In Bhagavata it is told that God is the protector of
those who surrender to him and take his shelter. Except God there is none in
anywhere who can protect us in all respect. So, Bhagavata sussegts that for peaceful
living human being should surrender to God and live under his shelter. In the
Bhagavadgita it is told that Lord Krishna ,the God Almighty is the friend of
all living being. He is the most beloved soul of all, he is the source of all
happiness. Human beings are always suffering from various troubles of material
life. They can remain ever happy by “Sharana” or surrendering to Lord Krishna. Based
on such assurances from the Bhagavadgita, Bhagavata and other Vedic Scriptures
Guru Harideva tells that Sharana or surrendering to God is the most essential
part of spiritual practice through the path of devotion. He tells that without
“Sharana” devotion cannot be perfect. This
is because prior to establishment of devotional attachment with God it is
essential to firmly fix one’s mind upon God. We know that in human life various
types of favorable and unfavorable situations arise. Our mind changes in
accordance with the changes in the situations of life. When everything related
to our life and property etc. run smoothly our faith on God increases.
Otherwise our faith on God decreases. Bhagavata
tells that Lord Krishna only can make people free from all types of sufferings
of material life and he is the most reliable shelter for all. If one proceeds
in the path of devotion with this type of conviction in mind then only he can
attain spiritual perfection . If the
mind is kept engaged in various material thoughts and activities and God’s name
and glories are uttered mechanically by words of mouth then it is like crying
in a deep forest. If one lonely person cries in a deep forest no help can be expected from
others . Similarly if one does not fully surrender the activities of his mind ,
speech and body in the service of God then he can not attain spiritual perfection though the path of devotion .In this context Guru Harideva cited the example of
earthen pot. Complete shape of a pot is made by potter by using clay. But
though the shape of pot becomes complete in the hand of the potter it cannot
hold water inside. So, before filling the pot with water it is to be burnt in
fire to make it strong enough to hold water. In a similar way if the mind goes
on fluctuating in accordance with the situations of life then one can never
become a perfect devotee. Guru Harideva suggests that by Sharana or surrendering
to God one’s faith upon God becomes very strong and in this way the possibility
of fluctuation of his mind gets reduced. (to be continued)
ভাগৱত
শাস্ত্ৰত কোৱা হৈছে যে ভগৱান
শৰণাগতৰ ৰক্ষক আৰু পালক ।ভগৱানত
বাহিৰে দ্বিতীয়
একো নাই যাৰ আশ্ৰয়ত
নিৰাপদে থাকিব পাৰি । সেই কাৰণে ভাগৱত শাস্ত্ৰত উপদেশ দি কোৱা
হৈছে যে শান্তিপূৰ্ণ জীৱন যাপনৰ অৰ্থে ভগৱানৰ চৰণত শৰণ গ্ৰহণ কৰি তেওঁৰ সান্নিধ্যত বাস কৰা উচিত । ভগৱানৰ চৰণত শৰণ গ্ৰহণ
কৰিলে কি ফল লাভ হয় তাৰ উল্লেখ
কৰি গীতাত কোৱা হৈছে ভগৱান
কৃষ্ণ সকলোৰে সুহৃদ
, প্ৰিয়তম
আত্মা , তেওঁক
আশ্ৰয় কৰি আনন্দ
লাভ কৰা জীৱৰ পৰম কৰ্ত্তব্য
। গীতা-ভাগৱতৰ
এনেবোৰ উক্তিৰ ভিত্তিত
হৰিদেৱ গুৰুজনাই কৈছে যে ভক্তি
সাধনৰ পূৰ্বতে কৃষ্ণপদত
শৰণ অৰ্থাৎ আশ্ৰয়
গ্ৰহণ কৰা ভক্তি
সাধনাৰ অপৰিহাৰ্য অঙ্গ ।
ইয়াৰ কাৰণ হৈছে ভক্তি
সাধনৰ কাৰণে মনৰ দৃঢ়তা
অতি প্ৰয়োজনীয় ।
মানুহৰ জীৱনত অনুকূল
বা প্ৰতিকূল বিভিন্ন
পৰিবেশ পৰিস্থিতিৰ সৃষ্টি
হয় ।তেনে পৰিবেশ
পৰিস্থিতি অনুসৰি মনৰ অৱস্থা
পৰিবৰ্ত্তিত হৈ থাকে ।
সংসাৰত সকলো ঠিকে ঠাকে চলি থাকিলে
আমাৰ ঈশ্বৰ বিশ্বাস
বাঢ়ে । ঠিক ঠাক নাথাকিলে
ঈশ্বৰৰ ওপৰত বিশ্বাসো
হ্ৰাস হোৱাৰ সম্ভাৱনা
থাকে । ভাগৱতত কোৱা
হৈছে যে সংসাৰৰ
সমস্ত ক্লেশ নিবাৰণ
কৰিব পৰা একমাত্ৰ
পৰম আশ্ৰয় হৈছে ভগৱান
শ্ৰীকৃষ্ণ । মনৰ দৃঢ়তা
সহ এনে বিশ্বাস
ৰাখি ভক্তি মাৰ্গত
আগ বাঢ়িলেহে সংসাৰ
দুঃখৰ পৰা
নিষ্কৃতি লাভ হয় আৰু ভগৱানৰ
প্ৰতি ভক্তি লাভৰ পথ প্ৰশস্ত
হয়।সংসাৰৰ চিন্তাত
চিত্ত-মন-বুদ্ধিক
ব্যস্ত ৰাখি কেৱল মুখেৰে
ভগৱানৰ কথা কৈ থাকিলে
নাইবা ভগৱানৰ নাম উচ্চাৰণ
কৰি থাকিলে ভগৱানক
পোৱা সম্ভৱ নহয় ।
এই বিষয়ে গুৰুজনাই
কৈছে যে তেনেদৰে
কেৱল লোকক দেখুৱাবলৈ
আচৰণ কৰা ভক্তিৰ
ফল অৰণ্য ৰোদনৰ
দৰে অৰ্থহীন চেষ্টা
মাত্ৰ । জনশূন্য
অৰণ্যত অকলশৰীয়া অৱস্থাত বিপদাপন্ন হৈ সহায়ৰ
বাবে কন্দা–কটা কৰিলে
যিদৰে কাৰো পৰা সহাৰি
পোৱা নাযায় সেইদৰে
কায়-মনো-বাক্যে
অকপটভাৱে ভগৱানক প্ৰাৰ্থনা
নকৰিলে ভগৱানে সহাৰি
নিদিয়ে।
এই প্ৰসঙ্গত
হৰিদেৱ গুৰুজনাই মাটিৰ পাত্ৰৰ উপমা
দি কথাখিনি বুজাই দিয়াৰ প্ৰয়াস
কৰিছে। কুমাৰে
মাটিক উপাদান হিচাপে
ব্যৱহাৰ কৰি পাত্ৰৰ
আকৃতি তৈয়াৰ কৰে । কুমাৰৰ হাততে পাত্ৰৰ
আকাৰ সম্পূৰ্ণ হয় যদিও
এই পাত্ৰই পানী
ধৰি ৰাখিব নোৱাৰে
। পানী ধৰি ৰাখিবৰ বাবে
পাত্ৰ জুইত পুৰি টান কৰি লোৱাৰ প্ৰয়োজন হয়
। একেদৰে
জীৱনৰ পৰিস্থিতি পৰিবৰ্ত্তন হোৱাৰ সমান্তৰালভাৱে মনৰো পৰিবৰ্ত্তন হৈ থাকিলে
ইশ্বৰৰ প্ৰতি ভক্তিভাৱো দৃঢ় হ’ব নোৱাৰে ।
হৰিদেৱ গুৰুজনাই উপদেশ দি কৈছে যে শৰণ
গ্ৰহণৰ জৰিয়তে ঈশ্বৰৰ প্ৰতি বিশ্বাস অতিশয়
দৃঢ় হয় আৰু তাৰ ফলত মানুহৰ মনৰ অস্থিৰতা
হ্ৰাস হয় । (আগলৈ)
No comments:
Post a Comment