In the scriptural language dance, song, drama etc are called Gandharva Vidya. Guru Harideva used to invite people or group of people having expertise in Gandharva Vidya for performance of song ,dance, drama etc in the Dol Griha of his Satra Institution. They were allowed to perform cultural functions as noted above in accordance with the religious, cultural and social reformative principles adopted by the Satra Institution. In this way Guru Harideva encouraged common people to practice and perform cultural programs in accordance with rules and regulations of Vedic Gandharva Vidya . In our day to day life we see that some people compose devotional songs and offer prayer through singing, dancing, acting etc with great devotion in their own language , tunes,traditions etc. These types of performances are called folklore. Though folklore of different places differs in language , tune, process of presentation etc people can offer their devotional prayer to God through performance of those folklores. The common people do not know anything about Vedic Gandharva Vidya and rules and regulations pertaining to that. So their performances may not conform to the scriptural rules and regulation of Gandharva Viya in all respect. But common people love their own folklore from the depth of their heart. So Guru Harideva accepted it as a very effective medium for conveyance of his religious teachings in an attractive way . He understood that if folklores are presented with devotional feeling people can be attracted towards the satra institution and they can learn something about God and spiritual life in an easy way. To promote this thought of his mind he made arrangements as above and also composed a set of model devotional songs . He encouraged common people to present their folklore cultural performances in that line . Some of those songs composed by Guru Harideva are still in practice in the Satra Institutions established by him and his disciples. (to be continued)
নৃত্য,সঙ্গীত ,নাটক আদিক শাস্ত্ৰীয় ভাষাত গন্ধৰ্ব বিদ্যা বুলি কোৱা হয় । গুৰুজনাই গন্ধৰ্ববিদ্যাত পাৰ্গত ব্যক্তি বা দলক নিয়মিতভাৱে নিমন্ত্ৰণ কৰি আনি সত্ৰৰ দৌলগৃহত অনুষ্ঠান পৰিবেশন কৰিবলৈ দি সন্মান আৰু উত্সাহ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল । তেওঁলোকক সত্ৰৰ নীতি-নিয়ম , ধৰ্মীয় ভাৱধাৰা ,সামজিক নীতি-আদৰ্শ অদিৰ সৈতে সংগতি ৰাখি লোকশিক্ষা প্ৰদান কৰিব পৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ দিয়া হৈছিল।এনেদৰে গুৰুজনাই সত্ৰৰ মাধ্যমত লোকশিক্ষা প্ৰদান কৰাৰ লগতে গন্ধৰ্ববিদ্যাৰ চৰ্চাৰ প্ৰতিও সাধাৰণ লোকক আগ্ৰহান্বিত কৰাৰ ব্যৱস্থা কৰিছিল।দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে এচাম ব্যক্তিয়ে নিজৰ ভাষাত ভক্তিমূলক গীত-পদ আদি ৰচনা কৰে আৰু নিজৰ ৰুচি আৰু পৰম্পৰামতে নৃত্য ,বাদ্য, গীত , অভিনয় আদিৰ মাধ্যমত অন্তৰৰ আৱেগ-অনুভূতি ঢালি ঈশ্বৰৰ প্ৰতি ভক্তি নিবেদন কৰে।এনে ধৰণৰ অনুষ্ঠানক লৌকিক কলাকৃষ্টি বুলি কোৱা হয়। এই সকল ব্যক্তিয়ে বৈদিক গন্ধৰ্ব বিদ্যা ইত্যাদি শাস্ত্ৰীয় শব্দ বা এই বিলাক বিষয়ৰ শাস্ত্ৰীয় নীতি-নিয়ম আদিৰ বিষয়ে জ্ঞাত নহয়। সেই কাৰণে তেওঁলোকে নিবেদন কৰা ওপৰোক্ত ধৰণৰ জনকৃষ্টি অনুসৰি পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠান সমুহ শাস্ত্ৰীয় নীতি-নিয়মসন্মত নহ’বও পাৰে । কিন্তু নিজৰ ভাষাত নিজা কৃষ্টি সংস্কৃতিৰ আলমত প্ৰস্তুত কৰা নৃত্য-নাটক গীত্-পদ আদিয়ে সাধাৰণ জনতাৰ অন্তৰ চুই যায়। অনুষ্ঠান পৰিবেশনকাৰী ব্যক্তি আৰু শ্ৰোতা-দৰ্শক সকোলোৱে ইয়াক অন্তৰৰ গভীৰৰ পৰা ভাল পায়। সেই কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই এই লোককৃষ্টিসমুহক নিজৰ ধৰ্মাদৰ্শৰ প্ৰচাৰ আৰু সামাজিক শিক্ষা দানৰ বাবে এক অতি উপযুক্ত মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। তেওঁ ভালদৰে অনুভৱ কৰিছিল যে পাৰমাৰ্থিক ভাৱধাৰা জনকৃষ্টিৰ জৰিয়তে প্ৰচাৰ কৰাটোৱে সৰহ সংখ্যক জনসাধাৰণক সত্ৰ্ৰৰ ফালে আকৰ্ষণ কৰাৰ বাবে অতিশয় কাৰ্যকৰী উপায়।ইয়াৰ জৰিয়তে মন বিশুদ্ধ কৰিব পৰ মনোৰঞ্জন লাভ কৰাৰ উপৰিও জনসাধাৰণে পাৰমাৰ্থিক বিষয়ৰ কিছু কথা শিকিব পাৰে। মনৰ এই ভাৱনাক কাৰ্যত পৰিণত কৰাৰ অৰ্থে গুৰুজনাই ওপৰত কোৱা ধৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও নিজৰ ধৰ্মীয় ভাৱধাৰা প্ৰতিফলন কৰিব পৰা ধৰণৰ কিছু গীত পদ নিজেও ৰচনা কৰিছিল আৰু ইয়াৰে কিছুসংখ্যক গীত পদৰ চৰ্চা এতিয়ালৈকে গুৰুজনাৰ সত্ৰসমুহত প্ৰচলিত হৈ আছে । (আগলৈ)
No comments:
Post a Comment