From the Ramayana we can know that Lord
Rama was in a camp near Sri Lanka to fight against Ravana. During that time
Bibhishana, the younger brother of Ravana, came to his camp and met Lord Rama. He
prayed to Lord Rama for grant of asylum and wanted to stay in his camp. This
was because his life was not safe in the kingdom of Ravana. Actually Bibhishana
always used to protest against the cruel and illegal activities of Ravana and
so he was treated as a bitter enemy of Sri Lanka by Ravana and his associates.
Knowing his situation Lord Rama fulfilled his prayer and allowed Bibhishana to
stay in his camp. Seeing that, Lakshmana, Hanumana and other associates of Lord
Rama raised objection regarding the integrity of Bibhishana. The statement
given by Lord Rama to clear the doubts of his brother and other associates in
this context carry the true meaning of “Sharana” or surrendering to God. If we
go through the statements of Lord Rama in this regard we can find that
Bibhishana was a very important and powerful person of the kingdom of Sri Lanka.
He was the brother of Ravana, the king of Sri Lanka. Moreover severe fighting
was going on between Lord Rama and Ravana at that time. Under such condition
the objection raised by the associates of Lord Rama in his regard was
justified and reasonable from the normal point of view. But in view of Lord
Rama the materialistic identity of Bibhishana was not important. The main point
of importance was that Bibhishana surrendered to Lord Rama and prayed for
protection from him. So, according to Lord Rama, it became the unavoidable duty
of him to protect Bibhishana without making any further enquiry about him. With
this type of stories the Vedic Scriptures emphasize the importance of “Sharana”
for the purpose of attainment of spiritual perfection and Guru Harideva
elaborately explains this subject for the benefit of the common people on the
basis of those scriptures. (to be continued)
ৰামায়ণত কোৱা হৈছে যে ভগৱান
শ্ৰীৰামচন্দ্ৰই ৰাৱণৰ সৈতে যুদ্ধ কৰাৰ বাবে শ্ৰীলংকা নগৰৰ বাহিৰত শিবিৰ পাতি আছিল । সেই সময়তে ৰাৱণৰ কনিষ্ঠ ভাতৃ বিভীষণ ৰামচন্দ্ৰৰ শিবিৰলৈ আহি তেওঁক সাক্ষাৎ কৰিছিল । সেই সাক্ষাৎকালত বিভীষণে ভগৱান শ্ৰীৰামচন্দ্ৰৰ পৰা জীৱনৰ
নিৰাপত্তা বিচাৰিছিল আৰু তেওঁৰ যুদ্ধশিবিৰত আশ্ৰয় দিয়াৰ বাবে প্ৰাৰ্থনা
জনাইছিল।ইয়াৰ কাৰণ হৈছে ৰাৱণৰ সাম্ৰাজ্যত বিভীষণৰ জীৱনৰ নিৰাপত্তা বিপন্ন হৈ পৰিছিল ।প্ৰকৃত কথা হৈছে বিভীষণে সদায় ৰাৱণৰ
নিষ্ঠুৰতাপূৰ্ণ আৰু অন্যায়মূলক
কাৰ্যকলাপৰ বিৰোধিত কৰি আহিছিল । তাৰ বাবে
লংকাধিপতি ৰাৱণ আৰু তেওঁৰ সাঙ্গোপাঙ্গ সকলে বিভীষণক শ্ৰীলংকা
ৰাষ্ট্ৰৰ অন্যতম শত্ৰু হিচাপে চিহ্নিত কৰিছিল । বিভীষণৰ এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষতত ভগৱান শ্ৰীৰাম
চন্দ্ৰই তেওঁৰ প্ৰাৰ্থনা অনুসৰি নিজৰ শিবিৰত আশ্ৰয় দান কৰিছিল আৰু তেওঁৰ জীৱনৰ
নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই ঘটনা দেখি শ্ৰীৰামচন্দ্ৰৰ ভাতৃ
লক্ষ্মণ আৰূ পৰম ভক্ত মহাবীৰ হনুমানকে ধৰি
অন্যান্য শুভাকাংক্ষীসকলে বিভিষণৰ বিশ্বস্বতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ভগৱান শ্ৰীৰামচন্দ্ৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছিল । এই প্ৰসঙ্গত সকলোৰে সন্দেহ নিবাৰণ কাৰাৰ অৰ্থে ভগৱান শ্ৰীৰামচন্দ্ৰই যি বক্তব্য ৰাখিছিল তাৰ পৰাই শৰণ বা ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাৰ প্ৰকৃত তাৎপৰ্য বুজিব পাৰি । এই প্ৰসঙ্গত ভগৱান ৰামে কোৱা কথা
বিচাৰ কৰি চালে দেখা যায় যে বিভীষণ
শ্ৰীলংকা ৰাজ্যৰ এজন অতি বিশিষ্ট আৰু শক্তিশালী ব্যক্তি । তেওঁ শ্ৰীলংকাৰ
অধিপতি সম্ৰাট মহাশক্তিধৰ ৰাৱণৰ সহোদৰ ভাতৃ
। তদুপৰি সেই সময়ত ৰাৱণৰ সৈতে
শ্ৰীৰামচন্দ্ৰৰ যুদ্ধ চলি আছিল । তেনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সাধাৰণ দৃষ্টিভঙ্গীৰে চালে দেখা যায় যে ৰামচন্দ্ৰৰ ভাতৃ
লক্ষ্মণ আৰু তেওঁৰ শুভাকাংক্ষী সকলৰ সন্দেহ আৰু অবিশ্বাস ন্যায় আৰু যুক্তিসঙ্গত কথা
। কিন্তু ভগৱান শ্ৰীৰামচন্দ্ৰৰ
দৃষ্টিভঙ্গীমতে বিভীষণৰ সাংসাৰিক পৰিচয়ৰ কোনো মূল্য নাই । তেওঁ বিপদত পৰি উদ্ধাৰৰ বাবে আশ্ৰয় গ্ৰহণ কৰাটোহে অতি মূল্যৱান বিচাৰ্য
কথা ।শৰণাগত আশ্ৰয়প্ৰাৰ্থী হিচাপে বিভীষণক আশ্ৰয় দান কৰি সৰ্বতোপ্ৰকাৰে ৰক্ষা কৰাটো ভগৱান শ্ৰীৰাম
চন্দ্ৰৰ এৰাব নোৱাৰা কৰ্ত্তব্যৰ ভিতৰত পৰে । পাৰমাৰ্থিক পূৰ্ণতা লাভৰ বাবে শৰণ গ্ৰহণৰ প্ৰয়োজনীয়তা
সম্পৰ্কে বৈদিক শাস্ত্ৰসমুহত এনে অনেক কাহিনীৰ মাধ্যমত ব্যাখ্যা কৰা হৈছে আৰু
হৰিদেৱ গুৰুজনাইও ভাগৱতকে ধৰি বিভিন্ন বৈদিক শাস্ত্ৰৰ পৰা সাৰ সংগ্ৰহ কৰি জনসাধাৰণৰ
উপকাৰ সাধনৰ অৰ্থে বিষয়টো বহলভাৱে ব্যাখ্যা কৰিছে । (আগলৈ)
No comments:
Post a Comment