Friday, 27 May 2022

Religious Teachings of the “Satra” Institution of Guru Harideva-119 (হৰিদেৱ গুৰুজনাৰ সত্ৰানুষ্ঠানৰ ধৰ্মীয় শিক্ষা-১১৯)

 

In Bhagavata it is suggested that one should keep himself fully engaged in materialistic activities until his mind is detached from material life or until he gains full faith on scriptural descriptions of God. That is, one can perform spiritual practice if by study of the scriptures and listening from spiritual masters  he is fully convinced that the material life is not based on truth.  Secondly , if one gains  full faith on the descriptions of the tributes, activities and glories of God as contained in the Bhagavata and other Vedic Scriptures then he is qualified for making spiritual practice. Out of those, the first category of people, that is, the people who can detach themselves from material life should make religious practice through the path of knowledge or “Jnanayoga”. The second category of people, that is, people having faith on  scriptural descriptions of God should perform spiritual practice through the path of  devotion or “Bhaktiyoga”. It is also said that the tough path of knowledge is not suitable for common people and the comparatively easier path of devotion  is  to be followed by  them. But in actuality we see that common people do not pay any attention to those teachings of Bhagavata and perform religious practices of various kinds as they like. Guru Harideva suggested that no spiritual gain can be attained with such types of religious practices and such people are liable to commit mistake from both material and spiritual sides of life. So, through his Satra institution Guru Harideva undertook the mission of guiding the material and spiritual lives of the common people  in accordance with the above injunctions contained in the  Bhagavata. He tried to educate them with the practical ways of living healthy and prosperous householders’ life in accordance with scriptural injunctions. Parallel to that he made proper arrangements for correct interpretation of the knowledge and instructions contained in the Bhagavata and thus tried to make them reliable and respectable in the mind of common householders. In this way Guru Harideva tried to make  common householders well prepared for performance of spiritual practice through the path of devotion on the basis of knowledge and instructions contained in the Bhagavata.(to be continued)  

ভাগৱতত উপদেশ দি কোৱা হৈছে যে যেতিয়ালৈকে বৈৰাগ্যৰ উদয় নহয় অথবা ভগৱত কথাত শ্ৰদ্ধা নজন্মে তেতিয়ালৈকে কেৱল কৰ্মক প্ৰাধান্য দি অহৰহ কাম কৰি যোৱা কৰ্ত্তব্য । অৰ্থাশাস্ত্ৰ অধ্যয়ন আৰু উপযুক্ত গুৰুৰ পৰা জ্ঞান আহৰণ কৰি  সংসাৰৰ অসাৰতা সম্পৰ্কে বুজি পোৱাৰ অন্তত সংসাৰৰ প্ৰতি বিৰাগ ভাৱৰ উদয় হলে পাৰমাৰ্থিক সাধনা কৰিব পাৰি অথবা  ভাগৱতৰ দৰে শাস্ত্ৰত বৰ্ণনা কৰা ভগৱানৰ গুণ , কাৰ্যাৱলী, মহিমা আদি সচা বুলি দৃঢ় বিশ্বাস জন্মাৰ অন্তত ভগৱানৰ প্ৰতি গভীৰ শ্ৰদ্ধাভাৱৰ উদয় হলে পাৰমাৰ্থিক সাধনা কৰিব পাৰিইয়াৰ ভিতৰত প্ৰথম প্ৰকাৰৰ লোক অৰ্থা বৈৰাগ্য ভাৱাপন্ন লোকে জ্ঞান যোগৰ মাধ্যমত আৰু দ্বিতীয় প্ৰকাৰৰ লোক অৰ্থা ভগৱানৰ প্ৰতি বিশ্বাস আৰু  শ্ৰদ্ধাযুক্ত ব্যক্তিয়ে  ভক্তিযোগৰ মাধ্যমত পাৰমাৰ্থিক সাধনা কৰাৰ বাবে যোগ্য বুলি কোৱা  হৈছে লগতে জ্ঞান যোগৰ পথ কঠিন কাৰণে সাধাৰণ সংসাৰী লোকৰ বাবে অনুপযোগী বুলি কৈ তেওঁলোকক ভক্তিযোগৰ মাধ্যমত পাৰমাৰ্থিক সধনা কৰাৰ উপদেশ দিয়া হৈছে   কিন্তু  প্ৰকৃতাৰ্থত   দেখা যায় যে সাধাৰণ সংসাৰী মানুহে  এইবিলাক কথাৰ ওপৰত একো গুৰুত্ব আৰোপ নকৰেসৰহ সংখ্যক লোকে  পাৰমাৰ্থিক সাধনাৰ বিষয়ে একো  নুবুজাকৈ কেৱল দেখাক দেখি বিভিন্ন প্ৰকাৰৰ ধৰ্মীয় আচাৰ-আচৰণ অনুষ্ঠিত কৰে আৰু নিজকে অতিশয় ধাৰ্মিক লোক বুলি  ভাবি থাকেহৰিদেৱ গুৰুজনাৰ মতে এনে প্ৰকাৰৰ ধৰ্ম আচৰণৰ দ্বাৰা একো পাৰমাৰ্থিক লাভ আশা কৰিব নোৱাৰিবৰঞ্চ তেনে লোক ধৰ্ম আৰু সাংসাৰিক কৰ্ম উভয় ফালৰ পৰা ভুল পথে যোৱাৰ সম্ভাৱনা থাকে সেয়েহে  গুৰুজনাই সত্ৰানুষ্ঠানৰ জৰিয়তে সাধাৰণ সংসাৰী লোকক সাংসাৰিক আৰু পাৰমাৰ্থিক উভয়  দিশৰ পৰা সঠিক পথেৰে আগবঢ়াই  নিয়াৰ পৰিকল্পনা কৰিছিলঅশিক্ষিত, অজ্ঞানী সাধাৰণ জনতাৰ মাজত নিজৰ পৰিয়ালৰ মানুহৰ দৰে থাকি তেওঁলোকক শাস্ত্ৰসন্মত উপায়ে সুখ-শান্তি আৰু ঐশ্বৰ্যপূৰ্ণ  সাংসাৰিক জীৱন যাপন কৰাৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিছিলইয়াৰ সমান্তৰালভাৱে ভাগৱত শাস্ত্ৰৰ সহজ-সৰল জ্ঞান শুদ্ধভাৱে  ব্যাখ্যা কৰি জনসাধাৰণ মনত এই শাস্ত্ৰত সন্নিবিষ্ট ভগৱত কথাৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস উপন্ন কৰাৰ ব্যৱস্থা কৰিছিলএনেদৰে গুৰুজনাই ভাগৱত শাস্ত্ৰৰ জ্ঞান আৰু উপদেশৰ আধাৰত সাধাৰণ অজ্ঞানী মানুহক ভক্তিযোগৰ পথেৰে পৰমাৰ্থিক সাধনা কৰাৰ বাবে উপযোগী কৰি গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিছিল । (আগলৈ)

No comments:

Post a Comment