In this world the mind ,intelligence and
behavior of each individual are different. So, education common for all
cannot educate all people equally. In the spiritual field also two individuals may stay together, study together and perform the same spiritual practice in similar
ways . But in such case also both of
them cannot reach the goal or attain liberation at the same time. Formation of
spiritual organization and performance of spiritual practice along with large
company of people under guidance of such organization has its own positive
value. It is beneficial for creation of social bondage among various categories
of people. It is beneficial for attracting more and more people towards
spirituality. It is beneficial for solving various types of familial , cultural
, social ,economical,political and geographical problems of people in an organized manner. The
Satra Institution established by Guru Harideva is also such type of spiritual
cum social organization. All
arrangements and subsequent benefits as mentioned above were available with this organization and these are
still available. But Guru Harideva was well aware of the fact that for
attainment of spiritual perfection this type of common arrangement is not
sufficient. Individual efforts separate from this system of practice are needed for each
person for attainment of spiritual perfection. Considering this fact Guru
Harideva explains this subject elaborately. He tells that for attainment of spiritual perfection each individual should approach a spiritual master or Guru
and surrender to him as a sincere disciple first. Then the Guru should judge the
disciple from all angles and suggest individual type of spiritual practice
suitable for him. This whole process of
activities is called “Sharana” which means surrendering to God and Guru whole heartedly.
However it is already told that all religious activities suggested by Guru
Harideva are based on the knowledge and instructions contained in the Bhagavata.
Bhagavata tells that Lord Krishna is the
God Almighty or supreme God. So, according to Guru Harideva surrendering to God
means surrendering to Lord Krishna, that is, Lord Vishnu or any other name and
form of Lord Vishnu as suggested in the Bhagavata. (to be continued)
জগতৰ প্ৰত্যেকজন ব্যক্তিৰ বুদ্ধি-বৃত্তি , আচাৰ-আচৰণ ইত্যাদি পৃথক
পৃথক। সেই কাৰণে একে প্ৰকাৰৰ শিক্ষা দান কৰি প্ৰত্যেকজন ব্যক্তিকে একে সমান
শিক্ষিত কৰি তোলা সম্ভৱ নহয়। পাৰমাৰ্থিক ক্ষেত্ৰতো আমি দেখাত দুজন ব্যক্তি একেলগে থাকিব
পাৰে , দুয়োজনে একে বিষয় একে সমানে
অধ্যয়ন কৰিব পাৰে অথবা দুয়ো একে প্ৰ্কাৰৰ সাধনা একে নিয়মেৰে কৰিব পাৰে । কিন্তু দুয়োজন ব্যক্তি একেলগে লক্ষত উপনীত হোৱা অৰ্থাৎ দুয়োজনে একেলগে মুক্তিলাভ কৰা সম্ভৱ নহয়।ধৰ্মীয় সংগঠন সৃষ্টি কৰি সেই অনুষ্ঠানৰ নিৰ্দেশ মতে বহুলোকৰ
সৈতে একেলগে পাৰমাৰ্থিক সাধনা কৰাৰো অনেক উপকাৰিতা
আছে। ইয়াৰ দ্বাৰা সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ মাজত সামাজিক
একতাৰ বন্ধন সৃষ্টি হয় । ইয়াৰ
দ্বাৰা সমাজৰ অধিক সংখ্যক লোকক পাৰমাৰ্থিক কাৰ্যকলাপৰ প্ৰতি আকৃষ্ট কৰিব পাৰি ।সমাজৰ বিভিন্ন লোকে সততে সন্মুখীন হৈ থকা সাংসাৰিক,সামাজিক, সাংস্কৃতিক , আৰ্থিক,ৰাজনৈতিক , ভৌগোলিক ইত্যাদি সমস্যা সংঘৱদ্ধ ভাৱে
সমাধান কৰাৰ ক্ষেত্ৰতো এনে ধৰ্মীয় সংগঠনে সহায় কৰিব পাৰে। হৰিদেৱ
গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰও ওপৰোক্ত প্ৰকাৰৰ ধৰ্মীয় তথা সামাজিক অনুষ্ঠান।এই
অনুষ্ঠানতো ওপৰোক্ত সমস্ত ব্যৱস্থা আৰু সেই ব্যৱস্থাৰ দ্বাৰা পাব পৰা সকলো
সা-সুবিধাৰ ব্যৱস্থা আছিল আৰু এতিয়াও আছে।কিন্তু
হৰিদেৱ গুৰুজনাই এই কথাও জানিছিল যে পাৰমাৰ্থিক পূৰ্ণতা অৰ্জন কৰাৰ বাবে ওপৰোক্ত
ব্যৱস্থা আৰু সেই
অনুসৰি কৰা সাধনাই যথেষ্ট নহয়।সেই
কথা বিবেচনা কৰি গুৰুজনাই বিষয়টো বিস্তাৰিতভাৱে ব্যাখ্যা কৰিছে । গুৰুজনাই কৈছে যে পাৰমাৰ্থিক পূৰ্ণতা অৰ্জন কৰাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে ব্যক্তিগতভাৱে পাৰমাৰ্থিক শিক্ষক বা গুৰুৰ আশ্ৰয়
গ্ৰহণ কৰিব লাগে । গুৰুৱে
তেনে শিষ্যক সকলো ফালৰ পৰা পৰীক্ষা নিৰীক্ষা কৰি সেইজন বিশেষ শিষ্যৰ বাবে উপযোগী
পাৰমাৰ্থিক সাধনাৰ ব্যৱহাৰিক বিধান আৰু শিক্ষা প্ৰদান কৰিব লাগে। এই সমগ্ৰ
প্ৰক্ৰিয়াটোকে শৰণ গ্ৰহণ বা গুৰু আৰু ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ বা উভয়ৰে ওচৰত আত্মসমৰ্পণ
বুলি কোৱা হৈছে ।অৱশ্যে ইযাতে উল্লেখ কৰা উচিত যে হৰিদেৱ
গুৰুজনাৰ ধৰ্মীয় আৰু সামাজিক শিক্ষা ব্যৱস্থা ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ
আধাৰত প্ৰতিষ্ঠিত । ভাগৱতে কৈছে যে ভগৱান শ্ৰীকৃষ্ণ পৰমেশ্বৰ অৰ্থাৎ সৰ্বোচ্চ আৰু
সৰ্বোত্তম উপাস্য দেৱতা ।সেই কাৰণে হৰিদেৱ গুৰুজনাই ঈশ্বৰৰ শৰণ গ্ৰহণ কৰিবলৈ কোৱাৰ
অৰ্থ হৈছে ভগৱান কৃষ্ণ অৰ্থাৎ ভগৱান বিষ্ণু বা ভাগৱতত বৰ্ণনা কৰা বিষ্ণুৰ যিকোনো
নাম আৰু ৰূপধাৰী উপাস্য দেৱতাৰ শৰণ গ্ৰহণ কৰা । (আগলৈ)
No comments:
Post a Comment