়ৰ ।শাস্ত্ৰৰ পৰা লাভ কৰা জ্ঞান অনুভূতিৰ স্তৰলৈ আনিব নোৱাৰাৰ বাবে ব্যৱহাৰিক জীৱনত সেই জ্ঞানৰ প্ৰয়োগ কৰি পাৰমাৰ্থিক উন্নতি লাভ কৰা আমাৰ বাবে সম্ভৱ হৈ নুঠে । হৰিদেৱ গুৰুজনাৰ দৰে মহাপুৰুষৰ ক্ষেত্ৰত এনে কথা প্ৰযোজ্য নহয় । সেই কাৰণে গুৰুজনা সকলো প্ৰকাৰৰ দ্বৈত ভাৱৰ পৰা মুক্ত পুৰুষ আছিল। ভাগৱতত কোৱা হৈছে যে দ্বৈত ভাৱৰ পৰা সম্পূৰ্ণ মুক্ত বা জীৱন্মুক্ত পুৰুষে অনুগামী আৰু বিৰোধীৰ মাজত একো পাৰ্থক্য নেদেখে। এনে মনোভাৱত প্ৰতিষ্ঠিত থাকি হৰিদেৱ গুৰুজনাই তেওঁৰ পৰবৰ্ত্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিছিল। (আগলৈ)

Sunday, 12 January 2020

Understanding Guru Harideva’s Approach Towards Unity-21 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২১)


In our post of 4.1.20 , it was mentioned that after establishment of Satra at Bahari by Guru Harideva, a large number of people came there for permanent settlement . Thus the place became over populated with people from different places and with different cultures and religious practices. The  situation prevailed in Assam at that time in the field of religion was also described in my post dated 10.1.20. So it can be easily understood that, the cause behind coming of large number of people there for permanent settlement was the availability of abundant natural resource for easy living. The Satra established by Guru Harideva was important for them from the point of view  of maintenance of peace only. That situation was not at all suitable for spiritual development of people as aimed by Guru Harideva. In order to avoid such adversity, the great teachers of vedic time used to establish hermitage away from human habitation. In the scriptures there are large number of description of such hermitages. That type of arrangement was suitable for proper spiritual growth of the students in the spiritual field of education. In a place surrounded by people fully occupied with thoughts of materialistic gains, possibilities of disturbances for both the teachers and students were always there in spiritual field. Guru Harideva was to take care of such situation that aroused after establishment of his Satra at Bahari . (to be continued )  

আমাৰ ৪.১.২০ তাৰিখৰ লিখনিত উল্লেখ কৰা হৈছে যে গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পিছতে তাত বহু লোকে বসতি স্থাপন কৰাৰ বাবে আহিছিল |অলপ দিনৰ ভিতৰতে ঠাইখন বিভিন্ন স্থানৰ পৰা অহা বিভিন্ন সংস্কৃতি আৰু ধৰ্মবিশ্বাস সম্পন্ন লোকৰ দ্বাৰা  জনাকীৰ্ণ হৈ পৰিছিল। ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাসৰ বেলিকা এই লোকসকলে আমি ১০.১.২০ তাৰিখৰ লিখনিত উল্লেখ কৰাৰ দৰে পৰিবেশ পৰিস্থিতিৰ মাজত আছিল । এই লোকসকলৰ অধিক সংখ্যকে বহৰিত থকা প্ৰাকৃতিক সম্পদ সমুহ ব্যৱহাৰ কৰি জীৱন যাত্ৰা সুচল কৰাৰ বাবেহে আহিছিল । সত্ৰখন স্থাপন হোৱাৰ বাবে তাত যি শান্তি প্ৰতিস্থা হৈছিল তাৰ সুবিধা লৈ সহজ জীৱন যাত্ৰাৰ উপকৰণসমুহ ভোগ কৰা তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল ।এনে পৰিবেশ আধ্যাত্মিক জ্ঞানৰ সাধনাৰ বাবে উপযুক্ত নহয় । সেই কাৰণে বৈদিক কালৰ গুৰুসকলৰ কিছুমানে জনবসতিৰ পৰা নিলগত আশ্ৰম পাতি বাস কৰিছিল । শাস্ত্ৰত ইয়াৰ বহু উদাহৰণ আছে ।শিষ্যক পাৰমাৰ্থিক উন্নতিৰ দিশত আগ বঢ়াই নিয়াৰ কাৰণে এনে ব্যৱস্থা অতি প্ৰয়োজনীয় ।পাৰমাৰ্থিক বিষয়ৰ প্ৰতি কোনো আগ্ৰহ নথকা ব্যক্তিৰে ভৰপুৰ জনবসতিৰ মাজত বসবাস কৰিলে নিজৰ লগতে শিষ্যসকলৰো সাধনাত নানা প্ৰকাৰৰ ব্যাঘাত জন্মাৰ সম্ভাৱনা থাকে । প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হ’ব লগীয়া হয় । হৰিদেৱ গুৰুজনাই বহৰিত সত্ৰ স্থাপন কৰাৰ পৰবৰ্ত্তী পৰ্যায়ত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ সমাধান বিচাৰিব লগীয়া হৈছিল । (আগলৈ )

Friday, 10 January 2020

Understanding Guru Harideva’s Approach Towards Unity-20 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-২০)


In Bhagavata it is told that when people used to live in a society without guidance from genuine vedic teacher, they come under the influence of so many harmful and unnecessary rituals framed by unscrupulous people for their own ill interest . This is explained with a nice analogy for our easy understanding. In Bhagavata it is told that during night of rainy season, when the sky is cloudy, people cannot see the moon and the stars .Then a huge number fireflies demonstrate their light. People who forget the availability of moon and star because of their temporary absence in the sky , consider those fireflies as the only source of light available in the deep darkness. Likewise in the absence of genuine vedic teachers in the society to keep the people aware of the vedic knowledge,ill minded people get scope to float so many false spiritual ideas .  General people also consider these ideas as useful because of the absence of proper guidance from genuine teachers with true knowledge of vedic culture and rituals. In Bhagavata it is also told that due to heavy rain pour in rainy season, the embankments , roads , pools etc are washed away by the force of  flood water. Likewise, the misleading propaganda conducted by the unscrupulous people in the name of spirituality become strong enough to break down the genuine vedic system of religious practice in the absence of competent teachers with true vedic knowledge in the society. These observations, as explained in Bhagavata, was true in case of 15th century Assam, that is, at the time of arrival of Guru Harideva at Bahari. That was because of the non availability of sufficient numbers of competent teacher with true vedic knowledge. At that time people used to worship demigods and goddesses of different names and forms. Odd practices of all forms including oblation of animals and even human being were encouraged in the name of religion. There were frequent unrests amongst the followers of different gods and goddesses .People of different groups used to fight with each other to establish the superiority of their own gods and goddesses. The religious practice suggested by Guru Harideva was based on true vedic principles and knowledge of Bhagavata. So,    naturally, Guru Harideva was to face the adversities prevailed in the society after establishment of his first Satra at Bahari.(to be continued )

ভাগৱতত কোৱা হৈছে যে সমাজত যেতিয়া শুদ্ধ বৈদিক জ্ঞান সম্পন্ন শিক্ষকৰ অভাৱ হয় তেতিয়া দুষ্ট প্ৰকৃতিৰ লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে  নানা প্ৰকাৰৰ অপকাৰী আৰু অপ্ৰয়োজনীয় ধৰ্মীয় আচাৰ আচৰণৰ প্ৰচলন কৰে । শুদ্ধ পথ দেখুওৱা লোকৰ অভাৱত সাধাৰণ লোকে এই সমুহকে প্ৰকৃত পথ বুলি ভাৱি ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়। ভাগৱত শাস্ত্ৰত সুন্দৰ উপমাৰ দ্বাৰা কথাখিনি আমাক বুজাই দিয়াৰ চেষ্টা কৰা হৈছে । বাৰিষা কালৰ ৰাতি আকাশ ডাৱৰে ঢাকি ৰাখিলে চন্দ্ৰ আৰু তৰাবিলাক মানুহে দেখা নাপায়। তেনে অৱস্থাত অসংখ্য জোনাকী পৰুৱাৰ উপস্থিতি স্পষ্টভাৱে প্ৰকাশ পায় । সেই সময়ত চন্দ্ৰ তৰাৰ অস্তিত্বৰ বিষয়ে পাহৰি যোৱা মানুহে জোনাকী পৰুৱাবোৰকে অন্ধকাৰৰ মাজত পথ দেখুৱাৱ পৰা  পোহৰৰ  উৎস বুলি ভাৱে । একেদৰে সমাজত শুদ্ধ বৈদিক জ্ঞানৰ পোহৰেৰে সঠিক পথ দেখুৱাব পৰা উপযুক্ত শিক্ষকৰ অভাৱ হ’লে দুষ্ট লোকে নিজৰ অভিসন্ধি পূৰণৰ বাবে প্ৰচলন কৰা মতবাদ আৰু ভ্ৰান্ত ধৰ্মীয় আচাৰ আচৰণ সমুহকে সাধাৰণ মানুহে সত্য বুলি ভাৱে । ভাগৱতত আৰু কোৱা হৈছে যে বৰ্ষা কালত হোৱা অবিৰাম প্ৰবল বৰষুণৰ ফলত  নদীবান্ধ , পথৰ সেতু , শস্যক্ষেত্ৰৰ  সীমা নিৰ্দেশক আলি প্ৰভৃতি সমস্তই পানীৰ সোতত ভাঙি যায় । সেইদৰে সত্য পথ প্ৰদৰ্শনৰ বাবে সমাজত উপযুক্ত বৈদিক জ্ঞান সম্পন্ন শিক্ষকৰ অভাৱ হ,লে পাষণ্ড মতাৱলম্বী লোকসকলৰ নানাৰকম ভ্ৰান্ত আৰু অসত পথৰ প্ৰেৰণাদায়ী মতবাদ অধিক বলশালী হয়। তাৰ ফলত বেদশাস্ত্ৰ প্ৰতিপাদিত ধৰ্মপথৰ মৰ্যাদা লঙ্ঘিত হয় । খৃষ্টীয় পোন্ধৰ শতিকাৰ অসমৰ ক্ষেত্ৰত অৰ্থাত হৰিদেৱ গুৰুজনা অসমলৈ অহাৰ সময়ত ভাগৱত শাস্ত্ৰৰ এই সত্যদৰ্শন অনুসৰি সমাজ চলি আছিল । দীৰ্ঘকাল ধৰি সমাজক শুদ্ধ আধ্যাত্মিক পথ দেখুওৱাৰ বাবে পৰ্যাপ্ত সংখ্যক শুদ্ধ বেদজ্ঞান সম্পন্ন শিক্ষকৰ অভাৱ চলি থকাৰ বাবে সেই সময়ৰ অসমত ধৰ্মৰ নামত বিভিন্ন নাম আৰু ৰূপধাৰী দেৱী দেৱতাৰ পূজা অৰ্চনা প্ৰচলিত আছিল । ধৰ্মৰ নামত অসংখ্য পশুবলি দিয়া হৈছিল্। আনকি নৰবলিৰ দৰে নিৰ্দয় আচাৰ অনুষ্ঠানৰো প্ৰচলন আছিল ।বিভিন্ন দেৱী দেৱতাৰ উপাসক সকলে নিজ নিজ উপাস্য দেৱী দেৱতাৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰাৰ অৰ্থে কাজিয়া পেচালত লিপ্ত হৈ অশান্তিৰ সৃষ্টি কৰিছিল।  হৰিদেৱ গুৰুজনাৰ ধৰ্ম আছিল ভাগৱত শাস্ত্ৰৰ ওপৰত আধাৰিত শুদ্ধ বৈদিক ধৰ্ম । গতিকে স্বাভাৱিকতে বহৰিত প্ৰথম সত্ৰখন স্থাপন কৰাৰ পিছত হৰিদেৱ গুৰুজনাই সমাজত আগৰে পৰা চলি থকা ভ্ৰান্তিপূৰ্ণ ধৰ্মৰ বিৰোধিতাৰ মুখামুখী হোৱাৰ পৰা মুক্ত থকা সম্ভৱ নাছিল । (আগলৈ)

Wednesday, 8 January 2020

Understanding Guru Harideva’s Approach Towards Unity-19 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৯)


In older days, not only ascetics described in our post of 6.1.20, but also other people from different parts of India used to come to Assam for pilgrimage. There are many places like hermitage of sage Basistha here,  in memories of those people who visited Assam in old days. Before coming to Bahari, Guru Harideva travelled all over Northern India for nearly ten years. For higher education he stayed at Kashi for 4 years with the family of a citizen there. Similarly for his research oriented studies on Bhagavata ,he stayed for 5 years at Puri, in the house of a priest of the Temple of Lord Jagannatha. Thus, he had experience of the hospitalities he received from different people at different places he visited outside Assam. So, Naturally, he had some feelings for the people coming to Assam for pilgrimage tour from outside and was eager to serve them by making arrangement for their stay in his Satra. Moreover, those people from different places were full of experiences and knowledge of different subjects. Guru Hardeva was highly educated person having vast experiences of almost all places and people of North India. He was accustomed with their habits and culture also. He was interested to interact with those people from outside to maintain the bond of relations he established with them during his visit outside Assam . By this type of interaction, he also wanted to give scope to his followers to interact with people from all over India and get information about different places and people for broadening of their mental outlook . The difficulties to be faced in travelling by road in Assam were already discussed in my post of 9.12.19. Travel through river Brahmaputra was the safest means for people coming from outside. Now a days also, people prefer to establish philanthropic institutions near National Highways or railway stations so that more number of travelers can utilize their services. In older days river Brahmaputra served the purpose of highway and was the only convenient way of communication of Assam with outside world .So , Guru Harideva wanted to establish a Satra near the bank of  river Brahmaputra to come into contact with people from outside travelling through river Brahmaputra . (to be continued)

পুৰণি কালৰ পৰিব্ৰাজক সকলৰ কথা আমাৰ 6.1.20 তাৰিখৰ লিখনিত কোৱা হৈছে। তেওঁলোকত বাদেও অন্য লোক সেই কালত  তীৰ্থ পৰ্যটনৰ কাৰণে অসমলৈ আহিছিল। বশিষ্ঠাশ্ৰমৰ দৰে অনেক স্থানে পুৰণি কালত অসমলৈ অহা তীৰ্থযাত্ৰীৰ স্মৃতি আজিও বহন কৰি আছে । বহৰিলৈ অহাৰ আগতে হৰিদেৱ গুৰুজনাই একেৰাহে দহ বছৰ কাল উত্তৰ ভাৰতৰ বিভিন্ন স্থানত ভ্ৰমণ কৰিছিল । উচ্চ শিক্ষা লাভ কৰাৰ সময়ত তেওঁ চাৰিবছৰ কাল কাশীৰ এজন গৃহস্থৰ ঘৰত আলহী হিচাপে আছিল ।পুৰীত পাঁচ বছৰ কাল ভাগৱত শাস্ত্ৰৰ ওপৰত গৱেষণা মূলক অধ্যয়ন কৰাৰ সময়তো তেওঁ জগন্নাথ মন্দিৰৰ এজন পাণ্ডাৰ পৰিয়ালত আলহী হৈ আছিল । ভ্ৰমণ আৰু অধ্যয়ন কালত উত্তৰ ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন লোকৰ পৰা লাভ কৰা মৰম-স্নেহ , সেৱা-শুশ্ৰুষাৰ কথা তেওঁ পাহৰিব পৰা নাছিল । সেয়েহে বাহিৰৰ পৰা অসমলৈ তীৰ্থ পৰ্যটনৰ বাবে অহা লোকসকলক তেওঁৰ সত্ৰত ৰাখি সেৱা শুশ্ৰুষা কৰাৰ বাবে আগ্ৰ্হী হোৱাটো তেওঁৰ বাবে স্বাভাৱিক কথা আছিল । তদুপৰি তীৰ্থযাত্ৰীসকল বিভিন্ন স্থান আৰু বিভিন্ন বিষয়ৰ জ্ঞান থকা লোক আছিল । হৰিদেৱ গুৰুজনাও উত্তৰ ভাৰতৰ প্ৰায় সকলো স্থানৰ সকলো লোক আৰু তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ জ্ঞান সম্পন্ন উচ্চ শিক্ষিত ব্যক্তি আছিল ।বাহিৰৰ লোকৰ সৈতে থকা সম্পৰ্ক অটুট ৰখাৰ লগতে নিজৰ  জ্ঞানৰ পৰিসৰ উত্তৰোত্তৰ বৃদ্ধিৰ বাবে বাহিৰৰ পৰা অহা এনে ধৰণৰ লোকৰ সৈতে সঘন মিলামিছা কৰাৰ প্ৰয়োজন তেওঁৰ আছিল । নিজৰ অনুগামীসকলেও বিভিন্ন স্থানৰ বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহি সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন স্থান আৰু বিষয়ৰ জ্ঞান লাভ কৰি মনৰ পৰিসৰ বৃদ্ধি কৰাটো তেওঁৰ কাম্য আছিল। সেই সময়ৰ অসমত স্থলপথৰ যাত্ৰা কিমান বিপদজনক আছিল তাক আমাৰ 9.12.19 তাৰিখৰ লিখনিত কোৱা হৈছে। ব্ৰহ্মপুত্ৰ নদী আছিল বাহিৰৰ লোকসকল অসমলৈ অহাযোৱাৰ বাবে একমাত্ৰ নিৰাপদ পথ । এতিয়াৰ দিনতো মানুহে তীৰ্থযাত্ৰীৰ সেৱাৰ বাবে ৰাষ্ট্ৰীয় পথ বা ৰেল ষ্টেচনৰ ওচৰত দাতব্য অনুষ্ঠান পাতে । তেতিয়াহে বেছি যাত্ৰীয়ে এনে সেৱা লাভ কৰাত সহজ হয় । পুৰণি কালত বহ্মপুত্ৰ নদীয়ে আছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সহজে যাব পৰা ৰাষ্ট্ৰীয় পথ । গতিকে গুৰুজনাই  বাহিৰৰ পৰা অহা এই সকল লোকৰ সংস্পৰ্শ লাভ কৰাৰ লগতে তেওঁলোকৰ সেৱা শুশ্ৰুষা কৰাৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নিজৰ সত্ৰানুষ্ঠান পতাৰ প্ৰয়োজন বোধ কৰিছিল ।(আগলৈ)

Monday, 6 January 2020

Understanding Guru Harideva’s Approach Towards Unity-18 (একতাৰ অনুসন্ধান সম্পৰ্কত হৰিদেৱ গুৰুজনাৰ দৃষ্টিভঙ্গী বুজাৰ প্ৰয়াস-১৮)


Guru Harideva stayed at Bahari for three years only. It was mentioned in my earlier posts that the Satra established by Guru Harideva at Bahari was away from river Brahmaputra. We know that in the field of knowledge new thing are added day by day. Even people with highest University degree in a subject also required to make further study regularly to keep his knowledge up to date. Moreover they need to know what other people think on the subject of his interest. In the spiritual field also the matter is the same. Now a days, there are so many ways to fulfill these requirements. We can get easy access of book, news paper, magazine, telephone , television , internet and so many other facilities for this purpose . If necessary ,we can move to any place and meet any person anywhere with the help of modern transport system. But  we are discussing here the situations of more than five-six hundred years prior to this time. At that time, nothing like this could even be imagined. In those days there was a class of people called ascetics, who dedicated their life for the purpose of spreading knowledge. Those people were not having a home or family of their own at any place. They were people of higher knowledge. After completion of their studies under competent teachers, they used to wander everywhere. While wandering, they used to stay at some suitable place for some days and share their knowledge with the people there. They also gained knowledge of different places they visited and different people they met and carried those information from one place to other. Scriptures like Bhagavata mentioned about those people in many places. Narada was the most famous of all such ascetics mentioned in the scriptures. In the history of Assam also we get the name of famous ascetic like Hu-en-Tsung from China .Guru Harideva wanted to make his Satra a suitable place of visit by those ascetics for getting up to date knowledge of the outside world through them. Bahari was not suitable for this purpose and the reason we are going to discuss in the next post.(to be continued )

সত্ৰ স্থাপন কৰাৰ পিছত হৰিদেৱ গুৰুজনা বহৰিত মাত্ৰ তিনিবছৰ কালহে আছিল । আমাৰ আগৰ লিখনিত কোৱা হৈছে যে বহৰি সত্ৰৰ অৱস্থান ব্ৰহ্মপুত্ৰৰ পৰা দূৰত আছিল। আমি জানো যে জ্ঞান বিজ্ঞানৰ জগতত প্ৰতিদিনে নতুন নতুন কথাৰ সংযোগ হয় । বিশ্ববিদ্যালয়ৰ উচ্চতম ডিগ্ৰীধাৰী লোকেও নতুন নতুন কথাসমুহ জানিবৰ বাবে সদায় পঢ়াশুনা কৰাৰ প্ৰয়োজন হয় । তদুপৰি অন্য মানুহে তেওঁ অধ্যয়ন কৰা বিষয় সম্পৰ্কত কি নতুন কথা ভাৱে তাকো জনাৰ প্ৰয়োজন থাকে । আধ্যাত্মিক জ্ঞানৰ ক্ষেত্ৰতো এই কথা খাটে । আজিকালিৰ দিনত এই প্ৰয়োজনসমুহ পূৰাবৰ কাৰণে অনেক ব্যৱস্থা আছে । আমি ছপা কিতাপ সহজতে পাব পাৰো । বাতৰিকাকত , আলোচনী , ফোন , দূৰদৰ্শন , ইণ্টাৰনেট আদিৰ জৰিয়তে এইবোৰ তথ্য সহজে সংগ্ৰহ কৰিব পাৰো । প্ৰয়োজন হলে আধুনিক পৰিবহন ব্যৱস্থাৰ সহায়্ত যি কোনো ঠাইলৈ গৈ যিকোনো মানুহক লগ ধৰি তথ্য সংগ্ৰহ কৰিব পাৰো । কিন্তু আমি ইয়াত এতিয়াৰ পৰা পাঁচ-ছশ বছৰৰ আগৰ কথা আলোচনা কৰি আছো । তেতিয়াৰ দিনত এইবিলাক সুবিধাৰ কথা কল্পনাৰো অতীত আছিল ।কিন্তু সেই কালতো জ্ঞান বিজ্ঞানৰ বিস্তাৰৰ বাবে এক শ্ৰেণীৰ লোকে নিজৰ জীৱন উছৰ্গা কৰিছিল । সেইসকল লোক অতিশয় জ্ঞানী গুণী আৰু উচ্চ শিক্ষিত ব্যক্তি আছিল । নিজৰ বুলিবলৈ তেওঁলোকৰ ঘৰ দুৱাৰ বা পৰিয়াল পৰিজন একো নাছিল । উপযুক্ত আচাৰ্যৰ অধীনত শিক্ষাগ্ৰহণ সমাপ্ত কৰাৰ পিছত তেওঁলোকে পৰিব্ৰাজক হিচাপে পৃথিৱীৰ য’তে ত’তে ঘুৰি লোকশিক্ষা প্ৰদান কৰাৰ ব্ৰত গ্ৰহণ কৰিছিল ।য’তে ত’তে ঘুৰি ফুৰাৰ সময়ত তেওঁলোকে যিকোনো উপযুক্ত স্থানত কিছুদিন থাকি তাৰ জনসাধাৰণক শিক্ষা দান কৰিছিল ।নতুন নতুন স্থান আৰু লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে এইসকল লোক বহু ঠাই আৰু বহু বিষয়ৰ নিত্য নতুন জ্ঞানেৰে পৰিপুষ্ট হৈছিল । এনে লোকক কিছুদিনৰ বাবে ৰখাৰ সুযোগ পালে বহুত নজনা কথা জানিব পৰা গৈছিল । ভাগৱতৰ দৰে শাস্ত্ৰসমুহত এনে বহু লোকৰ কথা উল্লেখ কৰা হৈছে । নাৰদ হৈছে তেনে ব্যক্তিসকলৰ ভিতৰত অন্যতম বিখ্যাত ব্যক্তি । অসম বুৰঞ্জীতো হিউৱেনচাঙৰ দৰে বিখ্যাত পৰিব্ৰাজকৰ কথা উল্লেখ আছে। হৰিদেৱ গুৰুজনাই নিজৰ লগতে অনুগামী সকলৰ জ্ঞান বৃদ্ধিৰ উদ্দেশ্যে তেওঁৰ সত্ৰত এনে ব্যক্তিৰ পদাৰ্পন হোৱাটো বিচাৰিছিল । কিন্তু বহৰিত থাকি তেনে সুবিধাৰ ব্যৱস্থা কৰা সম্ভৱ নাছিল। ইয়াৰ কাৰণ পিছৰ লিখনিত উল্লেখ কৰাৰ ইচ্ছা থাকিল।(আগলৈ)