Common people keep themselves engaged in various types of
religious activities with expectation of relief from pain of day to day material
life. They worship demigods and
goddesses of various names and forms, make pilgrimage tour, take bath in holy
water and perform various other religious rituals with expectation of attainment of wealth,
good children and other sources of material happiness. According to Guru Harideva
this type of religious practice cannot be termed as devotion in true sense. At
the same time, this class of common people cannot be instructed to stop their
activities as noted above and come to the path of pure selfless devotion suddenly. Guru Harideva
suggests this class of people to try to realize the fact that Lord Krishna
always remains in their heart as their soul under all condition of life.
Similarly Lord Krishna is the ultimate controller or soul of the demigods and
goddesses worshiped by people for getting relief from the pains of material
world. Those demigods can fulfill material desires of worshiper in accordance
with the power granted to them by Lord Krishna –the God Almighty. Also, people should try to realize the fact
that Lord Krishna is the ultimate God present in each place of pilgrimage. One
can get the desired benefit by visiting those places in accordance with the
rules and regulation prescribed by Lord Krishna. In this way common people should try to
convince their mind and try to realize the fact that except Lord Krishna there
is nobody who can completely fulfill their desires in all respects and provide
full relief from all types of pain and sufferings of worldly life. After
realization of this truth only common people can fully surrender to Lord
Krishna and pray him for fulfillment of
material desires and for relief from
pains of the material world . This kind of surrendering to God is termed
as first step of Sharana or primary stage of surrendering by Guru Harideva. (to
be continued)
সাধাৰণ লোকে সংসাৰত অহৰহ ভোগ কৰি থকা দুঃখ দুৰ্দশাৰ পৰা মুক্তি লাভ কৰাৰ আশাত ধৰ্ম আচৰণ কৰে । আৰ্ত্ত বা বিপদত পৰি আতুৰ হৈ থকা অৱস্থাত আৰু সাংসাৰিক সুখৰ কাৰণে ধন-সম্পদ-পুত্ৰ-পৰিবাৰ ইত্যাদি বিচাৰি মানুহ ধৰ্ম আচৰণ কৰাত তৎপৰ হয় । এনে প্ৰাপ্তিৰ আশাত মানুহে তীৰ্থ ভ্ৰমণ কৰে ,নানা দেৱ দেৱীৰ পূজা অৰ্চনা কৰে ।হৰিদেৱ গুৰুজনাৰ মতে এনে ধৰণৰ ধৰ্ম আচৰণ কৰা লোকে যথাৰ্থভাৱে ভক্তিধৰ্মৰ আচৰণ কৰে বুলি ক’ব নোৱাৰি । আনহাতে এইসকল লোকক ওপৰোক্ত প্ৰকাৰৰ ধৰ্মকাৰ্যৰ পৰা বিৰত থকাৰ উপদেশ প্ৰদান কৰি একেকোবে শুদ্ধ আৰু নিষ্কাম ভক্তিধৰ্ম আচৰণৰ পথলৈ অনাও সম্ভৱ নহয় । এই সকল লোকক উপদেশ দি গুৰুজনাই কৈছে যে তেওঁলোকে ভগৱান কৃষ্ণ সৰ্বদা আৰু সৰ্বাৱস্থাতে সকলোৰে অন্তৰত আত্মাৰূপে বিৰাজমান বুলি উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে ।বুদ্ধিৰ দ্বাৰা মনক পতিয়ন নিয়াব লাগে যে বিভিন্ন দুঃখ-দুৰ্গতি মোচনৰ উদ্দেশ্যে যিসকল দেৱ দেৱীৰ শৰণাপন্ন হৈ তেওঁলোকক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হয় সেই সমস্তৰে আত্মাও ভগৱান কৃষ্ণ । তেওঁলোকে উপলব্ধি কৰাৰ চেষ্টা কৰিব লাগে যে যিবিলাক তীৰ্থস্থানত ঘুৰি মনোকামনা পূৰণৰ অৰ্থে প্ৰাৰ্থনা কৰি থকা হয় সেইসকলৰো প্ৰবৰ্ত্তক ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ বিধান অনুসৰিহে তীৰ্থযাত্ৰাৰ ফল পোৱা যায় । দেৱতাসকলে ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰা নিৰ্দিষ্ট কৰা বিধান অনুসৰিহে ভজনাকাৰীক ইপ্সিত ফলদান কৰিব পাৰে । সেয়েহে নিজৰ সাংসাৰিক দুঃখ দুৰ্গতিৰ পৰা পৰিত্ৰাণ বিচাৰি অন্য দেৱ দেৱীৰ পূজা অৰ্চনা কৰা বা তীৰ্থ ভ্ৰমণ ইত্যাদি অন্য বিধি ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস পৰিত্যাগ কৰি একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ শৰণাপন্ন হোৱা উচিত। ভগৱান কৃষ্ণ সমস্তৰে মূল বুলি বিশ্বাস স্থাপন কৰি সাংসাৰিক দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ কৰাৰ বাবেও তেওঁৰ ওচৰতে প্ৰ্ৰাৰ্থনা নিবেদন কৰা উচিত । অৰ্থাৎ গুৰুজনাই কৈছে যে বিষয় বাসনাত লিপ্ত থকা মন আৰু বুদ্ধিৰ প্ৰেৰণাত লোকে কামনা বাসনা পূৰণৰ অৰ্থে বিভিন্ন দেৱী-দেৱতাৰ পূজা অৰ্চনা কৰে আৰু সেই উদ্দেশ্যে বিভিন্ন তীৰ্থস্থান আদি ভ্ৰমণ কৰে । মনক তেনে বিশ্বাসৰ পৰা আঁতৰাই আনি কামনা-বাসনা পূৰণৰ উদ্দেশ্য লৈ হ’লেও একমাত্ৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ শৰণ গ্ৰহণ কৰা উচিত। এনে প্ৰকাৰৰ শৰণ অৰ্থাৎ সাংসাৰিক দুখ-দুৰ্দশাৰ পৰা পৰিত্ৰাণ আৰু বৈষয়িক কামনা-বাসনা পূৰণৰ উদ্দেশ্য লৈ ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাকে প্ৰথম শৰণ বা প্ৰাথমিক পৰ্যায়ৰ শৰণ বুলি হৰিদেৱ গুৰুজনাই কৈছে ।(আগলৈ)
No comments:
Post a Comment