When we tell something about us we take our body as the point of
reference. That is, we refer our body as the self or ‘I’. In this world wealth,
property, wife, children, relatives, village, state, country and many other
things are related to our body and we refer those things as ‘mine’. We know
that the body has beginning and end. The body takes birth as a small child.
After that it gradually changes in each moment and finally ends as an old man.
As soon as the body ends its relationship with wife, children, property,
location of residence etc. also comes to an end. So, in actuality, the body cannot be the self
or true ‘I’ and nothing related to the body can be claimed as ‘mine’. But in
spite of that our mind convinces us like that. After going through the characteristics of mind in this way it can be
said that mind is influenced by many factors like various experiences of life,
desires, anger, hatred etc. In most of the cases the mind fails to enter into the depth of things. When we remain in deep sleep the mind stops working. In
this way a long list of the defects of our mind can be prepared. Scriptures
tell that intelligence is the integral part of our mind or ‘antahkarana’. Intelligence can understand the meaning of the thoughts generated in our mind. It also possesses
discriminating capacity. Thus intelligence is able to decide the action to be taken on
the thoughts of mind. But intelligence also has defects like our mind and so it
cannot take correct decision always. Intelligence has limitations and so it
fails to work after certain limit. During deep sleep and certain other similar
situation intelligence stops working. It is said that the mind and intelligence
combined together constitute the machinery through which we acquire knowledge. Since
both parts of this machinery are
defective as noted above, it is not possible for any human being to gain accurate knowledge of
anything by application of the power of mind and intelligence. Scriptures tell that this is the nature of mind and intelligence
and it is not possible to explain the cause of nature. Hence it is said that due to influence
of the illusory power of God the mind and intelligence assume that nature. In the Bhagavadgita and Bhagavata it is told that surrendering
to Lord Krishna is the only solution to come out from this illusion. On the
basis of such knowledge and instruction contained in the Vedic scriptures Guru
Harideva puts much importance on Sharana or surrendering to Lord Krishna. (to
be continued)
আমি যেতিয়া নিজৰ বিষয়ে কিবা এটা ক’ব খোজো তেতিয়া শৰীটোকে কেন্দ্ৰবিন্দু হিচাপে ধৰি কথা কোৱা হয় । অৰ্থাৎ নিজৰ শৰীৰক “মই” বুলি ধৰা হয় । এই সংসাৰত প্ৰত্যেক শৰীৰৰ সৈতে সম্পৰ্কিত স্ত্ৰী , সন্তান , ধন-সম্পদ , গাওঁ , ৰাজ্য ,দেশ ইত্যাদি অনেক বিষয়-বস্তু থাকে আৰু ইবিলাকক ‘মোৰ’ বুলি ধৰা হয় । আমি জানো যে শৰীৰৰ আৰম্ভণী আৰু অন্ত আছে । শৰীৰৰ নিত্য পৰিবৰ্ত্তন হয় । শৰীৰ শিশু হৈ জন্মে আৰু লাহে লাহে পৰিবৰ্ত্তিত হৈ বৃদ্ধ অৱস্থাত মৃত্যু হয় । শৰীৰৰ মৃত্যুৰ লগে লগে শৰীৰৰ সৈতে সম্পৰ্কিত সকলো সা-সম্পৰ্ক তথা বিষয়-বস্তুৰো অন্ত পৰে। গতিকে শৰীৰ কেতিয়াও প্ৰকৃত “মই" হ’ব নোৱাৰে আৰু শৰীৰৰ সৈতে সম্পৰ্কিত একো বস্তুকে “মোৰ” বুলি ক’ব নোৱাৰি ।কিন্তু তথাপিও মনে আমাক সদায় এনেদৰে পতিয়ন নিয়াই থাকে । এনেদৰে মনৰ চৰিত্ৰ সম্পৰ্কে বিচাৰ কৰি চালে দেখা যায় যে জীৱনৰ গতিপ্ৰবাহত লাভ কৰা বিভিন্ন অভিজ্ঞতা, ইচ্ছা , কাম – ক্ৰোধ আদিৰ দ্বাৰা মন প্ৰভাৱিত হয় । বহু ক্ষেত্ৰত মন বিভ্ৰান্ত হৈ পৰে আৰু একোৰে প্ৰকৃত তত্বত প্ৰৱেশ কৰাত ব্যৰ্থ হয়। অচেতন হৈ থকিলে বা টোপনি গৈ থকা ইত্যাদি অৱস্থাত মনৰ বিলুপ্তি ঘটে ।এনেদৰে মনৰ দোষ সম্পৰ্কত অনেক কথা ক’ব পাৰি। বুদ্ধিক মন বা অন্তঃকৰণৰ অন্তৰ্গত অংশবিশেষ বুলি কোৱা হৈছে। বুদ্ধিয়ে মনত উদ্ভৱ হোৱা ভাৱনাৰসমুহৰ অৰ্থ বুজিব পাৰে আৰু ইয়াৰ ভাল-বেয়া বিচাৰ কৰি সেই অনুসৰি শৰীৰ-মনৰ কাৰ্য পৰিচালনা কৰে । কিন্তু মনৰ নিচিনাকৈ বুদ্ধিৰো অনেক দোষ আছে কাৰণে ইও সকলো বিষয়তে সঠিক সিদ্ধান্ত ল’ব নোৱাৰে ।বুদ্ধিৰ সীমাবদ্ধতা আছে কাৰণে সেই সীমাৰ উৰ্দ্ধত বুদ্ধিয়ে কাম কৰিব নোৱাৰে । গভীৰ নিদ্ৰা বা অন্য তেনে পৰিস্থিতিত বুদ্ধিৰ কাৰ্য স্তব্ধ হৈ পৰে । এতিয়া কথা হৈছে যে মন আৰু বুদ্ধি সংযুক্ত হৈ আমাৰ জ্ঞান অৰ্জনৰ যন্ত্ৰৰূপে কাম কৰে ।যিহেতু এই যন্ত্ৰৰ দুয়োটা অংশ ওপৰত কোৱাৰ দৰে দোষযুক্ত সেয়েহে মন আৰু বুদ্ধিৰ ক্ষমতা প্ৰয়োগ কৰি একো বিষয়ৰে সম্পূৰ্ণ আৰু বিশুদ্ধ জ্ঞান লাভ কৰা সম্ভৱ নহয়। শাস্ত্ৰত কোৱা হৈছে যে মন-বুদ্ধিৰ স্বভাৱেই এনেকুৱা আৰু স্বভাৱৰ কাৰণ ব্যাখ্যা কৰা সম্ভৱ নহয়। সেই কাৰণে ঈশ্বৰৰ মায়াশক্তিৰ প্ৰভাৱতে মন বুদ্ধিৰ স্বভাৱ এনেকুৱা হয় বুলি বৈদিক শাস্ত্ৰত কোৱা হৈছে ।ভগৱদ্গীতা আৰু ভাগৱত শাস্ত্ৰত কোৱা হৈছে যে এনে পৰিস্থিতিত অৰ্থাৎ ঈশ্বৰৰ মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ শুদ্ধ আৰু পূৰ্ণ জ্ঞান লাভ কৰাৰ একমাত্ৰ উপায় হৈছে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰা । শাস্ত্ৰৰ এনে জ্ঞান আৰু উপদেশৰ আধাৰত হৰিদেৱ গুৰুজনাইও শ্ৰীকৃষ্ণৰ শৰণ গ্ৰহণৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰিছে । (আগলৈ)
No comments:
Post a Comment