Surrendering of oneself to Lord Krishna means
surrendering of his mind to Lord Krishna. That is, all kinds of material and
spiritual thoughts of his mind and subsequent activities of his body are to be
surrendered to Lord Krishna. Again, for this purpose one’s mind is to be
prepared and that is to be done by his own mind only. Or we can say that one’s
mind is to be controlled and convinced by his own mind to do that. However in
this context the word mind is used to mean the inner senses or antahkarana that
roughly includes chitta or storage of past memories, mind, intelligence and
ahamkara or ego . Now, mind always
remains unstable and it is very difficult to control mind. Also, mind is said to
be the cause of every suffering and happiness experienced by us. In general we
think that the fellow human beings, demigods, other living and non-living
entities , favorable and unfavorable planetary positions , influence of good
and bad times etc. are various causes of the happiness and sorrow that we
experience in our life . In contrary to our conviction like that, Bhagvata
tells that nothing of the factors mentioned above can be the cause of happiness and misery of our life. It is our
mind alone that causes happiness and distress in our present life and also
decides the type of body, activities, happiness and sorrow etc. of our future
lives. In Bhagavata this subject is elaborately discussed through life stories
of many characters and various types of ways are suggested here for controlling
of mind and surrendering of it to lord Krishna. In the Bhagavadgita also it is
clearly mentioned that one’s last thought of mind at the time of death of his
present body decides the type of his body and subsequent activities, happiness,
miseries etc. of the next life. The characteristics of mind and various ways
for its control are elaborately discussed in the Bhagavadgita. Ways of
surrender of mind to lord Krishna are also suggested there. The characteristics
of mind and related matters are also discussed elaborately in many other Vedic Scriptures.
Simplifying everything for the
benefit of common people Guru Harideva
concludes that if one’s mind accepts Lord Krishna as his “Ista Devata” or most
beloved and trustful divinity then it becomes easier for him to surrender to
Lord Krishna whole heartedly. (to be continued)
ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাৰ অৰ্থ হৈছে নিজৰ মনক ভগৱান কৃষ্ণৰ
ওচৰত অৰ্পণ কৰা।অৰ্থাৎ মনৰ সমস্ত বৈষয়িক আৰু পাৰমাৰ্থিক ভাৱনা আৰু সেই ভাৱনা অনুসৰি শৰীৰৰ দ্বাৰা
অনুষ্ঠিত কৰা সমস্ত কাৰ্য ভগৱান শ্ৰীকৃষ্ণৰ
ওচৰত সমৰ্পণ কৰা । এতিয়া কথা হৈছে যে ইয়াৰ বাবে মনক সাজু কৰাৰ প্ৰয়োজন হয় আৰু এই কাম
কৰাৰ দয়িত্বও মনৰ ওপৰতে পৰে। নাইবা আমি ক’ব পাৰো যে মনৰ দ্বাৰাই মনক নিয়ন্ত্ৰণ কৰি শুদ্ধ দিশত
পৰিচালনা কৰাৰ প্ৰয়োজন হয় । অৱশ্যে ইয়াত মন শব্দৰ দ্বাৰা অন্তৰেন্দ্ৰিয়
বা চিত্ত ,মন ,বুদ্ধি আৰু অহংকাৰৰ দ্বাৰা গঠিত
অন্তঃকৰণক বুজোৱা হৈছে ।শাস্ত্ৰত মানুহৰ মন অত্যন্ত চঞ্চল আৰু ইয়াক নিয়ন্ত্ৰণ কৰা অত্যন্ত
কঠিন কাৰ্য বুলি কোৱা হৈছে । লগতে ইয়াকো কোৱা
হৈছে যে মানুহে জীৱনত ভোগ কৰা প্ৰত্যেকটো
সুখজনক আৰু দুখজনক অৱস্থাৰ একমাত্ৰ কাৰণ
হৈছে মন ।সাধাৰণতে ভাৱি থকা হয় যে প্ৰতিবেশী
মানুহ , দেৱী-দেৱতা , অন্য জীৱ আৰু জড় বস্তু , গ্ৰহৰ-নক্ষত্ৰৰ অনুকূল আৰু প্ৰতিকূল
স্থিতি , শুভ আৰু অশুভ কালৰ প্ৰভাৱ ইত্যাদি আমি
জীৱনত ভোগ কৰা সুখ বা দুখৰ কাৰণ ।আমাৰ এনে প্ৰকাৰৰ ধাৰণা আৰু বিশ্বাসৰ
বিপৰীতে ভাগৱতত কোৱা হৈছে যে ওপৰত উল্লেখ কৰা একোৱেই আমাৰ জীৱনৰ সুখ বা দুখৰ কাৰণ
নহয় ।নিজৰ মন আমাৰ বৰ্ত্তমান জীৱনৰ
সুখ-সন্তোষ আৰু দুখ-যন্ত্ৰণাৰ একমাত্ৰ
কাৰণ হোৱাৰ উপৰিও ই ভৱিষ্যত জন্মৰ শৰীৰ , কৰ্ম-কাণ্ড , সুখ-দুখ ইত্যাদি সমস্তৰে
কাৰণ । ভাগৱতত এই কথাবিলাক বিভিন্ন উপাদেয় কাহিনীৰ জৰিয়তে পুংখানুপুংখভাৱে
ব্যাখ্যা কৰাৰ লগতে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে উপদেশ দিয়া
হৈছে আৰু আৰ্হিও প্ৰদৰ্শন কৰা হৈছে ।ভগৱদ্গীতাতো স্পষ্টভাৱে কোৱা হৈছে যে
মানুহৰ মনৰ অন্তিম চিন্তা অৰ্থাৎ বৰ্ত্তমান শৰীৰৰ মৃত্যুৰ ঠিক
আগমূহুৰ্ত্তত মনে যি চিন্তা কৰে সেই অনুসৰি মানুহৰ পৰৱৰ্ত্তী জন্মৰ শৰীৰ , কাৰ্য আৰু সুখ-দুখ নিৰ্ধাৰিত হয় । মনৰ চৰিত্ৰ কি তাক বুজোৱাৰ লগতে মনক নিয়ন্ত্ৰণ কৰি কিদৰে
ভগৱান শ্ৰীকৃষ্ণৰ শৰণ গ্ৰহণ কৰিব পাৰি তাৰো উপদেশ ইয়াত দিয়া হৈছে । অন্যান্য বহুত বৈদিক শাস্ত্ৰতো মনৰ চৰিত্ৰ বিতংভাৱে
বিশ্লেষণ কৰি মন নিয়ন্ত্ৰণ কৰাৰ উপায় বৰ্ণনা কৰা হৈছে । সাধাৰণ লোকৰ উপকাৰৰ বাবে এই সমস্ত জ্ঞান সৰলীকৰণ কৰি হৰিদেৱ
গুৰুজনাই কৈছে যে মানুহৰ মনে যদি ভগৱান শ্ৰীকৃষ্ণক ইষ্টদেৱতা অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ আৰু একমাত্ৰ উপাস্য দেৱতাৰ ৰূপত গ্ৰহণ কৰিব পাৰে তেন্তে ভগৱান
শ্ৰীকৃষ্ণত শৰণ গ্ৰহণ কৰা সহজসাধ্য
হয় । (আগলৈ)
No comments:
Post a Comment