By the word “I” we mean our body. Father, mother, wife, children, friend,
enemy and all other relationships are established and maintained with reference
to the body. The rights we establish over money, land, building and other
things are also with reference to our body. In this way everything available around
us in the creation is linked with our boy. That is, without the body we cannot
establish any relationship with other people, we cannot have possession over
any property etc. or nothing of this world can be claimed as “Mine”. But in the
Vedic scriptures it is told that the body is not our true identification or body
is not the true “I”. The body takes birth, then it grows, then reduces and
finally gets destroyed. After destruction of one body the embodied soul enters
into a new body and takes rebirth. Through this new body relationships like
father, mother, wife, children etc. are established with new people. Rights
over new properties are established with reference to this new body. After passage
of certain period of time in this situation this body also faces destruction
and the embodied soul migrates to another new body. If the things are analyzed
in this manner then it can be realized that the body is like a cover of the
soul. People change their shirts when they
become old or torn out. Likewise, the embodied soul changes the body when it
becomes old and invalid and enter into a new body. Analyzing the things like
this the scriptures tell that the embodied soul should be our identity or true
“I”. Guru Harideva tells that because of our strong attachment with the body we
think the body as “I”. We think the people and material objects linked with our
body as “Mine”. Thus, we come under the bondage of the material world. He
further tells that Lord Krishna is the soul referred above. Also, Lord Krishna
is present as embodied soul in all bodies. That is, the soul of the entire
bodies available in the world is one and he is Lord Krishna. Guru Harideva
suggests that by “Uttama Sharana”, that is, by coming to the “Sharana” or
shelter of Lord Krishna without any attachment with own body, one can convert
his attachment with one particular body of one particular life to attachment
towards the super soul or the single driving force that controls all bodies in
the entire creation and can become free from the bondage of the material world. Through the teachings of his Satra Institution Guru
Harideva teaches the practical ways of religious practices to be performed for
this purpose. (to be continued)
“মই” বুলি ক’লে আমি
শৰীৰকে বুজি পাওঁ। পিতৃ , মাতৃ ,স্ত্ৰী, সন্তান , শত্ৰু, মিত্ৰ, অন্যন্য সা-সম্বন্ধ ইত্যাদি শৰীৰৰ
জৰিয়তে স্থাপন হয় । মাটি ,বাৰী ,ধন , সম্পদ ইত্যাদিৰ অধিকাৰো শৰীৰৰ সৈতে সম্পৰ্কিত । অৰ্থাৎ শৰীৰ অবিহনে জগতৰ
সা-সম্বন্ধ , বিষয়-বস্তুৰ ওপৰত কাৰো কোনো
অধিকাৰ নাথাকে বা এইবিলাকৰ একোকে “মোৰ”
বুলি ক’ব নোৱাৰি । কিন্তু বৈদিক শাস্ত্ৰত কোৱা হৈছে যে শৰীৰ আমাৰ প্ৰকৃত পৰিচয় নহয় । শৰীৰৰ জন্ম হয় , বৃদ্ধি হয় , ক্ষয় হয় আৰু অৱশেষত নাশ
হয়। এটা শৰীৰ নাশ হোৱাৰ পিছত আত্মা অন্য এটা শৰীৰত প্ৰৱেশ কৰি
পুনৰ্জন্ম লাভ কৰে। সেই নতুন শৰীৰৰ মাধ্যমত পুনৰ পিতৃ,মাতৃ,স্ত্ৰী,সন্তান,শত্ৰু,মিত্ৰ ইত্যাদি সা-সম্বন্ধ নতুনকৈ
স্থাপন হয় । নতুন শৰীৰে নতুন সা-সম্পদ, বিষয়-বস্তু ইত্যাদিৰ অধিকাৰ লাভ কৰে । এনেদৰে কিছুকাল অতিবাহিত হোৱাৰ পিছত এদিন এই শৰীৰো নাশ হয় আৰু আত্মা পুনৰ অন্য
এটা নতুন শৰীৰত প্ৰৱেশ কৰাৰ বাবে সাজু হয়। এনেদৰে বিচাৰ কৰি চালে দেখা যায় যে
শৰীৰ আত্মাৰ আৱৰণৰ নিচিনা। মানুহে পিন্ধি থকা চোলা
পুৰণি হ’লে তাক ত্যাগ কৰি নতুন চোলা পিন্ধে। একেদৰে আত্মাই এটা শৰীৰ পুৰণি বা অকামিলা হ’লে তাক ত্যাগ কৰি অন্য এটা নতুন শৰীৰত
প্ৰৱেশ কৰে ।গতিকে শৰীৰস্থ আত্মাহে আমাৰ প্ৰকৃত পৰিচয় হোৱা উচিত বুলি
শাস্ত্ৰত কোৱা হৈছে ।হৰিদেৱ গুৰুজনাই কৈছে যে শৰীৰৰ প্ৰতি থকা তীব্ৰ আসক্তিবশতঃ
আমি শৰীৰকে “মই” আৰু শৰীৰৰ সৈতে সম্পৰ্কিত
স্ত্ৰী-পুত্ৰাদি সা-সম্বন্ধ তথা ধন-সম্পদাদি বিষয়-বস্তুকে “মোৰ” বুলি ভাৱো আৰু
সংসাৰ বন্ধনত আৱদ্ধ হৈ পৰো। লগতে গুৰুজনাই কৈছে যে ওপৰত
যি আত্মাৰ কথা কৈ অহা হৈছে ভগৱান শ্ৰীকৃষ্ণ হৈছে সেই আত্মা । ভগৱান কৃষ্ণ আত্মাৰূপে সমস্ত শৰীৰতে বিদ্যমান অৰ্থাৎ সকলো শৰীৰৰে আত্মা পৃথক পৃথক নহয়, এক কৃষ্ণ সমস্ত দেহৰে আত্মা। সেয়েহে উত্তম শৰণ অৰ্থাৎ নিজৰ শৰীটোৰ প্ৰতি থকা আসক্তি ত্যাগ কৰি ভগৱান
শ্ৰীকৃষ্ণৰ চৰণত শৰণ বা আশ্ৰয় গ্ৰহণ কৰিলে এক জন্মত লাভ কৰা এটা বিশেষ শৰীৰৰ প্ৰতি থকা তীব্ৰ আসক্তি
জগতৰ সমস্ত শৰীৰৰ চালিকা শক্তিৰূপে প্ৰত্যেক শৰীৰতে বিৰাজমান এক আত্মা বা
পৰমাত্মাৰ প্ৰতি আসক্তিলৈ পৰিবৰ্ত্তিত হয় আৰু তেত্য়া সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰি । গুৰুজনাই তেওঁৰ সত্ৰানুষ্ঠানৰ
জৰিয়তে নিজৰ এই উপদেশ অনুসৰি পাৰমাৰ্থিক সাধনা কৰাৰ সহজ সৰল ব্যৱহাৰিক উপায়ো জনসাধাৰণক
শিকাই গৈছে। (আগলৈ)
No comments:
Post a Comment