Friday, 17 December 2021

Religious Teachings of the “Satra” Institution of Guru Harideva -82 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-৮২)

 

In the Bhagavadgita Lord Krishna tells that the people who seeks his Sharana, that is, who surrenders to him can be divided into four categories. In human life people face so many problems at physical and mental levels. Some of those problems suddenly come to life of people.  Under such condition people becomes unable to apply their mind and intelligence to find out a solution to those problems. They surrender to God  and seek help from him. Another class of people surrender to God and seek his help for fulfillment of their desires for material wealth, children, name, fame and so on. There is another class of people who wants to explore more about God. They are curious to know God. They  study scriptures, visit temples and shrines, make discussion with people of knowledge and thus try to discover the mystery behind God. All those categories of people have faith upon God. They believe that omnipotent God can rescue everybody from distressful condition of life, God can provide material happiness and comfort . They know that God reveals himself to those people  who seriously try to know him. So, though those categories of people surrender to God for the purpose of fulfillment of desires of various types they are identified as good people and devotees of God. In Bhagavadgita it is told that in addition to above there is another category of people. This class of people possesses true knowledge of God and his entire creation. They know the true relation between God and Human Beings. They know the actual cause of sufferings of human beings. After realization of everything they take refuge or Sharana in God and proceed further in the path of devotion. This class of people are categorized as best devotees by Lord Krishna in the Bhagavadgita. Guru Harideva encourages  us to come to this level of spiritual attainment though his teachings. Based on such observation of the Vedic scriptures Guru Harideva explains this subject and tells Sharana or surrendering to God may be of primary, medium and superior types. (to be continued)

ভগৱদ্গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে যে যিসকল ব্যক্তিয়ে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে তেওঁলোকক চাৰিটা ভাগত ভাগ  কৰিব পাৰি   মানৱ জীৱনত শাৰীৰিক আৰু মানসিক উভয় পৰ্যায়তে বিভিন্ন প্ৰকাৰৰ দুখ-যাতনা ভোগ কৰিব লগীয়া হয় ইযাৰে কিছুমান সমস্যা হঠাতে আহে আৰু মানুহৰ জীৱন ব্যতিব্যস্ত কৰি তোলে তেনে অৱস্থাত মানুহে নিজৰ মন বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি সমস্যা সমাধান কৰাত অপাৰগ হয় আৰু সন্মুখীণ হোৱা সমস্যা আৰু তাৰ পৰা উদ্ভৱ হোৱা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি মানুহ ঈশ্বৰৰ শৰণাপন্ন হয় অন্য এচাম লোকে ধন-সম্পত্তি , সতি-সন্তান,নাম-যশ ইত্যাদি কামনা কৰি সেই কামনাসমুহ পূৰণ কৰাৰ ক্ষেত্ৰত সহায়  পোৱাৰ আশাত ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে অন্য এচাম লোকে আকৌ  ঈশ্বৰৰ বিষয়ে  ন ন তথ্য সংগ্ৰহ কৰাৰ বাবে আগ্ৰহী হয় তেওঁলোকে ঈশ্বৰক জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ শাস্ত্ৰ অধ্যয়ন কৰে , তীৰ্থস্থানকে ধৰি অনেক ঠাইলৈ যায় , বিভিন্ন গুণী-জ্ঞানী ব্যক্তিৰ সৈতে আলোচনা-বিলোচন কৰে  আৰু অন্যান্য বিভিন্ন প্ৰকাৰে  ঈশ্বৰৰ অন্তৰ্নিহিত ৰহস্য আৱিষ্কাৰ কৰাৰ চেষ্টা কৰে ওপৰোক্ত সকলো শ্ৰেণীৰ লোকেই ঈশ্বৰ ওপৰত আস্থাশীল তেওঁলোকে বিশ্বাস কৰে যে সৰ্বশক্তিমান ঈশ্বৰে মানুহক সমস্ত দুখ-যন্ত্ৰণাৰ পৰা মুক্তি দিব পাৰে , ঈশ্বৰে মানুহে বিচৰামতে সমস্ত বৈষয়িক সুখ-সুবিধাও  দিব পাৰে । তেওঁলোকে এই কথাও জানে যে যিসকলে অন্তৰৰ গভীৰতাৰ পৰা ঈশ্বৰক জানিব বিচাৰে তেওঁলোকৰ ওচৰত ঈশ্বৰে নিজৰ প্ৰকৃত স্বৰূপ প্ৰকাশ কৰে। সেইকাৰণে এই সকলো শ্ৰেণীৰ লোকে নিজৰ নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে ঈশ্বৰৰ শৰণাপন্ন হয় যদিও তেওঁলোকক শুভবুদ্ধিসম্পন্ন ভাল মানুহ আৰু ঈশ্বৰৰ ভক্ত বুলি গীতাত কোৱা হৈছে ওপৰত কোৱাসকলৰ উপৰিও অন্য এক শ্ৰেণীৰ লোকৰ কথা ভগৱদ্গীতাত কোৱা হৈছে এই  শ্ৰেণীৰ লোকে ঈশ্বৰ আৰু তেওঁৰ সৃষ্টিৰ প্ৰকৃত ৰহস্যৰ বিষয়ে জানে ঈশ্বৰৰ সৈতে মানুহৰ প্ৰকৃত সম্পৰ্ক  কি তাকো তেওঁলোকে জানে মানুহৰ দুখ-যাতনাৰ প্ৰকৃত কাৰণ সম্পৰ্কেও তেওঁলোক অৱগত এনে ধৰণৰ সকলো কথা শুদ্ধভাৱে জানি লৈ তেওঁলোকে ঈশ্বৰৰ শৰণ গ্ৰহণ কৰে আৰু ভক্তি পথৰ সাধনাত অগ্ৰসৰ হয় এই শ্ৰেণীৰ লোককে সৰ্বোত্তম ভক্ত বুলি ভগৱদ্গীতাত ভগৱান কৃষ্ণই অভিহিত কৰিছে হৰিদেৱ গুৰুজনাই আমাৰ দৰে সাধাৰণ লোকক ভক্তি পথৰ সাধনাৰ এনেকুৱা উচ্চ পৰ্যায়ৰ স্তৰত উপনীত হোৱাৰ বাবে উৎসাহিত কৰাৰ অৰ্থে বিভিন্ন প্ৰকাৰৰ শিক্ষা প্ৰদান কৰিছে ।লগতে বৈদিক শাস্ত্ৰৰ  ভিত্তিত গুৰুজনাই বিষয়টো বিভিন্ন প্ৰকাৰে ব্যাখ্যা কৰি কৈছে যে ঈশ্বৰৰ ওচৰত প্ৰথম, মধ্যম আৰু উত্তম এই তিনি প্ৰকাৰে শৰণ গ্ৰহণ কৰা হয়।(আগলৈ)      

No comments:

Post a Comment