Guru Harideva established his Satra
Institution in Assam in the middle part of 15th century CE. We
already discussed the prevailing social situation of Assam during that time.
Under that situation it was very important to make common people interested
towards his mission and attract them to his Satra Institution. Recitation of Bhagavata
, explanation of the stories of Bhagavata , Kirtana or singing songs composed
on the basis of those stories of Bhagavata, offering of one’s feeling towards
God through singing prayer songs etc were some of the ways followed him to
attract people to the Satra. Festivities performed during celebration of Doljatra , Janmastami or
birthday of lord Krishna and some other auspicious occasion were also some of the ways to attract large
number of people . Huge number of people were also attracted by cultural presentations
consisting of song , dance , drama etc performed in the Dol Griha of the Satra from
time to time .In this way Guru Harideva made elaborate arrangements to attract
more and more number of people to his Satra Institution. All those programs
performed in the Satra Institution were aimed for pertaining spiritual and
social education to common people. In this context we can say that in the class
room of school thirty to forty students take education. One single teacher
teaches all of them the same lesson from the same text book. In spite of that
all students cannot carry equal marks in the exam. This is because different
students have different level of intelligence and so they cannot learn the
subject equally. However if special arrangements are made to teach each student
separately in accordance with their interest and
level of understanding then
it may be possible for all the students to learn the subject equally. But in
that case also each student become able to learn in accordance with his own
capacity and so time required for each student differs. Similarly the common
education pertained by the Satra Institution as mentioned above cannot make all
people equally educated . Guru Harideva was well aware of this fact and so he
suggested an effective way to solve this problem and this way of solution is said
to be the “Sharana” or taking refuge in God . (to be continued)
হৰিদেৱ গুৰুজনাই খৃষ্টীয় পঞ্চদশ শতাব্দীৰ মধ্যভাগত অসমত সত্ৰানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।সেই সময়ৰ অসমৰ সামাজিক পৰিস্থিতিৰ বিষয়ে আগতে কৈ অহা হৈছে।সেই পৰিস্থিতিত সত্ৰৰ প্ৰতি সাধাৰণ মানুহক আগ্ৰহান্বিত কৰা আৰু সত্ৰলৈ আকৰ্ষণ কৰি অনাটোৱে প্ৰধান সমস্যা আছিল ।ভাগৱত শাস্ত্ৰৰ পাঠ , শাস্ত্ৰৰ কাহিনীসমুহৰ সৰস ব্যাখ্যা , ভাগৱতৰ কাহিনীৰ আধাৰত ৰচনা কৰা সঙ্গীতৰ কীৰ্ত্তন,প্ৰ্ৰৰ্থনা সঙ্গীতৰ জৰিয়তে ঈশ্বৰৰ প্ৰতি নিজৰ মনৰ আবেগ অনুভৱ নিবেদন কৰা ইত্যাদি অনুষ্ঠানৰ জৰিয়তে সাধাৰণ মানুহক সত্ৰলৈ আকৰ্ষণ কৰি অনাৰ চেষ্টা কৰা হৈছিল।দোলযাত্ৰা , কৃষ্ণ জন্মাষ্টমী আদিকে ধৰি অন্যান্য অনেক তিথি-পাৰ্বন উপলক্ষে সত্ৰত বিভিন্ন প্ৰকাৰে উৎসৱমুখৰ পৰিবেশ সৃষ্টি কৰিও অনেক লোকক সত্ৰলৈ আকৰ্ষণ কৰি অনা হৈছিল । তদুপৰি সত্ৰৰ দোলগৃহত মাজে মাজে অনুষ্ঠিত কৰা নৃত্য ,গীত ,নাট্যাভিনয় আদি উপভোগ কৰাৰ বাবেও অনেক সংখ্যক লোক সত্ৰলৈ আহিছিল। এনেদৰে হৰিদেৱ গুৰুজনাই সত্ৰলৈ অধিক সংখ্যক লোকক আকৰ্ষণ কৰি অনাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল ।সত্ৰত অনুষ্ঠিত ওপৰোক্ত সকলো অনুষ্ঠানৰে মূল লক্ষ্য আছিল সাধাৰণ জনতাক পাৰমাৰ্থিক শিক্ষাকে ধৰি আদৰ্শ মানৱ জীৱন যাপন কৰাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ শিক্ষা প্ৰদান কৰা।এতিয়া কথা হৈছে যে এখন স্কুলৰ একো একোটা শ্ৰেণীত ত্ৰিশ-চল্লিশজন ছাত্ৰ-ছাত্ৰী থাকে । এজন শিক্ষকে একেখন কিতাপৰ পৰা সকলোকে একে পাঠকে পঢ়ায় । ইয়াৰ পিছতো দেখা যায় যে প্ৰত্যেকজন শিক্ষাৰ্থীয়ে পৰীক্ষাত একে নম্বৰ নাপায় । ইয়াৰ কাৰণ হৈছে বুদ্ধি-বৃত্তিৰ পাৰ্থক্য থকা হেতুকে সকলো শিক্ষাৰ্থীয়ে শিক্ষকে পঢ়োৱা সকলো কথা সমানে বুজি নাপায় বা মনত ৰাখিব নোৱাৰে । অৱশ্যে ছাত্ৰ-ছাত্ৰ্ৰীৰ ৰুচি আৰু বুদ্ধিবৃত্তিৰ স্তৰ অনুযায়ী প্ৰত্যেককে পৃথক পৃথকভাৱে শিকোৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি সকলোকে সমানে শিক্ষিত কৰি তুলিব পাৰি । কিন্তু তেনে ব্যৱস্থা কৰিলেও শিক্ষাৰ্থীয়ে নিজৰ নিজৰ ক্ষমতা অনুযায়ীহে পাঠ আয়ত্ব কৰিব পাৰে আৰু সেই কাৰণে একে সমান পাঠ আয়ত্ব কৰাৰ বাবে এজনক আনজনতকৈ কম বা বেছি সময়ৰ প্ৰয়োজন হয়।একেদৰে সত্ৰৰ পৰা ওপৰোক্ত ধৰণে প্ৰদান কৰা পাৰমাৰ্থিক আৰু জনকল্যাণমূলক শিক্ষাও সকলো লোকে একে সমানে আয়ত্ব কৰা সম্ভৱ নহয় ।এইদৰে সকলো কথা বিবেচনা কৰি হৰিদেৱ গুৰুজনাই এনে সমস্যা সমাধান কৰাৰ অৰ্থে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ উপদেশ দিছে আৰু এই ব্যৱস্থাই হৈছে ঈশ্বৰৰ ওচৰত শৰণ বা আশ্ৰয় গ্ৰহণ। (আগলৈ)
No comments:
Post a Comment